Header Ads Widget

Ticker

6/recent/ticker-posts

MCQs for Assam TET | Assam TET model questions | sub- Assamese

 


প্ৰঃ১ অসমীয়া ভাষাৰ তাড়িত ব্যঞ্জন ধ্বনি কোনটো?
A) ল
B) ৰ (উঃ)
C) হ
D) ছ
বি:দ্ৰ: 'ৰ' বৰ্ণটোক ধ্বনিগুণ অনুসৰি কম্পিত,লুঠিত, তাড়িত- এই তিনিওটা নামেৰে জনা যায়।

প্ৰঃ২ অসমীয়া ভাষাৰ উপাহিত ধ্বনি কোনটো?
A) চন্দ্ৰবিন্দু (উঃ)
B) পাৰ্শ্বিক ধ্বনি
C) কণ্ঠনালীয় ধ্বনি
D) তাড়িত ব্যঞ্জন

বি:দ্ৰ: চন্দ্ৰবিন্দুক অনুনাসিক বৰ্ণ হিচাপে ধৰা হয়। অনুনাসিকত্ব অৰ্থাৎ চন্দ্ৰবিন্দু(ঁ)ক অসমীয়া ভাষাত ধ্বনিগুণ বুলি ভাষাবিদ গোলোক চন্দ্ৰ গোস্বামীয়ে উল্লেখ কৰিছে। মন কৰিবলগীয়া কথা যে, ই গাইগুটিয়াকৈ উচ্চাৰিত নহয়: স্বৰ নাইবা য়,ৱ, হ,ৰ,ল- এই ব্যঞ্জনৰ সৈতেহে ইয়াৰ উচ্চাৰণ হ'ব পাৰে। আন ধ্বনিৰ, বিশেষকৈ স্বৰধ্বনিৰ লগত উচ্চাৰিত হোৱা বাবে ইয়াক উপাহিত ধ্বনি বোলা হয়।

প্ৰঃ৩ শংকৰদেৱে ৰচনা কৰা একমাত্ৰ ৰামায়ণভিত্তিক নাটখনৰ নাম হ'ল-
A) পাৰিজাত হৰণ
B) ৰাম বিজয় (উঃ)
C) ৰুক্মিণী হৰণ
D) কেলিগোপাল
(এই নাটখন শংকৰদেৱে চিলাৰায়ৰ অনুৰোধ মৰ্মে ৰচনা কৰিছিল বুলি সমালোচকসকলে উল্লেখ কৰিছে। আৰু এই 'ৰামবিজয়' হৈছে শংকৰদেৱৰ শেষ ৰচনা।)

প্ৰঃ৪ 'ভূত নে ভ্ৰম' আৰু 'টেটুন তামুলী' নাটকৰ ৰচক হ'ল-
A) লক্ষ্মীনাথ বেজবৰুৱা
B) চন্দ্ৰকুমাৰ আগৰৱালা
C) পদ্মনাথ গোহাঞি বৰুৱা(উঃ)
D) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

প্ৰঃ৫  'ৰাজপথে ৰিঙিয়ায়'ৰ ঔপন্যাসিক কোন?
A) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (উঃ)
B) ভবেন্দ্ৰ নাথ শইকীয়া
C) নিৰ্মলপ্ৰভা বৰদলৈ
D) হেম বৰুৱা

প্ৰঃ৬ 'আতংকৰ শেষত' নামৰ ডিটেকটিভ উপন্যাসখনৰ ৰচক হ'ল-
A) ভবেন্দ্ৰ নাথ শইকীয়া (উঃ)
B) ৰঞ্জু হাজৰিকা
C) বন্দিতা ফুকন
D) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

প্ৰঃ৭ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত গ্ৰন্থখন হ'ল-
A) মৃত্যঞ্জয়
B) ইয়াৰুইংগম (উঃ)
C) প্ৰতিপদ
D) ওপৰৰ এটাও নহয়।

প্ৰঃ৮ 'এজনী জাপানী ছোৱালী' গল্পৰ গল্পকাৰ কোন?
A) ভবেন্দ্ৰ নাথ শইকীয়া
B) মহেন্দ্ৰ বৰা
C) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (উঃ)
D) হেম বৰুৱা

প্ৰঃ৯ 'অসমৰ লোক সংস্কৃতি' নামৰ সংস্কৃতি বিষয়ক গ্ৰন্থ খনৰ ৰচক হ'ল-
A) লীলা গগৈ
B) বাণীকান্ত কাকতি
C) নিৰ্মলপ্ৰভা বৰদলৈ (উঃ)
D) উপেন্দ্ৰনাথ গোস্বামী

প্ৰঃ১০ 'দেৱী' কাৰ শক্তি বা দেৱীতত্ত্ব বিষয়ক গ্ৰন্থ?
A) বিৰিঞ্চি কুমাৰ বৰুৱা
B) বাণীকান্ত কাকতি
C) ভবেন্দ্ৰ নাথ শইকীয়া
D) নিৰ্মলপ্ৰভা বৰদলৈ(উঃ)

প্ৰঃ১১ ভবেন্দ্ৰ নাথ শইকীয়াৰ ভ্ৰমণ কাহিনীখনৰ নাম কি?
A) মহা চীনৰ দিনলিপি
B) চেৰী ফুলৰ দেশ জাপান
C) এই বন্দৰৰ আবেলি (উঃ)
D) মোৰ ৰাছিয়া ভ্ৰমণ

প্ৰঃ১২ 'মেকং নৈ দেখিলো' কাৰ ভ্ৰমণ কাহিনী?
A) হেম বৰুৱা(উঃ)
B) নিৰ্মলপ্ৰভা বৰদলৈ
C) বিৰিঞ্চি কুমাৰ বৰুৱা
D) ভবেন্দ্ৰ নাথ শইকীয়া

প্ৰঃ১৩ 'জাপান দৰ্শন' কাৰ ভ্ৰমণ কাহিনী?
A) হেম বৰুৱা
B) বিৰিঞ্চি কুমাৰ বৰুৱা
C) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
D) নিৰ্মলপ্ৰভা বৰদলৈ (উঃ)

প্ৰঃ১৪ লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল-
A) মোৰ সোঁৱৰণি
B) মোৰ জীৱন সোঁৱৰণ (উঃ)
C) ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ জীৱন চৰিত
D) মোৰ জীৱনৰ নহ'লবোৰ

প্ৰঃ১৫ পদ্মনাথ গোহাঞি বৰুৱাৰ আত্মজীৱনীখনৰ নাম হ'ল-
A) মোৰ জীৱন দাপোন
B) মোৰ জীৱন সোঁৱৰণ
C) জীৱনৰ স্মৃতি
D) মোৰ সোঁৱৰণি (উঃ)

প্ৰঃ১৬ 'জীৱন বৃত্ত' কাৰ আত্মজীৱনী?
A) নিৰ্মলপ্ৰভা বৰদলৈ
B) হেম বৰুৱা
C) হোমেন বৰগোহাঞি
D) ভবেন্দ্ৰ নাথ শইকীয়া(উঃ)

প্ৰঃ১৭ নিৰ্মলপ্ৰভা বৰদলৈৰ আত্মজীৱনীখনৰ নাম হ'ল-
A) এই অহা দিনবোৰ
B) স্মৃতিতীৰ্থ
C) জীৱন জীৱন বৰ অনুপম(উঃ)
D) বতাহত ক'ৰ গধূলি গোপাল

প্ৰঃ১৮ লক্ষ্মীনাথ বেজবৰুৱাই অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সভাপতিত্ত্ব কৰিছিল?
A) গুৱাহাটী, ১৯২৪ (উঃ)
B) শিৱসাগৰ, ১৯১৭
C) তেজপুৰ, ১৯২০
D) ডিব্ৰুগড়, ১৯২৩

প্ৰঃ১৯ নিৰ্মলপ্ৰভা বৰদলৈ অসম সাহিত্য সভাৰ কোনখন অধিবেশনৰ সভাপতি আছিল?
A) মৰিগাঁও, ১৯৯৪
B) শিৱসাগৰ, ১৯৯৩
C) গোৰেশ্বৰ, ১৯৯৩
D) দুধনৈ, ১৯৯১ (উঃ)

প্ৰঃ২০ ভবেন্দ্ৰ নাথ শইকীয়াৰ সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত গল্পসংকলনটোৰ নাম হ'ল-
A) গোলাম
B) শৃংখল (উঃ)
C) পৃথিৱীৰ অসুখ
D) মধুপুৰ বহুদূৰ


Post a Comment

0 Comments