Header Ads Widget

Ticker

6/recent/ticker-posts

MCQs for Assam TET

 


১/ অসমীয়া কৃৎ-প্ৰত্যয়যুক্ত শব্দৰ থূল-
(A) খোজনীয়া (B) লগৰীয়া
(C) তলতীয়া  (D) সাঁচতীয়া
1. A,B,C
2. C,D
3. B,C,D
4. A,D (উঃ)

২/তলৰ কোনটো বিকল্প শুদ্ধ:-
ক                            খ
A. কাণ কটা               i) মন দিয়া
B. কাণ দে                  ii) মনে মনে
C. কাণে কাণে             iii) কোনোমতে
D. কানে কান মাৰি       iv) নিলাজ
1. A(i), B(iii), C(ii), D(iv)
2. A(iv), B(ii), C(iii), D(i)
3. A(iv), B(i), C(ii), D (iii) [উঃ]
4. A(ii), B(iii), C(i), D(iv)

৩/ তলৰ কোনখন লক্ষ্মীনাথ বেজবৰুৱাৰ উপন্যাস?
(A) ককাদেউতা আৰু নাতি ল'ৰা
(B) পদুম কুঁৱৰী
(C) জোনবিৰি
(D) সুৰভি
উত্তৰঃ B

৪/ তলৰ কোনটো বিকল্প শুদ্ধ?
ক                            খ
A. -ইছিলোঁ, -ইছোঁ      i) স্বাৰ্থিক প্ৰত্যয়
B. -দেই, -পাই            ii) নিৰ্দিষ্টতাবাচক প্ৰত্যয়
C. -জন, -খন, -টো     iii) ধ্বন্যাত্মক
D. হুৰ হুৰ                 iv) কালবাচক

1. A(iv),B(i),C(ii),D(iii) [উঃ]
2. A(iii),B(ii),C(i),D(iv)
3. A(iv), B(iii), C(ii), D(i)
4. A(i), B(ii), C(iii),D(iv)

৫/আধুনিক অসমীয়া চুটিগল্পৰ জন্মদাতা কোন?
(A) ভট্টদেৱ
(B)নৱকান্ত বৰুৱা
(C) লক্ষ্মীনাথ বেজবৰুৱা
(D) কোনোটোৱে নহয়
উত্তৰঃ (C)

৬/ শুদ্ধ বিকল্পটো বাছি উলিওৱা-
ক                        খ
A. সৰ্বনাম            i. কুন্দত কটা
B. বিশেষণ           ii. তামোল ছালি
C. খণ্ডবাক্য          iii. কোনোবা এজন
D. নিৰ্দিষ্টতাবাচক।  iv. এনেকুৱা

1. A(iii), B(iv), C(i), D(ii) [ উঃ]
2. A(i), B(ii), C(iii), D(iv)
3. A(ii), B(iii), C(iv), D(i)
4. A(iii), B(ii), C(iv), D(i)

৭/ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি? (2019,U P)
(A) পদুম কুঁৱৰী
(B) জয়মতী
(C) বেলিমাৰ
(D) কদমকলি
উত্তৰঃ (D)

৮/ "জয় জয় মল্ল নৃপতি ৰসজান" - ভটিমাটি কোন প্ৰকাৰৰ ভটিমাৰ উদাহৰণ?

A) দেৱ ভটিমা
B) ৰাজ ভটিমা (উঃ) [ইয়াত নৃপতি বুলি ৰজাক প্ৰশংসা কৰা হৈছে]
C) গুৰু ভটিমা
D) নাট ভটিমা

৯/ 'বাঁহী' আলোচনী ৰ প্ৰতিষ্ঠাপক সম্পাদক কোন? [2019]
(A) লক্ষ্মীনাথ বেজবৰুৱা
(B) চন্দ্ৰকুমাৰ আগৰৱালা
(C) সত্যনাথ বৰা
(D) পদ্মনাথ গোহাঞি বৰুৱা
উত্তৰঃ (A)

১০/ 'ভদীয়া' শব্দটোৰ প্ৰত্যয় গঠন হৈছে-
A. ভদ+ঈয়া
B. ভদী+আ
C. ভাদ+ঈয়া (উঃ)
D. ভদী+য়া

১১/ অ' মোৰ আপোনাৰ দেশ' গীতিকবিতাটি কাৰ ৰচনা?
(A) চন্দ্ৰকুমাৰ আগৰৱালা
(B)লক্ষ্মীনাথ বেজবৰুৱা
(C) হেমচন্দ্ৰ গোস্বামী
(D) কোনোটোৱে নহয়
উত্তৰঃ (B)

১২/ তলৰ কোনদুখন আলোচনী পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা?

A. বিজুলী
B. বাঁহী
C. জোনাকী
D. ঊষা
1. (A), (B)
2. (A), (D) [উঃ]
3. (C),(A)
4. (C), (D)

১৩/ বেজবৰুৱাৰ 'লিটিকাই' নাটকখনি প্ৰথম ক'ত প্ৰকাশ হৈছিল?
(A) আৱাহন
(B) অৰুনোদই
(C) বাঁহী
(D) জোনাকী
উত্তৰঃ (D)

১৪/ তলত দিয়া কোনখন পুথি পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা-
A. ফুলৰ চাকি
B. জুৰণি (উঃ)
C. জিলিকনি
D. ঢোপাকলি

১৫/ লক্ষ্মীনাথ বেজবৰুৱাক কি ছদ্মনামেৰে জনা যায়?
(A)কেৰপাই
(B) ভবানন্দ পাঠক
(C) কৃপাবৰ বৰুৱা
(D) বীণা বৰুৱা
উত্তৰঃ (C)

১৬/ লক্ষ্মীনাথ বেজবৰুৱাৰ 'পদুমকুঁৱৰী' উপন্যাসৰ পটভূমি-
(A) দন্দুৱা দ্ৰোহ
(B) মানৰ আক্ৰমণ
(C) মোৱামৰীয়া বিদ্ৰোহ
(D) জনজাতীয় জীৱন ভিত্তিক
উত্তৰ: (A)

১৭/ মান্য অসমীয়া ভাষাত শ্বাসাঘাত ক'ত পৰে?
A. আদ্যাক্ষৰত
B. উপধাক্ষৰত (উঃ)
C. মধ্যাক্ষৰত
D. অন্ত্যাক্ষৰত

১৮/ 'নাম মালিকা' পুথিৰ ৰচক হ'ল-

A. শংকৰদেৱ
B. মাধৱদেৱ (উঃ)
C. গোপালদেৱ
D. ভট্টদেৱ

১৯/ তলৰ কোনদুখন গল্পপুথি ভবেন্দ্ৰনাথ শইকীয়াৰ ৰচনা-
A. সেন্দুৰ
B. শৃংখল
C. গোলাম
D. জলছবি
1. (A), (B) [উঃ]
2. (A), (D)
3. (A), (C)
4. (B), (D)

২০/ তলৰ কোনখন গীতি-সংকলন নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচনা-
A. গীতাৱলী
B. বতাহী
C. ফুলৰ এই মেলাতে (উঃ)
D. গীতি শতদল

২১/ তলৰ কোনদুখন উপন্যাস ভবেন্দ্ৰনাথ শইকীয়াৰ ৰচনা?
A. অন্তৰীপ
B. এদিন
C. ৰম্যভূমি
D. গঙা চিলনীৰ পাখি

1. (A),(B)
2. (A),(C) [উঃ]
3. (C),(D)
4. (A),(D)

২২/ তলৰ কোনদুখন কবিতাপুথি হেম বৰুৱাৰ ৰচনা?
A. বালিচন্দা
B. মনময়ুৰী
C. এটি দুটি এঘাৰটি তৰা
D. সাগৰ দেখিছা

1. (A), (D)
2. (A), (B) [উঃ]
3. (B), (D)
4. (C), (D)

২৩/ তলৰ কোনখন গল্পপুথি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ৰচনা?
A. পৰশমণি
B. কাঠনিবাৰী ঘাট
C. বৃন্দাবন
D. কলং আজিও বয় [উঃ]

২৪/ তলৰ কোনখন শিশু আলোচনী ভবেন্দ্ৰ নাথ শইকীয়াই সম্পাদনা কৰিছিল?

A. কণ-কণ
B. মৌচাক
C. সঁফুৰা (উঃ)
D. ৰংঘৰ

২৫/ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথম নাটকখন-
A. কাৰেঙৰ লিগিৰী
B. শোণিত কুঁৱৰী (উঃ)
C. ৰূপালীম
D. লভিতা

Post a Comment

0 Comments