Header Ads Widget

Ticker

6/recent/ticker-posts

পাবলো নেৰুদাৰ কবিতা 'টুনাইট আই কেন্ ৰাইট দ্য ছেদেষ্ট লাইনচ্ : এক চমু আলোচনা

 




পাবলো নেৰুদা চিলিৰ এজন অনেক প্ৰশংসিত লেখক। এই কবিতাটি ১৯২৪ চনত স্পেনীচ ভাষাত ৰচিত হৈছিল আৰু পাছত ১৯৬৯ চনত ইংৰাজী ভাষালৈ অনুবাদ কৰা হয়। নেৰুদা এজন কমিউনিষ্ট আৰু বিপ্লৱী কবি আছিল। কবিতাটোত প্ৰতীক আৰু চিত্ৰকল্পৰ মাজেদি এজন কাৰাৰুদ্ধ প্ৰেমিক মৰ্ম বেদনা উপস্থাপন কৰা হৈছে। ইয়াত আছে হেৰুৱা প্ৰেমৰ স্মৃতি আৰু এবুকু যন্ত্ৰণা। আৰু প্ৰকাশ পাইছে বৰ্তমান সময়ত তাৰ একাকীত্বৰ সৈতে কবিৰ সহবাসৰ কথা। 

           কবিতাটোৰ প্ৰথম শাৰীত কবিৰ দুখৰ কাৰণ জানিবৰ বাবে পাঠকক কৌতুহলি কৰি তোলা হৈছে। বিষন্ন ৰাতি আৰু দূৰৰ নীলা তৰাৰ কঁপনিৰ চিত্ৰকল্পৰ মাজেৰে কবিয়ে নিজৰ বেদনাক প্ৰকাশ কৰিছে। কবিৰ মতে ৰাতিৰ বতাহ আৰু আকাশখন কবিৰ সংগী। কবিয়ে তেওঁৰ প্ৰেমিকাক ভাল পায় আৰু সেই অনামী প্ৰেমিকা গৰাকীয়েও কবিক ভাল পায়। এই ৰাতিবোৰত প্ৰেমিকা গৰাকী কবিৰ দুবাহুৰ মাজত আছিল আৰু সেয়েহে এতিয়া প্ৰেমিকাৰ অনুপস্থিতিত কবিক এই ৰাতিবোৰে স্মৃতিকাতৰতাত ভুগাইছে। কবিয়ে স্বীকাৰ কৰিছে যে তেওঁ প্ৰেমিকাগৰাকীক গভীৰভাবে ভাল পাইছিল আৰু কৈছে যে তেওঁৰ (প্ৰেমিকাগৰাকীৰ) দুৰ্দান্ত স্থিৰ গভীৰ চকুযুৰিয়ে যিকোনো এজনক প্ৰেমত পেলাব পাৰে।

        কবিয়ে অনুভৱ কৰিছে যে আজি ৰাতিয়েই তেওঁ আটাইতকৈ দুখৰ কবিতাটো লিখিব পাৰে কাৰণ তেওঁ জানে যে প্ৰেমিকাগৰাকী কবিৰ কাষত আৰু নাই। প্ৰেমিকাগৰাকীৰ অবিহনে এই ৰাতিবোৰত কবি নিচেই অকলশৰীয়া। কবিয়ে দুখ অনুভৱ কৰে যে সকলো থকা সত্বেও প্ৰেমিকাগৰাকী তেওঁৰ কাষত নাই আৰু তেওঁৰ অবিহনে কবি যেন মৃতপ্ৰায়। ৰাতিবোৰ অধিক দুখঃসহ হৈ উঠে যেতিয়া তেওঁৰ এই কথা অনুভৱ হয়। দূৰৈত ৰিণিকি শুনা সংগীতে যেন কবিক আৰু হে অকলশৰীয়া অনুভৱ কৰায়। এতিয়া কবিয়ে প্ৰেমিকাগৰাকীৰ সৈতে পুনৰ মিলন হোৱাতো আকাংক্ষা কৰে আৰু কবিৰ দৃষ্টিৰে তেওঁক বিচাৰি ফুৰে; কবিৰ হৃদয়খনেও তেওঁৰ সন্ধান কৰে। আকৌ তেওঁ কয় যে এই ৰাতিটোও ঠিক তেনেকুৱাই আছিল যেনেকুৱা অন্য ৰাতিবোৰত তেওঁলোক ইজনে সিজনৰ কাষত আছিল।

          কিন্তু ইমানবোৰ কোৱা সত্বেও কবিয়ে হঠাৎ ঘোষণা কৰিছে যে তেওঁ আৰু প্ৰেমিকাগৰাকীক ভাল নাপায়। প্ৰেমিকাগৰাকী এতিয়া অন্য এজনৰ আৰু কবিয়ে দুখ প্রকাশ কৰি কৈছে যে এতিয়া প্ৰেমিকাগৰাকীৰ কণ্ঠ, শৰীৰ আৰু সেই গভীৰ চকুযুৰি আনৰ হৈ পৰিল। কবিয়ে পুনৰবাৰ কৈছে যে তেওঁ আৰু প্ৰেমিকাগৰাকীক ভাল নাপায়। বৰং তেওঁক ভাল পাওঁ বুলি কৈ কবিয়ে নিজকেহে কষ্ট দিছে। কবিৰ মতে প্ৰেম ক্ষণস্থায়ী কিন্তু তাক পাহৰাতো দীৰ্ঘস্থায়ী (Love is short but forgetting is long) । প্ৰেমিকাৰ অবিহনে যে কবিৰ ৰাতিবোৰ যান্ত্ৰনাকাতৰ হৈ পৰিছে সেয়েহে কবিয়ে এটা সিদ্ধান্তৰে কবিতাটো শেষ কৰিছে যে এয়াই তেওঁৰ বেদনাৰ শেষ বহিঃপ্ৰকাশ আৰু প্ৰেমিকাগৰাকীৰ বাবে লিখা এয়াই তেওঁৰ শেষ কবিতা। কবিয়ে আশা কৰে প্ৰেমিকাৰ স্মৃতিও যেন এই বেদনাভৰা কবিতাৰেই শেষ হ'ব।

(আগলৈ...)

Post a Comment

0 Comments