"নিৰমল নাম-গোন্ধে প্ৰাণ কোমলাই
ফুলনিৰ এচুকত মুখ আমোলাই,
ফুলি ফুলি এটি পাহি কাব্য-কাননত,
সৰিছিল কবি প্ৰাণ থাকি নিজানত।"
কবিতাটিত উৰ্মিলাক কবিয়ে অধিক গুৰুত্ব আৰোপ কৰিছে। কবিয়ে সাৱিত্ৰী, দ্ৰৌপদী দাময়ন্তী,জয়মতী,ৰম্ভা,মন্দোদৰী,লীলাৱতী,ৰুক্মিণী,ঊষা আদি সুন্দৰী নাৰীসকলৰ উদাহৰণ দাঙি ধৰি কৈছে যে তেওঁলোকে কেৱল ফুল হৈ ফুলি ধৰাৰ মানুহক হে আকুল কৰিলে কৰিলে। পিছে কবিৰ মতে সৃষ্টিকর্তাই-
"সুচতুৰ স্বৰ্গৰ কাৰণে
ঊৰ্মিলা পাহিটি থ'লে অৰ্ধেক গোপনে।"
"উৰ্মিলা: এটা অৰামায়নীক গল্প" শীৰ্ষক গল্পটিত গল্পকাৰ গীতালি বৰাই চৰিত্ৰটিক নতুনৰূপত উপস্থাপন কৰিছে। গল্পকাৰে উৰ্মিলাক গল্পটিত ওচৰৰ পৰা পৰ্যবেক্ষণ কৰিছে। মহাকাব্যত উপেক্ষিতা উৰ্মিলাই ইয়াত নিজৰ কথা নিজেই প্ৰকাশ কৰিছে। স্বামী লক্ষ্মণৰ অৱহেলাই উৰ্মিলাক সহ্যাতীত মানসিক কষ্ট দিছে। কিন্তু এই কথা কোনেও উপলব্ধি কৰিব পৰা নাই। আনকি স্বয়ং লক্ষ্মণেও। "আৰু মোৰ ভিতৰত নীৰৱে গলিব ধৰিছে মই কেতিয়াও কাৰো আগতে প্ৰকাশ কৰিব নোৱাৰা পাশাণীকৃত বেদনাৰ এটা স্তূপ। নীৰৱে নিগৰি বৈছে মোৰ ভিতৰতে- তুমিতো মুহুৰ্তৰ বাবে অগ্নিত প্ৰৱেশ কৰিছিলা সীতা। তাৰ পাছত সোণৰ দৰে অতুজ্জল গৌৰৱেৰে ওলাই অহিলা। কিন্তু বিৰহৰ অগনিত চৈধ্যতা বছৰ দগ্ধ হৈছিলোঁ মই। চৈধ্যতা বছৰৰ বাবে মোক বিৰহৰ অগ্নিকুণ্ডত প্ৰক্ষেপ কৰিছিল লক্ষ্মণে,ৰামচন্দ্ৰ আৰু তোমাৰ সংগী হোৱাৰ বাবে। চোৱাচোন ভালকৈ-তোমাৰ সন্মুখত থিয় দি থকা এয়া জনকদুহিতা উৰ্মিলা নহয়। উমি উমি জ্বলি শেষ হোৱা উৰ্মিলাৰ অৱশেষহে।"(পৃ.) অকল সেয়াই নে? সীতাৰ জন্মই যেন উৰ্মিলাৰ বাবে অভিশাপস্বৰূপ। সীতাৰ ৰূপে-গুণে সকলো আত্মীয়ক,সকলো মানুহক মোহিত কৰাৰ বিপৰীতে উৰ্মিলা যেন তেতিয়াই উপেক্ষিত হৈছিল। পিছে সেয়া উৰ্মিলাৰ বাবে ঈৰ্ষাৰ কাৰণ নাছিল। কিয়নো উৰ্মিলাই কৈছে,"সীতাৰ স্নেহৰ ছত্ৰছায়াত উমলি থকা মোৰ কৈশোৰ এতিয়াও স্মৃতিত উজ্বলি আছে। লগে লগে সীতাৰ প্ৰতি অগাধ স্নেহ আৰু বেথাৰে মোৰ অন্তৰাত্মা উপচি পৰিছে আৰু তেওঁৰ বেদনাহত দৃষ্টিয়ে মোৰ চকুলো নিগৰাই দিছে।(...পৃ.৫৬) গল্পটিত উৰ্মিলা এগৰাকী সুদক্ষ চিত্ৰশিল্পী। উৰ্মিলাই ৰং-তুলিকাৰে নিসংগ সময়বোৰ পাৰ কৰে। উৰ্মিলাই চিত্ৰপটত পিতৃৰাজ্য মিথিলাৰ শস্যাৱতী পথাৰ, নানা দৃষ্টিনন্দন দৃশ্য,ৰাজ উদ্যানত ভিন্ন ভঙ্গীমাত সীতাক আৰু ৰাম-সীতাৰ যুগল ছবিও অংকন কৰিছে। সীতাৰ সয়ম্বৰলৈ অহা ৰামক প্ৰথম দেখিয়েই উৰ্মিলাই প্ৰেমত পৰাৰ কথা গল্পটোত উল্লেখ আছে। পিছে সদা উপেক্ষিতা উৰ্মিলাই আক্ষেপ প্ৰকাশ কৰিছে-"...আৰু সীতাৰ পতিৰ ভাতৃৰ লগত বিবাহ হোৱাটো মোৰ সৌভাগ্য হিচাপে চিহ্নিত হ'ল।(ইমানেই শ্ৰীহীন আছিলোনে মই!)। (...পৃ.৫৮) উৰ্মিলাই সকলো পাহৰি কল্পনা কৰিছিল যে লক্ষ্মণৰ সৈতে এক প্ৰেমময়,সুখময় আৰু পৰস্পৰৰ প্ৰতি সমৰ্পিত যুগ্ম জীৱন আৰম্ভ কৰিব। কিন্তু বাস্তৱত সেয়া নহ'ল। সীতাৰ প্ৰতি থকা লক্ষ্মণৰ দুর্বলতাৰ কথা উৰ্মিলাই উপলব্ধি কৰিছিল। পিছে তাত উৰ্মিলাই দেখিবলৈ পাইছিল ভক্তি আৰু সন্মান। ৰাম-সীতাৰ বনবাসৰ খবৰ পাই মৰ্মাহত হোৱা উৰ্মিলাই অধিক মানসিক আঘাত পাইছিল তেতিয়া, যেতিয়া উৰ্মিলাক আচৰিত কৰি লক্ষ্মণেও বনবাসলৈ যাবলৈ ওলাল। প্ৰতক্ষেই উৰ্মিলাই কোনো প্ৰতিবাদ কৰিব নোৱাৰিলে। উৰ্মিলাই সকলো সহি থাকিল নীৰৱে। ৰাৱণৰ হাতৰ পৰা সীতাক উদ্ধাৰ কৰি অনালৈকে সকলো ঠিকেই আছিল। গল্পটোত উৰ্মিলাৰ লক্ষ্মণৰ ওপৰত থকা শেষকণ অনুৰাগো শেষ হৈছে যেতিয়া অযোধ্যাত পদাৰ্পন কৰাৰ পাছত উৰ্মিলাক শয়ন কক্ষত প্ৰথম লগ পাই লক্ষ্মণে কৈছিল-"সীতাই খুব কষ্ট পালে। তেওঁৰ যত্ন ল'বা।" সীতাৰ প্ৰতি থকা লক্ষ্মণৰ এই দুৰ্বলতা উৰ্মিলাই যেন বুজিও নুবুজিলে। গল্পটোৰ শেষত উৰ্মিলাই স্বীকাৰ কৰিছে যে তেওঁ প্রকৃততে সূৰ্যকান্তি পুৰুষ ৰামৰহে প্ৰেমত পৰিছিল। এই সত্য তেওঁ সকলোৰে পৰা গোপন কৰি ৰাখিছিল।
গল্পটোত উৰ্মিলাই প্ৰথম পুৰুষত নিজৰ কথা ব্যক্ত কৰিছে। মহাকাব্যখনত উপেক্ষিতা উৰ্মিলাক গল্পটোত অনন্যৰূপত পুনৰনিৰ্মান কৰা হৈছে। ইয়াত উৰ্মিলাই কাকো কব নোৱৰা মনৰ কথাবোৰ ব্যক্ত কৰি গৈছে। কোনোদিনেই আত্মপ্ৰকাশ নকৰা উৰ্মিলাই গল্পটোত নিজৰ পুঞ্জীভূত ক্ষোভ আৰু বেদনাভৰা কথাবোৰ সকলোৰে আগত প্ৰকাশ কৰিছে।
0 Comments