Header Ads Widget

Ticker

6/recent/ticker-posts

তুলনামূলক সাহিত্য


 তুলনামূলক সাহিত্য: সাধাৰণ ধাৰণা

'তুলনামূলক সাহিত্য'- এই পদটোত থকা শব্দ দুটাৰ ভিতৰত তুলনামূলক মানে, য'ত তুলনাক আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে। সেই হিচাপে তুলনামূলক সাহিত্য মানে তুলনাক মূল হিচাপে লোৱা তুলনা সম্পৰ্কীয় সাহিত্য যেন লাগে। কিন্তু সাহিত্য বোলা বস্তুটোৱেই সৃষ্টিশীল কৰ্ম। গল্প, কবিতা, নাটক আদি সাহিত্য কৰ্মবোৰ সম্পূৰ্ণ সৃষ্টিশীল সাহিত্য। কিন্তু তুলনামূলক সাহিত্য নিজে সৃষ্টিশীল সাহিত্য নহয়।

তুলনামূলক সাহিত্যৰ প্ৰকৃতি বা স্বৰূপ :

ই কোনো বিশেষ সাহিত্যক নুবুজায়। ই হ'ল সাহিত্য অধ্যয়নৰ এটা বিশেষ পদ্ধতি মাথোন। বিংশ শতিকাত মানুহৰ চিন্তাৰ জগতখন, অধ্যয়ন-অনুশীলনৰ জগতখনত বিভিন্ন নতুন নতুন চিন্তা আৰু বিচাৰ ধাৰাই তোলপাৰ লগায়। সাহিত্য অধ্যয়নৰ ক্ষেত্ৰতো নতুন নতুন দিশ, নতুন নতুন দৃষ্টিভংগীৰ সংযোজন হয়।

          পৃথিৱীৰ ভূ-খণ্ড ভৌগোলিক ভাবে খণ্ড খণ্ড যদিও আচলতে গোটেই পৃথিৱীখনৰ ভূমি এখনেই। ইয়াত বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ মানুহ বাস কৰে যদিও মানুহ একেবাৰেই। সাহিত্যও ঠিক তেনেদৰে বিভিন্ন ভাষাৰ, বিভিন্ন সময়ৰ, বিভিন্ন ভৌগোলিক খণ্ডৰ হ'লেও একেধৰনৰ সাহিত্যই। সাহিত্য- পৃথিৱীত বাস কৰা একেধৰণৰ মানুহৰ বিভিন্ন মানসিক অৱস্থাৰ প্ৰতিফলন। গতিকে মানুহে সৃষ্টি কৰা সময়ৰ, ভাষাৰ বা ৰাষ্ট্ৰৰ কৃত্ৰিম সীমাৰেখা অস্বীকাৰ কৰি 'তুলনামূলক সাহিত্য'ই ইয়াক সম্পূৰ্ণৰূপে দাঙি ধৰে।

তুলনামূলক সাহিত্যৰ সংজ্ঞা:-

ই কোনো সৃষ্টিশীল সাহিত্য নহয়। ই সাহিত্যৰ তুলনামূলক বিচাৰহে। সেই হিচাপে ই এক প্ৰকাৰৰ পদ্ধতিহে। ই সমালোচনাও; কিন্তু অকল সমালোচনাই নহয় ই এক লক্ষ্যও, যে---- সমগ্ৰ বিশ্বৰ সাহিত্যৰাজ্যিক একেখন সমতলৰ মাজত ৰাখি 'এক বিশ্বসাহিত্য' ৰূপত বিচাৰ কৰা হয় যাতে সমালোচকৰ দৃষ্টিত জাতীয় বা আঞ্চলিক সাহিত্যৰ দৰে ঠেক গণ্ডীৰ মাজত সীমাবদ্ধ হৈ নাথাকে। কুৰি শতিকাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভাৱনীয় অগ্ৰগতিয়ে সমগ্ৰ পৃথিৱীখনকে সৰু কৰি পেলোৱাত সকলো বস্তুৰে জাতীয় মানদণ্ডতকৈ আন্তঃৰাষ্ট্ৰীয় মানদণ্ড বিচাৰতহে গুৰুত্ব দিয়া হৈছে। সাহিত্যও ইয়াৰ ভিতৰুৱা হৈছে। 

      প্ৰথম অৱস্থাত তুলনাবিদসকলৰ দৃষ্টিভংগী সংকীৰ্ণ আছিল। ভেন টিয়েগহেমৰ মতে, "তুলনামূলক সাহিত্যৰ উদ্দেশ্যে হ'ল নিশ্চিতভাৱে নানা তৰহৰ সাহিত্যৰ মাজত ইটোৰ লগত সিটোৰ সম্পৰ্ক নিৰ্ণয় কৰা।

গুয়াৰ্ডৰ মতে, "তুলনামূলক সাহিত্য এক প্ৰকাৰৰ আন্তৰ্জাতিক সাহিত্য সম্পৰ্কৰ ইতিহাস।"

আন্না ছেইট্টা ৰেভিংনাচৰ মতে, "তুলনামূলক সাহিত্য এক প্ৰকাৰৰ আধুনিক বিজ্ঞান, যিয়ে বিভিন্ন সাহিত্যৰ মাজত পাৰস্পৰিক প্ৰভাৱ বিনিময়ৰ অনুশীলনত উৎপন্ন হোৱা সমস্যাসমূহ গৱেষণা কৰে।"

পিছৰ সমালোচকসকলে পূৰ্বৱৰ্তীসকলৰ পথেদিয়েই আগুৱাই পৰৱৰ্তী কালত বহল দৃষ্টিভংগী গ্ৰহণ কৰিছে। আধুনিক সমালোচকসকলে পূৰ্বসূৰীসকলক সমালোচনাৰ মাজেদি নিজৰ মতামত দাঙি ধৰাৰ চেষ্টা কৰিছে। ৰেনে ৱেলেকৰ মতে তুলনামূলক সাহিত্যই সাহিত্যৰ বিভিন্নতাৰ মাজত কৰা তুলনা কেৱল সাহিত্যিক সাহিত্যৰ বিৰুদ্ধে থিয় কৰোৱাৰ দৃষ্টিভংগীৰে নকৰে। পুৰণিসকলৰ ধাৰণা সীমাবদ্ধ আৰু এনে আলোচনাই দুয়োদিশৰ সম্পৰ্কক বেছিকৈহে ঢাকি পেলালে। দুটা বস্তুৰ মাজত কেৱল সম্পৰ্ক নিৰ্ণয় কৰিলেই ই সম্পূৰ্ণ হৈ নুঠে। বৰং ই আংশিক সমালোচনাহে হ'ব। তেওঁৰ মতে, "তুলনামূলক সাহিত্য হ'ল সাহিত্যৰ ইতিহাসৰ অসম্পূৰ্ণ আৰু বিক্ষিপ্ত বিষয়বস্তুক নির্ভুলভাৱে বিচাৰ কৰা বিষয়। ইয়াৰ কোনো নিজা আছুতীয়া পদ্ধতি নাই।"

তুলনামূলক সাহিত্যৰ পৰিসৰ:

তুলনামূলক সাহিত্যৰ মূল লক্ষ্য হ'ল দুই বা ততোধিক সাহিত্যকৰ্মৰ তুলনামূলক অধ্যয়নৰ দ্বাৰা সেই সেই সাহিত্য আৰু সংস্কৃতিৰ নিশ্চিত আৰু প্ৰভাৱশালী প্ৰৱণতাসমূহক বহল পৰিসৰলৈ নিয়া আৰু সেই দুই বা ততোধিক সাহিত্য কৰ্মৰ মাজৰ সম্পৰ্কক দ্ব্যৰ্থহীনভাবে স্পষ্ট ৰূপত দাঙি ধৰা।

      তদুপৰি তুলনামূলক সাহিত্য আন সাহিত্য অধ্যয়নতকৈ বেলেগ নহয়। পাৰ্থক্য এটাই যে ইয়াত দুই বা ততোধিক সাহিত্য কৰ্মক তুলনামূলকভাবে অধ্যয়ন কৰা হয়। আৰু য'ত বিষয়বস্তুক বিশাল আৰু বিস্তৃত প্ৰেক্ষাপটলৈ লৈ যাবলৈ চেষ্টা কৰা হয়।

তুলনামূলক সাহিত্যত তুলনাই কেৱল বৈশিষ্ট্য নহয় বা তুলনামূলক পদ্ধতিটো তুলনামূলক সাহিত্যৰ বাবে এটা বৈশিষ্ট্য মাথোন হ'ব নোৱাৰে। ই এক সৰ্বাত্মক পদ্ধতি। সকলো ধৰণৰ সাহিত্য, বৈজ্ঞানিক, সাংস্কৃতিক, সামাজিক আদিৰ ক্ষেত্ৰতো ই প্ৰযোজ্য। ইয়াত মাথোঁ তুলনামূলক পদ্ধতি অৱলম্বনৰ দ্বাৰা সাধাৰণ সাহিত্য আলোচনাত মন নকৰা সাহিত্যিক সম্বন্ধবোৰ পদ্ধতিগত ভাবে সকলোৰে মনোযোগ আকৰ্ষণ কৰোৱা হয়। ইয়াত সীমাবদ্ধতাক অতিক্ৰম কৰি বিষয়বস্তুক বেছি অৰ্থপূৰ্ণ ৰূপত বুজাৰ দৃষ্টিভংগীৰে সমগ্ৰ মানৱ জীৱনক সাঙুৰি লোৱাৰ চেষ্টা কৰা হয়। মানৱ অভিজ্ঞতাৰ সৰ্বাত্মক ৰূপৰ বিচাৰ, সমৰূপতাৰ সন্ধান, বিশ্বজনীনতাৰ বিচাৰ আদিবোৰ দিশ তুলনামূলক সাহিত্যই পৃথিৱীৰ বিভিন্ন সাহিত্যকৰ্মৰ মাজত বিচাৰ কৰে।

(আগলৈ...)

Post a Comment

0 Comments