০.০ অৱতাৰণিকা
০.১ বিষয়ৰ পৰিচয়
০.২ অধ্যয়নৰ উদ্দেশ্য
০.৩ অধ্যয়নৰ গুৰুত্ব
০.৪ অধ্যয়নৰ পৰিসৰ
০.৫ অধ্যয়নৰ পদ্ধতি
১.০ সামাজিক মাধ্যমৰ পৰিচয়
২.০ সামাজিক মাধ্যম আৰু ইয়াৰ সামাজিক প্ৰভাৱ
৩.০ সামাজিক মাধ্যম আৰু ব্যক্তি জীৱনত ইয়াৰ প্ৰভাৱ
৪.০ উপসংহাৰ
৪.১ সামগ্ৰিক সিদ্ধান্ত
প্ৰাসংগিক গ্ৰন্থ
০.০ প্ৰস্তাৱনা :
০.১ বিষয়ৰ পৰিচয় :
বৰ্তমান যুগটো হৈছে তথ্যৰ যুগ । তথ্যৰ অবিহনে সভ্যতা আগুৱাই যাব নোৱাৰে। গণসংযোগৰ ( Mass media ) অন্তৰ্লীন বিষয় হিচাপে বৰ্তমান সমাজত সামাজিক মাধ্যমৰ ( Social Media ) প্ৰভাৱ ক্ৰমাণ্বয়ে বৃদ্ধি পাই আহিছে। মানুহক বিভিন্ন তথ্য , বিভিন্ন বিষয় সম্বলিত বাৰ্তা জানিবলৈ আৰু বুজিবলৈ সহায় কৰাৰ লগতে সামগ্ৰীক অৰ্থত মানৱ সভ্যতাক আগুৱাই নিয়াত সামাজিক মাধ্যমৰ আৱদান অনস্বীকাৰ্য। কম্পিউটাৰ আৰু ইন্টাৰনেট প্ৰযুক্তিয়ে তথ্যৰ সঞ্চালন , তথ্য সৰবৰাহ আৰু তথ্যৰ আদান - প্ৰদানক ইমানে বেছি সম্প্ৰসাৰিত কৰিছে যে যোৱা দুটা শতিকাৰ পৰা আমাৰ সমাজ ব্যৱস্থালৈ ক্ষীপ্ৰ গতিত অভাৱনীয় পৰিবৰ্তন আহি পৰিছে । ' সামাজিক মাধ্যমৰ ক্ষমতা ' শীৰ্ষক আলোচনা পত্ৰ ( Seminer ) খনিত আমি সামাজিক মাধ্যম আৰু ইয়াৰ প্ৰভাৱশালীতাৰ বিষয়ে বিশ্লেষণ কৰাৰ প্ৰয়াস কৰিছো।
০.২ অধ্যয়নৰ উদ্দেশ্য :
" সামাজিক মাধ্যমৰ ক্ষমতা " - শীৰ্ষক আলোচনাপত্ৰখনি অধ্যয়নৰ উদ্দেশ্যসমূহ হৈছে -
১) সামাজিক মাধ্যম আৰু ইয়াৰ সামাজিক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা ।
২) সামাজিক মাধ্যম আৰু ব্যক্তি জীৱনত ইয়াৰ প্ৰভাৱ সৰ্ম্পকে আলোচনা কৰা ।
০.৩ অধ্যয়নৰ গুৰুত্ব :
আজিৰ সমাজ ব্যৱস্থাত সামাজিক মাধ্যমসমূহে সমাজৰ সকলো স্তৰৰ মানুহকে সাঙুৰি এক অৰ্ন্তৱৰ্তী সম্পৰ্ক স্থাপন কৰিছে । নিজৰ প্ৰভাৱশালী গুণৰ বাবে সামাজিক মাধ্যমে এক প্ৰকাৰে সমাজখনকে পৰিচালিত কৰিছে । গতিকে সামাজিক মাধ্যমৰ ক্ষমতা তথা প্ৰভাৱ - ই এটা অতি গুৰুত্বপূৰ্ণ আৰু আলোচ্য বিষয় হিচাপে বৰ্তমান পৰিগণিত হৈছে । সৰ্বোপৰি সামাজিক মাধ্যমক ভালকে জানিবলৈ - বুজিবলৈ হ'লে বিষয়টোক ভালদৰে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে । সেয়েহে আলোচনপত্ৰখনৰ অধ্যয়নৰ যথেষ্ট গুৰুত্ব আছে ।
০.৪ অধ্যয়নৰ পৰিসৰ :
" সামাজিক মাধ্যমৰ ক্ষমতা " - শীৰ্ষক আলোচনা পত্ৰখনিৰ অধ্যয়নৰ পৰিসৰ সীমিত । সামাজিক মাধ্যম আৰু ইয়াৰ সামাজিক প্ৰভাৱ আৰু ব্যক্তি জীৱনত ইয়াৰ প্ৰভাৱ - এই মূল ক্ষেত্ৰ দুখনকে অধ্যয়নৰ পৰিসৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে ।
০.৫ অধ্যয়নৰ পদ্ধতি :
" সামাজিক মাধ্যমৰ ক্ষমতা " - শীষৰ্ক আলোচনা পত্ৰখনি প্ৰস্তুত কৰোঁতে বণৰ্নামূলক আৰু বিশ্লেষণাত্মক পদ্ধতিৰ ব্যৱহাৰ কৰা হৈছে ।
১.০ সাামাজিক মাধ্যমৰ পৰিচয় :
গণমাধ্যম (Mass Media) হৈছে গণসংযোগৰ (Mass Communication) ৰ আহিলা (tools) । গণমাধ্যমে কোনো গণশ্ৰুতাৰ লগত সংযোগ স্থাপন কৰা বিভিন্ন প্ৰকাৰৰ মাধ্যম সমূহক বুজায়। আধুনিক গণমাধ্যমক আমি তিনিটা মূল ভাগত ভগাব পাৰো। যেনে - ছপা মাধ্যম (Print Media) , বৈদ্যুতিক মাধ্যম (Electronic Media)আৰু নতুন মধ্যম (New media) । ইয়াৰ ভিতৰত নতুন মাধ্যম সমূহৰ পৰাই সামাজিক মাধ্যম (Social Media) নামৰ গণমাধ্যমৰ প্ৰকাৰটোৰ সৃষ্টি হৈছে। সাধাৰণ অৰ্থত সামাজিক মাধ্যম হৈছে কম্পিউটাৰ প্ৰযুক্তিৰ দ্বাৰা পৰিচালিত এক আন্ত:সক্ৰিয় (interactive) প্ৰক্ৰিয়া , যাৰ দ্বাৰা কোনো তথ্য , ধাৰণা আদি এজনে আনজনৰ সৈতে বা বহুজনৰ মাজত আদান প্ৰদান কৰিব পাৰে । সামাজিক মাধ্যমৰ কেইটামান উদাহৰণ হ'ল - ফেচবুক (Facebook) , ইউটিউব (YouTube) , হোৱাটচএপ (WhatsApp) , ইনষ্টগ্ৰাম ( Instagram ), টুইটাৰ (Twitter) ইত্যাদি।
২.০ সামাজিক মাধ্যম আৰু ইয়াৰ সামাজিক প্ৰভাৱ:
সামাজিক মাধ্যমসমূহৰ বৰ্তমান সময়ত সমাজৰ সকলোস্তৰৰ মানুহকে প্ৰৱলভাৱে প্ৰভাৱন্বিত কৰিছে । তথ্য - প্ৰযুক্তিৰ অভূতপূৰ্ব বিকাশৰ ফলত সামাজিক মাধ্যম সমূহে পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে । স্বীকাৰ কৰি লাগিব যে বৰ্তমান সময়ৰ সোঁতত খোজত খোজ মিলাই আগুৱাই যাবলৈ হ'লদ আধুনিক বিশ্বৰ মানুহে সামাজিক মাধ্যমৰ সহায় ল'বই লাগিব । সামগ্ৰীক দিশৰ পৰা চাবলৈ গ'লে সামাজিক মাধ্যমে সমাজত তিনিটা দিশৰ পৰা প্ৰভাৱ বিস্তাৰ কৰিছে -
১) তথ্য সৰবৰাহ কৰা
২) শিক্ষিত কৰা
৩) মনোৰঞ্জন দিয়া
সামাজিক মাধ্যম সমূহৰ দ্বাৰা বৰ্তমান সময়ত মানুহে বিশ্বৰ যিকোনো প্ৰান্তৰ খবৰ মুহুৰ্ত্বৰ ভিতৰতে পোৱাটো সম্ভৱ হৈ উঠিছে । সেইদৰে যিকোনো তথ্য অতি কমসময়ৰ ভিতৰতে এজনৰ আনজনৰ সৈতে আদান - প্ৰদান কৰাটো সম্ভৱপৰ হৈছে । ইয়াৰ ফলত সমাজৰ সকলোস্তৰৰ মানুহৰ মাজত এক সজাগতাৰ সৃষ্টি হৈছে ।
সামাজিক মাধ্যমে মানুহৰ বৌদ্ধিক উত্তৰণত সহায় কৰিছে । ই মূলত : জনশিক্ষাৰে এক মাধ্যম। বিশ্লেষণ , মতামত, ব্যাখ্যা, আলোচনা আদিৰ সহায়ত ফেচবুক, ইউটিউব আদি সামাজিক মাধ্যমসমূহে সকলো সময়তে মানুহক আৰ্থ সামাজিক আৰু ৰাজনৈতি জটিলতা বুজাবলৈ সঠিক তাৎপৰ্য অনুধাৱন কৰিবলৈ সহায় কৰে । ই সামাজিক সজাগতাৰ সৃষ্টি কৰে আৰু কোনো বিষয়ত তাৎক্ষণিক জনমত গঠনত সহায় কৰে ।
সৰ্বোপৰি সামাজিক মাধ্যমসমূহে মানুহক মনোৰঞ্জনো প্ৰদান কৰে। গণমাধ্যমৰ অন্য প্ৰকাৰ সমূহতকঋ বৈদ্যুতিক মাধ্যম আৰু নব্য মাধ্যম সমূহে মমুহক অধিক মনোৰঞ্জন প্ৰদান কৰিব পাৰে বা ইয়াৰ বিনোদনধৰ্মী উপকৰণৰ ক্ষমতা অধিক। চিনেমা, সংগীতানুষ্ঠান আদিৰ জৰিয়তে সামাজিক মাধ্যম সমূহে মানুহক মনোৰঞ্জন প্ৰদান কৰে ।
৩.০ সামাজিক মাধ্যম আৰু ব্যক্তি জীৱনত ইয়াৰ প্ৰভাৱ :
এক অৰ্থত সামাজিক মাধ্যমসমূহে ব্যক্তি জীৱনত পোনপটীয়াখকৈ প্ৰভাৱ বিস্তাৰ কৰিছে। যুগৰ সৈতে সমানে আগবাঢ়ি যাবলৈ আৰু বৰ্তী থাকিবলৈ আমি আজি সামাজিক মাধ্যমসমূহৰ সহায় ল'বই লাগিব। সামাজিক মাধ্যমসমূহে ব্যক্তিজীৱনৰ উত্তৰণত বিশেষ ভূমিকা পালন কৰিছে। শিশুৰ পৰা বৃদ্ধলৈকে ভিন্ন বয়সৰ ভিন্ন শ্ৰেনীৰ মানুহে নিজৰ প্ৰয়োজনৰ তাগিদাত সামাজিক মাধ্যমৰ সহায় ল'ব লগা হয়।
আনহাতে সামাজিক মাধ্যমসমূহে ব্যক্তিজীৱনত কিছুমান কু-প্ৰভাৱ পেলাইছে । ইয়াৰে এটা উল্লেখযোগ্য প্ৰভাৱ হ'ল ই মানুহৰ মাজত আত্মিক ব্যৱধানৰ সৃষ্টি কৰিছে। আজিৰ মানুহে সামাজিক মাধ্যমৰ মানুহৰ সৈতে ইমানেই ব্যস্ত হৈ পৰিছে যে কাষত থকাজনৰ খবৰ ল'বলৈও আহৰি নোপোৱা হৈছে। সেইদৰে ই ছাত্ৰসমাজৰো অধ্যয়নশীল মনোভাৱটো বহু পৰিমানে কমাই আনিছে। কিয়নো আজিৰ এজন ছাত্ৰই এখন গ্ৰন্থ অধ্যয়ন কৰাতকৈ অধিক সময় সামাজিক মাধ্যমসমূহৰ মাজতেই ব্যস্ত থাকে। সামাজিক মাধ্যমৰ ভুল ব্যৱহাৰৰ বাবে ব্যক্তিজীৱনলৈ চৰম বিপৰ্যয় নামি অহাৰ উদাহৰণ নথকা নহয়। তেনেকৈ ইয়াৰ ভুল ব্যৱহাৰ( Misuse)ৰ ফলত বিভিন্ন অশ্লীল ফটো,ভিডিঅ',আদিৰ প্ৰচাৰ আৰু প্ৰসাৰে এক অৰ্থত সমাজৰ নৈতিক দিশটোকো জোকাৰি গৈছে। সইদৰে ই যুৱ উশৃংখলতাৰো অন্যতম এটা কাৰণ।
৪.০ উপসংহাৰ
৪.১ সামগ্ৰিক সিদ্ধান্ত:
আলোচনাপত্ৰখন অধ্যয়নৰ অন্তত আমি কেইটামান সামগ্ৰিক সিদ্ধান্তত উপনীত হ'ব পাৰো-
(১) সামাজিক মাধ্যম সমূহে পৃথিৱীখনক এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে।
(২) কোনো তথ্য বা ধাৰণা আদি মুহুৰ্তৰ ভিতৰতে আদান-প্ৰদান কৰাত সামাজিক মাধ্যমসমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।
(৩) কোনো বিষয়ত তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ বা জনমত গঠনত সামাজিক মাধ্যমসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা দেখিবলৈ পোৱা যায়।
(৪) সামাজিক মাধামসমূহে মানুহক জনশিক্ষা আৰু মনোৰঞ্জন প্ৰদান কৰে।
(৫) সমাজৰ উপৰিও সামাজিক মাধ্যমসমূহে ব্যক্তিজীৱনৰ উত্তৰণৰ বিশেষ ভূমিকা পালন কৰিছে।
(৬) সামাজিক মাধ্যম সমূহৰ কু-প্ৰভাৱ হিচাপে ই মানুহৰ মাজত আত্মিক ব্যৱধানৰ সৃষ্টি কৰিছে।
অধ্যয়নৰ প্ৰাসংগিক গ্ৰন্থ:
বেজবৰা, নীৰাজনা মহন্ত যোগাযোগ কলা, বনলতা, প্ৰথম প্ৰকাশ ২০০৫
0 Comments