Header Ads Widget

Ticker

6/recent/ticker-posts

Revision for Assam TET | Previous year questions for assam tet | Assamese grammar for assam tet

 



প্র: তলৰ কোনটো কৃৎ প্ৰত্যয়ৰ উদাহৰণ?
(A) ফুল+অনি= ফুলনি
(B) খা + অন= খাৱন
(C) নাও+অৰীয়া
(D) ধান+অনি= ধাননি
উত্তৰঃ (B)

প্র: অসমীয়া ভাষাত স্ত্রী প্ৰত্যয় কেইটা?
(A) ৯টা
(B) ৩টা
(C) ৫টা
(D) ৭টা
উত্তৰঃ (A)
(মূলতঃ তিনিটা- ঈ, নী, ৰী। কিন্তু 'নী' প্ৰত্যয় ৰ তিনিটা প্ৰসাৰিত ৰূপ : অনী, ইনী, উনী, ৰী প্ৰত্যয় ৰ এৰী, অৰী,উৰী এই তিনিটা প্ৰসাৰিত ৰূপ মিলি মুঠ ৯টা হৈছে।) [কিছুমান ভাষাবিদে অসমীয়া স্ত্ৰী প্ৰত্যয় ৪টা বুলিও কয়]

প্র: নিম্নলিখিত কোনটো স্ত্রী প্ৰত্যয় ৰ উদাহৰণ?(2019)
(A) মাইকী
(B) অন
(C) অক
(D) ৰী
উত্তৰ: (D)

প্র: তলৰ কোনটো তদ্ধিত প্ৰত্যয়ৰ উদাহৰণ?
(A) ফুল+ অনি=ফুলনি
(B) খা+ অন= খাৱন
(C) দেখা+ উৱা= দেখুওৱা
(D)  কৰ+ ওৱা= কৰোৱা
উত্তৰঃ (A)

প্র: চোন, দেই, হবলা, চাগে- আদি শব্দবোৰ কিহৰ উদাহৰণ?
(A) কৃৎ প্ৰত্যয়
(B) স্বাথিক প্ৰত্যয়
(C) নামধাতু
(D ) ক্ৰিয়াপদ
উত্তৰঃ (B)

প্র: তলৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়টো বাছি উলিওৱা। (2012)
(A) বহুত ফুল
(B) অলেখ চৰাই
(C) লোণজেবা
(D) শুৱলা গীত
উত্তৰঃ (C)





প্র: অসমীয়া ভাষাত শব্দ বিভক্তি কেইবিধ?
(A) ৬বিধ
(B) ৮বিধ
(C) ৫বিধ
(D) ৪বিধ
উত্তৰঃ (A)
[অসমীয়া ভাষাত ৬ বিধ শব্দ বিভক্তিহে পোৱা যায়। পঞ্চমী ৰ '-পৰা' প্ৰকৃততে এটা পৰসৰ্গ বা অনুসৰ্গহে।]

প্র: অসমীয়া ভাষাৰ কোনটো কাৰকৰ বিভক্তি নাই?
(A) অপাদান
(B) কৰ্তা
(C) কৰণ
(D) অধিকৰণ
উত্তৰঃ (A)

প্র: নিম্নলিখিত কোনটো সৰ্গ তৃতীয় পুৰুষৰ সমন্ধবাচক পুৰুষ বিভক্তিৰ উদাহৰণ?(UP,2019)
(A) এৰ
(B) এৰা
(C) ক
(D) ৰী
উত্তৰঃ (C)

প্র: তলৰ কোনটো অসমীয়া ভাষাৰ ব্যাকৰণগত বিষয়ৰ অন্তর্গত?
(A) লিংগ
(B) প্ৰত্যয়
(C) বিভক্তি
(D) কাল
উত্তৰঃ (C)

প্র: নিম্নলিখিত সর্গকেইটাৰ পৰা পুৰুষবাচক বিভক্তি ৰ চিন নিৰ্ণয় কৰা?(LP, 2019)
(A) অন
(B) অনি
(C) ৰী
(D) ওঁ
উত্তৰঃ (D)






প্র: অসমীয়া ভাষাত সাধাৰণতে কেইটা প্ৰক্ৰিয়াৰে লিংগ নিৰ্ণয় কৰা হয়?
(A) ৩ টা
(B) ৪
(C) ৫টা
(D) ৬টা
উত্তৰঃ  (C) [ইয়াত লিংগ নিৰ্ণয়ৰ প্ৰক্ৰিয়াৰ কথাহে কোৱা হৈছে। লিংগৰ প্ৰকাৰ বুলি কোৱা হোৱা নাই।]

প্র: অসমীয়া ভাষাৰ লিংগ ব্যাকৰণগত হয় নে?
(A) হয়
(B) নহয়
(C)  আংশিকভাবে ব্যাকৰণগত
(D)  এটাও নহয়
উত্তৰঃ (C)

প্র: তলৰ কোনটো অসমীয়া ভাষাৰ ব্যাকৰণগত বিষয় নহয়?
(A) পুৰুষ
(B) কাৰক
(C) বিভক্তি
(D) বচন
উত্তৰঃ (D)

প্র: তলৰ কোনটো বিপৰীত লিংগ শুদ্ধ নহয়?(2012)
(A) অভিনেতা-অভিনেত্ৰী
(B) শ্ৰীমান- শ্ৰীমতী
(C) ক'লা- কালৰী
(D) বগা- বগী
উত্তৰঃ C






প্র: অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা?(2012)
(A) ২১ টা
(B) ৩১ টা
(C) ৪১ টা
(D) ৫২ টা
উত্তৰঃ (A) [ ইয়াত 'য়' আৰু 'ৱ' শ্ৰুতিধ্বনি দুটা ধৰা নাই। সেই দুটা ধৰিলে অসমীয়া ভাষাৰ ব্যঞ্জনধ্বনি ২৩ টা হ'বগৈ।]

প্ৰ: অসমীয়া ভাষাত উষ্ম বৰ্ণৰ সংখ্যা হ'ল-
A) ৪ টা 
B) ৫ টা
C) ৩ টা
D) ২ টা
উত্তৰ: A

প্র: নিম্নলিখিত কোনটো দ্বিস্বৰৰ উদাহৰণ?(2019,LP)
(A) কাম
(B) যাম
(C) অউ
(D) ঘৰ
উত্তৰঃ (C)

প্র: অসমীয়া ভাষাৰ বৰ্ণ আৰু আখৰৰ মাজত পাৰ্থক্য আছেনে?(2019, LP)
(A) আছে
(B) নাই
(C) দুয়োটাই শুদ্ধ
(D) এটাও শুদ্ধ নহয়
উত্তৰঃ (A)

প্ৰ: তলৰ কোনকেইটা ঔষ্ঠ্য বৰ্ণৰ উদাহৰণ-
A) প, ফ, ব, ভ
B) ত, থ, দ, ধ
C) ক, খ, গ, ঘ
D) ওপৰৰ এটাও নহয়
উঃ A

প্র: নিম্নলিখিত কোনটো অসমীয়া ভাষাৰ অঘোষ অল্পপ্ৰাণ ধ্বনি উদাহৰণ?(2019,LP)
(A) ব
(B) ত
(C) দ
(D) গ
উত্তৰঃ (B)

প্ৰ: তলৰ কোনকেইটা দন্তমূলীয় ধ্বনি?
A) প, ফ, ব, ভ
B) ত, থ, দ, ধ
C) ক, খ, গ, ঘ
D) ওপৰৰ এটাও নহয়
উঃ B

প্ৰ: অসমীয়া ভাষাৰ একমাত্ৰ কেন্দ্ৰীয় স্বৰবৰ্ণটো হ'ল-
A) ই
B) এ
C) আ
D) অ
উত্তৰ: C

প্র: অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি সংখ্যা কিমান?(2019,UP)
(A) ১০ টা
(B) ১১টা
(C) ৮ টা
(D) ১৪ টা
উত্তৰঃ (C)

প্ৰ: তলৰ কোনকেইটা প্ৰান্তীয় স্বৰবৰ্ণ?
A) ই, এ, এ'
B) আ, ই
C) এ, আ
D) উ, অ, আ
উঃ A

প্র: তলৰ কোনটো অসমীয়া ভাষাৰ পাৰ্শ্বিক আৰু তাড়িত ব্যঞ্জনধ্বনিৰ উদাহৰণ? (2019,UP)
(A) ম,ন
(B) ৱ, য়
(C) ল,ৰ
(D) স, হ
উত্তৰঃ (C)

প্ৰ: অসমীয়া ভাষাৰ একমাত্ৰ কণ্ঠনালীয় ধ্বনিটো হ'ল-
A) ৰ
B) হ
C) য়
D) ন
উঃ B

প্ৰ: অসমীয়া ভাষাত নাসিক্য ধ্বনি আছে?
A) ২ টা
B) ৩ টা
C) ৫ টা
D) ৪ টা
উত্তৰ: B ম,ন আৰু ঙ

প্র: অসমীয়া ভাষাত শ্ৰুতি ধ্বনি আছে? (2019, UP)
(A) তিনিটা
(B) এটা
(C) দুটা
(D) চাৰিটা
উত্তৰ: (C)




নিম্নলিখিত কোনটো শব্দ সন্ধিৰ ফলত সাধন হৈছে? (2019, UP)
(A) ঈশ্বৰ
(B) পৰমেশ্বৰ
(C) ৰাম লক্ষ্মণ
(D) দুমাহী
উত্তৰঃ  (B)

প্ৰ: তলৰ কোন দুটা স্বৰ সন্ধিৰ উদাহৰণ?
A) নীলাচল, হিমালয়
B) অত্যধিক, নিৰাকৰ
C) উচ্চাৰণ, উজ্জ্বল
D) এটাও নহয়
উঃ A

প্ৰ: তলৰ শুদ্ধ স্বৰ-সন্ধিটো বাছি উলিওৱা- [2012]
A) অনু + এষণ = অনুষণ
B) অনু + এষণ = অনেষণ
C) অনু + এষণ = অন্বেষণ
D) অনু + এষণ = অন্বেষা
উঃ C

প্ৰ: তলৰ কোনটো ব্যঞ্জন সন্ধিৰ ফলত সাধিত হোৱা শব্দ?
A) পৱন
B) উন্নতি
C) স্বাগত
D) পৰমেশ্বৰ
উঃ B

প্র: নিম্নলিখিত কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ? (2019, LP)
(A) যজ+ ন= যজ্ঞ
(B)দেৱ+ আলয়= দেৱালয়
(C) সংগ্ৰহ+ আলয়= সংগ্ৰাহালয়
(D) এটাও নহয়
উত্তৰঃ (A)

প্ৰ: তলৰ কোনটো ব্যঞ্জন সন্ধিৰ উদাহৰণ?
A) নৈ + অক = নায়ক
B) পৰম + ঈশ্বৰ = পৰমেশ্বৰ
C) জগৎ + ঈশ্বৰ = জগদীশ্বৰ
D) দেৱ + আলয় = দেৱালয়
উঃ C

প্র: উৎ+ চাৰণ= উচ্চাৰণ - এই সন্ধিটো কোন প্ৰকাৰৰ ? (2012)
(A) স্বৰাসন্ধি
(B) ব্যঞ্জনধ্বনি
(C) অনুস্বৰ সন্ধি
(D) বিসৰ্গ সন্ধি
উত্তৰঃ (B)


প্ৰ: কোনো কথা বা উক্তি বক্তাই কোৱাৰ ধৰণে হুবহু হ'লে তাক কোৱা হয়- [2019]
A) প্ৰত্যক্ষ উক্তি
B) পৰোক্ষ উক্তি
C) কৰ্মবাচ্য
D) কর্তৃবাচ্য
উঃ A

প্ৰ: কোনো কথা বা উক্তিৰ ভাৱ আনৰ কথাৰে প্ৰকাশ কৰিলে তাক কোৱা হয়-
A) প্ৰত্যক্ষ উক্তি
B) পৰোক্ষ উক্তি
C) কৰ্মবাচ্য
D) কর্তৃবাচ্য
উঃ B

প্ৰ: নিম্নলিখিত কোনটো ণত্ব-বিধিৰ ফলত সৃষ্ট শব্দ? [2019]
A) নিপুণ
B) বাণিজ্য
C) কণ
D) পৰায়ণ
উঃ D

প্ৰ: তলৰ কোন দুটা শব্দ ণত্ব-বিধিৰ ফলত সাধিত হৈছে?
A) কৃপণ, গ্ৰহণ
B) কণ, গুণ
C) বাণী, বীণা
D) কল্যাণ, গৌণ
উঃ A

প্ৰ: নিম্নলিখিত কোনটো শব্দ ষত্ব-বিধিৰ ফলত সৃষ্ট শব্দ?
A) ভাষা
B) প্ৰতিষ্ঠা
C) পুষ্প
D) পাষাণ
উঃ B


Post a Comment

0 Comments