Header Ads Widget

Ticker

6/recent/ticker-posts

বিশ্বসাহিত্যৰ ধাৰণা


 সাধাৰণতে চাবলৈ গ'লে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ভিন ভিন সামাজিক-সাংস্কৃতিক পৰিৱেশত বিভিন্ন ভাষাত ৰচিত সাহিত্যই বিশ্বসাহিত্য। অৱশ্যে সকলো ধৰণৰ, সকলো মানৰ সাহিত্যই বিশ্বসাহিত্যৰ ভিতৰুৱা হ'বনে নহ'ব ইয়াক লৈ প্ৰশ্ন হ'ব পাৰে। অথবা নে আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ বাছকবনীয়া সাহিত্যখিনিকে বিশ্ব সাহিত্যৰ ভিতৰুৱা বুলি ধৰি ল'ম? আকৌ বাছকবনীয়া বুলিনো কেনেকৈ জনা যাব? ইয়াৰ উত্তৰত হয়তো ক'ব পৰা যায় যে বিভিন্ন ভাষাৰ সাহিত্যৰ সাহিত্যৰসিক, সমালোচক, ৰসগ্ৰাহী পঢ়ুৱৈসকলে "বাছকবনীয়া" বুলি কোৱা লেখনিখিনিকে লোৱা যাব পাৰে। বাছকবনীয়া বা উৎকৃষ্ট বা তাৎপৰ্যপূৰ্ণ বুলি এই বাবেও কোৱা হ'ব পাৰে যে এনে সাহিত্যকৰ্মৰ এনে কিছু গুণ বা বৈশিষ্ট্য আছে যাৰ বাবে এইবোৰে নিজৰ অঞ্চলৰ বাহিৰৰ পঢ়ুৱৈ সমাজকো প্ৰভাৱিত কৰিব পাৰে।

        জাৰ্মান কবি চিন্তাবিদ গ্যেটেই পোনতে বিশ্বসাহিতৰ ধাৰণা উত্থাপন কৰে বুলি কোৱা হয়। ঊনৈছ শতিকাৰ আগভাগতে গ্যেটেই কৈছিল, "এই সময়ত জাতীয় সাহিত্যই একো নুবুজাই, এই সময় হ'ল বিশ্বসাহিত্যৰ যুগৰ আৰু প্ৰত্যেকেই এই যুগটোক ত্বৰান্বিত কৰিব লাগিব।" গ্যেটে ব্যৱহাৰ কৰা অভিধাটো আছিল ৱেল্টলিটাৰেটুৰ আৰু সমালোচকসকলৰ মতে গ্যেটেই কিন্তু বিশ্ব সাহিত্য বুলি কওঁতে ইউৰোপীয় সাহিত্যৰ কথাহে ক'ব খুজিছিল। সেয়ে হ'লেও গ্যেটেই কৈছিল যে কেৱল তথাকথিত ক্লাছিকেল বা ধ্ৰুপদী সাহিত্যই নহয়, জনপ্ৰিয় সাহিত্যও বিশ্বসাহিত্যৰ ভিতৰুৱা হ'ব পাৰে। লগতে তেখেতে মানুহৰ প্ৰকৃত প্ৰগতি সূচোৱা বিশ্বসাহিত্যৰ সৃষ্টিৰ পোষকতা কৰিছিল। গ্যেটেই বিশ্বসাহিতক মানৱ জাতিৰ অগ্ৰগতিৰ সৈতে সাঙোৰ খাই থকা বুলি কৈছিল।

       পাৰস্পৰিক সম্পৰ্ক বুজাৰ দিশতো বিশ্বসাহিত্যৰ ভূমিকা আছে। আন ভাষাৰ উৎকৃষ্ট সাহিত্য পঢ়াতো সুচল কৰি তোলাৰ বাবে অনুবাদৰ গুৰুত্ব সদায় স্বীকাৰ কৰা হয়। অথবা ক'ব পাৰি যে বিশ্বসাহিত্যৰ প্ৰসাৰত অনুবাদৰ বিশেষ ভূমিকা আছে। পৃথিৱীৰ নানা অঞ্চলৰ নানা ভাষাত ৰচিত সাহিত্য অনুবাদৰ মাধ্যমেৰে বিভিন্ন ভাষিক পাঠকৰ ওচৰলৈ যায়। এতিয়া বিজ্ঞান প্ৰযুক্তিৰ বিশেষকৈ তথ্য প্ৰযুক্তিৰ চৰম বিকাশৰ সময়ত বিভিন্ন অঞ্চলত ৰচিত সাহিত্য অনুবাদৰ মাধ্যমেৰে বা অন্য ধৰণেৰে পঢ়ুৱৈয়ে পাব পৰা হ'ল। সাম্প্ৰতিক সময়ত বিশ্বসাহিত্য সম্পৰ্কে আলোচনা কৰা বিশেষজ্ঞসকলৰ অন্যতম ডেভিদ ডেমৰ'শ্যে তেওঁৰ 'হোৱাট ইজ ৱৰ্ল্ড লিটাৰেচাৰ'(২০০৩) নামৰ কিতাপখনৰ ভূমিকাত গ্যেটেইৰ বিশ্বসাহিত্য সম্পৰ্কীয় ধাৰণাৰ আলোচনা কৰাৰ পাছত তেখেতে নিজা মত আগবঢ়াই কৈছে যে বিশ্বসাহিত্যক তিনি ধৰণে চোৱা হৈ আহিছে আৰু হয়তো এতিয়াও চাব পাৰি-

১) ইতিমধ্যে সুপ্ৰতিষ্ঠিত ক্লাছিক সাহিত্যৰ সম্ভাৰ বুলি। অৱশ্যে এনে ক্লাছিক সাহিত্য সম্ভাৰত গ্ৰীক আৰু লেটিন সাহিত্যকে আগ ঠাই দিয়া দেখা যায়। প্ৰাচীন ভাৰতীয়, চীনা, জাপানী, আৰৱী আদি সাংস্কৃতিক-সাহিত্যিক পৰম্পৰাৰ কথা পাহৰিলে উচিত নহ'ব।

২) এতিয়াও সৃষ্টি হৈ থকা মাষ্টাৰপীছেজ বা মহৎ বা অতি উৎকৃষ্ট সাহিত্যকৃতিৰ সম্ভাৰ হিচাপে সেই মহৎ বা অতি উৎকৃষ্ট সাহিত্যকৰ্ম যিকোনো সময়ৰ, যিকোনো স্থানৰ হ'ব পাৰে।

৩) মাষ্টাৰপীছ হওক বা নহওক বিশ্বলৈ মুকলি ৰখা খৰিকী হিচাপে চাব পৰা সাহিত্যকৃতিৰ সম্ভাৰখিনিও বিশ্বসাহিত্য হ'ব পাৰে।

       শেষত ক'ব পাৰি যে, কেৱল প্ৰতিষ্ঠিত, সুপৰিচিত ক্লাছিক বা চিৰায়ত বুলি ক'ব খোজা সাহিত্যই নহয়, বিভিন্ন কাৰণত প্ৰচাৰ-প্ৰসাৰ আৰু পাঠনৰ গুৰুত্ব লাভ কৰা সাহিত্যকো বিশ্বসাহিত্যৰ ভিতৰুৱা বুলি ধৰিব লাগিব। বিশ্বসাহিত সাৰ্বজনীন মানৱীয় অভিজ্ঞতা, প্ৰমূল্যবোধ প্ৰকাশক সাহিত্য। ভাৱৰ সাৰ্বজনীনতা, বিষয়ৰ গ্রহণযোগ্যতা, লক্ষ্যৰ মহত্ব আৰু উচ্চস্তৰৰ নান্দনিক মূল্য বিশ্বসাহিত্যৰ মূল বিশেষত্ব। সেয়েহে বিশ্বসাহিত্য ৰচিত হোৱাৰ কোনো বেলেগ দেশ নাই, ভাষা নাই, কোনো বেলেগ সময়ো নাই। শেষত ডেমৰ'শ্যেৰ এষাৰ মন্তব্যৰে ক'ব পাৰি যে- বিশ্বসাহিত্য হ'ল মাল্টি কালচাৰল, মাল্টি টেম্পাৰেল অৰ্থাৎ ভিন ভিন সাংস্কৃতিক বৈশিষ্ট্যসম্পন্ন আৰু ভিন ভিন সময়ত সৃষ্ট সাহিত্যকৰ্ম।

Post a Comment

0 Comments