সাধাৰণ অৰ্থত পৰিভাষা বা পাৰিভাষিক শব্দই জ্ঞান-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত
বিশেষ কোনো অর্থত বিশেষভারে প্রয়োগ হোৱা শব্দক বুজায়। অথবা পৰিভাষা হৈছে এক
নিদিষ্ট ক্ষেত্ৰৰ লগত সম্পর্কিত বিশেষত্বসূচক শব্দ আৰু অৰ্থৰ গোট। জ্ঞান-বিজ্ঞানৰ
বিভিন্ন ক্ষেত্র যেনে- সমাজশাস্ত্র, ৰাজনীতিবিজ্ঞান, অর্থনীতিবিজ্ঞান,
ৰসায়নবিজ্ঞান, পদার্থবিজ্ঞান, আইনশাস্ত্র, মনোবিজ্ঞান, দর্শন,
বেংক আদি বিষয়সমূহৰ নিজৰ নিজৰ ক্ষেত্ৰত এই পাৰিভাষিক শব্দই স্পষ্ট
আৰু বাঞ্ছিত ভাবৰ নিশ্চিত অর্থ প্রকাশ কৰিব পাৰে। নিজৰ ক্ষেত্ৰখনৰ ভিতৰত এই
শব্দবিলাকে একো একোটা বিশিষ্ট অর্থ প্রকাশ কৰে। "অৰ্থ আৰু প্ৰয়োগৰ দৃষ্টিৰে
নিশ্চিত বা পৰিভাষিত হৈ থকাৰ কাৰণে এনে শব্দবিলাকক পাৰিভাষিক শব্দ আখ্যা দিয়া
হৈছে"।১
থোৰতে পৰিভাষাই
তলত দিয়া দিশসমূহক সামৰি লয়-
১. এক নির্দিষ্ট ক্ষেত্ৰৰ লগত সম্পর্কিত বিশেষত্বসচুক শব্দ
আৰু অৰ্থৰ গোট।
২. কোনো বিষয় সম্পর্কে সুনির্দিষ্টভারে প্রক্ষেপিত একক শব্দ
বা যৌগিক শব্দ বা বহু শব্দৰ অভিব্যক্তি।
৩. প্রসংগজনিত শব্দ বা বিষয়, যি শব্দ বা বিষয়ৰ সাধাৰণ অৰ্থৰ বিচ্যুতিগত
ৰূপ। অর্থাৎ একো একোটা অৰ্থৰ প্ৰকাশক।
আনহাতে অধ্যয়নৰ
এটা শাখা হিচাপে পৰিভাষাবিজ্ঞানে পাৰিভাষিক শব্দৰ বিকাশ আৰু এটা বিশেষ ক্ষেত্ৰৰ
ভিতৰত ইয়াৰ পাৰস্পৰিক সম্পৰ্ক অধ্যয়ন কৰে। পৰিভাষাবিজ্ঞানত অধ্যয়নৰ ধাৰণা (Study of concept), ধাৰণাগত প্ৰণালী (Conceptual
system), আৰু ইয়াৰ অন্তর্গত শব্দাৱলী (terms)ৰ
অধ্যয়ন কৰা হয়। পৰিভাষাবিজ্ঞানে মূলতঃ তলত দিয়া দিশসমূহক সামৰি লয়-
১. কাৰ্যকলাপৰ কোনো ক্ষেত্র বা ক্ষেত্রত ব্যৱহৃত ধাৰণা আৰু ধাৰণাগঠন বিশ্লেষণ কৰা।
২. ধাৰণাসমূহৰ বাবে আৰোপিত শব্দসমূহ চিনাক্ত কৰা।
৩. বহুভাষিক বা দ্বিভাষিক পাৰিভাষিক শব্দৰ ক্ষেত্ৰত বিভিন্ন
ভাষাৰ মাজত থকা শব্দৰ সাদৃশ্য নিৰ্মাণ কৰা।
দৰাচলতে, দৈনন্দিন জীৱনত আমি বিভিন্ন ক্ষেত্ৰত
সিবোৰৰ লগত জড়িত বিভিন্ন পাৰিভাষিক শব্দৰ প্ৰপ্রয়োগ কৰোঁ। এই শব্দবিলাকে সেই বিশেষ
ক্ষেত্ৰখনৰ কিছুমান বস্তুৰ বা ধাৰণাৰ বা বিষয়ৰ ছবি আমাৰ চকুৰ আগত দাঙি ধৰে।
সামগ্ৰিকৰূপত এই শব্দসমূহে সংশ্লিষ্ট ক্ষেত্ৰখনৰে এক পৰিৱেশ, পৰিচয় আনি দিয়ে। যেনে- এল.বি.ডব্লিউ, হিট উইকেট,
ন' বল, ফ্রী হিট আদি
শব্দই ক্রিকেটৰ জগতখনৰ ছবি বা পৰিৱেশ এটা মনলৈ আনি দিয়ে। অথবা বেঞ্চ, মেজ, ডাষ্টাৰ, চক্, ব্লেকবর্ড আদিয়ে শ্রেণী কোঠাৰ পৰিৱেশ এটা আনি মনঃচক্ষুৰে আমাক প্ৰত্যক্ষ
কৰাইহি। এইদৰে আমি সকলো বিষয় বা ক্ষেত্রতে নিজা নিজা পাৰিভাষিক শব্দৰ প্ৰয়োগ দেখা
পাওঁ। কিন্তু সেয়ে হ'লেও পৰিভাষাবিজ্ঞানে বা পাৰিভাষিক শব্দৰ
চৰ্চাই জ্ঞান-বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰ অথবা শাস্ত্রীয় বিষয়ৰ ক্ষেত্ৰত প্রয়োগ হোৱা
পাৰিভাষিক শব্দসমূহকহে আলোচ্য বিষয় হিচাপে সামৰি লয়। আকৌ এই পাৰিভাষা বা পাৰিভাষিক
শব্দ অনুবাদ ক্ষেত্ৰখনৰ লগত বিশেষভারে সম্পর্কিত বা অনুবাদৰ ক্ষেত্ৰত ইয়াৰ এক
সুকীয়া গুৰুত্ব আছে। বিদ্যায়তনিক ক্ষেত্রত অনুবাদ শিক্ষণত বা অনুবাদৰ বিভিন্ন
স্কুলত অনুবাদৰ সমান্তৰালকৈ বা ইয়াৰ অন্তর্গতভারে পৰিভাষাবিজ্ঞানকো সাঙুৰি লোৱা
হয়।
পাৰিভাষিক শব্দৰ প্ৰকৃতিৰ বিষয়ে যদি আমি
আলোচনা কৰোঁ তেতিয়া দেখিম যে সাধাৰণ বিষয়ৰ পাৰিভাষিক শব্দতকৈ জ্ঞান-বিজ্ঞান বা
শাস্ত্রীয় বিষয়ৰ (যাক আমি পৰিভাষাবিজ্ঞানৰ আলোচ্য বিষয় বুলি আগতে উল্লেখ কৰিছোঁ)
পৰিভাষাৰ প্ৰকৃতি সুকীয়া। সাধাৰণ বিষয়ৰ তুলনাত শাস্ত্রীয় বিষয়ৰ পৰিভাষা নির্দিষ্ট
বা বিশেষ ক্ষেত্রকেন্দ্রিক তথা নিয়ন্ত্রিত। ই কম শব্দ প্ৰয়োগৰ পক্ষপাতী আৰু একে
অৰ্থৰ কাৰণে বেলেগ বেলেগ শব্দ প্ৰয়োগৰ প্ৰচলনৰ বিৰোধী। অৰ্থাত আমি এনেকৈ কব পাৰোঁ
যে, পৰিভাষাৰ দ্বাৰা
সংক্ষেপে কোনো বিষয় বা ধাৰণা সুনির্দিষ্টভাৱে ব্যক্ত কৰিব পৰা যায়। ই কোনো বিষয় বা
ধাৰণা সম্পর্কে সুনির্দিষ্ট, সংক্ষেপার্থ আৰু সংশয়মুক্ত
শব্দ।
পৰিভাষাৰ বিভিন্ন সংজ্ঞাইয়ো ইয়াকে কয়। যেনে-
Merriam Webster e-dictionary-ৰ মতে-
- কোনো ব্যরসায়, কলা, বিজ্ঞান বা বিশেষ বিষয়ত ব্যৱহৃত
কাৰিকৰী বা বিশেষ শব্দ। (the technical or special term used in a
business, art, science, or special subject)২
Cambridge Dictionary-ৰ মতে-
- কোনো নির্দিষ্ট বিষয় বা কাৰ্যকলাপৰ সম্পৰ্কত ব্যৱহৃত বিশেষ
শব্দ বা অভিব্যক্তি। (special words
or expressions used in relation to a particular subject or activity.)৩
Wikipedia (Eng)-ৰ মতে-
- পৰিভাষা হৈছে এটা বিশেষ ক্ষেত্ৰৰ বিশেষ
শব্দ আৰু সংশ্লিষ্ট অৰ্থৰ এক গোট। লগতে এনে শব্দ আৰু সিবোৰৰ ব্যৱহাৰৰ অধ্যয়ন; যাক পৰিভাষা বিজ্ঞান বুলিও কোৱা হয়। (Terminology
is a group of specialized words and respective meaning in a particular field,
and also the study of such term and their use; the letter meaning is also known
as terminology science.)৪
প্রকৃতি অনুসৰি আকৌ পৰিভাষাক তিনিটা প্ৰকাৰত ভাগ কৰা হয়।
সেইবোৰ হৈছে-
১. সাধাৰণ পাৰিভাষিক শব্দঃ
আমাৰ দৈনন্দিন
জীৱনৰ বিশেষ কোনো ক্ষেত্ৰৰ লগত জড়িত শব্দবিলাক এই ধৰণৰ শব্দ। চৌকা, কেৰাহী, হেতা,
কাঁহী-বাতি আদিবিলাক পাকঘৰৰ লগত জড়িত বিশেষ শব্দ। এনেবিলাক শব্দ
সম্পর্কে পাৰিভাষিক শব্দৰ ৰূপত বিদ্যায়তনিকভাবে তেনেকৈ চর্চা কৰিবলগীয়া নাই।
২. অর্ধপাৰিভাষিক শব্দঃ
কিছুমান শব্দ
সাধাৰণ অৰ্থত অথবা সাধাৰণ পদৰ ৰূপত প্রয়োগ হোৱাৰ লগতে কোনো বিশেষ ক্ষেত্রত বিশেষ
অর্থতো প্রয়োগ হয়। উদাহৰণ স্বৰূপে, 'অর্থ' নামৰ শব্দটোৰ কথাকে ক'ব পাৰি। সাধাৰণভাৱে অর্থ শব্দই 'মানে'
(Meaning), অর্থাৎ শব্দৰ অন্তর্নিহিত তাৎপৰ্যৰ কথা সূচায়। কিন্তু
বিশেষ ক্ষেত্ৰত অথবা পাৰিভাষিকভাবে 'অর্থ' শব্দটো ভাৰতীয় চিন্তাধাৰাৰ চাৰিবৰ্গ (ধৰ্ম, অর্থ,
কাম, মোক্ষ)ৰ ভিতৰত এটা। আকৌ অন্য এক বিশেষ
ক্ষেত্রত ইয়াক (অর্থ নামৰ শব্দটোক) ধন-সম্পত্তি (wealth) বুজাবলৈ
ব্যৱহাৰ কৰা হয়। অর্থনীতি বা অর্থশাস্ত্রত 'অর্থ' শব্দই এই পাৰিভাষিক অর্থ সূচায়। সেইদৰে 'ধাতু'
শব্দটো সাধাৰণ অৰ্থত তাপ আৰু বিদ্যুৎ পৰিবাহী এবিধ খনিজ পদার্থ।
আয়ুর্বেদ শাস্ত্রস্ত্ৰত আকৌ ই শৰীৰক ধাৰণ কৰি থকা তিনিটা বস্তু- কফ, বায়ু, পিত্ত। ব্যাকৰণ শাস্ত্ৰৰ মতে আকৌ 'ধাতু' হৈছে ক্ৰিয়াৰ মূল।
৩. পূৰ্ণ পাৰিভাষিক শব্দঃ
কিছুমান শব্দ
জ্ঞান-বিজ্ঞানৰ বিশেষ বিশেষ ক্ষেত্রত কেরল বিশিষ্ট অৰ্থৰ বাবেহে প্রয়োগ হয়। অন্য
সাধাৰণ অৰ্থত এইবিলাক শব্দৰ প্ৰয়োগ নহয়। এইবিলাক শব্দই হৈছে পূৰ্ণ পাৰিভাষিক শব্দ।
ন্যায়াধীশ (আইন), ধ্বনিগ্রাম (ভাষাবিজ্ঞান), বস্তুতত্ত্ব, সংগ্রহণ (তুলনামূলক সাহিত্য), স্রোতভাষা, লক্ষ্যভাষা (অনুবাদ তত্ত্ব) আদিবিলাক এনে পূর্ণ পাৰিভাষিক শব্দৰ উদাহৰণ।
(বেজবৰা, ২০১১, পৃ.১৫০)
এনেদৰেই আমি
পৰিভাষাৰ প্ৰকৃতি তথা ইয়াৰ স্বৰূপ, ইয়াৰ বিভিন্ন প্ৰকাৰ আৰু অধ্যয়নৰ এটা বিষয় হিচাপে
পৰিভাষাবিজ্ঞানৰ পৰিধিৰ বিষয়ে চমুকৈ আলোচনা কৰিব পাৰোঁ।
প্রসংগ সূত্ৰ আৰু সহায়ক গ্রন্থপঞ্জীঃ
১. বেজবৰা, নীৰাজনা মহন্ত, (২০১১); অনুবাদঃ
তত্ত্ব আৰু প্রয়োগ; ডিব্ৰুগড়ঃ বনলতা
২. "Merriam-Webster
Online Dictionary", প্রৱেশ জুলাই ২৮, ২০২২
https://www.merriam-webster.com/dictionary/terminology
৩. "Cambridge
English Dictionary", প্রৱেশ জুলাই ২৯, ২০২২
https://dictionary.cambridge.org/dictionary/english/terminology
8. "Wikipedia", প্রৱেশ জুলাই ২৯,
https://en.wikipedia.org/wiki/Terminology
0 Comments