Header Ads Widget

Ticker

6/recent/ticker-posts

প্ৰকাশনৰ দুৰ্নীতিৰূপে কুম্ভীলক বৃত্তি

     প্রকাশন (Publication)ৰ লগত জড়িত যিকোনো অনৈতিক (Unethical) আচৰণকে আমি প্রকাশনৰ দুর্নীতি (Publication Misconduct) বুলি ক'ব পাৰোঁ। জ্ঞান-বিজ্ঞানৰ সৈতে জড়িত বিভিন্ন তথ্য, উদ্ভাৱন, আৱিষ্কাৰ, জ্ঞান আদি প্রকাশনৰ যোগেদি মানুহৰ মাজত বিয়পি পৰে। এক অর্থত প্রকাশনে সমগ্র বিশ্বতে মানৱ সম্প্ৰদায়ৰ মাজত এক প্ৰকাৰৰ যোগাযোগ (Communication)ৰ কাম কৰে। আমাৰ এই আলোচনাত প্রকাশন বুলি কওঁতে বিদ্যায়তনিক গৱেষণাক বিশেষভাবে নির্দেশ কৰা হৈছে। প্রকাশনৰ দুর্নীতিয়ে গৱেষণাৰ বাবে ব্যয় কৰা সকলো প্রচেষ্টা, সময় আৰু অৰ্থৰ অপব্যয় কৰায় আৰু সামগ্রিকভাৱে গোটেই গৱেষণা ক্ষেত্রখনকে প্ৰভাৱিত কৰি ক্ষতি কৰে। প্ৰকাশনৰ দুর্নীতি গৱেষণা কৰ্মৰ নৈতিকতা (Ethics)ৰ সৈতে জড়িত এটা অতি গুৰুতৰ সমস্যা। প্রকাশনৰ দুর্নীতিয়ে সাধাৰণতে কুম্ভীলক বৃত্তি (Plagiarism), তথ্য নির্মাণ (Fabrication), তথ্য মিথ্যাকৰণ (Falsification), অনুপযুক্ত লেখক (Inappropriate Authorship), প্রতিৰূপ দাখিল/একাধিক দাখিল (Duplicate Submission/Multiple Submission), ওপৰা-উপৰি প্ৰকাশন (Overlapping Publication), খণ্ডিত প্রকাশন (Salami Publication) আদি বিষয়সমূহক সামৰি লয়। ইয়াৰ উপৰিও Plagiarism and copyright infringement, Authorship disputes, Peer review misconduct, Citation manipulation, Gift Authorship, Ghost Authorship, Selective Reporting, Breach of Confidentiality (গোপনীয়তাৰ উলংঘন), Uniformed consent, Non-Disclosure of Conflict of Interest আদি দিশসমূহকো প্রকাশনৰ দুর্নীতিয়ে সামৰি লয়। আমাৰ এই আলোচনাত প্রকাশনৰ দুর্নীতি স্বৰূপে কেৱল ইয়াৰে কুম্ভীলক বৃত্তি (Plagiarism)ৰ বিষয়েহে আলোকপাত কৰা হৈছে।    

    সাধাৰণ অৰ্থত কুম্ভীলক বৃত্তি (Plagiarism) হৈছে আনৰ কাম, চিন্তা বা উদ্ভাৱন, ধাৰণা ৰচনা আদি কৃতজ্ঞতা প্রকাশ নকৰাকৈ বা সঠিক প্রসংগ নিদিয়াকৈ নিজৰ বুলি প্ৰকাশ কৰা কাৰ্য। "ইংৰাজী ভাষাত এনে কামক Plagiarism (প্লেজ্যৰিজম্) বুলি কোৱা হয়। ই এক ধৰণৰ চৌর্যকর্ম যদিও প্লেজ্যৰিজম্ শব্দটোৱে নিদিষ্টভাৱে বৌদ্ধিক চৌর্যকার্যহে বুজায়। এই কার্যক বুজাবলৈ সংস্কৃত ভাষাত 'কুম্ভিলক' শব্দটো ব্যৱহাৰ কৰা হৈছে।" ইংৰাজী Plagiarism শব্দটো লেটিন ভাষাৰ 'Plagiarius' শব্দৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয়। এই 'Plagiarius' শব্দৰ অৰ্থ হৈছে- abducting, kidnapping, seducing বা plundering। আকৌ পৰৱৰ্তীকালত এই Plagiarism শব্দৰ বহুতো সংজ্ঞা নিৰূপণ কৰা হৈছে।

Merriam-Webster Online Dictionary -ৰ মতে কুম্ভীলক (to plagiarize) ৰ অৰ্থ হৈছে-

  • চুৰি কৰা কাৰ্য আৰু আনৰ ধাৰণা বা শব্দ নিজৰ বুলি কোৱা; মূল উৎসৰ কৃতিত্ব নিদিয়াকৈ আনৰ সামগ্ৰী ব্যৱহাৰ কৰা। [to steal and pass off (the ideas or words of another) as one's own: use (another's production) without crediting the source]
  • সাহিত্যিক চৌর্যকার্য; পূৰ্বৰ কোনো উৎসৰ পৰা আহৰণ কৰা কোনো এটা ধাৰণা বা সামগ্রী নতুন আৰু মৌলিক হিচাপে উপস্থাপন কৰা কাৰ্য। (to commit literary theft: present as new and original an idea or product derived from an existing source)

অক্সফর্ড ইডিনভার্চিটি (University of Oxford)-ৰ মতে-

    "সম্পূর্ণ স্বীকৃতি অবিহনে আনৰ কোনো কৰ্ম বা ধাৰণা সন্মতিৰ সৈতে বা অবিহনে নিজৰ বুলি প্রকাশ কৰা। এই সংজ্ঞাই সকলো প্রকাশিত আৰু অপ্রকাশিত সামগ্রী, পাণ্ডুলিপি, মুদ্রিত বা ইলেক্ট্রনিক ৰূপতে হওঁক সকলোকে সামৰি লয়"। (Plagiarism is presenting someone else's work or ideas as your own, with or without their consent, by incorporating it into your work without full acknowledgment. All published and unpublished material, whether in manuscript, printed or electronic form, is covered under this definition.)

    গতিকে দেখা গ'ল যে, plagiarism বা কুম্ভীলক বৃত্তিৰ প্ৰসংগ তেতিয়াই আহে যেতিয়া মূল উৎসৰ কৃতজ্ঞতা স্বীকাৰ নকৰাকৈ কোনো তথ্য, ধাৰণা, বিষয় আদিৰ পুনৰ ব্যৱহাৰ কৰা হয়। "কুম্ভিলক বৃত্তি কেৱল এজন ব্যক্তিৰ বাবেই নহয়, এটা প্রতিষ্ঠান বা এখন দেশৰ বাবেও ই অসন্মানৰ কথা। গৱেষণা কর্ম বা বিদ্যায়তনিক কর্মত কুম্ভীলক বৃত্তিক কোনো ক্ষেত্রতে প্রশ্রয় দিয়া নহয়। এখন দেশৰ গুণগত গৱেষণাৰ ফল নিৰ্ভৰ কৰে দেশখনৰ গৱেষকসকলৰ সৃষ্টিশীলতা, পৰিশ্ৰম, নতুনত্ব, উদ্ভাৱন, আন্তৰিকতা, সাধুতা আৰু সততাৰ ওপৰত"।

    কুম্ভীলক বৃত্তিৰ আকৌ প্রকৃতি অনুসৰি ইয়াক বিভিন্নজনে বিভিন্ন ধৰণেৰে প্ৰকাৰ বিভাজন কৰি দেখুৱাইছে। প্রকৃতি অনুসৰি আমি কুম্ভীলক বৃত্তিক মূলতঃ এনেদৰে ভাগ কৰিব পাৰোঁ-

  • প্রতক্ষ্য বা সম্পূর্ণ কুম্ভীলক বৃত্তি (Complete Plagiarism): এই প্ৰকাৰৰ কুম্ভীলক বৃত্তিত আনৰ কৰ্ম হুবহু চুৰি/নকল কৰা হয়।
  • পোনপটীয়া কুম্ভীলক বৃত্তি (Direct Plagiarism): সম্পূর্ণ কুম্ভীলক বৃত্তিৰ তুলনাত ইয়াত মূল পাঠৰ কোনো নির্দিষ্ট শাখা বা অনুচ্ছেদ চুৰি কৰা হয়।
  • পেৰাফ্ৰেজিং কুম্ভীলক বৃত্তি (Paraphrasing Plagiarism): এই প্ৰকাৰৰ কুম্ভীলক বৃত্তিত মূল পাঠৰ কেইটামান শব্দ বা বাক্যাংশ সাল-সলনি কৰি পুনৰ ব্যৱহাৰ কৰা হয়।
  • স্ব-কুম্ভীলকতা বা আত্ম-চৌর্যবৃত্তি (Self- Plagiarism): এই প্ৰকাৰৰ কুম্ভীলক বৃত্তিত লেখকৰ পূৰ্বতে প্রকাশিত নিজৰ পাঠ বা ধাৰণা আদি সঠিক উদ্ধৃতি বা প্রসংগ নিদিয়াকৈ পুনৰ ব্যৱহাৰ কৰা হয়।
  • পেটচ্ ৱৰ্ক কুম্ভীলক বৃত্তি (Patchwork Plagiarism): এই প্ৰকাৰৰ কুম্ভীলক বৃত্তিত এজন লেখকে কেইবাটাও উৎসৰ পৰা বা কেইবাজনো লেখকৰ সামগ্ৰী প্ৰতিলিপি কৰি মূল উৎসৰ স্বীকাৰ নকৰাকৈ সিবোৰ পুনৰ সজ্জিত কৰি প্ৰকাশ কৰে।
  • উৎস আধাৰিত কুম্ভীলক বৃত্তি (Source-based Plagiarism): এই প্ৰকাৰৰ কুম্ভীলক বৃত্তিত মূল উৎসবোৰ সঠিককৈ উল্লেখ নকৰা বা ভুল উৎসৰ উদ্ধৃতি দিয়া অথবা নিজে উৎস নিৰ্মাণ কৰি উদ্ধৃতি দিয়া হয়।
  • আকস্মিক কুম্ভীলক বৃত্তি (Accidental Plagiarism): মূল উৎসৰ উদ্ধৃতি দিবলৈ পাহৰি যোৱা, মূল উৎসৰ উদ্ধৃতি সঠিক ৰূপত নিদিয়া, উদ্ধৃতি দিওঁতে বন্ধনী, উর্দ্ধকমা আদি দিয়াত ব্যর্থ হোৱাৰ ফলত এই প্ৰকাৰৰ কুম্ভীলক বৃত্তি সংঘটিত হয়।


Turnitin.com-ৰ মতে কুম্ভীলক বৃত্তিৰ প্ৰকাৰ সমূহ হৈছে-

  • Clone- আনৰ কৰ্মৰ প্ৰতিতো শব্দ নিজৰ বুলি প্ৰকাশ কৰা।
  • CTRL+C- এটা পাঠৰ গুৰুত্বপূৰ্ণ অংশসমূহ একে ৰূপত ৰাখি ব্যৱহাৰ কৰা হয়।
  • Find-Replace- উৎসৰ প্ৰয়োজনীয় বক্তব্য বহাল ৰাখি বীজ শব্দ (Key word) আৰু বাক্যাংশৰ সলনি কৰা হয়।
  • Remix- একাধিক উৎসৰ পৰা পাঠাংশসমূহ সংগ্ৰহ কৰি একেলগ কৰা হয়।
  • Recycle- উদ্ধৃতি নিদিয়াকৈ কোনো লেখকৰ পূৰ্বৰ কৰ্ম ধাৰে লোৱা বা গ্রহণ কৰা হয়।
  • Hybrid- উদ্ধৃতি নিদিয়াকৈ মূল উৎসৰ পাঠাংশ আৰু সিবোৰৰ উদ্ধৃতিও নকল কৰা হয়।
  •  Mashup- একাধিক উৎসৰ পৰা তথ্য লৈ সংমিশ্ৰণ কৰা হয়।
  • 404 Error- মূল উৎসৰ সম্পৰ্কে অস্তিত্বহীন (Non-existent) আৰু অশুদ্ধ (inaccurate) উদ্ধৃতিৰ প্ৰয়োগ কৰা হয়।
  • Aggregator- সঠিক উদ্ধৃতি বা প্ৰসংগৰ প্ৰয়োগ কৰা হয় যদিও এনে কৰ্মৰ কোনো মৌলিকত্ব নাথাকে।
  • Re-Tweet- সঠিক উদ্ধৃতিৰ প্ৰয়োগ কৰা হয় যদিও মূল পাঠ বা উৎসৰ ওপৰত অধিক নিৰ্ভৰ কৰা হয়।
    এনেদৰে আমি কুম্ভীলক বৃত্তিৰ স্বৰূপ আৰু বৈশিষ্ট্য অনুসৰি ইয়াৰ বিভিন্ন প্ৰকাৰ দেখিবলৈ পাওঁ। সেইদৰে প্ৰকাশনৰ ক্ষেত্ৰত এই কুম্ভীলক বৃত্তিৰ পৰা হাত হাৰিবলৈ বিভিন্নজনে নানা উপায় আৰু পৰামৰ্শ দাঙি ধৰিছে। সিবোৰৰ বিষয়ে বিতংভাবে আলোচনা কৰাৰ পৰা বিৰত থাকিও আমি ক'ব পাৰোঁ যে, যেতিয়া আমি আনৰ পৰা যিকোনো তথ্য বা ধাৰণা আদি গ্ৰহণ কৰোঁ তেনে ক্ষেত্ৰত মূল উৎসৰ প্ৰাপ্তি স্বীকাৰ কৰাতো আৱশ্যক। সঠিক ৰূপত উদ্ধৃতিৰ ব্যৱহাৰ তথা উর্দ্ধকমা, বন্ধনী আদি উদ্ধৃতিৰ চিহ্নসমূহৰ সঠিক ব্যৱহাৰ, মূল উৎসৰ কৃতজ্ঞতা স্বীকাৰ আদিৰ দ্বাৰা আমি কুম্ভীলক বৃত্তিৰ পৰা আঁতৰি থাকিব পাৰোঁ। সর্বোপৰি, প্ৰকাশনৰ ক্ষেত্ৰত আমি অনৈতিক আচৰণ (Unethical practice)ৰ পৰা বিৰত থাকি কুম্ভীলক বৃত্তিৰ পৰা হাত সাৰি থাকিব পাৰোঁ। অধ্যাবসায় তথা গভীৰ অধ্যয়নৰ দ্বাৰা আমি যথাসম্ভর নিজা শৈলী (Own style) এটা সৃষ্টি কৰাৰ প্ৰয়াস কৰিব পাৰোঁ। ইয়ে আমাক আমাৰ ৰচনাৰ বা প্রকাশনৰ মান উন্নত কৰিব।

    দেখা যায় যে, সাম্প্রতিক কালত কুম্ভীলক বৃত্তিক এটা দণ্ডনীয় অপৰাধ হিচাপে ধৰা হৈছে। প্রকাশনৰ ক্ষেত্ৰত, বিশেষকৈ গৱেষণা কর্মত- গৱেষণা প্ৰত্রিকা, গৱেষণা গ্রন্থ, অন্যান্য গ্রন্থ, প্রবন্ধ আদিৰ ক্ষেত্ৰত কুম্ভিলক বৃত্তিয়ে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। কুম্ভিলক বৃত্তিৰ সৈতে জড়িত হৈ বহু লোকে সমাজত স্থান-মান হেৰুৱাৰ লগতে পদবী আদি হেৰুৱা ঘটনাও সততে দেখিবলৈ পোৱা গৈছে। কুম্ভীলক বৃত্তিৰ সৈতে সেয়েহে নৈতিকতাৰ ধাৰণাও জড়িত হৈ আছে। সাধুতা, সততা, কর্তব্যনিষ্ঠাতা, স্বকীয়তা আদিৰ অভাৱ কুম্ভীলক বৃত্তিৰ অন্যতম কাৰক হ'ব পাৰে। সেইবাবে বিদ্যায়তনিক ক্ষেত্তত বিশেষকৈ কুম্ভীলক বৃত্তিক ৰোধ কৰিবলৈ চৰকাৰ অথবা শৈক্ষিক প্রতিষ্ঠানসমূহে প্রকাশনৰ ক্ষেত্ৰত কিছুমান নীতি-নিৰ্দেশনা তৈয়াৰ কৰিব লগা হয়। কুম্ভীলক বৃত্তিৰ বাবে প্রকাশন প্রতিষ্ঠানে নিজাকৈয়ো নীতি নির্ধাৰণ কৰা দেখা যায়। সেইদৰে আজিকালি কিছুমান কম্পিউটাৰ চফটৱেৰ (Anti-Plagiarism Software/plagiarism detection tool)ৰ সহায়তো কুম্ভীলক বৃত্তি ৰোধ কৰাৰ প্ৰচেষ্টা কৰা হয়। শেষত ক'ব পাৰি যে, ইচ্ছাকৃতভাৱেই হওঁক বা অনিচ্ছাকৃতভাৱেই হওঁক প্রকাশনৰ ক্ষেত্ৰত কুম্ভিলক বৃত্তি এটা অপৰাধ আৰু ইয়াক আমি সকলোৱে পৰিহাৰ কৰা উচিত।


প্রসংগ সূত্রঃ

১. SAGE Publication, প্রৱেশ জুলাই ২৪, ২০২২,

https://in.sagepub.com/en-in/sas/types-of-publication-misconduct

২. বৰা, দিলীপ, গৱেষণা পদ্ধতি বিতর্ক আৰু সিদ্ধান্ত, পৃ.১৫০।

৩. "Merriam-Webster Online Dictionary," প্রৱেশ জুলাই ২১, ২০২২,

https://www.merriam-webster.com/dictionary/plagiarize

8. "University of Oxford," প্রৱেশ জুলাই ২২, ২০২২,

https://www.ox.ac.uk/students/academic/guidance/skills/plagiarism

৫. "SWAYAM e-text," প্ররেশ জুলাই ১৯, ২০২২,

https://drive.google.com/file/d/18D74JhH_6Y3HWDI0JGrOyUwt-ti005_2/view

৬. "Turnitin.com", প্রৱেশ জুলাই ২৫, ২০২২

https://www.turnitin.com/static/plagiarism-spectrum/

৭."Grammarly.com," প্রৱেশ জুলাই ২২, ২০২২,

https://www.grammarly.com/blog/types-of-

plagiarism/?gclid=Cj0KCQjw8uOWBhDXARISAOxKJ2E7bhVXanD7sK7FDhMEiPuKu QLHHbshSSihIC-e6DkUbbm2KhcjuYcaAiuME.ALw_wcB&gclsrc=aw.ds

সহায়ক গ্রন্থপঞ্জীঃ

বৰা, দিলীপঃ গৱেষণা পদ্ধতি বিতর্ক আৰু সিদ্ধান্ত (২০১৭), ৰেখা প্রকাশন, গুৱাহাটী।




Post a Comment

0 Comments