বিহুগীত: এক নিভাঁজ প্ৰেমৰ কবিতা
©অসমীয়া
লোকসাহিত্যৰ অন্তৰ্গত লোকগীতসমূহৰ এক বুজন অংশ অধিকাৰ কৰি আছে বিহুগীতসমূহে। বিহু উৎসৱ অসমীয়া জাতীৰ হিয়াৰ আমঠু,জাতীয় কৃস্টি। বিহুগীত সমূহ প্ৰধানত: বিহু অনুষ্ঠানক কেন্দ্ৰকৰি ৰচিত।
সৰ্বসাধাৰণ গাঁৱলীয়া কৃষিজীৱি স্বভাৱকবিৰ ৰচনা এই বিহুগীতবোৰ বহু পৰিমাণে উচ্চ
কাব্যিক গুণেৰে সমৃদ্ধ। বিহুগীতত আছে প্ৰেম-সৌন্দৰ্য, বিৰহ বেদনা, প্ৰকৃতি বৰ্ণনা, আধ্যাত্মিকতা তথা এক দাৰ্শনিক
ভাৱাদৰ্শ। ইয়াৰোপৰি বিহুগীতসমূহত অৰ্ন্তনিহিত হৈ আছে ৰস, উপমা, অলংকাৰ, প্ৰতীক, চিত্ৰকল্প,
ছন্দ, খণ্ডবাক্য, জতুৱা ঠাঁচ আদি উচ্চমানৰ কাব্যিক গুণ। প্ৰণিধানযোগ্য যে, এই
বিহুগীতসমূহ ৰচনা কৰা স্বভাৱ কবিসকল আছিল অনাখৰি তথা নিৰক্ষৰ। তেওঁলোকে আধুনিক
কবিৰ দৰে এইবোৰ কাব্যিক অলংকাৰ সচেতনভাৱে প্ৰয়োগ কৰা নাছিল। দৈনন্দিন জীৱনৰ পৰা
লাভ কৰা নানাধৰণৰ অভিজ্ঞতা তথা বুকুত খু-দুৱাই থকা অনুভূতি বোৰকে লৈ তেওঁলোকে ৰচনা কৰি থৈ গ’ল অন্যান্য লোকগীতসমূহৰ দৰে সৌন্দৰ্যৰ আকৰ
সদৃশ এই বিহুগীত সমূহকো।
ভিন্ন বিষয়বস্তুক লৈ বিহুগীতহমূহ ৰচিত যদিও
বিহুগীতৰ মূল বিষয়বস্তু হ’ল প্ৰেম। বিহুগীতৰ পাতে পাতে লুকাই আছে যৌৱন বাসনাৰ উন্মুক্ত প্ৰকাশ,
এক সকৰুণ প্ৰনয়গাঁথা। এক কথাত ক’বলৈ গ’লে বিহুগীতসমূহ হ’ল এক নিভাঁজ প্ৰেমৰ কবিতা। হুঁচৰি গীতসমূহক বাদ দি আন বিহুগীতসমূহক
সম্পূৰ্ণ প্ৰেমবিষয়ক বুলিব পাৰি। এই ক্ষেত্ৰত হাবিনাম সমূহ বিশেষভাৱে উল্লেখনীয়। সাধাৰণতে
বিহুগীত সমূহ বহুপৰিমাণে মাৰ্জিত আৰু সুৰুচিপূৰ্ণ। বিহুগীতসমূহ
ৰজা-প্ৰজা,ধনী-দুখীয়া সকলোৱেই জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে পৰস্পৰ ভেদাভেদ পাহৰি
আনন্দ-উল্লাস কৰি নাচি-বাগি গায়।
প্ৰথমে প্ৰণামো আই সৰস্বতী
দ্বিতীয়ত প্ৰণামো হৰি,
তৃতীয়ত প্ৰণামো উপস্হিত ৰাইজক
ধৰি যাঁও নামৰে গুৰি।
এইদৰে অতি মাৰ্জিতভাৱে আৰু ভক্তিসেৱা জনাই
হুঁচৰি বিহু গোৱা হয়। ইয়াত ডেকা-বুঢা,লৰা-ছোৱালী সকলোৱেই সমভাৱে অংশগ্ৰহণ কৰে।
আনহাতে ৰাতি বিহু, গছতলৰ বিহু অথবা হাবিনামসমূহ বহু পৰিমাণে যৌনগন্ধি তথা শাৰীৰিক
ৰূপ বৰ্ণনাৰ উন্মুক্ত প্ৰকাশক। এই সমূহ বিহুগীতত কেৱল ডেকা-গাভৰুসকলেহে অংশগ্ৰহণ
কৰে। লোকগীতসমূহ হল স্বভাৱকবিৰ অকৃত্ৰিম সৰল মনৰ উন্মুক্ত প্ৰকাশ। ইয়াত নাই কোনো
ভাৱৰ কৃত্ৰিমতা অথবা শাব্দিক দুৰ্বোধ্যতা। মনলৈ যি আহিছে তাকে তেওঁলোকে অকপটে
প্ৰকাশ কৰিছে।ডেকা মন,ডেকা তেজৰ পিৰপিৰণি,পিৰিতিয়ে গৰকা মন; তাতে আকৌ চৌদিশ কুসুমিত হৈ থকা বসন্ত
ঋতুৰ প্ৰভাৱ- মনে মিলা গাভৰুগৰাকীৰ ৰূপ-যৌৱনৰ কথা হাবিতলিত যেনিবা বিহুসুৰত
গালেই,তাতেনো কাৰ কি জগৰ লাগিব-
তোমাৰ চকুযুৰি হৰিণাৰ চকু যেন
বুকুতো পদুমৰ চকা,
তোমাৰ
বাহুদুটি পদুমৰ ঠাৰি যেন
ৰেচমৰ কাপোৰে
ঢকা।
প্ৰেমিকৰ দৃস্টিত নিজৰ প্ৰেমিকাগৰাকী সদায়েই সকলোতকৈ সুন্দৰী।প্ৰেমিকাৰ
হাত,ভৰি আদি দেহৰ প্ৰতিতো অংগেই ডেকাৰ মন-প্ৰাণ হৰি নিয়ে। বিহুতলিত কাষত পাই ডেকা
প্ৰেমিকটিয়ে সেইকথা প্ৰকাশ কৰিছে এনেদৰে-
কিনো হাত
দুখনি কিনো ভৰি দুটি
কিনো তোমাৰ শুৱলা
মাত,
ৰ’দ পাই জিলিকে তোমাৰ গাল দুখনি
হাঁহিলে জিলিকে
দাঁত।
ঠিক সেইদৰে আকৌ,
তিতাকৈ
তিয়নী যৌৱনৰ শুৱনি
গোহালিৰ শুৱনি
তাঁত,
লাহৰীৰ
শুৱনি চকুৰ চেলাউৰী
জামুকী বোলোৱা
দাঁত।
আনহাতে,ৰাতি বিহু হ’ল গাভৰুহঁতৰ
বিহু।ডেকাসকলৰ সাধাৰণতে তাত
প্ৰৱেশ নিষিদ্ধ।অৱশ্যে বিহু নাচি থকা প্ৰেমিকাগৰাকীক চাবলৈ দুই-এক ডেকা লুকাই
চুৰিকৈও আহে। চেনাইধনে শুনি পোৱাকৈ সেয়েহে গাভৰুগৰাকীয়ে গায়-
হাতী চাই
কিনিবা হাতীৰে লেঙেচী
মুগাৰে
মেখেলা ককাল চাই কিনিবা
কেঁচা দেহা সোণটিক
দিম।
বিহুৰ বতৰত সকলোৰে মন ইচাত-বিচাত,থৌকি-বাথৌ।হেঁপাহেৰে সাঁচি থোৱা
বিহুৱানখনি চেনাইধনক দিবলৈ গাভৰুগৰাকীয় উত্তাৱল হৈ থাকে। গাভৰুগৰাকীয়ে বাট চাই
থাকে চেনাইধনক কেনেকৈ অকলে কাষত পাব পাৰি,যাতে একান্তভাৱে যাঁচিব পাৰে মৰম-চেনেহৰ
প্ৰতীক বিহুৱানখনি তথা একান্ত গোপনীয়তা।(কিয়নো,ইয়াত নিজৰ ঘৰখনলৈ,সমাজখনলৈ
বয়োজ্যেষ্ঠ,গুণী-মান্যজনলৈ ভয় থাকে।)এই কথা গাভৰুগৰাকীয়ে বিহুগীতত ব্যক্তকৰিছে
এইদৰে-
গা ধুই ভকতে গুৰূ সেৱা কৰে
ঘাটে সেৱা কৰে
নাও,
মই চিন্তা
কৰোঁ মোৰ চেনাইধনক
কেনেকৈ অকলে
পাওঁ।
প্ৰেমত থাকে অভিমান,খং,বিৰহ আৰু কিছু বাধ্যবাধকতা। প্ৰেমিকাগৰাকীয়ে
কেতিয়াও কাম্য নকৰে যে তেওঁৰ চেনাইধনৰ আন গাভৰুত চকু পৰক। সেয়েহে সকিয়নী দিয়ে
এইদৰে-
ধনে ভাতে
খোৱা কাঁহী পানধোৱা
চাপৰি বুটলো
চুৱা,
বিদাই লৈ
আহোঁতে কৈ থৈ আহিছো
পৰৰে নাখাবি গুৱা।
(আগলৈ...)
0 Comments