Header Ads Widget

Ticker

6/recent/ticker-posts

অসমৰ ইতিহাস (ঐতিহাসিক যুগ)
















 অসমৰ ঐতিহাসিক যুগটো আৰম্ভ হৈছে বৰ্মন বংশৰ প্ৰতিষ্ঠাৰ পৰা

বৰ্মন বংশ:-
বৰ্মন বংশৰ প্ৰতিষ্ঠাপক ৰজাজন আছিল পুষ্য বৰ্মন। এওঁ গুপ্ত সম্ৰাট দ্বিতীয় চন্দ্ৰগুপ্তৰ (সমুদ্ৰগুপ্ত) সমসাময়িক আছিল। পুষ্য বৰ্মনৰ (৩৫৫ খ্ৰী:) পৰা ভাস্কৰ বৰ্মন (৬৫০ খ্ৰী:) লৈকে বৰ্মন বংশৰ ১৩ গৰাকী ৰজাই কামৰূপ শাসন কৰে। বৰ্মন বংশৰ শেষ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল আছিল প্ৰাচীন কামৰূপৰ সোণালী যুগ। ৰজা হৈয়েই এওঁ 'ভাস্কৰাব্দ' বা 'কামৰূপী চন' প্ৰচলন কৰে। এওঁৰ দিনতেই চীনা পৰিব্ৰাজক হিউয়েন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰে।
[আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে ভাস্কৰ বৰ্মনৰ সাম্ৰাজ্য বিশাল আছিল। আনকি সেই সময়ত কামৰূপ ৰাজ্যৰ সীমাই ব্ৰহ্মদেশ আৰু চীনৰ সীমা চুইছিলগৈ।] 

[ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে অসমত বৰ্মন বংশৰো অন্ত পৰে]
শালস্তম্ভ বংশ: ভাস্কৰ বৰ্মনৰ মৃত্যুৰ পাছত অৱন্তী বৰ্মন বা শালস্তম্ভ নামৰ এজন কোঁৱৰে ৬৫০ খ্ৰী:ত শালস্তম্ভ নামৰ এটি ৰাজবংশ প্ৰতিষ্ঠা কৰে। এই বংশৰ ২১ গৰাকী শাসকে কামৰূপ শাসন কৰিছিল। শালস্তম্ভ বংশৰ শেষ ৰজাজন আছিল ত্যাগ সিংহ।
[ত্যাগ সিংহৰ মৃত্যুৰ পিছত প্ৰায় ৯৯০ খ্ৰী: ত ব্ৰহ্মপাল কামৰূপৰ ৰজা হয়]
পাল বংশ:
ব্ৰহ্মাপালেই হ'ল অসমৰ পাল বংশৰ প্ৰতিষ্ঠাতা। এওঁ ৯৯০ খ্ৰী:ৰ পৰা ১০১০ খ্ৰী:লৈকে কামৰূপত ৰাজত্ব কৰিছিল। তেওঁৰ পিছত ৰত্নপালে(১০১০-১০৪০ খ্ৰী:) কামৰূপ শাসন কৰে। ৰত্নপালে ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ নাম সলনি কৰি 'দুৰ্জয়' ৰাখিছিল।

[ইয়াৰ পাছতেই আমি পাওঁ চুতীয়া বংশ আৰু বাৰভূঞা বংশ]
চুতীয়া ৰাজ্য:
১৩ শতিকাৰ প্ৰথমাৰ্ধত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত সোৱণশিৰী আৰু দিচাং নৈৰ পূবৰ এক বৃহৎ ভূখণ্ড চুতীয়া ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। চুতীয়া জনশ্ৰুতি অনুসৰি চুতীয়া ৰজা বীৰপালে শদিয়াত চুতীয়া ৰাজ্য স্থাপন কৰিছিল। তেওঁৰ পাছত ১০ জন চুতীয়া ৰজাই ৰাজত্ব কৰে। বুৰঞ্জী অনুসৰি চুতীয়া ৰজা নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ গ্ৰহণ কৰি আহোম স্বৰ্গদেউ চুহুংমুঙে চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ অধীন কৰে। এই যুদ্ধৰ ফলতেই নীতিপাল আৰু ৰাণী সাধনীৰ মৃত্যু হয়।

[ইয়াৰ পাছতেই আমি পাওঁ বাৰভূঞা বংশ]

বাৰভূঞা:
চুতীয়া ৰাজ্যৰ পশ্চিমে ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে কামৰূপ-কমতাৰ পূবত ভূঞাসকলে সৰু সৰু ৰাজ্য পাতি বাস কৰিছিল। [ আপোনালোকৰ জ্ঞাতাৰ্থে জনাই থওঁ যে ইতিহাসবিদ এডৱাৰ্ড গেইটৰ মতে এই অঞ্চলত বাৰজন শাসকক নিযুক্ত কৰা হৈছিল আৰু প্ৰত্যেকেই স্বাধীন আছিল। বাৰ সংখ্যাটোৰ সন্মানসূচক ব্যৱহাৰ কৰি এই বাৰভূঞা শব্দটো ব্যৱহাৰ কৰা হয়।] কুসুম্বৰ শিৰোমণি ভূঞাৰ পুত্ৰ শ্ৰীমন্ত শংকৰদেৱ এই বংশৰেই এক উজ্জ্বল প্ৰতিভা।  ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক। এওঁলোকৰ মাজত গিৰি,খান,দলৈ আদি বিভিন্ন বংশৰ মানুহ আছিল যদিও একেলগে এওঁলোকক বুজাবলৈ এই ভূঞা শব্দৰ ব্যৱহাৰ কৰা হৈছিল।

[ইয়াৰ পাছতেই আমি অসমৰ এটা গুৰুত্বপূৰ্ণ ৰাজবংশ কোচ সকলৰ বিষয়ে আলোচনা কৰিম]

কোচ ৰাজত্ব:

১৬ শতিকাৰ আৰম্ভণিতে বিশ্বসিংহই (১৫১৫-১৫৪০) কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। [ইয়াৰ ফলস্বৰূপে অসমৰ ইতিহাসত এটা নতুন অধ্যায়ৰ সূচনা হয়।] ইয়াৰ পাছত বিশ্বসিংহৰ পুত্ৰ মল্লদেৱে নৰনাৰায়ণ নাম লৈ কোচ বংশৰ ৰজা হয়। আৰু তেওঁৰ ভায়েক শুক্লধ্বজ বা চিলাৰায় প্ৰধান সেনাপতি হয়। অৱশ্যে নৰনাৰায়ণৰ মৃত্যুৰ পাছত কোচ ৰাজ্য 'কোচবিহাৰ' আৰু 'কোচ হাজো' নামেৰে  দুভাগত বিভক্ত হয়।

১৫৪৩ চনত নৰণাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰে। যুদ্ধত প্ৰথমে আহোমসকল পৰাস্ত হয় যদিও পুনৰ আহোমে কোচসকলক পৰাস্ত কৰে। এইদৰে দুয়োপক্ষৰ মাজত মুঠ ৪বাৰ সংঘাত হৈছিল আৰু শেষত দুয়োপক্ষৰ মাজত মিত্ৰতা হৈছিল।

নৰনাৰায়ণৰ ৰাজত্ব কালত শংকৰদেৱে ব্ৰহ্মপুত্ৰ উপত্যকাত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। [ নৰনাৰায়ণৰ ৰাজত্ব কাল আছিল ভাৰতৰ বুৰঞ্জীত অতিকৈ গুৰুত্বপূৰ্ণ সময়] নৰনাৰায়ণক অসমৰ 'বিক্ৰমাদিত্য' আখ্যা দিয়া হয়।  নৰনাৰায়ণৰ পৃষ্ঠপোষকতাত শংকৰদেৱ, মাধৱদেৱে নিজৰ সৃষ্টিৰ বাবে সুবিধা পাইছিল। পুৰুষোত্তম বিদ্যাবাগীশৰ ব্যাকৰণ, বকুল কায়স্থৰ গণিত (লীলাৱতীৰ ভাঙনি), ৰাম সৰস্বতীৰ মহাভাৰতৰ অনুবাদ, অনন্ত কন্দলিৰ ভাগৱত অনুবাদৰ সৃষ্টিৰ আঁৰত নৰনাৰায়ণৰ উৎসাহ আৰু পৃষ্ঠপোষকতা আছিল উল্লেখযোগ্য।

[১২০৬ চনতেই প্ৰথমবাৰৰ বাবে মুছলমানে কামৰূপ আক্ৰমণ কৰাৰ তথ্য পোৱা যায়। সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু।  পৃথুৰ মৃত্যুৰ পাছত সন্ধ্যা নামৰ ৰজাজনে কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ নিয়ে। তেতিয়াৰ পৰাই এই ৰাজ্যৰ নাম কমতাপুৰ হয়।]

কমতা ৰাজ্য:
কমতা ৰাজ্য প্ৰায় ২৫০ বছৰ ধৰি টিকি আছিল। ১৩৩০- ১৩৫০ চনলৈ ৰাজত্ব কৰা দুৰ্লভ নাৰায়ণক কমতা ৰাজ্যৰ শ্রেষ্ঠ ৰজা আখ্যা দিয়া হয়। এওঁৰ দিনতে কবি হেমসৰস্বতী, হৰিবৰ বিপ্ৰ আদিয়ে পৃষ্ঠপোষকতা লাভ কৰি সাহিত্য সৃষ্টি কৰিছিল। দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণ ৰজা হোৱাৰ পাছত এওঁক আৰিমত্ত ৰজাই হত্যা কৰি কমতা দখল কৰে।
[আকৌ এই আৰিমত্তৰ বংশৰে শেষৰজন ৰজা মৃগাংকৰ মৃত্যুৰ পাছত 'খেন' নামৰ এজনে কমতা দখল কৰি খেন বংশ প্ৰতিষ্ঠা কৰে। দৰ্শকসকল, ইয়াৰ পাছতে আমি কছাৰী, জয়ন্তীয়া আদি সৰু সৰু ৰাজ্যৰ বিষয়ে পাওঁ যিবোৰ পৰৱৰ্ত্তী সময়ত আহোমসকলৰ আগমনৰ পাছত আহোমৰাজ্যৰ লগত চামিল হয়।]
[ইয়াৰ পাছতেই আমি অসমৰ ইতিহাসৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় আহোম ৰাজত্বৰ বিষয়ে আলোচনা কৰিম। ]
[এতিয়া আমি এই ঐতিহাসিক যুগৰ পৰা হ'ব পৰা সম্ভাৱ্য প্ৰশ্ন সমূহ আলোচনা কৰিম।]

১/ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন?
উঃ পুষ্য বৰ্মন।
২/ বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম কি?
উঃ ভাস্কৰ বৰ্মন।
৩/ 'ভাস্কৰাব্দ' বা 'কামৰূপী চন' কোনে প্ৰচলন কৰে?
উঃ ভাস্কৰ বৰ্মনে।
৪/ কোনজন ৰজাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল?
উঃ ৰজা ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত।
৫/ চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উঃ বীৰপাল।
৬/শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন?
উঃ অৱন্তীবৰ্মন বা শালস্তম্ভ।
৭/ 'ভূঞা' শব্দৰ অৰ্থ কি?
উঃ ভূঞা শব্দৰ অৰ্থ হ'ল মাটিৰ মালিক।
৮/ পাল বংশৰ প্ৰতিষ্ঠাপক কোন?
উঃ ব্ৰহ্মপাল।
৯/ কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?
উঃ বিশ্বসিংহ।
১০/ চিলাৰায়ৰ প্ৰকৃত নাম কি?
উঃ শুক্লধ্বজ।
১১/ মুছলমানসকলে প্ৰথমবাৰৰ বাবে কামৰূপ আক্ৰমণ কেতিয়া কৰিছিল?
উঃ ১২০৬ চনত বখতিয়াৰ খিলজিৰ নেতৃত্বত।
১২/ হেমহৰস্বতীৰ পৃষ্ঠপোষক ৰজাজনৰ নাম কি?
উঃ দুৰ্লভ নাৰায়ণ।
১৩/ খেন বংশৰ প্ৰতিষ্ঠাপক কোন?
উঃ নীলধ্বজ।
১৪/ কছাৰী ৰাজ্যৰ অন্তিমগৰাকী ৰজাৰ নাম কি?
উঃ গোবিন্দ চন্দ্ৰ।
১৫/ জয়ন্তীয়াসকলৰ শেষৰজন ৰজা কোন?
উঃ বিজয়নাৰায়ণ।


Post a Comment

0 Comments