Header Ads Widget

Ticker

6/recent/ticker-posts

পাৰ্ছি বিশ্বী শ্বেলীৰ কবিতা 'অ'ড টু দ্য ৱেষ্ট উইণ্ড' : এটি চমু আলোচনা

 v




পাৰ্ছি বিশ্বী শ্বেলী (১৭৯২-১৮২২) এগৰাকী ইংৰাজী কবি। তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ এজন বিজ্ঞানৰ ছাত্র আছিল। পিছে অক্সফোর্ডত থকা সময়ত খ্ৰীষ্টিয়ান সংস্কাৰৰবোৰৰ ওপৰত বীতশ্ৰদ্ধ হৈ ৰচনা কৰি উলিওৱা 'নিৰীশ্বৰবাদৰ প্ৰয়োজনীয়তা' শীৰ্ষক পুস্তিকাৰ বাবে তেওঁ বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত হ'বলগীয়া হৈছিল। বিজ্ঞানৰ ছাত্র হোৱা বাবে তেখেতৰ কবিতাৰ মাজত বিজ্ঞানৰ উপাদান (Scientific element) ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে তেখেতৰ "The Cloud" নামৰ কবিতাটোৰ কথা ক'ব পাৰি, য'ত বিজ্ঞানৰ এটা বিষয় 'বাষ্পীভৱন'ৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। পিছে আমাৰ আলোচ্য কবিতা  'অ'ড টু দ্য ৱেষ্ট উইণ্ড'ৰ মাজতো মনোযোগেৰে চালে বিজ্ঞানৰ উপাদান লক্ষ্য কৰিব পাৰি।

    ১৮১৯ চনত ৰচনা কৰা এই কবিতাটো আছিল শ্বেলীৰ এক বাস্তৱ অভিজ্ঞতাৰ বৰ্ণনা। শ্বেলীয়ে পোনে পোনে এই কবিতাটোৰ মাধ্যমেৰে 'Reforms' অথবা সংস্কাৰ সাধনৰ বাৰ্তা দিছে। এই সংস্কাৰনো কি ধৰণৰ? এই সংস্কাৰ চেতনা হৈছে পুৰণিৰ গমন আৰু নতুনৰ আগমন। এই কবিতাটোত শ্বেলীয়ে পশ্চিমা বতাহজাক(West Wind)ক 'Destroyer' আৰু 'Preserver' দুয়োটা বুলি কৈছে। অৰ্থাৎ পুৰণিৰ বাবে ই সংহাৰক আৰু নতুনৰ বাবে ই সংৰক্ষক। ৱেষ্ট উইণ্ড কি? ই এজাক বতাহ; পছোৱা বতাহ, যি পশ্চিমৰ পৰা পূবলৈ বৈ যায়। আৰু শ্বেলীৰ মতে ই সংহাৰক আৰু সংৰক্ষক দুয়োটা।

     কবিতাটোৰ মতে পশ্চিমা বতাহজাক যেতিয়া আহে ই এনেকুৱা ভয়ংকৰ ৰূপ ধাৰণ কৰি আহে যে ইয়াৰ আগমনত গছৰ শুকান পাতবোৰ চিন-মোকাম নোহোৱাকৈ সৰি যায়। এই শুকান পাতবোৰ বিভিন্ন ৰঙৰ। কবিতাটোৰ প্ৰথম তিনিটা শাৰীত কবিয়ে পশ্চিমা বতাহজাকৰ শক্তিৰ বিষয়ে বৰ্ণনা কৰিছে। ইয়াৰ বিপৰীতে বাকীকেইটা চৰণ চৈধ্যশাৰীৰ। অৰ্থাৎ চনেটৰ দৰে। কিন্তু এইটো চনেট নহয়, অ'ড হে। কবিতাটোত কবিয়ে বতাহজাকক 'অ' ৱাইল্ড ৱেষ্ট উইণ্ড' বুলি সম্বোধন কৰিছে। এই বলিয়া পশ্চিমা বতাহজাকে শুকান পাতবোৰ উৰুৱাই লৈ যায়, যিদৰে এজন যাদুকৰে ভূতবোৰক নিজৰ সৈতে লৈ যায়। এই পাতবোৰৰ ভিন্ন ৰং: হালধীয়া, ৰঙা, কলা, পাতল ৰঙা ইত্যাদি। দেখিলে এনে লাগে যেন এই পাতবোৰৰ কিবা বেমাৰহে হৈছে। পশ্চিমা বতাহজাকে এই পাতবোৰ নিজৰ লগত উৰুৱাই লৈ যোৱাৰ লগতে কিছুমান বীজ বা গছৰ গুটি কঢ়িয়াই আনে আৰু মাটিত মৃতকক কবৰ দিয়াৰ দৰে গুটিবোৰকো পুতি পেলায়। এই  গুটিবোৰ তেতিয়ালৈকে সমাধিস্থ হৈ থাকে যেতিয়ালৈকে বসন্তই (কবিৰ মতে বতাহজাকৰ ভনীয়েক) আহি ইহঁতক জগাই নুতুলেহি।বসন্ত অহাৰ লগে লগে বীজবোৰ ফুলে-ফলে জাতিষ্কাৰ হৈ পৰে আৰু পৃথিৱীখনক সেউজীয়া কৰি তোলে। গতিকে এই পশ্চিমা বতাহজাক পুৰণিৰ বাবে সংহাৰক আৰু নতুনৰ বাবে সংৰক্ষক।

        কবিতাটোৰ দ্বিতীয় চৰণত কবিয়ে ডাৱৰৰ ওপৰত পশ্চিমা বতাহজাকৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰিছে। অৰ্থাৎ পশ্চিমা বতাহজাকৰ আগমনত আকাশত কি কি সংঘটিত হয় তাক ক'ব খুজিছে। বতাহজাকৰ আগমনত আকাশত ডাৱৰবিলাকৰ মাজত তুমুল ধুমুহাৰ পৰিৱেশ এটাৰ সৃষ্টি হয়। কবিয়ে ডাৱৰবোৰক ডায়ন'চাচৰ বিগ্ৰহৰ সন্মুখত উদ্দাম গতিৰে নৃত্যৰতা Maened ৰ মূৰৰ প্ৰসাৰিত খোলা চুলিৰ লগত তুলনা কৰিছে। কবিৰ মতে ঘন ক'লা ডাৱৰে উফন্দি থকা আকাশখন দেখিলে ভাৱ হয়, সেয়া যেন শেষ হ'বলৈ ওলোৱা বছৰটোৰ বাবে প্ৰকৃতিৰ নিজা শোক-সংগীত।

      কবিতাটোৰ তৃতীয় চৰণত কবিয়ে সমুদ্ৰ ওপৰত বতাহজাকৰ প্ৰভাৱৰ বিষয়ে বৰ্ণনা কৰিছে। পশ্চিমা বতাহজাকে ভূমধ্য সাগৰ আৰু আটলাণ্টিকত কিদৰে প্ৰভাৱ পেলায় তাক বৰ্ণনা কৰিছে। কবিৰ মতে বতাহজাকৰ আগমনৰ আগলৈকে সকলো ঠিকেই আছিল, সাগৰখন শান্ত আছিল। পিছে বতাহজাক অহাৰ লগে লগে সকলো উলট-পালট হৈ গ'ল। কবিৰ মতে গ্ৰীষ্মৰ গোটেই সময়ছোৱাতে ভূমধ্য সাগৰখন যেন মিঠা টোপনিৰ মাজত ডুব গৈ আছিল আৰু টোপনিতে যেন সাগৰখনে এসময়ত তাৰ পাৰত থকা প্ৰাচীন চহৰখনৰ সপোনত বিভোৰ হৈ আছিল। পিছে বতাহজাকে আহি সাগৰখনক টোপনিৰ পৰা জগাই দিলেহি। সেইদৰে আটলাণ্টিকৰ ওপৰেদি বতাহজাক যাওঁতে সাগৰখন দুফাল হয়। এক গভীৰ বলিৰেখা সৃষ্টি কৰি বতাহজাক দুৰন্ত গতিৰে পাৰ হৈ যাওঁতে সাগৰ তলিৰ গছবোৰ, সিবোৰৰ ডাল,পাত আৰু ফুলবোৰ ভয়তে পেঁপুৱা লাগি শেঁতা পৰি যায়।

         কবিতাটোৰ চতুৰ্থ চৰণত কবিয়ে পশ্চিমা বতাহজাকৰ শক্তিৰ বিষয়ে কোৱা নাই। কবিয়ে ইয়াত কৈছে যে মই যদি এখিলা শুকান পাত হ'লোহেঁতেন তেনে মোকো তুমি উৰুৱাই নিলা হেঁতেন। যদিহে মই ডাৱৰ হ'লোহেঁতেন তেনে তোমাৰ স'তে ভাঁহি গ'লোহেঁতেন। যদিহে মই এটা ঢৌ হ'লোহেঁতেন তেনে তোমাৰ স'তে মিলি গ'লোহেঁতেন। অথবা যদিহে মই মোৰ শৈশৱ হ'লোহেঁতেন তেনে মোৰো এনে শক্তি হ'লহেঁতেন আৰু মই তোমাক এইদৰে প্রার্থনা নকৰিলোঁহেঁতেন। এইদৰে এখিলা সৰা পাত, ডাৱৰ বা ঢৌৰ দৰে উৰুৱাই লৈ যাবলৈ বতাহজাকক কবিয়ে প্রার্থনা কৰিছে। কিয়নো কবি এতিয়া জীৱনৰ গতিত ক্লান্ত আৰু বিধ্বস্ত। জীৱনৰ যন্ত্ৰণা আৰু নৈৰাশ্যৰ শিকলিয়ে তেওঁক বান্ধি ৰাখিছে। সেয়েহে তেওঁ পশ্চিমা বতাহজাকক কৈছে যে মোকো তোমাৰ দৰে কৰি তোলা।

       কবিতাটোৰ পঞ্চমস্তৱকতো কবিয়ে ইয়াকে কৈছে যে মোকো তোমাৰ দৰে কৰি তোলা। কবিৰ কামনা--- বতাহজাকে তাৰ নিজস্ব শক্তিৰে যাতে সৰাপাতবোৰৰ দৰে তেওঁৰ মাজৰ মৃত ভাৱনাবোৰ হৰুৱাই শেষ কৰি পেলায় আৰু পাছত বীজবোৰৰ জৰিয়তে নতুন আৰম্ভণি এটা কৰাৰ দৰে তেওঁকো এক নৱজীৱনৰ পিনে লৈ যায়। কবিতাটোৰ শেষৰ দুটা শাৰী গুৰুত্বপূৰ্ণ---

     "The trumpet of a prophecy! Oh wind,

If Winter comes, can Spring be far behind?"

      তেওঁ বতাহজাকক কৈছে যে তুমি দুন্দুভি বজাই দিয়া যে শীতকাল আহিছে যেতিয়া বসন্তকাল জানো নাহিব? অৰ্থাৎ জীৱনত দুখ যে আহিছে তেনেকৈ সুখ জানো নাহিব? কবিৰ আশা যে প্ৰকৃতিৰ নিয়মানুসৰি শীতৰ পাছতে বসন্ত অহাৰ দৰে বৰ্তমানৰ যন্ত্ৰণাদীৰ্ণ দিনবোৰৰ অন্ত হৈ নতুন দিনৰ আৰম্ভ হ'ব।

Post a Comment

0 Comments