প্ৰ: ১ শংকৰদেৱৰ প্ৰথম ৰচনা হ'ল-
A) ৰুক্মিণী হৰণ B) হৰিশ্চন্দ্র উপাখ্যান
C) বলিছলন D) কুৰুক্ষেত্ৰ কাব্য
প্ৰ: ২ শংকৰদেৱৰ গুণমালা পুথিখন কি ছন্দত ৰচিত? [2019]
A) মিত্ৰাক্ষৰ B) অমিত্ৰাক্ষৰ
C) মুক্তক D) কুসুমমালা
প্ৰ: ৩ বৰগীতক কোনজন পণ্ডিতে Noble Numbers বুলি কৈছিল? [2019]
A) বাণীকান্ত কাকতি B) মহেশ্বৰ নেওগ
C) কালিৰাম মেধি D) উপেন্দ্ৰনাথ গোস্বামী
প্ৰ:৪ শংকৰদেৱৰ একমাত্ৰ সংস্কৃত ভাষাৰ গ্ৰন্থখনৰ নাম কি?
A) ভক্তি ৰত্নাৱলী B) ভক্তি ৰত্নাকৰ
C) ভক্তি প্ৰদীপ। D) দশম
প্ৰ: ৫ তলৰ কোনখন নাটত শ্ৰীমন্ত শংকৰদেৱে অভিনয় কৰিছিল?
A) চিহ্নযাত্ৰা B) পত্নীপ্ৰসাদ
C) কালিয়দমন D) ৰামবিজয়
প্ৰ: ৬ শংকৰদেৱৰ হাতী মাৰি ভুৰুকাত ভৰোৱা গ্ৰন্থখনৰ নাম কি?
A) ৰুক্মিণীহৰণ কাব্য B) গুণমালা
C) কীৰ্ত্তন D) দশম
প্ৰ: ৭ তলৰ কোনখন শংকৰদেৱৰ শেষ ৰচনা?
A) কেলিগোপাল B) ৰামবিজয়
C) পত্নীপ্ৰসাদ D) পাৰিজাত হৰণ
প্ৰ:৮ শংকৰদেৱে তলৰ কোনজন ৰজাৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল?
A) নৰনাৰায়ণ B) মহামাণিক্য
C) শ্ৰীমন্ত তাম্ৰধ্বজ D) দুৰ্লভনাৰায়ণ
প্ৰ: ৯ শঙ্কৰদেৱৰ কীৰ্ত্তন পুথিখন কেইটা খণ্ডৰ সমষ্টি?
A) ২৬ টা B) ২৪ টা
C) ২৫ টা D) ২৭ টা
প্ৰ:১০ শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটকখন হ'ল-
A) ৰামবিজয় B) পত্নীপ্ৰসাদ
C) ৰুক্মিণী হৰণ D) কেলিগোপাল
প্ৰ: ১১ শংকৰদেৱে ৰচনা কৰা প্ৰথম বৰগীতটো হ'ল-
A) শুন শুন ৰে সুৰ
B) মন মেৰি ৰাম চৰণেহি লাগু
C) গোপাল কি গতি কৈলে
D) ওপৰৰ এটাও নহয়
প্ৰ: ১২ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা নাট কোনখন? [2012]
A) ৰাসযাত্ৰা B) পাৰিজাত হৰণ
C) অৰ্জুন ভঞ্জন D) চোৰধৰা
প্ৰ: ১৩ তলৰ কোনখন গ্ৰন্থ শংকৰদেৱে ৰচনা কৰিছিল? [2012]
A) কথাঘোষা B) নামঘোষা
C) ভক্তি মংগলঘোষা D) কীৰ্ত্তন পুথি
প্ৰ: ১৪ কোনজন পণ্ডিতে বৰগীতক Song Celestial আখ্যা দিছিল?
A) বাণীকান্ত কাকতি B) কালিৰাম মেধি
C) দেৱেন্দ্ৰনাথ বেজবৰুৱা D) ওপৰৰ এটাও নহয়
প্ৰ: ১৫ বৰগীতক কোনজন পণ্ডিতে Holy Song আখ্যা দিছিল?
A) বাণীকান্ত কাকতি B) কালিৰাম মেধি
C) দেৱেন্দ্ৰনাথ বেজবৰুৱা D) ওপৰৰ এটাও নহয়
প্ৰ: ১৬ বৰ্তমানলৈকে প্ৰাপ্ত শংকৰদেৱৰ বৰগীতৰ সংখ্যা?
A) ৩৪ টা B) ৪৩ টা
C) ১৫৭ টা D) ১৯০ টা
প্ৰ: ১৭ শংকৰদেৱৰ শ্ৰেষ্ঠ নাটকখন হ'ল-
A) ৰুক্মিণী হৰণ B) পাৰিজাত হৰণ
C) পত্নীপ্ৰসাদ D) কেলিগোপাল
প্ৰ:১৮ শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল?
A) আদি কাণ্ড B) অযোধ্যা কাণ্ড
C) উত্তৰা কাণ্ড D) ওপৰৰ এটাও নহয়
প্ৰ: ১৯ বৰগীতৰ ভাষা কি?
A) প্ৰাকৃত B) ব্ৰজাৱলী
C) মৈথেলি D) অসমীয়া
প্ৰ: ২০ শংকৰদেৱৰ নাম প্ৰসংগমূলক পুথিকেইখন বাছি উলিওৱা-
A) কীৰ্ত্তন আৰু গুণমালা
B) গুণমালা আৰু ভক্তিপ্ৰদীপ
C) কীৰ্ত্তন আৰু বলিছলন
D) ওপৰৰ এটাও নহয়
প্ৰ:২১ "কীৰ্ত্তনত হৰ্ষ-বিষাদ, প্ৰেম-বিৰহ, ক্ৰোধ-ক্ষমা আদিয়ে জুমুৰি পাতিছে। ইয়াত নৱৰসৰ মিলন হৈছে।"--- কাৰ উক্তি?
A) তীৰ্থনাথ শৰ্মা B) লক্ষ্মীনাথ বেজবৰুৱা
C) বাণীকান্ত কাকতি D) মহেশ্বৰ নেওগ
প্ৰ:২২ শংকৰদেৱৰ 'মধু দানৱ দাৰণ দেৱ বৰম' শীৰ্ষক দেৱভটিমাটি কি ছন্দত ৰচিত?
A) অমিতাক্ষৰ B) ছবি
C) পয়াৰ D) টোটক ছন্দ (টোটয়)
প্ৰ: ২৩ শংকৰদেৱে ৰচনা কৰা ভটিমাৰ থূল বাছি উলিওৱা-
A) দেৱ ভটিমা, ৰাজ ভটিমা, নাট ভটিমা
B) দেৱ ভটিমা, ৰাজ ভটিমা, গুৰু ভটিমা
C) গুৰু ভটিমা, ৰাজ ভটিমা
D) ওপৰৰ এটাও নহয়
প্ৰ: ২৪ শংকৰদেৱে তলৰ কোনখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল?
A) বেলগুৰি সত্ৰ B) সুন্দৰীদিয়া সত্ৰ
C) ব্যাসকুচি সত্ৰ D) খুদীয়া সত্ৰ
প্ৰ: ২৫ মাধৱদেৱৰ নামঘোষাক কোনজন ভাষাবিদে মহাপ্ৰস্থানিক গীত বুলি আখ্যা দিছিল? [2019]
A) বাণীকান্ত কাকতি B) দেবানন্দ ভৰালি
C) কনকলাল বৰুৱা D) উপেন্দ্ৰনাথ গোস্বামী
প্ৰ: ২৬ নিম্নলিখিত কোনখন গ্ৰন্থ মাধৱদেৱৰ তত্ত্বমূলক ৰচনা? [2019]
A) কোটোৰা খেলা B) চোৰধৰা
C) ভোজন বেহাৰ D) জন্মৰহস্য
প্ৰ: ২৭ মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছিল?
A) আদিকাণ্ড B) উত্তৰাকাণ্ড
C) অযোধ্যা কাণ্ড D) লংকা কাণ্ড
প্ৰ: ২৮ মাধৱদেৱৰ একমাত্ৰ পূৰ্ণাংগ নাটখন হ'ল-
A) চোৰধৰা B) ভোজনবেহাৰ
C) অৰ্জুন ভঞ্জন D) এটাও নহয়
প্ৰ: ২৯ মাধৱদেৱৰ ঝুমুৰাকেইখনৰ মূল হ'ল-
A) কৃষ্ণকৰ্ণামৃত B) মাৰ্কণ্ডেয় পুৰাণ
C) ৰামায়ণ D) হৰিবংশ
প্ৰ: ৩০ চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল?
A) শংকৰদেৱ B) মাধৱদেৱ
C) ৰামচৰণ ঠাকুৰ D) গোপাল আতা
প্ৰ: ৩১ মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান?
A) ১৫২ টা B) ১৫৫ টা
C) ১৫৭ টা D) ১৫৮ টা
প্ৰ: ৩২ তলৰ কোনটো ভটিমা মাধৱদেৱৰ সৃষ্টি?
A) দেৱ ভটিমা B) ৰাজ ভটিমা
C) গুৰু ভটিমা D) নাট ভটিমা
প্ৰ: ৩৩ চালি নাচৰ প্রৱৰ্তক কোন?
A) মাধৱদেৱ B) শংকৰদেৱ
C) গোপাল আতা D) দামোদৰ দেৱ
প্ৰ: ৩৪ 'সুন্দৰীদিয়া' সত্ৰ স্থাপন কৰিছিল-
A) শংকৰদেৱে B) মাধৱদেৱে
C) দামোদৰদেৱে D) হৰিদেৱে
প্ৰ: ৩৫ মাধৱদেৱৰ শ্ৰেষ্ঠতম ৰচনা হ'ল-
A) অৰ্জুন ভঞ্জন B) চোৰধৰা
C) নামঘোষা D) ওপৰৰ এটাও নহয়
প্ৰ: ৩৬ নামঘোষাক কি বুলি জনা যায়?
A) হেজাৰী ঘোষা B) কীৰ্ত্তন ঘোষা
C) ঘোষা ৰত্ন D) ওপৰৰ এটাও নহয়
প্ৰ: ৩৭ 'নামঘোষা'ক "মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ পূৰ্ণ অভিব্যক্তি" বুলি কোনে কৈছিল?
A) মহেশ্বৰ নেওগ B) সত্যেন্দ্ৰনাথ শৰ্মা
C) বাণীকান্ত কাকতি D) কালিৰাম মেধি
প্ৰ: ৩৮ তলৰ কোনখন পুথি মাধৱদেৱৰ ৰচনা?
A) নাম মালিকা B) কীৰ্তন
C) পত্নীপ্ৰসাদ D) ওপৰৰ এটাও নহয়
প্ৰ: ৩৯ শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কোনে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে?
A) কালিৰাম মেধি B) লক্ষ্মীনাথ বেজবৰুৱা
C) হীৰেন গোহাঁই D) বাণীকান্ত কাকতি
প্ৰ:৪০ মাধৱদেৱৰ সন্দেহমুক্ত নাটকৰ থূলটো বাছি উলিওৱা
A) ৰাস ঝুমুৰা, অৰ্জুন ভঞ্জন, ভোজন বেহাৰ
B) চোৰ ধৰা, ব্ৰহ্মমোহন, পিম্পৰা গুচোৱা
C) পিম্পৰা গুচোৱা, চোৰ ধৰা, অৰ্জুন ভঞ্জন (উঃ)
D) ভূমি লেটোৱা, ভোজন বেহাৰ, ব্ৰহ্মমোহন
উত্তৰসমূহ- ১-B, ২-D, ৩-A, ৪-B, ৫-A, ৬-B, ৭-B, ৮-A, ৯-D, ১০-B, ১১-B, ১২-B,১৩-D, ১৪-B, ১৫-C, ১৬-A, ১৭-B, ১৮-C, ১৯-B, ২০-A, ২১-A, ২২-D, ২৩-A, ২৪-A, ২৫-A, ২৬-D, ২৭-A, ২৮-C, ২৯-A, ৩০-B, ৩১-C, ৩২-C, ৩৩-A, ৩৪-B, ৩৫-C, ৩৬-A, ৩৭-B, ৩৮-A, ৩৯-B, ৪০-C
0 Comments