জাৰৰ দিনৰ সপোন
(হেম বৰুৱা)
হাড় চেঁচা পৰা কুঁৱলী আৰু
কাল-শণ্ডণৰ পাখিৰ তলিৰ উম, ইয়াৰেই আমাৰ
এশ-এবুৰি স্বপ্নৰ কামিহাড় ৰচনা হয়। আজিৰ মহঙা
দিনত এটা সপোনৰ কিমান দাম?
ফেৰাৰ কবি, আমাৰ স্মৃতিৰ গুহাৰ মকৰাজালত
কিমান স্বপ্ন লীন গৈ আছে। জানানে তুমি?
বীৰ গদাধৰ, জাৰৰ দিনত পৰেনে মনত নাগিনীৰ প্ৰেম?
(নিপোটল বুকুত, লাটুমণি ওঁঠ, দুয়োপাৰি দাঁত ডালিম-গুটি।)
সোণপাহী, তুমি আহিছা। আহাঁ। তোমাৰ হাতৰ কাচিত
হেজাৰ যুগৰ শাণ। (উজায়ে আহিছে চ'ৰা নাওখনি,
উজায়ে আহিছে টিঙ... ...)।
আমাৰ চকুত আশাৰ নেজাল তৰা, এই জ্বলে। এই মৰে।
বালিমাহীৰ ময়ূৰ-চালিত, ৰুদ্ধ পৰাণত সাত সাগৰৰ বান
নামে। মৰি কলঙত বৰষাৰ ঢল। পাৰত, বিহ-মেটেকাৰ
পোহাৰ বহিছে। জনতাৰ হেঁচা-ঠেলা।
তোমাৰ লাৱনী দুবাহুত একোটা মেটমৰা ডাঙৰিৰ বল ।
আমাৰ বাহুত
হেজাৰ যুগৰ শৌর্য্য-বীৰ্য্য। হাতত তোমাৰ কাচিৰ নাচ।
চকুৰে নমনা সোণালী ধান কপালত কেঁচা মুকুতাৰ থোপা।
চেনাই ঐ, মৰণা মাৰোঁগৈ আহাঁ। .....
জুহালৰ জুই-পোহৰত তুমি। মোৰ পৰাণৰ নিফুট কোণত
তুঁহ জুইৰ জুই জ্বলে।.... উস্, তোমাৰ বৰফ-সেমেকা ওঁঠ।
মৰা পৃথিৱীত তেজৰ আৰতি। এটা টুনী আহে। দুটা টুনী আহে।
এটা ধান নিয়ে। দুটা টান নিয়ে। ... ধানৰ দ'মত তেজপিয়াৰ
ৰণ-চালি। তেজপিয়াৰ বংশ নাশলৈ কিমান দিন
বাকী? আৰু কিমান কিমান দিন?
শীতৰ অন্তত আকৌ আহিব নিলাজী ফাগুন। বহাগী বিহু।
ৰাঙলী দিন। কপৌ ফুল। কুলি কেতেকীৰ গানৰ শৰাই।
আকৌ আহিব দিখৌত বান। কমৰেড, শঙ্কা কিহৰ?
প্ৰথম নিশাৰ অপৰিচিতা পত্নীৰ দৰে, থৰে থৰে পৃথিৱী
কঁপিছে। উস্, ইমান জাৰ। সোণপাহী হেৰা, আমাৰ স্বপ্ন
আমিয়ে ৰচিম। বোকা আৰু পানী। সোণালী ধান।
আমাৰ পথাৰ। আমাৰ মাটি। গৰ্ভৰ্থলীত নতুন দিনৰ
জন্ম-ক্লেশ।
(উৎস: বৰা, মহেন্দ্ৰ(সম্পা.) নতুন কবিতা যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাৰ সংকলন, বনলতা, ডিব্ৰুগড়, পঞ্চম সংস্কৰণ: ছেপ্টেম্বৰ,২০০৮)
0 Comments