Header Ads Widget

Ticker

6/recent/ticker-posts

বুলবুল কেন্ ছিং : এটি চমু আলোচনা


 'বুলবুল কেন্ ছিং' ৰীমা দাস পৰিচালিত কামৰূপী উপভাষাত নিৰ্মাণ কৰা এখন অসমীয়া কথাছবি। বুলবুল নামৰ এজন কিশোৰী আৰু তাইৰ সমনীয়াবোৰৰ লগত সম্পৰ্কিত পাৰিপাৰ্শ্বিক সমাজখনৰ বিভিন্ন ঘটনাৱলী চিনেমাখনত চিত্ৰিত হৈছে। দেশ-বিদেশৰ চলচিত্ৰ সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰি কেইবাটাও ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা 'বুলবুল কেন্ ছিং' হ'ল ৰীমা দাসৰ দ্বিতীয়খন চিনেমা।

        'বুলবুল কেন্ ছিং' অসমীয়া গ্ৰাম্য সমাজৰ পটভূমিত নিৰ্মাণ কৰা হৈছে। কাহিনীৰ আৰম্ভণিতে বুলবুলক এপাহ ৰঙা শিমলু ফুল বুকুত লৈ শুই থকা দেখা যায়। ই প্ৰতীকীৰূপত বুলবুলৰ যৌৱন প্ৰাপ্তি আৰু ফাগুনৰ দৰে উতনুৱা মনটোকে প্ৰকাশ কৰিছে। সেইদৰে চিনেমাখনত কেইবাটাও এনে মনোমোহা প্ৰতিকধৰ্মী শ্বট দেখা যায়। বুলবুলে যেতিয়া প্ৰায় উন্মুক্ত গা-ধোৱা ঘৰত গা ধুই আছে তেতিয়া হঠাৎ সৰি পৰা নাৰিকলটোৰ শব্দ শুনি তাই উচপ খাই পোনচাতেই ঘৰৰ ভিতৰ পাইছেগৈ। এগৰাকী নৱযৌৱনা কিশোৰীৰ চঞ্চলা স্বভাৱটোক প্ৰকাশ কৰিবলৈ এই শ্বটটোৱেই যথেষ্ট।

      চিনেমাখনত বৰ্ণিত ঘটনা অনুসৰি বুলবুল আৰু তাইৰ সমনীয়া বণি আৰু সুমন সদায় খোজকাঢ়ি বাটকুৰি বাই বাঁহৰ দলং পাৰহৈ স্কুললৈ যায়। নক'লেও হ'ব যে অসমৰ কোনোবা এখন পিছপৰা গাঁৱৰ এই দৃশ্য আমাৰ অতিকে চিনাকি। আনহাতে বুলবুলৰ সমনীয়া সুমনক সকলোৱে 'লেডীছ' বুলি জোকায়। সুমনৰ স্বভাৱ নাৰীসুলভ আৰু সি ল'ৰা হৈও বুলবুলহঁতৰ লগতহে থাকে। পিছে সকলোৱে লেডীছ বুলি জোকাই থকাত এদিন অতিষ্ঠ হৈ যেতিয়া সি বুলবুলহঁতৰ আগত কান্দি কান্দি কৈছে যে, "ভগৱানে মোক এনেকুৱা কৰিলে মই কি কৰোঁ? এই পৃথিৱীত অকল মইয়ে এনেকুৱা নহয় আৰু বহুত আছে...।" ----এই দৃশ্যটোৱে অধিক তাৎপৰ্য বহন কৰিছে। সুমন যে সমকামী হ'বও পাৰে সেই কথা দৰ্শকে সহজে অনুমান কৰিব পাৰে।

     বুলবুল আৰু বণি দুয়োজনীৰে স্বভাৱত কিশোৰী সুলভ চপলতা সুন্দৰ ৰূপত ফুটি উঠিছে। সেইদৰে, বুলবুল, বণি আৰু সুমনে একেলগে নৈত গা ধুৱে, বকুল ফুলৰ মালা গাঁথে, লুদু খেলে। এই স্বাভাৱিক জীৱন প্ৰবাহৰ মাজতে বুলবুল আৰু বনিয়ে সিহঁতৰে সহপাঠী দুজন ল'ৰাৰ প্ৰেমত পৰিছে। কৈশোৰৰ এই প্ৰেম আবেগিক। বুলবুলৰ প্ৰেমিকজনে তাইক কবিতা লিখি প্ৰেম নিবেদন কৰা কথাই ইয়াকে সূচায়। ইফালে এই প্ৰেমেই সিহঁতৰ জীৱনলৈ সংঘাত নমাই আনিছে। বুলবুল আৰু বনিয়ে সিহঁতৰ প্ৰেমিক দুজনৰ সৈতে যেতিয়া হাবিৰ ফালে কিছু আছুতীয়া ঠাইত বহি আছিল তেতিয়া গাঁৱৰ দুজনমান মানুহে তাক দেখা পাই সিহঁতৰ ওপৰত মৰেল পুলিচগিৰি চলাইছে। এনেকুৱা ঘটনা আজিৰ সমাজত সততে দেখিবলৈ পোৱা যায়। এই ঘটনাই কিশোৰ-কিশোৰীকেইটিৰ জীৱনলৈ অমানিশা নমাই আনিলে। চচিয়েল মেডিয়াত এই ভিডিঅ' আপলোড কৰা হ'ল আৰু বুলবুলহঁতক স্কুলৰ পৰাও বহিস্কাৰ কৰা হ'ল। এতিয়া আমাৰ মনত প্ৰশ্ন হয় যে এই ঘটনাৰ বাবে সিহঁতক স্কুলৰ পৰা বহিস্কাৰ কৰাটো কিমানদূৰ যুক্তিসংগত আৰু বাস্তৱ গ্রহণযোগ্য? এই কথাটোকে পৰিচালক ৰীমা দাসে এটা সাক্ষাৎকাৰত কৈছে যে, "এই ঘটনা আমাৰ দেশত বিশেষকৈ উত্তৰ ভাৰতত একেবাৰে সুলভ আৰু এয়া মই গৱেষণাত পাইছোঁ।" সি যি হ'লেও এই ঘটনাই সিঁহতৰ বন্ধুত্বৰ বান্ধোনক ভাঙি পেলালে। মানসিক চাপ সহিব নোৱাৰি জীৱনটোক নুবুজোতেই বনিয়ে আত্মহত্যা কৰিলে।

         বণিৰ আত্মহত্যাৰ বাবে কোন দায়ী সেয়া পৰিচালকে স্পষ্টকৈ দেখুৱাই দিয়া নাই। পিছে কাহিনী অনুসৰি বণি আৰু বুলবুলৰ জীৱনত ঘটি যোৱা এই ঘটনাৰ বাবে সিহঁতৰ ঘৰ দুখনে সিহঁতক একো কোৱা নাই। আনকি প্ৰেম কৰাত বাধাও দিয়া নাই। তথাকথিত পৰম্পৰাক খামুচি থকা অতিবিশিষ্ট (!) সমাজখনহে সিহঁতৰ জীৱনপথৰ হেঙাৰ স্বৰূপ হৈ ধৰা দিছে। 

             বণিৰ মৃত্যুৱে সকলোকে ভবাই তোলে যে তথাকথিত মূল্যবোধ, নৈতিকতাই ব্যক্তি জীৱনলৈ কি দুৰ্দশা কঢ়িয়াই আনিব পাৰে। বণিৰ মৃত্যুৱে বণিৰ মাকৰ লগতে সকলো ওচৰ চুবুৰীয়াকে তীব্ৰ মানসিক আঘাত দিয়ে। বুলবুলে এতিয়া প্ৰায়ে অন্যমনস্ক হৈ থাকে। তাইৰ প্ৰেমিকজনে যেতিয়া তাইক লগ ধৰিবলৈ বুলি সুমনক কৈছে তেতিয়া সুমনৰ আগত বুলবুলে কৈছে যে তাই আৰু তাই আৰু তাক (প্ৰেমিকজনক) পাহৰি গৈছে আৰু সিও যাতে বুলবুলক পাহৰি যায়। কৈশোৰ কালৰ এই প্ৰেমৰ বাস্তৱ উপস্থাপনত পৰিচালকে দক্ষতা দেখুৱাইছে। সেইদৰে বণিৰ মৃত্যুৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠানত কীৰ্ত্তন-ভাগৱত পাঠ কৰি থকা ভকত দুজনমানে যেতিয়া 'প্ৰেম' সম্পৰ্কে আলোচনা কৰি প্ৰেম দৈহিক আৰু অতীন্দ্ৰিয় বুলি ব্যাখ্যা কৰিছে তেতিয়া গাঁৱৰ নিৰক্ষৰ মানুহখিনিয়ে মুঠেও বুজি পোৱা নাই। "আজিকালি ল'ৰা-ছোৱালীয়ে ভাল পালে চুমা খায়"- গাঁৱৰ এগৰাকী মহিলাই এইবুলি কৈছে। বাস্তৱত যি দেখিছে তেওঁলোকে তাকে স্বীকাৰ কৰি লৈছে।

       'বুলবুল কেন্ ছিং'ত পৰম্পৰাগত অসমীয়া গ্ৰাম্য সমাজৰ কেতবোৰ অন্ধবিশ্বাসৰ দৃশ্য চিত্ৰিত হৈছে। উদাহৰণ স্বৰূপে বণিৰ মৃত্যুৰ পাছত বুলবুলক চোতালত বহুৱাই বেজে পূজা কৰা অথবা বুলবুলে চুলি কাটিবলৈ লওঁতে মাকে 'আজি শনিবাৰ কিয় চুলি কাটিছা, নাপায়" বুলি কোৱা দৃশ্য দুটিলৈ আঙুলিয়াব পাৰি। সেইদৰে বুলবুলৰ দেউতাকে ঘৰত লোকগীত গাই থকা আৰু বুলবুলহঁতৰ স্কুলত অনুষ্ঠিত গীত মাতৰ অনুষ্ঠানত ভিন্ন লোক নৃত্য, লোকগীত পৰিৱেশন কৰা দৃশ্যবোৰে এফালে যেনেকৈ চিনেমাখনক অধিক বাস্তৱধৰ্মী কৰি তুলিছে সেইদৰে পৰিচালকে অসমৰ সাংস্কৃতিক পৰম্পৰাক বিশ্বত পৰিচয় কৰাই দিবলৈ বিচৰা যেনও বোধ হয়।

          বুলবুলে ধুনীয়াকৈ গান গাব পাৰে। তাইক দেউতাকে গান গোৱাটো বিচাৰে। কিন্তু পৰিতাপৰ বিষয়টো এয়ে যে বুলবুলে মানুহৰ আগত গান গাব নোৱাৰে। তাই ভয় কৰে গাবলৈ। বুলবুলৰূপী নতুন প্ৰজন্মৰ স্বাভাৱিক জীৱন প্ৰবাহত পৰোক্ষভাবে যে সামাজিক গোট হিচাপে থকা মানুহেই প্ৰকান্তৰে হেঙাৰ হৈ থিয় দিয়ে---- চিনেমাখনে যেন তাকেই প্ৰকাশ কৰে। সেইদৰে দেখনীয় চেহেৰাৰ বুলবুলৰ ওপৰত শ্ৰেণী শিক্ষকজনৰ লুলোপ দৃষ্টিয়ে তাইক অধিক অপ্ৰস্তুত কৰি তোলে। সুমনে কয় যে, "তোক চাৰে এনেয়ে নম্বৰ দিব।" প্রকৃততে বাস্তৱত তেনে ঘটনাৰ উদাহৰণ অসংখ্য। অসমৰ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ দৰে আগশাৰীৰ শিক্ষানুষ্ঠানসমূহত এনেধৰণৰ ঘটনা এতিয়াও চলি আছে। ই এফালে যেনেকৈ যোগ্যজনক বঞ্চিত কৰিছে সেইদৰে সমগ্ৰ শিক্ষা ব্যৱস্থাটোকে কলুষিত কৰিছে।

      মানুহৰ আগত গান গাব নোৱাৰা বুলবুলে কিন্তু নিজানত অকলশৰে বহি অথবা বৰষুণত তিতি প্ৰাণখুলি গান গাব পাৰে। ইয়াত মানুহৰ সৈতে প্ৰকৃতিৰ নিবিড় সম্বন্ধৰ কথা প্ৰকাশ পাইছে। সেইদৰে হাড়ভঙা পৰিশ্ৰমেৰে খেতি কৰি সঁজাল ধৰা পথাৰখনত যেতিয়া গৰুৱে ধান খাইছে তাকে দেখি বুলবুলৰ দেউতাক খঙত অগ্নিশর্মা হৈ গৰুৰ গৰাকীৰ সৈতে কাজিয়া কৰা দৃশ্যটো অতি বাস্তৱধৰ্মী হৈছে।

        চিনেমাখনৰ শেষত বুলবুল আৰু বণিৰ মাকক নৈ এখনৰ পাৰত ৰৈ থকা দেখা যায়; য'ত বনিয়ে আত্মহত্যা কৰিছিল। ইয়াত বণিৰ মাকে বুলবুলক কোৱা এষাৰ কথা অতি তাৎপৰ্যপূৰ্ণ। বণিৰ মাকে তাইক কয়, "বেছি মানুহৰ কথা শুনি থাকিলে জীৱনটো ধ্বংস হৈ যাব। মনটোৱে যি কয় সেয়ে শুনিবি।" এনেতে আকাশত এখন ৰামধেনু দেখুৱাই বণিৰ মাকে কৈছে, "সেয়া চা ৰামধেনু।" এই ৰামধেনু জীৱনৰ প্ৰতীক, প্ৰৱল আশাবাদৰ প্ৰতীক।

      'বুলবুল কেন্ ছিং' চিনেমাখন ৰীমা দাসে অভিনয় জ্ঞানৰ একেবাৰে শিক্ষা নথকা, কোনোদিন অভিনয় কৰি নোপোৱা কেইজনমান কিশোৰ-কিশোৰীক লৈ নিৰ্মান কৰিছে। ২০১৯ চনৰ ২০ ছেপ্টেম্বৰত মুক্তি লাভ কৰা চিনেমাখনৰ কাহিনী ৰচনা আৰু সম্পাদনা কৰিছে পৰিচালকে নিজেই। কেন্দ্ৰিয় চৰিত্ৰ 'বুলবুল'ক ৰূপায়ন কৰা অৰ্নালী দাসে অভিনয়ত দক্ষতা দেখুৱাইছে। সেইদৰে বণিৰ চৰিত্ৰত অভিনয় কৰা বণিতা ঠাকুৰীয়া আৰু সুমন চৰিত্ৰত অভিনয় কৰা মনোৰঞ্জন দাসৰ অভিনয় অতি নিখুঁত হৈছে।  চিনেমাখনৰ দৃশ্য গ্ৰহণ অতি নিখুঁত বুলিব পাৰি।  বিশেষকৈ শিল্পীসকলে গম নোপোৱাকৈয়ে কিছুমান দৃশ্য গ্ৰহণ কৰা হৈছে, যিয়ে চিনেমাখনক অধিক বাস্তৱধৰ্মী যেন লগাত সহায় কৰিছে। শব্দ গ্ৰহণৰ দুর্বলতাই দৰ্শকক অসুবিধাত পেলালেও 'subtitle'য়ে সেই দোষক অধিক গুৰুতৰ হ'বলৈ দিয়া নাই। সেইদৰে বুলবুল, বণি আৰু সুমনে কিতাপভৰ্ত্তি বেগ কান্ধত লৈ অযথা বৰষুণত তিতি জুৰুলি জুপুৰি হোৱা দৃশ্যটো নিদিয়া হ'লেও হ'ল হেঁতেন। এনে দৃশ্যই মূল কাহিনীক প্ৰভাৱিত নকৰিলেও পৰিচালকে ইচ্ছা কৰি দিয়া যেনহে অনুভৱ হয়। সেইদৰে বুলবুলৰ স্কুলৰ শিক্ষকসকলৰ কথোপকথনত জঠৰতা দেখা পালেও সি মূল কাহিনীৰ তুলনাত গৌণ হৈ ৰৈছে। শেষত ক'ব পাৰি যে অসমৰ প্ৰেক্ষাপটত নিৰ্মান কৰা চিনেমাখনৰ মূল বক্তব্যক সাৰ্বজনীনতা প্ৰদান কৰাত আৰু কিশোৰ মনঃস্ততক প্ৰতিফলন কৰাত পৰিচালক সফল হৈছে।


Post a Comment

1 Comments