হিন্দীভাষা পৃথিৱীৰ বৃহৎ ভাষাপৰিয়াল ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ইন্দো-ইৰাণীয় শাখাৰ ভাৰতীয় আৰ্য মূলৰ এটা ভাষা। ই বৰ্তমান সময়ত ভাৰতৰ ৰাষ্ট্ৰভাষা ৰূপে প্ৰচলিত। ভাৰতৰ প্ৰায় ৪২৫ মিলিয়ন লোকে প্ৰাথমিক(মাতৃভাষা) হিচাপে হিন্দীভাষা কোৱাৰ লগতে প্ৰায় ১২০ মিলিয়নৰো অধিক ভাৰতীয়ই ইয়াক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। ভাৰতৰ উপৰিও দক্ষিণ আফ্ৰিকা, মৰিছাছ, বাংলাদেশ, য়েমেন আৰু উগাণ্ডাত হিন্দীভাষাৰ প্ৰচলন দেখা যায়।
হিন্দীভাষাক দেৱনাগৰী লিপিত লিখা হয় আৰু ই সংস্কৃতৰ দ্বাৰা গভীৰ প্ৰভাৱপুষ্ট। হিন্দীভাষাৰ উত্তৰ-পূব দিল্লীত প্ৰচলিত 'খড়ীবোলী' ভাষা আধাৰিত ৰূপটোক বৰ্তমান মান্য হিন্দী ৰূপে ব্যৱহাৰ কৰা হৈছে। ১৫শ ৰ পৰা ১৯শ শতিকালৈকে সাহিত্যিক ভাষা ৰূপে প্ৰচলিত 'ব্ৰজভাষা'ও হিন্দী ভাষাৰে এটা ঔপভাষিক ৰূপ আছিল। সেইদৰে আৱাধি, বাঘেলী, ভোজপুৰী, বুন্দেলি, ছট্টিশগৰী, গঢ়ৱালী, হাৰীয়ানি, কনৌজি, কুমায়ুনি, মগহী আৰু মাৰোৱাৰীও এই হিন্দীভাষাৰ কিছুমান ঔপভাষিক ৰূপ। এই উপভাষাবিলাক উত্তৰভাৰত,দক্ষিণ ভাৰতৰ মধ্যপ্ৰদেশ আদি অঞ্চলত আঞ্চলিক ভাষাৰূপে প্ৰচলিত হৈ আছে। ভাৰতত ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভৰ কালছোৱাত এই ভাষাসমূহক এটা ভাষা বুলি ধৰি লৈ হিন্দীভাষাৰ সৈতে শ্ৰেণীভুক্ত কৰা হৈছিল। তদুপৰি প্ৰাথমিক শিক্ষা স্তৰত হিন্দীক(এটা আঞ্চলিক ভাষাতকৈ এটা মাত্র মূল ভাষা) শিক্ষাৰ মাধ্যম হিচাপে নিৰ্বাচন কৰা হৈছিল।
ভাৰতত হিন্দীভাষাৰ বিভিন্ন ৰূপ:-
হিন্দী ভাষাক উত্তৰ আৰু মধ্য ভাৰতত সাহিত্যিক ভাষাৰূপে ব্যৱহাৰ কৰা হয়। হায়দৰাবাদ, মুম্বাই, চণ্ডীগড়, কলকাতা, আহমেদাবাদ আদি নগৰ অঞ্চলত হিন্দীভাষাৰ বহুল প্ৰচলন দেখা যায়। অৱশ্যে ভাৰতৰ বেলেগ বেলেগ অঞ্চলত পূৰ্বতে উল্লেখ কৰি অহা ভিন্ন আঞ্চলিক উপভাষাসমূহৰ প্ৰচলন আছে। দিল্লী আৰু মীৰাট অঞ্চলত প্ৰচলিত 'খড়ীবোলী' ভাষাক উচ্চ হিন্দী বা হিন্দীভাষাৰ মান্য ৰূপ হিচাপে গ্ৰহণ কৰাৰ লগতে ভাৰতত এই হিন্দীত শিক্ষাদানো কৰা হয়। ভাৰতৰ বিভিন্ন অঞ্চলত প্ৰচলিত হিন্দীভাষাৰ কিছুমান ৰূপ এনেধৰণৰ-
দক্ষিনী হিন্দী:- হায়দৰাবাদৰ বাহিৰে-ভিতৰে প্ৰচলিত আৰু ই উৰ্দুৰ ওচৰচপা। দক্ষিনী হিন্দীত আৰৱী-পাৰ্চী শব্দৰ ব্যৱহাৰ বেছি দেখা যায়।
হিন্দুস্তানী:- মান্য হিন্দী আৰু উৰ্দুৰ মাজৰ নিৰপেক্ষ শৈলী হৈছে হিন্দুস্তানী হিন্দী। ভাৰতবৰ্ষত সৰ্বাধিক এই হিন্দুস্তানী হিন্দীৰ প্ৰচলন হয়। উল্লেখযোগ্য যে হিন্দীভাষাৰ এই আঞ্চলিক ৰূপটো ফিজিৰ চৰকাৰী ভাষা।
হিন্দীভাষাৰ আঞ্চলিক ৰূপ:-
ভাৰতবৰ্ষৰ বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ উপভাষা ব্যৱহাৰ কৰা হয়। কিছুমান পণ্ডিতৰ মতে হিন্দীভাষাৰ পশ্চিমা আৰু পূৰ্বী--- এই দুটা প্ৰধান ভাগ আছে। চৰকাৰী পিয়লৰ মতে ভাৰতৰ দহখন ৰাজ্যত জনজাতীয় ভাষাসমূহক বাদ দি হিন্দীক উপভাষা হিচাপে গ্ৰহণ কৰা হয়। ভাৰতত অঞ্চল অনুসৰি হিন্দীভাষাৰ বিভিন্ন ৰূপসমূহ হৈছে---
পশ্চিমী হিন্দী(খড়ীবোলী):- খড়ীবোলীকে ধৰি পাঁচটা উপভাষা পশ্চিমী হিন্দীৰ অন্তৰ্গত।
পূৰ্বী হিন্দী:- অৱধিকে ধৰি তিনিটা উপভাষা পূৰ্বী হিন্দীৰ অন্তৰ্গত।
ৰাজস্থানী হিন্দী:- চাৰিটা উপভাষা এই ৰাজস্থানী হিন্দীৰ অন্তৰ্গত।
বিহাৰী হিন্দী:- ভোজপুৰী, মগহী, মৈথিলী; বিহাৰী হিন্দীৰ অন্তৰ্গত উপভাষা।
ভাৰতৰ অহিন্দীভাষী অঞ্চলতো হিন্দীভাষাৰ কিছুমান আঞ্চলিক ৰূপৰ প্ৰচলন আছে। যেনে-
বম্বায়া হিন্দী:- স্থানীয় পৰিবেশত মুম্বাই অঞ্চলত প্ৰচলিত এই হিন্দী খড়ীবোলী আধাৰিত। শিক্ষিত, উচ্চবৰ্গ লোকে আনুষ্ঠানিকভাৱে ইয়াক ব্যৱহাৰ নকৰে। কিন্তু বলিউডৰ হিন্দী আৰু উৰ্দু চিনেমাত এই ভাষাই বিশেষ গুৰুত্ব লাভ কৰে।
কলিকতিয়া হিন্দী:- এই ভাষা ভোজপুৰী আৰু বাংলা প্ৰভাৱিত। এই হিন্দী কলিকতা আৰু শ্বিলঙত ব্যৱহাৰ হয়।
হিংলিছ- ভাৰতৰ নগৰ আৰু নগৰৰ উপকন্ঠ অঞ্চলত প্ৰচলিত হিন্দী আৰু ইংলিছৰ সংমিশ্ৰণত এই ভাষাৰ সৃষ্টি হৈছে। টেলিভিছনৰ অনুষ্ঠানতো এই হিন্দীৰ ব্যৱহৃত হৈছে।
বিদেশত হিন্দীভাষাৰ বিভিন্ন ৰূপ:-
নেপাল:- হিন্দীভাষী লোকৰ ভিতৰত নেপাল দ্বিতীয় বৃহত্তম দেশ। প্ৰায় আঠ মিলিয়ন নেপালী লোক হিন্দীভাষী। অৱশ্যে বিশাল জনসমষ্টিৰ মাজত হিন্দীভাষা প্ৰচলন থাকিলেও হিন্দী নেপালৰ ৰাষ্ট্ৰভাষা নহয়। ২০১৬ চনত নেপালৰ সংসদে হিন্দীভাষাক চৰকাৰী ভাষাৰূপে স্বীকৃতি দিবলৈ পৰামৰ্শ দিছিল, কিয়নো তেওঁলোকৰ মতে দেশখনত ৮০% লোকে হিন্দী বুজি পায়। নেপাল আৰু ভাৰতবৰ্ষৰ সংস্কৃতিৰ সাদৃশ্যতাই আৰু ভাৰতীয় টেলিভিছনৰ বিষয়বস্তুৱে নেপালত হিন্দী ভাষা প্ৰসাৰত অৰিহণা যোগাইছে।
আমেৰিকা যুক্তৰাষ্ট্ৰ:- আশ্চৰ্যজনকভাৱে হিন্দীভাষী লোকৰ ভিতৰত তৃতীয় বৃহত্তম দেশ হিচাপে আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। প্ৰায় ৬৫০,০০০ মানুহে ব্যৱহাৰ কৰা হিন্দীভাষা আমেৰিকাৰ একাদশতম জনপ্ৰিয় বিদেশী ভাষা। অৱশ্যে ইংৰাজী ভাষা প্ৰধান দেশখনত হিন্দীভাষীসকলে ঘৰতহে ভাষাটো ব্যৱহাৰ কৰে। মনকৰিবলগীয়া কথা যে আমেৰিকাৰ স্থানীয় হিন্দীভাষীসকলৰ খুব কম সংখ্যকহে ভাৰতীয় প্ৰবজনকাৰী। ইয়াৰ কাৰণ দেশখনত ইংৰাজী ভাষাৰ অধিক ব্যৱহাৰ হেতুকে তেওঁলোকৰ বংশধৰে হিন্দীতকৈ ইংৰাজী ব্যৱহাৰ কৰাহে অধিক পছন্দ কৰে।
ভাৰতবৰ্ষৰ উপৰিও হিন্দী ভাষা ভিন্ন অঞ্চলত ভিন্ন ৰূপত প্ৰচলন হৈ আছে। যেনে-
তাজ-উজবেকি:- ই হিন্দীৰ এটা আঞ্চলিক ৰূপ। ত্রয়োদশ শতিকাৰ পৰা তাজিকিস্তান আৰু উজবেকিস্তানত গৈ বাস কৰিবলৈ লোৱা ভাৰতীয় লোক সকলে তাজ-উজবেকি হিন্দী ব্যৱহাৰ কৰে। ব্ৰজভাষা, ৰাজস্থানী আৰু হাৰিয়ানী উপভাষা, তাজিকিস্তানৰ ভাষা আৰু উজবেকিস্তানৰ ভাষাৰ আধাৰত এই ভাষাটো গঢ় লৈ উঠিছে।
মৰিছিয়ান হিন্দী:- মৰিছাছত ভাৰতীয় মূলৰ লোকৰ মাজত প্ৰচলিত ভোজপুৰী আধাৰিত আৰু ফৰাচী প্ৰভাৱিত উপভাষাটোৱেই মৰিছিয়ান হিন্দী। মৰিছিয়ান সকলৰ এক তৃতীয়াংশ(৪৫০,০০০)ই হিন্দীভাষী।
চুৰিনামি হিন্দী:- অৱধি আধাৰিত এই ভাষা চুৰিনামত থকা ভাৰতীয় মূলৰ লোকৰ মাজত প্রচলিত।
ফিজি হিন্দী:- এই হিন্দী অৱধি আধাৰিত আৰু ফিজিত প্ৰচলিত।
ত্ৰিনিদাদি হিন্দী:- ত্ৰিনিদাদত প্ৰচলিত আৰু এই হিন্দী ভোজপুৰী আধাৰিত।
দক্ষিণ আফ্ৰিকীয় হিন্দী:- এই হিন্দী দক্ষিণ আফ্ৰিকাত প্ৰচলিত আৰু ই ভোজপুৰীৰ আধাৰত গঢ় লৈ উঠিছে।
তলত বিশ্বত হিন্দীভাষাৰ স্থিতি সম্পৰ্কে অধ্যয়ন কৰা এটা সমীক্ষাৰ এখন তালিকা দিয়া হ'ল-
ভাৰতবৰ্ষ | ৪২২,০৪৮,৬৪২ |
নেপাল | ৮,০০০,০০০ |
আমেৰিকা যুক্তৰাষ্ট্ৰ | ৬৪৯,০০০ |
মৰিছাছ | ৪৫০,১৭০ |
ফিজি | ৩৮০,০০০ |
দক্ষিণ আফ্ৰিকা | ২৫০,২৯২ |
চুৰিনাম | ১৫০,০০০ |
উগাণ্ডা | ১০০,০০০ |
ইংলেণ্ড | ৪৫,৮০০ |
নিউজিলেণ্ড | ২০,০০০ |
জাৰ্মানী | ২০,০০০ |
ট্ৰিনিদাদ আৰু তবাগ' | ১৬,০০০ |
চিংগাপুৰ | ৩,০০০ |
আধুনিক ভাৰতীয় ভাষাৰ ভিতৰত হিন্দীয়েই সৰ্বাধিক প্ৰচলিত ভাষা। বিশ্বৰ প্ৰায় ১০০ ৰো অধিক দেশত হিন্দীৰ প্ৰচলন আছে। যিবোৰ দেশত ভাৰতীয় মানুহ বাস কৰে সেই দেশবোৰত প্রাথমিক আৰু মাধ্যমিক স্তৰৰ শিক্ষাত হিন্দী ভাষা-সাহিত্য অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্বৰ বৃহৎ জনগোষ্ঠীৰ এক সমৃদ্ধ সংস্কৃতিৰ ক্ষিপ্ৰ উন্নয়নশীল অৰ্থনীতিৰ ভাষা বুলি বিদেশত হিন্দী ভাষা চৰ্চা কৰে। ভাৰতৰ সম্পৰ্কে জ্ঞান লাভৰ অৰ্থে, ভাৰত বিদ্যা চাবিকাঠীৰ ৰূপত বিদেশত চৰকাৰে হিন্দী শিকাৰ অৰ্থে ব্যয় বহন কৰিছে। স্নাতক, স্নাতকোত্তৰ, গৱেষণাৰ ব্যৱস্থা কৰাৰ উপৰিও ভাৰতবৰ্ষলৈ বিদেশৰ পৰা আহিও হিন্দী অধ্যয়ন কৰাৰ ব্যৱস্থা কৰিছে।
ভাৰতৰ বাহিৰত জাপানত হিন্দী শিক্ষাৰ প্ৰচলনৰ উদাহৰণ পোৱা যায়। বিশ্বৰ বিভিন্ন দেশে আন আন জাতি সম্পৰ্কে ভালকৈ জানিবৰ বাবে ভাৰতীয় ভাষা জনাতো ভাল বুলি ভাবে। জাপানে স্বদেশী ভাষা শিক্ষাৰ লগতে বিদেশী ভাষা জানিবলৈও উদ্যম গ্ৰহণ কৰিছে। 'টকিঅ' বিদেশী ভাষা অধ্যয়ন বিশ্ববিদ্যালয়'ত এই ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেইদৰে আমেৰিকা যুক্তৰাষ্ট্ৰ আদি বিশ্বৰ আগশাৰীৰ দেশৰ বিশ্ববিদ্যালয়ৰ পৰ্যায়তো হিন্দী শিক্ষাৰ ব্যৱস্থা কৰা হৈছে।
এইদৰেই দেশ আৰু বিদেশত হিন্দী ভাষাৰ বিভিন্ন ৰূপ সম্পৰ্কে আমি চমুকৈ আলোচনা কৰিব পাৰো।
0 Comments