Header Ads Widget

Ticker

6/recent/ticker-posts

হিন্দী সাহিত্যৰ উত্তৰ মধ্যকাল বা ৰীতিকাল: এক আলোচনা




 আচাৰ্য ৰামচন্দ্ৰ শুক্লই সংবত ১৭০০ ৰ পৰা সংবত ১৯০০ (১৬৪৩-১৮৪৩ ইং) লৈকে হিন্দী সাহিত্যৰ এই কালছোৱাক ৰীতিকাল আখ্যা দিছে। তেওঁ 'ৰীতি তত্ব'ৰ প্ৰধানতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই যুগটোক 'ৰীতিকাল' নামকৰণ কৰিছে। এই কালছোৱাত অধিকাংশ কবিয়েই অলংকাৰ, ৰস, নায়িকাভেদ আদি কাব্যশাস্ত্রীয় প্ৰণালীৰ আধাৰত লক্ষণ গ্ৰন্থৰ ৰচনা কৰিছিল। নিজৰ কাব্যপ্ৰতিভা প্রদর্শন কৰাৰ স্বাৰ্থত এই কবিসকলৰ বাবে লক্ষণগ্ৰন্থ ৰচনা কৰাতো অনিবাৰ্য আছিল। অৱশ্যে প্ৰকৃতাৰ্থত কোনবোৰ অলংকাৰ, শব্দশক্তি,ৰস বা ধ্বনি ইয়াক লৈ বিবাদও চলিছিল। কাব্যঙ্গৰ লক্ষণ আৰু স্বৰচিত উদাহৰণৰ দ্বাৰা প্ৰস্তুত কৰা ৰীতি গ্ৰন্থৰ প্রচুৰতাৰ কাৰণে এই কালত ৰীতিতত্বৰ প্রধানতা পৰিলক্ষিত হয় আৰু এই কাৰণেই এই কাল খণ্ডৰ নাম 'ৰীতিকাল' ৰখা হৈছে। অৱশ্যে ভক্তিকালতো কিছুসংখ্যক কবিয়ে ৰীতিগ্ৰন্থ ৰচনা কৰিছিল। যেনে সুৰদাস কৃত 'সাহিত্য লহৰী' অথবা নন্দৰাম কৃত 'ৰস মঞ্জৰী' আদি গ্ৰন্থৰ মাজতো ৰীতি নিৰূপিত হৈছিল। কিন্তু ৰীতিকালত অধিকাংশ কবিয়েই লক্ষণ গ্ৰন্থৰ ৰচনাত মনোনিবেশ কৰিছিল। মতিৰাম, চিন্তামণি,ভূষণ,কেশৱদাস, কুলপতি মিশ্ৰ, দেৱকবি, কবিন্দ্ৰ, সুৰতি মিশ্ৰ, ঋষিনাথ, বিহাৰীলাল আদি এইসময়ৰ উল্লেখযোগ্য কবি। সমালোচকসকলে ৰীতিকালৰ কাব্যৰ তিনিটা ধাৰা স্বীকাৰ কৰে- (ক) ৰীতিবিদ্ধ ধৰা, (খ) ৰীতিসিদ্ধ ধৰা আৰু (গ) ৰীতিমুক্ত ধৰা।  তলত আমি ৰীতিকালীন কাব্যৰ প্ৰধান বিশেষত্বসমূহ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ-

১/ ৰীতি নিৰূপণ

       ৰীতিকালীন কবিসকলৰ প্ৰধান প্ৰবৃত্তি আছিল-'ৰীতি নিৰূপণ', অৰ্থাৎ লক্ষণ গ্ৰন্থৰ ৰচনা কৰা। এই প্ৰবৃত্তিকে প্ৰধানভাবে লৈ আচাৰ্য শুক্লই এই কালটোৰ নাম 'ৰীতিকাল' বুলিছে। সংস্কৃত কাব্যশাস্ত্ৰৰ হিন্দী ৰূপান্তৰৰ কাম ৰীতিকালীন আচাৰ্যৰ দ্বাৰা কৰা হৈছিল। বিভিন্ন কাব্যঙ্গৰ লক্ষণ আৰু উদাহৰণ দি অনেক কবিয়ে লক্ষণ গ্ৰন্থৰ ৰচনা কৰিছিল | সামান্য পাঠক সকলক কাব্যশাস্ত্ৰৰ সৈতে পৰিচয় কৰোৱা তথা কাব্যশাস্ত্ৰৰ জ্ঞান দিয়াটোৱেই এই গ্ৰন্থ ৰচয়িতাৰ প্ৰধান উদ্দেশ্য আছিল। কেশৱৰ 'কবিপ্ৰিয়া', চিন্তামণিৰ 'কবিকুল কল্পতৰো','শৃংগাৰ মঞ্জৰী', মতিৰামৰ 'ললিত ললাম, গোপৰ 'ৰামচন্দ্ৰাভৰণ', ভূষণৰ 'শিৱৰাজভূষণ', দেৱৰ 'ৰস বিলাস' আদি এইধৰণৰ ৰীতি নিৰূপক ৰচনা। এই কবিসকলে সংস্কৃতৰ কাব্যশাস্ত্ৰীয় গ্ৰন্থক আধাৰ হিচাপে লৈ তেওঁলোকৰ লক্ষণ গ্ৰন্থৰ ৰচনা কৰিছিল| কিন্তু সংস্কৃত কাব্যশাস্ত্ৰত যিবোৰ সূক্ষ্ম চিন্তন আৰু বিশ্লেষন আছিল সিবিলাকৰ ইয়াত নিতান্ত অভাৱ আছিল। ৰীতিকালীন আচাৰ্যৰ দ্বাৰা ৰচিত কাব্যশাস্ত্ৰত মৌলিকতাৰ অভাৱ আছিল আৰু ইয়েই নহয় বৰং তেওঁলোকৰ দ্বাৰা প্ৰস্তুত কৰা লক্ষণ কিছুক্ষেত্ৰত ভ্ৰমমূলকো আছিল। এইবোৰ কাৰণতেই আচাৰ্য ৰামচন্দ্ৰ শুক্লই এইসকল ৰীতি গ্ৰন্থকাৰক আচাৰ্য নুবুলি কবি বুলিহে কৈছে।

২/ শৃংগাৰিকতা

                ৰীতিকালীন কবিৰ কাব্যৰ মূল কেন্দ্ৰবিন্দু আছিল শৃংগাৰ। এইবিলাক কাব্যত নায়িকাৰ ৰূপ-সৌন্দৰ্যৰ প্ৰকাশ তথা ৰাধা-কৃষ্ণৰ প্ৰেম লীলাৰ বিবিধ প্ৰকাৰ চিত্ৰণ দেখিবলৈ পোৱা গৈছিল; যত ভক্তি ভাৱনাৰ লেখা তিলমাত্ৰাও নাছিল| নায়িকাভেদৰ প্ৰতিপাদ্য ৰূপে মুখ্যতঃ আছিল শৃংগাৰ ভাৱনা। ৰীতিকালীন দৰবাৰী পৰিবেশ আৰু কামুক মনোবৃত্তিৰ কাৰণে শৃংগাৰ আৰু ইয়াৰ লগত সম্বন্ধিত বিষয় এই কবিসকলৰ বিশেষভাবে প্রিয় আছিল । এই শৃংগাৰিকতাৰ মাজত ৰূপ লিপ্সা, ভোগ-বিলাসীতা আৰু শৰীৰ সুখৰ কামনা দেখা পোৱা গৈছিল|গ্ৰন্থকাৰ সকলে ৰীতিকালীন লক্ষণ শৃংগাৰ ৰূপ বৰ্ণনাত নিজা ৰুচি প্ৰদৰ্শন কৰা দেখা যায়। শৃংগাৰ ৰসৰ দুয়ো পক্ষ- সংযোগ আৰু বিয়োগৰ চিত্ৰণ ৰীতিকালীন কাব্যত দেখা পোৱা গৈছিল| সংযোগ চিত্ৰনত কেতিয়াবা কেতিয়াবা অশ্লীলতাৰ সমাবেশো দেখা গৈছিল; বিশেষ ৰূপত এই স্থলত যত শৰীৰ বৰ্ণনা অথবা বিপৰীত ৰতিৰ বৰ্ণনা কৰা হৈছিল। প্ৰেমৰ শাশ্বত ৰূপৰ চিত্ৰণ খুওব কম সংখ্যক কবিয়েহে প্ৰকাশ কৰিছিল। ৰীতিকালীন কাব্যৰ শৃংগাৰিকতা সম্বন্ধত ডঃ ভগীৰথ মিশ্ৰই কয় যে, "শৃংগাৰিকতা প্ৰতি তেওঁলোকৰ দৃষ্টিকোন মুখ্যতঃ ভোগপ্ৰধান আছিল, সেইকাৰণে প্ৰেমৰ শাশ্বত দিশটোক তেওঁলোকে আওকান কৰিছিল|" বিয়োগ চিত্ৰনত এই কবিসকলে শাস্ত্ৰীয় কামাদর্শক স্বীকাৰ কৰিছিল। স্মৃতি, গুণ, কথন, প্ৰলাপ আদিৰ দ্বাৰা নিজৰ মনোবেদনাৰ চিত্ৰণ সেইসময়ৰ নায়িকাৰ মাজত দেখা গৈছিল। ৰীতিকালীন শৃংগাৰিকতাত ৰূপলিপ্সা, প্ৰেম সম্পৰ্কীয় বিলাসীতা, শাৰীৰিক সুখৰ কামনা, ভোগ প্ৰধানতা আৰু নাৰীৰ প্ৰতি সামন্তীয় দৃষ্টিকোন আদি বিশেষত্ব দেখা পোৱা যায়।

৩/ অলংকাৰিকতা

       দৰবাৰী কাব্য হোৱা হেতুকে ৰীতিকালীন কাব্যত অলংকাৰৰ প্রধানতা দেখা যায়। কাব্যক অলংকাৰেৰে সুসজ্জিত কৰাটোকেই কবিসকলে নিজৰ কবি কৰ্মৰ সাৰ্থকতা বুলি ভাবিছিল। বিলাসী দৰবাৰী মনোবৃত্তিৰ বাবেও কবিসকলে কাব্যত মৌলিকতাৰ ঠাইত কৃত্ৰিম অলংকাৰৰ সমাবেশ কৰিবলগীয়া হৈছিল। অলংকাৰৰ প্ৰতি অত্যাধিক মোহৰ বাবে অধিকাংশ সময়ত 'কাব্য' বিকৃত হৈ পৰিছিল। কিয়নো ইয়াত অনুভূতিৰ সলনি অলংকাৰৰ চমৎকাৰিতাইহে প্ৰাধান্য পাইছিল। এই দৃষ্টিত কেশৱদাস আছিল মুখ্য কবি। ৰীতিকালীন কবিসকলে সকলো প্ৰকাৰৰ অলংকাৰৰ প্ৰয়োগ কৰিছিল। সাদৃশ্যমূলক, বিৰোধমূলক, সম্ভাৱনামূলক, চমৎকাৰমূলক আৰু অতিশয়মূলক অলংকাৰ এইসময়ৰ কাব্যৰ মাজত বিচাৰি পোৱা যায়। সম্ভাৱনামূলক উৎপ্ৰেক্ষা অলংকাৰৰ প্রচুৰতাৰ বাবে ৰীতিকাব্যত কল্পনাৰ উন্মুক্ততা আৰু চমৎকাৰ প্ৰদৰ্শনৰ প্ৰবৃত্তি পৰিলক্ষিত হোৱা দেখা যায়। বিহাৰীলালৰ কাব্যত যেনেকৈ উৎপ্ৰেক্ষাৰ সৌন্দৰ্য বিদ্যমান অন্যহাতে যমক, শ্লেষ, অনুপ্রাসৰ দৰে শাব্দিক চমৎকাৰিতাৰে অলংকাৰ প্ৰয়োগৰো পৰিচয় পোৱা যায়। ৰীতিকালীন কবিৰ বাবে অলংকাৰশাস্ত্ৰৰ জ্ঞান অপৰিহাৰ্য আৱশ্যকতা আছিল। এই জ্ঞান অবিহনে তেওঁলোকৰ সন্মান পোৱাতো কঠিন আছিল। পৰিণামস্বৰূপে: এইকালত অলংকাৰিকতা ফুলে-ফলে জাতিষ্কাৰ হৈ পৰিছিল। আনকি কিছুসংখ্যক কবিয়ে কেৱল অলংকাৰ জ্ঞানৰ প্ৰদৰ্শন কৰিবলৈ কাব্য ৰচনা কৰিছিল।

৪/ আশ্ৰয়দাতাৰ প্রশংসা

       ৰীতিকালীন অধিকাংশ কবি বিভিন্ন ৰাজদৰবাৰৰ আশ্ৰয়ত আছিল। বিহাৰী, দেব, ভূষণ, সুদন, কেশৱ, মতিৰাম আদি সকলো প্ৰসিদ্ধ কবিয়েই ৰাজদৰবাৰৰ বৃত্তিধাৰী আছিল আৰু এওঁলোকে নিজৰ আশ্ৰয়দাতাৰ প্ৰশ্ৰয়ত থাকি কাব্য ৰচনা কৰিছিল। কবি দেবে নিজৰ আশ্ৰয়দাতা ভৱানী সিঙৰ বাবে 'ভৱানী বিলাস', তথা কুশল সিঙৰ বাবে 'কুশল বিলাস' ৰচনা কৰে। সেইদৰে কবি সুদনে ভৰতপুৰৰ ৰজা সূজান সিঙৰ প্ৰশ্ৰয়ত 'সূজান চৰিত' ৰচনা কৰে। বীৰ ৰসৰ প্ৰসিদ্ধ কবি ভূষণে শিৱাজীৰ প্ৰশ্ৰয়ত 'শিৱৰাজ ভূষণ' তথা চত্ৰসাল বুন্দেলাৰ প্ৰশ্ৰয়ত 'চত্ৰসাল দশক' ৰচনা কৰে। কবিসকলে যৎপৰোনাস্তি তেওঁলোকৰ আশ্ৰয়দাতাক প্ৰসন্ন কৰি ৰাখিবলৈ চেষ্টা কৰিছিল আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকৰ প্ৰতিদ্বন্দীয়ে তেওঁলোকক ৰাজদৰবাৰৰ পৰা বহিস্কাৰ কৰিবলৈও সক্ষম হৈছিল। ৰাজনৈতিকভাৱে এই ক্ষমতাৰ যুঁজত লিপ্ত হৈ থকাৰ বাবে এই দৰবাৰী কবিৰ কাব্যত স্বতঃস্ফূৰ্ত কাব্য ৰচনাৰ প্ৰবৃত্তি দেখা পোৱা নাযায়।

৫/ নাৰীৰ প্ৰতি কামুক দৃষ্টিকোণ

ৰীতিকালীন কাব্যৰ কেন্দ্ৰবিন্দু আছিল 'নাৰী চিত্ৰণ'। নাৰীৰ বাহ্যিক ৰূপ বর্ণনাতহে কবিসকলে অধিক গুৰুত্ব আৰোপ কৰিছিল। নাৰীক তেওঁলোকে মাত্ৰ ভোগ-বিলাসৰ সামগ্ৰী হিচাপেহে গণ্য কৰিছিল অথবা নাৰীৰ অন্য ৰূপ গৃহিনী,মাতৃ,ভগ্নী, দেৱী আদিৰ চিত্ৰণ তেওঁলোকে কৰা নাছিল। ৰীতিকালীন কবিয়ে নাৰীক কেৱল কামুক দৃষ্টিকোনেৰেহে চাইছিল সেইবাবে সেইবাবে তেওঁলোকে নায়িকাৰ অংগ-পত্যঙ্গৰ শোভা নিৰূপণ কৰাত,হাব-ভাব চিত্ৰণ কৰাত আৰু বিলাসীতা বৰ্ণন কৰাতহে অধিক গুৰুত্ব দিছিল।নাৰীৰ প্ৰতি তেওঁলোকৰ এই সঙ্কুচিত দৃষ্টিকোন তৎকালীন দৰবাৰী বাতাবৰণ আৰু পৰিবেশৰ দ্বাৰা অনুপ্ৰাণিত আছিল। আচাৰ্য হজাৰী প্ৰসাদ দ্বীবেদীয়ে ৰীতিকালীন নাৰী ভাৱনাৰ সম্পৰ্কত নিজা মত ব্যক্ত কৰিছে এনেদৰে,"ইয়াত নাৰী কোনো ব্যক্তি অথবা সমাজ বিশেষৰ অংগ নাছিল, বৰং এই সকলো প্ৰকাৰৰ বন্ধনৰ পৰা যথাসম্ভৱ মুক্ত এক বিলাসৰ উপকৰণ মাত্ৰ আছিল।" ৰীতিকালীন কবিয়ে নাৰীক পুৰুষৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আৰু তেওঁলোকৰ মাত্ৰ অংকশায়িনী বুলিহে ভাবিছিল। ৰীতিকালীন অধিকাংশ কবিয়েই নাৰীক এই দৃষ্টিকোনৰ পৰাই চাইছিল।

৬/ প্ৰকৃতি চিত্ৰণ

ৰীতিকালীন কবিয়ে কাব্যত প্ৰকৃতি চিত্ৰণ কৰিছিল মূলতঃ উদ্দীপন আৰু আলংকাৰিক ৰূপত। প্ৰকৃতিক আলম্বন ৰূপত চিত্ৰণ খুব কমকৈ হৈছিল, নায়ক-নায়িকাৰ মানসিক দশাৰ অনুকূলে প্ৰকৃতিকো সুখত সুখী আৰু দুখত দুখী ৰূপত চিত্ৰণ কৰা হৈছিল। পৰম্পৰাগত ৰূপত ছয় ঋতুৰ বৰ্ণন আৰু বাৰমাহৰ চিত্ৰনো এইসকল কবিয়ে কৰিছিল কিন্তু ইয়াত কোনো নতুনত্ব নাছিল। সেনাপতিৰ দৰে দুই এক কবিয়ে প্ৰকৃতিৰ মনোৰম স্বৰূপৰ চিত্ৰ অংকিত কৰিছিল অন্যথা বিহাৰী, দেব, মতিৰাম, ভিখাৰীদেব আদি কবিৰ ৰচনাত কেৱল উদ্দীপন বিভাবৰ ৰূপতহে ছয় ঋতুৰ বৰ্ণনাৰে প্ৰকৃতি চিত্ৰণ কৰিছিল। সেনাপতিয়ে ঋতু বৰ্ণনাত অপ্ৰতিম সফলতা দেখুৱাইছিল। ৰীতিকালীন কবিয়ে অপ্ৰস্তুত বিধান ৰূপত প্ৰকৃতি নিৰূপণ কৰিছিল। তেওঁলোকে প্ৰকৃতিৰ পৰা বিভিন্ন উপমান লৈ নায়িকাৰ অংগ সৌন্দৰ্যৰ চিত্ৰণ কৰিছিল। পদুম, চন্দ্ৰ, হংস, কুলি, চাতক,মেঘ,পৰ্বত,পুষ্প আদি এনে উপমানৰ উদাহৰণ। ৰীতিকালৰ প্ৰতিনিধি কবি বিহাৰীলালৰ কাব্যৰ মাজতো প্ৰায় সকলো ঋতুৰে বৰ্ণনা পোৱা যায়। অৱশ্যে ছায়াবাদী যুগৰ কবিয়ে যিদৰে প্ৰকৃতিক আলম্বন ৰূপত লৈ মনোহৰ কাব্য ৰচনা কৰিছিল ৰীতিকালীন কবিৰ মাজত সেয়া দেখা নাযায়।

৭/ সংকুচিত জীৱন দৃষ্টি

      ৰীতিকালীন কবিৰ জীৱন দৃষ্টি অত্যন্ত সংকুচিত আছিল। কোনো মহান উদ্দেশ্য প্ৰাপ্তিৰ হকে কাব্য ৰচনাত প্ৰবৃত্ত নহৈ তেওঁলোকে মাত্ৰ শৃংগাৰ প্ৰধান কাব্য ৰচনা কৰি আশ্ৰয়দাতা বিলাসী ৰজাক মনোৰঞ্জনহে দিছিল। অধিকাংশ কবিয়ে নায়িকাৰ কপাল, নেত্র, মুখমণ্ডল, বক্ষ, কঁকাল, শৰীৰৰ নিম্ন অংশ আদিৰ সৌন্দৰ্য নিৰূপণ কৰাকেই কবিকৰ্মৰ সাৰ্থকতা বুলি ভাবিছিল। জীৱন-জগতক বহল দৃষ্টিত লৈ যিদৰে উত্তম কাব্য ৰচনা কৰিব লাগিছিল সেয়া ৰীতিকালীন কবিৰ মাজত নিতান্ত অভাৱ আছিল। এই কবিসকলে জীৱনৰ বিচিত্ৰতালৈ চকু নিদি কেৱল শৃংগাৰিকতা সীমিত পৰিধিৰ মাজতে নিজৰ দৃষ্টি কেন্দ্ৰীভূত কৰি ৰাখিছিল। ড° ভগীৰথ মিশ্ৰই ৰীতিকালীন কবিৰ এই প্ৰবৃত্তিৰ সম্পর্কত কৈছে যে," এনেকুৱা লাগে যেন ৰীতি কবিতাৰ ৰচয়িতা যৌৱন আৰু বসন্তৰহে কবি। জীৱনৰ প্ৰস্ফুৰ্তিত সুধাৰ ৰূপটোহে তেওঁলোকৰ প্রিয়।.....তেওঁলোকে জীৱনৰ এটাই স্বৰূপ গ্রহণ কৰিছিল, এটাই পক্ষ লৈছিল, এয়া এই ধাৰাৰ কবিৰ সংকীৰ্ণতা, দুৰ্বলতা আৰু একাঙ্গীকতা।" দৰবাৰী বাতাবৰণ আৰু বিলাসীতাপূৰ্ণ জীৱনে এই কবিসকলৰ দৃষ্টি ইমানেই সংকুচিত কৰি তুলিলে যে তেওঁলোকে জীৱন-জগতৰ ব্যাপকতাৰ প্ৰতি দৃষ্টিপাত কৰিবই নোৱাৰিলে। ভক্তিকালীন কাব্যৰ মহান উদ্দেশ্য বাৰ্তাৰ লগত এই ৰীতিকালীন কাব্যক তুলনাই কৰিব নোৱাৰি। গভীৰ চিন্তন আৰু বহল জীৱন দর্শনৰ অভিব্যক্তিৰ কোনো প্ৰয়াস ৰীতিকালীন কবিয়ে কৰা নাছিল। তেওঁলোকৰ আধাৰ ভূমি ইমানেই সংকুচিত আছিল যে জীৱনৰ ভিন্নৰূপতাৰ তাত কোনো স্থানেই নাছিল।

৮/ ব্ৰজ ভাষাৰ প্ৰয়োগ

      ভক্তিকালৰ যি ব্ৰজভাষা কৃষ্ণ কাব্য লৈকে সীমিত আছিল সেয়া ৰীতিকালত পূৰ্ণ কাব্য ভাষা ৰূপত প্ৰতিষ্ঠিত হৈ প্ৰায় দুশ বছৰ পৰ্যন্ত হিন্দী কাব্য জগতত একছত্রি শাসন কৰে। ৰীতিকালত কেৱল ব্ৰজ ক্ষেত্ৰৰ কবিয়েই নহয় সম্পূৰ্ণ হিন্দী ক্ষেত্ৰৰ কবিয়েও ব্ৰজ ভাষাতে কাব্য ৰচনা কৰিছিল। মাৰাঠী ক্ষেত্ৰৰ ভূষণে, পাঞ্জাৱৰ গুৰু গোবিন্দ সিঙে, বুন্দেলী ক্ষেত্ৰৰ (উৰিষ্যা) কেশৱে তথা ৰাজস্থানী ক্ষেত্ৰৰ বিহাৰীয়ে ব্ৰজ ভাষাতে নিজৰ কাব্য ৰচনা কৰিছিল। অৰ্থাৎ ব্ৰজভাষাই ব্যাপক কাব্য ভাষা ৰূপত এই ৰীতিকালতে প্ৰতিষ্ঠা লাভ কৰে। ৰীতিকালীন কবিয়ে ব্ৰজ ভাষাত অবধী শব্দৰ আৰু ৰূপৰ ইচ্ছানুসৰি প্ৰয়োগ কৰিছিল।

এইদৰেই আমি হিন্দী সাহিত্যৰ উত্তৰ মধ্যকাল বা ৰীতিকাল সম্পৰ্কে সীমিত পৰিসৰত যথাসম্ভৱ সকলো দিশ সামৰি আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।


Post a Comment

0 Comments