শব্দ শক্তি মূলতঃ তিনি প্ৰকাৰৰ-
১/ অভিধা শক্তি,
২/ লক্ষণা শক্তি আৰু
৩/ ব্যঞ্জনা শক্তি
শব্দৰ প্ৰথম আৰু প্ৰধান শক্তি হ'ল অভিধা শক্তি। এই শক্তিয়ে শব্দৰ সাংকেতিক অৰ্থ বুজায়। শব্দৰ এই শক্তি মুখ্য শক্তি। আমাৰ ব্যৱহাৰিক জীৱনত এনে সাংকেতিক অৰ্থই প্ৰাধান্য পাই আহিছে। সংকেত হ'ল কোনো এটা বস্তু বা গুণৰ শাব্দিক ৰূপ। এজন মানুহক যদি কোৱা হয়, "গৰুটো আন।" তেন্তে মানুহজনে গৰুটোহে আনিব; ছাগলী এটা নানে। গতিকে গৰু শব্দটো এটা বিশেষ চতুস্পদী জন্তুৰ সাংকেতিক চিহ্ন মাথোন। শব্দৰ অভিধা শক্তিয়ে পোনপটীয়াকৈ অৰ্থ প্ৰকাশ কৰিব পাৰে।
লক্ষ্যণা শক্তিয়ে পোনে পোনে অৰ্থ নুবুজায়; তাৰ অৰ্থৰ লগত সম্পৰ্ক থকা অন্য এক ধাৰণাৰহে ইংগিত দিয়ে। উদাহৰণস্বৰূপে, কাৰোবাক যেতিয়া গৰু, গাধ আদিৰে গালি পৰা যায়, তেতিয়া সেই জন্তুবোৰৰ নিৰ্বোধ চিন্তা কৰিব নোৱাৰা গুনটোলৈহে আঙুলিয়াই দিয়া হয়।
অভিধা আৰু লক্ষণাই অৰ্থ প্ৰকাশ কৰি বিৰত হোৱাৰ পাছত যি শক্তিয়ে শব্দৰ আৰু অৰ্থৰ আন এটা বোধ জন্মাই, সেই শক্তিক ব্যঞ্জনা শক্তি বোলা হয়। ব্যঞ্জনা শক্তিয়ে এক বহল আৰু ব্যাপক অৰ্থ প্ৰকাশ কৰিব পাৰে। উদাহৰণ স্বৰূপে, যদি কোনোবা এজনে কয়, "সাজ লাগিল" তেন্তে ইয়াৰ পৰা গৃহিনীয়ে জানিব যে তুলসী তলত বন্তি লগাবৰ সময় হ'ল, এজন ভক্তই ভাবিব যে সান্ধ্য আৰাধনাৰ সময় আহিল। সেইদৰে তৃতীয় এজনে হয়তু বুজিব যে ৰাতিৰ প্ৰহৰাৰ বাবে তেওঁ প্ৰস্তুত হ'বৰ হ'ল।
ওপৰৰ তিনিওটা অৰ্থ 'সাজ লাগিল' বোলা বাক্যটোত নাই। এই বাক্যৰ অভিধেয় অৰ্থ সম্পূৰ্ণৰূপে প্ৰকাশিত হোৱাৰ পাছত আন আন অৰ্থবোৰ প্ৰতীয়মান হ'ল। এইবোৰ অৰ্থ বাচ্যাৰ্থৰ অতিৰিক্ত অৰ্থ। যি শক্তি বাচ্যাৰ্থ বা লক্ষ্যাৰ্থৰ বোধ পোৱাৰ পাছতো বাচ্যাৰ্থৰ হানি নকৰাকৈ আন প্ৰতীয়মান অৰ্থৰ বোধ জন্মায়, সেই শক্তিক ব্যঞ্জনা শক্তি বোলা হয়।
ব্যঞ্জনা শক্তি দুই প্ৰকাৰৰ-
ক) অভিধামূলা ব্যঞ্জনা
খ) লক্ষণামূলা ব্যঞ্জনা
কেতিয়াবা কেতিয়াবা কোনো কোনো শব্দৰ এটাতকৈ বেছি বাচ্যাৰ্থ প্ৰকাশিত হোৱাৰ যোগ্যতা থাকে কিন্তু বাক্য গাথঁনিৰ ফলত এই অৰ্থবোৰৰ এটাকহে পোনপটীয়াকৈ বুজোৱা হয়। এনেকৈ অৰ্থবহন কৰাৰ পাছতো বাচ্যাৰ্থৰ বাহিৰে আন অৰ্থ বোধগম্য হ'ব পাৰে, এই প্ৰতীয়মান অৰ্থ অভিধাক আশ্ৰয় কৰি ব্যক্ত হোৱা বাবে এনে অৰ্থ প্ৰকাশ কৰিব পৰা শক্তিটোকে অভিধামূলা ব্যঞ্জনা শক্তি বোলে।
প্ৰয়োজন সিদ্ধিৰ বাবে সচৰাচৰ লক্ষণাৰ আশ্ৰয় লোৱা হয়। যি ব্যঞ্জনাই সেই প্ৰয়োজন বুজায় তাকেই লক্ষণামূলা ব্যঞ্জনা বোলা হয়। অথবা লক্ষণাৰ সহায়ত যি ব্যঞ্জনাৰ দ্বাৰা অন্য অৰ্থ প্ৰতীতি হয় তাক লক্ষণামূলা ব্যঞ্জনা বোলে। উদাহৰণ স্বৰূপে, "গঙ্গাত গোৱালৰ গাঁও আছে।" এই বাক্যটোত গঙ্গা শব্দই এক নদী বিশেষক বুজোৱাৰ উপৰিও ইয়াৰ পাৰত থকা গাঁওখনৰ কথা কৈছে। গঙ্গাৰ পানীৰ ওপৰত গাঁও থকা সম্ভৱ নহয়, গতিকে লক্ষণা অৰ্থৰ সহায়ত গাঁওখন পাৰতে থকা বুজাইছে। এই দুয়োটা অৰ্থ বোধ হোৱাৰ পাছত গাঁওখনৰ মাজেদি জোৰ বতাহ বৈ যোৱাৰ কথা নাইবা গাঁওবাসীৰ সৰলতা, পবিত্ৰতাৰ ধাৰণা বা অৰ্থ মনলৈ আহিব পাৰে। তেতিয়া সেই অৰ্থৰ বোধ লক্ষণামূলক ব্যঞ্জনাৰ অন্তৰ্গত।
শব্দ হৈছে অৰ্থযুক্ত ধ্বনিৰ সমষ্টি। শব্দ আৰু অৰ্থই হ'ল ভাষাৰ মূল। শব্দ সাধাৰণতে দুই ধৰণৰ বুলিব পাৰি। বৰ্ণাত্মক আৰু ধ্বন্যাত্মক। বাগিন্দ্ৰিয়ৰ সহায়ত উচ্চাৰিত শব্দই হ'ল বৰ্ণাত্মক শব্দ। যেনে- গৰু, মানুহ, গছ, ঘৰ ইত্যাদি। আনহাতে ঢোল, টকা, তাল আদিৰ প্ৰতিঘাতৰ পৰা পোৱা শব্দক ধ্বন্যাত্মক শব্দ বোলে।
শব্দৰ অন্বয় :- শব্দক পদ ৰূপ দি বাক্যত প্ৰয়োগ হোৱাৰ উপযুক্ত কৰি গঢ়ি তোলাই হ'ল শব্দৰ অন্বয়। যেনে- যদু, হাবি, খৰি, কাট- এইদৰে শব্দকেইটামান উচ্চাৰণ কৰিলেও তাৰ পৰা অৰ্থবোধ হ'ব নোৱাৰে। শব্দবোৰৰ মাজত পৰস্পৰৰ সম্বন্ধ দেখুৱাবলৈ কিছুমান চিন ব্যৱহাৰ কৰিলেহে সেইবোৰ স্পষ্ট আৰু অৰ্থবোধক হয়। যেনে- যদুৱে হাবিত খৰি কাটিছে। এইদৰে এই চিন অথবা বিভক্তি যোগ হোৱাতহে পূৰ্ণ বাক্যৰ উপযোগী হৈছে।
পদান্বয় বা বাক্য:- দুটা বা ততোধিক পদৰ অন্বয় বা সমাবেশত যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ পায় তেতিয়া তাক বাক্য বোলে। "ৰামে খায় স্কুললৈ ভাত গ'ল"- এইদৰে কলে ইয়াৰ আটাইবোৰ পদ হ'লেও অন্বয় সাধন হোৱা নাই কাৰণে ইহঁতে এটা পূৰ্ণ অৰ্থ দিব পৰা নাই। গতিকে বাক্য হোৱা নাই। "ৰামে ভাত খাই স্কুললৈ গ'ল"- এইদৰে কলেহে তাৰ অৰ্থ পৰিষ্কাৰকৈ ওলাই পৰে। বাক্যত পদসমূহক সিহঁতৰ কাৰ্য সাধন কৰিব পৰাকৈ নিৰ্দিষ্ট স্থানত যথাযথভাবে সংস্থাপিত কৰাই হ'ল পদান্বয়।
পদবোৰৰ অন্বয় হ'বলৈ হ'লে তিনিটা কাৰ্য সাধন কৰিব লাগিব। সেইকেইটা হ'ল-
১/ আকাংক্ষা,
২/ যোগ্যতা আৰু
৩/ আসক্তি।
কোনো পদ শুনাৰ পাছত সম্পূৰ্ণ অৰ্থ বোধ নোহোৱাৰ কাৰণে অতিৰিক্ত পদ শুনিবৰ কাৰণে যি ইচ্ছা হয় তাকে আকাংক্ষা বোলে।
বাক্যৰ ঘটক পদবোৰৰ এটাই আনটোৰ অৰ্থ যথাৰ্থভাৱে প্ৰকাশ কৰিব পৰা সামৰ্থ্যক যোগ্যতা বোলে। পদৰ আকাংক্ষা পূৰাব পাৰে যোগ্য পদেহে।
বাক্যৰ পদবোৰে সিহঁতৰ আকাংক্ষা আৰু যোগ্যতা পূৰণ কৰিলেও পৰস্পৰৰ আসক্ত হ'ব লাগিব।
0 Comments