অসমীয়া চুটিগল্পৰ বুৰঞ্জীত চল্লিছৰ দশকটোৰ এক বিশেষ তাৎপৰ্য আছে। এই দশকটোত আমাৰ দেশৰ ইতিহাসৰ যুগান্তকাৰী বহুতো ঘটনা সংঘটিত হয়। এই ঘটনাবোৰে ব্যক্তি মানসত কেনে প্ৰতিক্ৰিয়া কৰিছিল তাৰ প্ৰতিফলন অসমীয়া চুটিগল্পত কেনেদৰে হৈছিল, সেই আলোচনা পিছলৈ থৈ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ সুদীৰ্ঘ ৬বছৰ কাল চলা দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত হোৱা কাগজৰ দুষ্প্ৰাপ্যতাই অসমীয়া চুটিগল্পৰ বিকাশৰ ক্ষেত্ৰত যি প্ৰত্যক্ষ প্ৰভাৱ পেলাইছিল সেই কথাহে পোনতে আলোচনা কৰা যুগুত হ'ব।
অসমীয়া চুটিগল্পৰ দুটা সমৃদ্ধিশালী যুগ হ'ল 'আৱাহন যুগ' আৰু 'ৰামধেনু যুগ'। ১৯২৯ চনত কলিকতাৰ পৰা প্ৰকাশিত আৱাহনে অসমীয়া চুটিগল্পৰ এটা নতুন যুগৰ জন্ম দিছিল। এই যুগটোৰ অৱসান হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভ হোৱাৰ সময়ত, অৰ্থাৎ ত্ৰিশ দশকৰ শেষৰ ফালে। আনহাতে, ৰামধেনু যুগৰ সূচনা হৈছিল পঞ্চাশৰ দশকৰ আৰম্ভণিতে। আনকি আৱাহন যুগৰ আগৰ অসমীয়া চুটিগল্পও ঘাইকৈ 'জোনাকী'ৰ পাছতেই ঠন ধৰি উঠিছিল। ইয়াৰ পৰা এই কথা স্পষ্ট হৈ পৰে যে, অন্ততঃ ৰামধেনু যুগলৈকে অসমীয়া চুটিগল্পই আলোচনীক অৱলম্বন কৰিয়েই শ্ৰীবৃদ্ধি লাভ কৰিছিল। চুটিগল্পৰ বৈশিষ্ট্য আৰু অসমীয়া পাঠকৰ তাকৰীয়া সংখ্যাৰ ফালৰ পৰা অসমীয়া চুটিগল্পৰ এই আলোচনী কেন্দ্ৰিক বিকাশ অতি স্বাভাৱিক আছিল। যুদ্ধৰ সময়ত কাগজৰ নাটনি আৰু অন্যান্য অসুবিধাৰ বাবে কাকত আলোচনী চলাই থকাটো এক প্ৰকাৰ অসম্ভৱ হৈ পৰিল। যুদ্ধৰ ফলত অসমৰ নগৰবোৰত নিষ্প্রদীপৰ ব্যৱস্থা হ'ল। ১৯৩৮ চনত লক্ষ্মীনাথ বেজবৰুৱাৰ মৃত্যুৰ লগতে অসমীয়া সাহিত্যত বেজবৰুৱা যুগৰ অৱসান হ'ল আৰু 'বাঁহী'ৰ প্ৰাধান্য নোহোৱা হ'ল। ১৯৩৮ চনৰ ২জানুৱাৰী তাৰিখে ভুমুকি মৰা 'জয়ন্তী'য়ে অসমীয়া চুটিগল্পৰ এই যুগ পৰিৱৰ্তনৰ বাহক হোৱাৰ চেষ্টা কৰিছিল; কিন্তু যুদ্ধৰ দিনত সৃষ্টি হোৱা অস্বাভাৱিক পৰিস্থিতিত ইয়াক চলাই ৰখাটোও টান হৈ পৰিল আৰু ৫ম বছৰৰ ৭ম সংখ্যাৰ পৰা ইয়াৰ প্ৰকাশ বন্ধ হ'ল। কিন্তু জয়ন্তী বেছিদিনলৈ বন্ধ হৈ নাথাকিল। ষষ্ঠ বছৰৰ (১৯৪৩) পৰা গুৱাহাটীৰ এটি সৰু ডেকা দলৰ উদ্যোগত কমল নাৰায়ণ দেৱৰ সম্পাদনাত ই নতুন ৰূপত প্ৰকাশ পালে। এই সংখ্যাৰ সম্পাদকীয়ত কোৱা হ'ল যে, অসমীয়া জীৱনৰ সন্ধিক্ষণত আলোচনী এখনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিহে তেঁওলোকে ইয়াৰ দায়িত্ব ভাৰ ল'বলৈ আগবাঢ়ি আহিছে। এনে এক বাস্তৱবাদী আৰু প্ৰাগতিবাদী দৃষ্টিভংগী জয়ন্তীয়ে গ্ৰহণ কৰাৰ বাবে অসমীয়া সাহিত্যৰ গতি-ধাৰাই ভাঁজ সলাইছিল বুলি ক'ব পাৰি। এনে পটভূমিতেই আৱাহনৰ পৰৱৰ্তী যুগৰ অসমীয়া চুটিগল্প অংকুৰণ হ'ল। চল্লিছৰ দশকৰ গল্পকাৰসকলক তিনি শ্ৰেণীত ভাগ কৰিব পাৰি; প্ৰথম যিসকল লেখকে আৱাহন যুগতে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু চল্লিছৰ দশকতো গল্প লিখি আছিল, দ্বিতীয় চল্লিছৰ দশকত প্ৰতিষ্ঠা লাভ কৰা গল্পকাৰ; তৃতীয় যিসকলে চল্লিছৰ দশকত আত্ম প্ৰকাশ কৰিছিল কিন্তু যিসকলৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ হৈছিল পিছৰ দশকত। প্ৰথম শ্ৰেণীৰ গল্পকাৰ সকলৰ ভিতৰত অন্যতম হ'ল- ত্ৰৈলোক্য নাথ গোস্বামী (১৯০৫৬-১৯৮৮), আৱাহনৰ পাততে প্ৰতিষ্ঠা লাভ কৰিছিল যদিও তেওঁ চল্লিছৰ দশকতো ভালেমান গল্প লিখিছে আৰু সমসাময়িক জীৱনৰ বাস্তৱতাৰ ছবি গল্পত ফুটাই তুলিবলৈ যত্নপৰ হৈছে।
নৰ-নাৰীৰ সম্পৰ্কৰ বিশ্লেষণ আৱাহন যুগৰ গল্পৰ প্ৰধান বিষয়বস্তু আছিল। দেখাত এই সম্পৰ্ক মানৱ মনৰ চিৰন্তন ভাৱ-অনুভূতিৰ প্ৰকাশ মাত্ৰ যেন লাগিলেও তাত সমসাময়িক সামাজিক জীৱনৰ স্পন্দনো শুনিবলৈ পোৱা যায়। কুৰি শতিকাৰ আগভাগৰ পৰাই আমাৰ সমাজত একশ্ৰেণীৰ শিক্ষিতা মহিলাৰ জন্ম হ'ল। পশ্চিমীয়া ভাব-ধাৰাই এই ক্ষেত্ৰত কিছু অৰিহণা যোগালে। লক্ষীধৰ শৰ্মাই(১৮৯৮-১৯৩৪) এক যুক্তিনিষ্ঠ আৰু সংস্কাৰধৰ্মী মনোভাৱেৰে নাৰী চৰিত্ৰ চিত্ৰণৰ চেষ্টা কৰিলে; কিন্তু সেই সময়ৰ বহুতো লেখকে নাৰী সম্পৰ্কত এক ৰোমাণ্টিক দৃষ্টিভংগী গ্ৰহণ কৰিলে। ফলত ৰোমান্টিক প্ৰেমৰ গল্পৰ প্ৰাধান্য বৃদ্ধি পালে। এই ধাৰাৰ এজন জনপ্ৰিয় লেখক ৰমা দাসে(১৯০৯-১৯৮২) চল্লিছৰ দশকতো দুই-চাৰিটা গল্প লিখিছিল। বীণা বৰুৱাৰ 'পট পৰিৱৰ্তন'ৰ গল্পবোৰ প্ৰধানতঃ কলেজীয়া ডেকা-গাভৰুৰ প্ৰেমৰ কাহিনী। শিক্ষিতা ছোৱালীৰ চাল-চলন, পিন্ধন-উৰণ আদিৰ বাস্তৱ বৰ্ণনা থাকিলেও গল্পবোৰত লেখকৰ মনেগঢ়া চৰিত্ৰৰ প্ৰাধান্য বেছি।
ত্ৰৈলোক্য নাথ গোস্বামীয়েও নৰ-নাৰীৰ সম্পৰ্ককেই প্রধান বিষয় হিচাপে লৈ কেইবাটাও গল্প লিখিছে। আৱাহন যুগৰ আন লেখক কিছুমানে চল্লিছৰ দশকত দুই-চাৰিটা গল্প লিখিছিল। ১৯৪৭ চনত সুৰভিত প্ৰকাশিত জগদীশ চন্দ্ৰ মেধিৰ 'বিপদ ভঞ্জন' নামৰ গল্পটো এই দশকৰ এটি উল্লেখযোগ্য সৃষ্টি হিচাপে চিহ্নিত হ'বৰ যোগ্য। তদুপৰি প্ৰফুল্লদত্ত গোস্বামী, ইন্দিবৰ গগৈ, কৃষ্ণ ভূঞা, ৰমা দাস, হলীৰাম ডেকা, হৰিপ্ৰসাদ গোৰ্মাৰায়, দীননাথ শৰ্মা প্ৰভৃতি লেখকৰ দুই চাৰিটা গল্পই এই সময়ৰ আলোচনীত প্ৰকাশ হোৱা লক্ষ্য কৰিব পাৰি।
চল্লিছৰ দশকত প্ৰতিস্থিত হোৱা একমাত্ৰ গল্পকাৰ জন হ'ল চৈয়দ আব্দুল মালিক। ত্ৰিছ দশকৰ শেষৰ ফালে তেওঁ গল্প লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম গল্পপুথি 'পৰশমণি'য়ে (১৯৪৫) মালিকক এজন জনপ্ৰিয় গল্পকাৰ হিচাপে প্ৰতিষ্ঠিত কৰিলে। চল্লিছৰ দশকত ৰচিত গল্পবোৰৰ আধাৰত বিচাৰ কৰি চালে মালিকক আৱাহনৰ গল্পৰ ধাৰাৰ পৰা খুওব বেছি আঁতৰি অহা বুলি ক'ব নোৱাৰি। নৰ-নাৰীৰ সম্পৰ্কৰ ক্ষেত্ৰত তেওঁৰো ৰোমাণ্টিক দৃষ্টিভংগী আছে। ১৯৪৫ চনত যুদ্ধ যেতিয়া শেষ হ'ল, সমগ্ৰ পৃথিৱীতে কিছুমান সুদূৰ প্ৰসাৰী পৰিৱৰ্তন হ'ল আৰু সেইবোৰে আমাৰ দেশকো চুই গ'ল। অসমীয়া তথা ভাৰতীয় সাহিত্যত চল্লিছৰ দশকটোক 'প্ৰত্যাশাৰ যুগ' বুলি অভিহিত কৰা হৈছে। নানা বাহ্যিক কাৰণত এই দশকটো সাহিত্য সৃষ্টিৰ ফালৰ পৰা বিশেষ ফলবান নহ'লেও তাৰ কাৰণে মানসিক প্ৰস্তুতিৰ সময় হিচাপে এই দশকটোৰ বিশেষ মূল্য আছে। আজিৰ যিসকল লেখকে অসমীয়া সাহিত্যত বিশেষ প্ৰতিষ্ঠা লাভ কৰিছে তেওঁলোকৰ বেছি ভাগেই সেইসময়ত আছিল কিশোৰ বা যুৱক। চল্লিছৰ দশকৰ 'প্রত্যাশা' কেনেভাৱে তৰুণৰ চকুত উদ্ভাসিত হৈছিল তাৰ উদাহৰণ হিচাপে সেই সময়ৰ কিশোৰ গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ'কাৰ্ল মাৰ্ক্স? এৰা' নামৰ ১৯৪৫ চনৰ ২ ডিচেম্বৰৰ বাঁহীত প্ৰকাশিত গল্পটোৰ কথা উক্ত গ্ৰন্থত উল্লেখ কৰা হৈছে।
অসমীয়া চুটিগল্পৰ বুৰঞ্জীত চল্লিছৰ দশকটোক যুগান্তৰৰ দশক বুলি অভিহিত কৰিব পাৰি।বেজবৰুৱাৰ বহুমুখী প্ৰতিভাৰ পৰাই উৎসাহিত হৈ অসমীয়া চুটিগল্পৰ সুঁতিটোৱে আৱাহন যুগত এখন খৰস্ৰোতা নৈৰ ৰূপ লয় আৰু চল্লিছৰ দশকত ভাঁজ সলাই ৰামধেনু যুগত অধিক গভীৰতা আৰু বিকাশ লাভ কৰি আগতকৈও দ্ৰুত গতিত প্ৰবাহিত হয়। ৰামধেনু যুগৰ অসমীয়া চুটিগল্পৰ দিকনিৰ্ণয় কৰাত আৰু ইয়াক অধিক গতিশীল কৰাত চল্লিছৰ দশকটোৰ অৰিহণা কম নহয়।
(আগলৈ...)
0 Comments