Header Ads Widget

Ticker

6/recent/ticker-posts

কোনোবা শীতৰ এটা বগা সন্ধিয়াত

কোনোবা শীতৰ এটা বগা সন্ধিয়াত

(হৰি বৰকাকতি)


কোনোবা শীতৰ এটা বগা সন্ধিয়াত

পাক খোৱা কুঁৱলীৰ সাপ-ঢেঁচা আঙুলিত লাগি

মনে যদি কয় তুমি পাহৰিব খোজা কথাবোৰ

অৱচেতনাৰ আঁৰে আঁৰে জী থকা কথা,

কল্পনাৰ ৰেখাবোৰ যদি হই পৰে

একাবেঁকা, পুৰণি দিনৰ শিহৰণ লাগি

উছলি উঠে, মৰহি পৰা প্ৰাণৰ বিগত যৌৱন

অস্বীকাৰ নকৰিবা তাক।

কাণ পাতি শুনি যাবা

ৰিক্ত প্ৰাণৰ শতিকাময় ইতিহাস।

মোৰ কথা তাতে পাবা

হেৰাই যদি ম‍ই যাওঁ

সিয়ে ক'ব, মই কোৱা দৰে


               

----- স্বপ্ন দেখিছিলোঁ

বাটৰ দাঁতিত হই ক'লা-বগা শিল

ৰ'ই যাম বহুত শতিকা ।

কেতিয়াবা কোনোবাই প্রাণ নিজৰাৰ পানী

সিঁচি, জগাই তুলিব মোক

আকউ এবাৰ...

... পাৰা যদি

দুচকুত চিনাকি অঞ্জন সানি

পুৰণি দিনৰ স্মৃতি

তুলিবা জগাই,

বাটে ঘাটে পৰি ৰোৱা

বন পোৰা ছাই কণিকাৰে।



ভগাছিগা টুকুৰাটুকুৰ কথাবোৰ

আকউ জোৰাই চাবা

অৰ্থ তাৰ পোৱানে নোপোৱা।

সেয়া মোৰে, ময়ে ভুলে-চুকে কোৱা কথা ।

সৃষ্টিৰ কঠিয়া সিঁচি

ডলাৰ বগৰী হই বাগৰি ফুৰোঁতে ---

পৃথিৱীৰ কোমল বুকুত মোৰ সেইবোৰ

দুভৰিৰ ৰেখা।

মচা নাই সেইবোৰ, জানো মই,

আৰু জানো, তুমি তাকে নিতউ বিচাৰি যাবা

সেয়ে মোৰ শেষ অনুৰোধ

কোনোবা শীতৰ এটা বগা সন্ধিয়াত ---


(উৎস: বৰা, মহেন্দ্ৰ(সম্পা.) নতুন কবিতা যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ সংকলন, বনলতা, ডিব্ৰুগড়, পঞ্চম সংস্কৰণ: ছেপ্টেম্বৰ,২০০৮)

Post a Comment

0 Comments