Header Ads Widget

Ticker

6/recent/ticker-posts

ধনৰ ব্যৱহাৰ

 ধনৰ ব্যৱহাৰ (সত্যনাথ বৰা)



আৰ্হি প্ৰশ্ন


(ক) অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ১)


১/ কৃপণ লোকৰ দুই ধৰ্ম কি কি?

উঃ কৃপণ লোকৰ দুই ধৰ্ম হ'ল- লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

২/ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?

উঃ অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ'ল- আয় অনুসৰি খৰচ কৰা।

৩/ দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?

উঃ আয় অলপ আৰু খৰচ সৰহ- এয়াই হৈছে দৰিদ্ৰ হোৱাৰ চিন।

৪/ মানুহৰ ঋণ কেতিয়া হয়?

উঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

৫/ কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?

উঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

(খ) চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক - ২ অথবা ৩)

১/ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?

উঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ এনেধৰণৰ-

প্ৰথম, ধনেৰে সুখ-সম্পদৰ আহিলা-পাতি গোটাই ল'ব পাৰি। যেনে- ভোজনৰ ভাল বস্তু, পিন্ধনৰ ভাল কাপোৰ, বাসৰ ভাল ঘৰ আৰু হাতী-ঘোঁৰা,গাড়ী-দোলা,বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ'লে গোটেই আনি উপভোগ কৰিব পাৰি।

দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি। যেনে- ভাত নোহোৱাৰ ভাত,কাপোৰ নোহোৱাৰ কাপোৰ ধনেৰে যোগান ধৰিব পাৰি, বিপদত পৰা মানুহক ধনেৰে উদ্ধাৰ কৰিব পাৰি আৰু বিদ্যালয়, চিকিৎসালয় আদি থাপন কৰি সৰ্বসাধাৰণ উপকাৰ কৰিব পাৰি।

২/ কৃপণ লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?

উঃ কৃপণ লোকৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলপ। গতিকে, কৃপণ লোকে ধন খৰচ কৰিবলৈ টান পায় আৰু আন মানুহে ধন খৰচ কৰিলে সহিব নোৱাৰে।

৩/ লেখকৰ মতে কোন দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?

উঃ লেখকৰ মতে, সজ আৰু অসজ এই দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। উদাহৰণ হিচাপে লেখকে কৈছে যে, দয়া বৃত্তি ফলিওৱাৰ বাবেও অলপ ধন লাগে আৰু অহংকাৰ বা লোভ বৃত্তি ফলিওৱাৰ বাবেও অলপ ধন লাগে।

৪/ কি দুটা কাৰণত মানুহে কৃপণালি কৰে?

উঃ লেখকৰ মতে, দুটা কাৰণত মানুহে কৃপণালি কৰে। প্ৰথম কাৰণ হৈছে, কিছুমান মানুহে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে। দ্বিতীয়তে, কিছুমান মানুহে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ'বৰ মনেৰে কৃপণালি কৰে।

৫/ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।

উঃ কৃপণ আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ'ল-

১/ কৃপণে সঞ্চয় কৰাত উত্ৰাৱল, কিন্তু ধোঁৱাখুলীয়াই খৰচ কৰাত উত্ৰাৱল।

২/ কৃপণে ধন সঞ্চয় কৰি সন্তোষ লাভ কৰে, কিন্তু ধোঁৱাখুলীয়াৰ পক্ষে ধন এটা অসহনীয় বোজা আৰু সেইবাবে তেঁওলোকে খৰচ কৰিহে মনত সন্তোষ লাভ কৰে।

(গ) দীঘল প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ৪ বা ৫)

১/ অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা।

উঃ অশিক্ষিত মানুহে আনে ধুমধামকৈ খৰচ কৰা দেখিলে বিস্ময় মানে আৰু যিয়ে তেনেকৈ খৰচ কৰে তাক বৰলোক বুলি বিবেচনা কৰে। অশিক্ষিত মানুহৰ মানত ধন খৰচ কৰা এটা মহতালিৰ কৰ্ম। তেওঁলোকে ধনী মানুহক ঈশ্বৰ যেন দেখে। তেওঁলোকে ধনীৰ অত্যাচাৰক প্ৰতাপ বোলে, কুকামক ধেমালি বোলে আৰু ধনীৰ মাৰ-কিলক আদৰ বুলি ভাবে। অশিক্ষিত মানুহৰ ভাল-বেয়া, মান-অপমানৰ জ্ঞান নাই। লেখকৰ মতে অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে এইদৰে ধাৰণা কৰে।


২/ অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা।

উঃ অসজ বৃত্তিধাৰী কৃপণ লোকৰ জীৱন প্ৰণালীলৈ চালে দেখা যায় যে, এই শ্ৰেণীৰ লোকে নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। এওঁলোকে ভালবস্তু খাবলৈ অভিলাষ কৰে যদিও নিজৰ ধন খৰচ কৰি ভাল বস্তু কেতিয়াও নাখায়। তেওঁলোকে নিজৰ ঘৰত সদায় এখন আঞ্জা খায় কিন্তু লোকৰ ঘৰত পাঁচখন বিচাৰে। নিজৰ কামত এওঁলোকে খোজ কাঢ়ি এদিনৰ বাট যায়, কিন্তু লোকৰ কামত বাহন নহ'লে এখোজ নলৰে। এই শ্ৰেণীৰ কৃপণ লোকে লোকৰ পালে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্তু নিজ খৰচে চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু ঢৰিয়া সূতাৰ কাপোৰ পিন্ধি দিন কটায়। ডাংকোপ মৰা আৰু দম্ভালি কৰা স্বভাৱৰ এই শ্ৰেণীৰ কৃপণে নিজৰ ঘৰৰ আচল অৱস্থা আন মানুহক কেতিয়াও জানিবলৈ নিদিয়ে।

৩/ মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।

উঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে আৰু কওঁতে ঋণক পাপ বুলি কয়, কাৰণ পাপী মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান-মৰ্যদা হেৰুৱায় আৰু তেওঁলোকৰ মনত সুখ-শান্তি নাইকিয়া হয়। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ-মাংস ক্ষয় কৰে সেইদৰে ঋণে মানুহৰ অৱস্থা ক্ষয় কৰি ক্ৰমে অৱস্থাহীন কৰি দিয়ে। ঋণ থাকিলে মানুহৰ অৱস্থাৰ উন্নতি নহয়। পাপী মানুহে যিদৰে দুখ-কষ্টত জীৱন কটাব লগা হয় সেইদৰে ঋণী মানুহেও দুখ-কষ্টত জীৱন কটাব লগাত পৰে। এনেবোৰ কাৰণতে মানুহে ঋণক পাপৰ লগত তুলনা কৰে।

৪/ লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।

উঃ লেখকৰ মতে পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞ্জে। এইবিলাক মানুহক সাধাৰণ কথাত কৃপণ বোলে। ভোগৰ নিমিত্তে ধন,এই কথা কৃপণে নুবুজে। লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা, এই দুটাৰ বাদে আন কামত কৃপণে ধন খৰচ নকৰে। কৃপণৰ বিবেচনাত ধনৰ মূল্য সৰহ কিন্তু কামৰ মূল্য কম। আন মানুহে ধন খৰচ কৰিলেও কৃপণে সহিব নোৱাৰে।

          এক শ্ৰেণীৰ কৃপণে আকৌ নিজৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভালকৈ খাবলৈ, ভালকৈ থাকিবলৈ এই শ্ৰেণীৰ কৃপণে হাবিয়াস কৰে যদিও নিজৰ ধন খৰচ কৰিব নিবিচাৰে।

       লেখকৰ মতে, কিছুমানে ধন উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালি কৰে আৰু আন কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ'বৰ মনেৰে কৃপণালি কৰে। লেখকৰ মতে আৰু এক শ্ৰেণীৰ কৃপণ আছে যিয়ে ধনৰ নিমিত্তেই ধন গোটায়, ধনৰ পৰিমাণ বাঢ়িলেই সিহঁতৰ আনন্দৰ পৰিমাণ বাঢ়ে।

    এইদৰে লেখকে মানুহৰ স্বভাৱ আৰু ধনৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি কৃপণ লোকৰ স্বৰূপ বা সংজ্ঞা নিৰূপনৰ চেষ্টা কৰিছে।

৫/ ''ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ।''- ব্যাখ্যা কৰা।

উঃ উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সত্যনাথ বৰা ৰচিত 'ধনৰ ব্যৱহাৰ' নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কৃপণ লোকৰ ধন সঞ্চয়ৰ স্বভাৱৰ বিষয়ে আলোচনা কৰিবলৈ গৈ লেখকে উক্ত বাক্যশাৰী অৱতাৰণা কৰিছে।

      লেখকৰ মতে, এক শ্ৰেণীৰ কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটায়, তেওঁলোকৰ ইয়াৰ বাহিৰে আন একো অভিপ্ৰায় নাই। ধনৰ পৰিমাণ বাঢ়িলেই তেওঁলোকৰ আনন্দৰ পৰিমাণো বাঢ়ে। তেওঁলোকৰ বাবে ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ। এই শ্ৰেণীৰ কৃপণে কেৱল ধনৰ নামত উদ্বাউল হয়, কিন্তু ধনৰ আন ব্যৱহাৰ নাজানে। এই শ্ৰেণীৰ কৃপণে কেৱল ধন চকুৰে চাই থাকিয়েই পৰম সুখ লাভ কৰে। সেয়েহে লেখকে কৈছে যে এই শ্ৰেণীৰ কৃপণে ধন যে সুখ ভোগৰ উপায় বা ভোগৰ নিমিত্তেহে যে ধন এই কথা নবুজে। এক কথাত এই শ্ৰেণীৰ মানুহে ধনৰ ব্যৱহাৰ নাজানে।


অতিৰিক্ত প্ৰশ্নোত্তৰ

প্রশ্নঃ 'ধনৰ ব্যৱহাৰ' পাঠটিৰ মূলভাৱ লিখা।

                       অথবা

         'ধনৰ ব্যৱহাৰ' পাঠটিৰ মূল কথাখিনি বা সাৰাংশ লিখা।

উঃ অসমীয়া সাহিত্যত 'বেকন' হিচাপে পৰিচিত সত্যনাথ বৰাৰ ৰচনাই অসমীয়া গদ্য সাহিত্যক সমৃদ্ধি প্ৰদান কৰিছে। বৰাৰ প্ৰবন্ধ ৰচনাৰ মূল কথা হৈছে নীতিগৰ্ভ আৰু উপদেশমূলক মন্তব্য। সত্যনাথ বৰাৰ 'সাৰথি' নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা 'ধনৰ ব্যৱহাৰ' নামৰ পাঠটিত লেখকে ধনৰ ব্যৱহাৰ সম্বন্ধে বিভিন্ন উদাহৰণসহ আলোচনা আগবঢ়াইছে। 

         ধন যিদৰে মানুহৰ সুখৰ আধাৰ সেইদৰে এই ধনেই মানুহৰ দুখ বা অনৰ্থৰো যে মূল কাৰণ হ'ব পাৰে তাক পাঠটোত দেখুওৱা হৈছে। ধন খৰচ কৰিবলৈ টান পোৱা মানুহক কৃপণ আৰু বিনা কাৰণত বা অবাবত খৰচ কৰা মানুহক ধোঁৱাখুলীয়া বোলা হৈছে। এই দুই প্ৰকাৰৰ মানুহক ধনৰ ব্যৱহাৰৰ পৰা চিনিব পৰা যায়। লেখকে আমাক আয় অনুসৰি ব্যয় কৰি ধনৰ সঠিক ব্যৱহাৰ কৰিবলৈ কৈছে। আয় অনুসৰি ব্যয় নকৰি বেছিকৈ খৰচ কৰিলে মানুহ দৰিদ্ৰ হয় আৰু ঋণী হ'বলগীয়া হয়। ঋণক পাপ আৰু ব্যাধিৰ লগত তুলনা কৰা হয়। এই ঋণে ক্ৰমে ক্ৰমে মানুহক অৱস্থাহীন কৰি নিয়ে। এনেদৰে গুপ্ত শত্ৰুৰ নিচিনা খুচুৰীয়া খৰচৰ প্ৰতিও আমি চকু দিয়া উচিত। ধনৰ সঠিক ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰাই পাঠটিৰ মূল বক্তব্য।                    




                       সৰ্বস্বত্ব সংৰক্ষিত

[ প্ৰকাশকৰ অনুমতি অবিহনে এই চাইটত উপলব্ধ প্ৰশ্নোত্তৰসমূহ ছপা অথবা ইলেকট্ৰনিক মাধ্যম বা কোনো অন্য প্ৰকাৰে সংগ্ৰহ কৰি কোনো ৱেবচাইট বা ইউটিউব আদি সামাজিক মাধ্যমত প্ৰকাশ কৰাটো নিষিদ্ধ।]

Post a Comment

0 Comments