Header Ads Widget

Ticker

6/recent/ticker-posts

অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰীকৰণত মহাপুৰুষ শংকৰদেৱৰ বৈপ্লৱিক চিন্তা


 অসমৰ সমাজ জীৱনলৈ আহোমসকলৰ আটাইতকৈ উল্লেখযোগ্য অৱদানটো এয়ে যে, তেওঁলোকৰ পদাৰ্পণৰ পাছৰ পৰাই এই ভূখণ্ডৰ নাম 'অসম' আৰু জাতিটোক বুজাবলৈ 'অসমীয়া' শব্দ দুটাৰ সৃষ্টি হ'ল। আহোমসকল টাই বৌদ্ধ ধৰ্মাৱলম্বী লোক আছিল। অৱশ্যে অসমকে সামৰি সমগ্ৰ ভাৰতবৰ্ষতে যে হিন্দু ধর্মৰ প্ৰচলন অতি প্ৰাচীন কালৰ পৰাই আছিল তাক দুনাই কোৱাৰ প্ৰয়োজন নাই। শংকৰদেৱ যি সময়ত আবিৰ্ভাৱ হৈছিল সেই ১৫শ শতিকাৰ অসমৰ  সমাজ ব্যৱস্থাত সৃষ্টি হোৱা ধৰ্মীয় গোড়ামী, কু-সংস্কাৰ আৰু অনাচাৰৰ ফলত অসমৰ জনজীৱন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। তুলনামূলকভাৱে পাশ্চাত্যৰ তুলনাত প্ৰাচ্যৰ দেশ সমূহ সকলো দিশতে আজিও কিছু পিছপৰা। এই অসম মুলুকৰ ঠাইখিনিৰ উন্নতি তথা বিকাশৰ বাবে তৎকালীন কোনো বিপ্লৱৰ সূচনা হোৱা নাছিল। অৱশ্যে সেই সময়ত অকল অসমতেই নহয় সমগ্ৰ ভাৰতবৰ্ষতে এক বিপ্লৱৰ সূচনা হৈছিল। কিন্তু সেয়া কোনো শিল্প-উদ্যোগজাত বিপ্লৱ নাছিল; সেয়া হ'ল ধৰ্মীয় বিপ্লৱ। হিন্দুধৰ্মৰ বৈষ্ণৱবাদী ধাৰাই সমগ্ৰ ভাৰতবৰ্ষতে তোলপাৰ লগোৱা সময়তে অসমত তাক নেতৃত্ব দিছিল মহাপুৰুষ শংকৰদেৱে। অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আদি সকলো দিশতে অনগ্ৰসৰ অসমৰ সমাজ জীৱনত ধৰ্মই (সকলো ফালৰ পৰাই) গভীৰভাৱে শিপাই আছিল। শংকৰদেৱৰ সময়ছোৱাত যে অসমৰ সমাজ-ব্যৱস্থাত ধৰ্মীয় গোড়ামী, কু-সংস্কাৰ  আদিৰ কথা কোৱা হৈছিল তাৰ এটি কাৰণ হ'ল, তান্ত্ৰিক ৰূপত প্ৰচলিত বৈষ্ণৱ ধৰ্ম। এই সম্পৰ্কে বংশীবদন ৰাজখনিকৰে এটি প্ৰবন্ধত উল্লেখ কৰিছে যে- "কুমাৰী পূজা আৰু সেই সময়ত প্ৰচলিত 'শৱৰোৎসৱ'ৰ বিভৎসতাই সেই সময়ৰ সমাজ ব্যৱস্থাত হোৱা নৈতিক পতনৰ চূড়ান্ত নিদৰ্শন। ধৰ্মৰ নামত এনে অনৈতিক কাৰ্যৰ নেতৃত্ব বহন কৰিছিল এক শ্ৰেণী সুবিধাবাদী প্ৰতাৰকে। গতিকৰ মদ,মাংস আৰু তিৰোতাই হ'ল জীৱন ধাৰণৰ নূন্যতম সামগ্ৰী যাৰ বাবে সমাজ কলুষিত হৈ পৰিছিল আৰু সকলো শ্ৰেণীৰ লোকৰ জ্ঞান চৰ্চাৰ পথ ৰুদ্ধ ৰখাৰ চেষ্টা চলিছিল।" আৰু এই ৰুদ্ধ পথটোৰ মুক্তিৰ হকে শংকৰদেৱে তান্ত্ৰিক ৰূপত প্ৰচলিত বৈষ্ণৱ ধৰ্মকে নকৈ সজাই নৱবৈষ্ণৱ ধৰ্ম অথবা এক শৰণ নাম ধৰ্ম ৰূপে প্ৰচাৰ কৰিছিল। সেই সময়ত অসমত ধৰ্মৰ নামত তান্ত্ৰিক পদ্ধতিৰে নানা দেৱ-দেৱীৰ পূজা, উপাসনা, যৌনগন্ধী নানা আচাৰ-নীতি (যেনে-দেৱদাসী প্ৰথা) আদিৰ লগতে জীৱ-জন্তুৰ বলি, আনকি নৰবলি পৰ্যন্ত প্ৰচলন হৈছিল।

         সংস্কৃতিৰ লগত সংস্কাৰৰ ধাৰণা এটা জড়িত হৈ আছে। শংকৰদেৱে প্ৰথমতেই কু-সংস্কাৰ, অন্ধবিশ্বাস আদিৰে ভৰা মানুহৰ মনবোৰ সংস্কাৰ তথা মুক্ত কৰাত গুৰুত্ব দিছিল। তাৰ বাবে তেওঁ নৱবৈষ্ণৱ ধৰ্ম, যি ধৰ্মৰ মতে মাথোঁ এজন ঈশ্বৰ তথা দেৱতা (কৃষ্ণ)ত বিশ্বাস, য'ত কোনো বলি-বিধান, জাগ-যজ্ঞ নাথাকিব--- সেই পবিত্ৰ, সনাতন তথা একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰত প্ৰাধান্য দিছিল। তেওঁ বুজিছিল, পূৰ্বৰে পৰা ধৰ্মৰ নামত বলিয়ান এই লোকসকলৰ মাজলৈ যদি কিবা পৰিৱৰ্তন আনিব পাৰি তেন্তে সেয়া একমাত্ৰ ধৰ্মৰ মাধ্যমেৰেহে সম্ভৱ। তেওঁ এই বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে দৃশ্য-শ্ৰৱ্য দুয়োটি মাধ্যম ব্যৱহাৰ কৰিছিল। ইয়াৰ বাবে তেওঁ প্ৰাচীন ভাৰতীয় ধৰ্ম শাস্ত্ৰসমূহ অনুবাদ কৰিছিল আৰু তাৰ লগতে গীত-পদ, নাট (অংকীয়া নাট), ধৰ্মগ্ৰন্থ আদি ৰচনা কৰিছিল। উল্লেখযোগ্য যে, গুৰুজনাৰ এই প্ৰচেষ্টাই অসমৰ সমাজ জীৱনলৈ বিৰাট পৰিৱৰ্তনৰ সূচনা কৰিলে। আৰু এনেকৈয়ে অসমীয়া ভাষা-সাহিত্যৰ ভেটিটোও টনকিয়াল হ'ল। কিয়নো ইয়াৰ আগলৈকে প্ৰাচীন অসমীয়া লিখিত গ্ৰন্থৰ নিদৰ্শন বুলি কোৱা চৰ্যাপদ,শ্ৰীকৃষ্ণ কীৰ্তন আৰু শূণ্যপুৰাণ এইকেইখন গ্ৰন্থৰ লগতে প্ৰাক-শংকৰী যুগৰ যি পাঁচজন বিশিষ্ট কবি আছিল তেওঁলোকৰ সমুহ ৰচনা আছিল প্ৰধানকৈ অনুবাদমূলক আৰু সীমিত।

         প্ৰাচীন কালৰ পৰাই অসমৰ সমাজত বৰ্ণ ব্যৱস্থাৰ প্ৰচলন আছিল। অন্য এক অৰ্থত- বৰ্ণ ব্যৱস্থাত ভাৰতীয় দর্শন আৰু সংস্কৃতি অন্তৰ্নিহিত হৈ আছে। এই বৰ্ণ সম্পৰ্কে প্ৰাচীন ভাৰতীয় ধ্ৰুপদী গ্ৰন্থ শ্ৰীমদ্ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছে- "চাতুবৰ্ণ্য: ময়া সৃষ্ট গুণ কৰ্ম- বিভাগশ:।" অৰ্থাৎ ব্ৰাহ্মণ,ক্ষত্ৰিয়,বৈশ্য আৰু শূদ্ৰ-এই চাৰিওটা বৰ্ণক গুণ আৰু কৰ্মৰ ভিত্তিত মোৰ দ্বাৰা সৃষ্টি হৈছে। অৱশ্যে এই বৰ্ণ ব্যৱস্থাই সমাজক বিভাজনহে কৰিছিল। কিন্তু শংকৰদেৱে সমাজলৈ সমতা অনাৰ প্ৰচেষ্টা কৰিছিল। জাত-পাত, ধৰ্ম, বৰ্ণ, অস্পৃশ্যতা আদি সংকীৰ্ণ ধাৰণাবোৰৰ পৰা মুক্ত হৈ তেওঁ সকলোকে মানুহ হিচাপে বিচাৰ কৰাৰ পোষকতা কৰিছিল।

     "মোৰ ভকতৰ সখী নলৈবা বিচাৰ।

      ব্ৰাহ্মণ চাণ্ডাল আদি সবে একাকাৰ।।"

শংকৰদেৱে জাতি-জনজাতি, পুৰুষ-নাৰী আদি ভেদাভেদ পৰিহাৰ কৰি সমাজৰ অতি নিম্নজনকো অস্পৃশ্যজনকো শৰণ দিছিল। এই শৰণ দিয়া পদ্ধতিৰ লগত শুদ্ধিকৰণ, এক ঈশ্বৰ বিশ্বাস, সকলো সমান আদি কথা জড়িত হৈ আছে।

      "কিৰাট কছাৰী        খাচী গাৰো মিৰি

                   যৱন কঙ্ক গোৱাল।

        অসম মুলুক            ৰজত তুৰক

                   কুৱাচ ম্লেচ চাণ্ডাল।।"

    শংকৰদেৱৰ এই বৈপ্লৱিক চিন্তা-ধাৰাই পৰৱৰ্তী সময়ত উচিত মূল্য পালে। সমাজৰ পৰা অস্পৃশ্যতা দূৰ হ'ল। স্বাধীনোত্তৰ ভাৰতত ১৯৫৫ চনত 'অস্পৃশ্যতা অপৰাধ আইন' গৃহীত হ'ল। ভাৰতীয় সংবিধানৰ ১৫,১৬,১৭,৩৮ আৰু ৪৬ নং অনুচ্ছেদ অনুসৰি জাতি,বৰ্ণ, ধৰ্ম,লিংগ নিৰ্বিশেষে সকলো লোককে সমান বুলি গণ্য কৰা হ'ল।

Post a Comment

0 Comments