Header Ads Widget

Ticker

6/recent/ticker-posts

অসমৰ ইতিহাস (প্ৰাগ্ঐতিহাসিক যুগ)

 








  ছিৰিজ-১

প্ৰথম খণ্ড-অসমৰ ইতিহাস

ভাগ-১ 

পুৰাণ আৰু প্ৰাচীন সাহিত্যত অসমক বিভিন্ন নামেৰে জনা যায়। অৱশ্যে খ্ৰী: পূ: চতুৰ্থ শতিকাৰ পূৰ্বৰ অসমৰ বুৰঞ্জীৰ বিষয়ে প্ৰামাণ্য বিৱৰণ পোৱা নাযায়। সেই সময়ছোৱাৰ বিষয়ে জানিবলৈ আমাৰ হাতত সমল হিচাপে আছে কেৱল আখ্যান, কিম্বদন্তি, লোকগাঁথা আদি। ৰামায়ণ-মহাভাৰতত অসমক 'প্ৰাগজ্যোতিষপুৰ' আৰু পুৰাণ, তন্ত্ৰত 'কামৰূপ' বুলি উল্লেখ আছে।

প্ৰাচীন কামৰূপৰ ভাগ কেইটা হ'ল-
১) কামপীঠ (ৰূপহী নৈৰ পৰা সোণকোষ নৈলৈকে)
২) ৰত্নপীঠ (সোণকোষৰ পৰা কৰতোৱা নৈলৈকে)
৩) সুৱৰ্ণপীঠ (ৰূপহী নৈৰ পৰা ভৰলী নৈলৈকে)
৪) সৌমাৰপীঠ (ভৰলী নৈৰ পৰা ডিক্ৰং নৈলৈকে) ।

প্ৰাগ ঐতিহাসিক যুগ

প্ৰত্নপ্ৰস্তৰ যুগ:  প্ৰাগজ্যোতিষপুৰ অঞ্চলটোৰ আদি মানৱসকল গাৰো পাহাৰৰ ৰংগ্ৰাম উপত্যকাত মধ্য প্লিষ্ট'চিন যুগত (অৰ্থাৎ প্ৰায় ৭.৮১-১.২৬ লাখ বছৰৰ পূৰ্বে) বাস কৰিছিল বুলি অনুমান কৰা হয়।  প্ৰত্নপ্ৰস্তৰ যুগৰ সামগ্ৰীৰ ভিতৰত হাত-কুঠাৰ জাতীয় সামগ্ৰী ইতিমধ্যে সেই অঞ্চলত উদ্ধাৰ হৈছে। প্ৰত্নপ্ৰস্তৰ যুগৰ অন্যান্য স্থান সমূহ হ'ল- অৰুণাচল প্ৰদেশৰ লোহিত জিলা, মণিপুৰৰ উখ্ৰুল, মিকিৰ পাহাৰ, উত্তৰ কাছাৰ পাহাৰ, যোগীঘোপা আদি।

মধ্যপ্ৰস্তৰ যুগ : খ্ৰী: পূ: ৪৫০০-৪০০০ বছৰ পূৰ্বে বৰ্তমানৰ অসমত মধ্যপ্ৰস্তৰ যুগৰ বসতি স্থাপনৰ প্ৰমাণ পোৱা যায়। এই যুগত চিকাৰ আৰু খাদ্য সংগ্ৰহৰ বাবে ব্যৱহৃত সঁজুলি পোৱা গৈছে।

নৱপ্ৰস্তৰ যুগ: এই যুগত মানুহে পাহাৰত বাস কৰিছিল আৰু খেতি বাতিৰ বাবে তেতিয়াই ঝুম খেতি আৰম্ভ হৈছিল বুলি ধাৰণা কৰিব পৰা যায়। ডিমা হাছাওৰ ডাওজালি, কামৰূপ আৰু গাৰো পাহাৰত এই যুগৰ বসতিৰ প্ৰমাণ পোৱা যায়। নৱপ্ৰস্তৰ যুগৰ কেতবোৰ সামগ্ৰী বিশ্বনাথত উদ্ধাৰ কৰা হৈছে। এই সঁজুলিসমূহ খ্ৰী: পূ: ২৫০০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল বুলি অনুমান কৰা হয়। এই যুগত মানুহে জীৱ-জন্তুৰ মাংস, শস্য অহাৰ হিচাপে গ্ৰহণ কৰিছিল।

(ধাতু যুগ আৰু মেগালিথিক যুগৰ কোনো স্পষ্ট প্ৰমাণ এই অঞ্চলত পোৱা হোৱা নাই।)

দানৱ আৰু অসুৰ বংশ: কিংবদন্তি মতে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা আছিল মহীৰংগ দানৱ। গুৱাহাটীৰ বেলতলাত থকা 'ময়ৰংগ পৰ্বত' নামটো মহীৰংগ নামেৰে কৰা হৈছে বুলি অনুমান কৰা হয়।
পুৰণি কামৰূপত অসুৰ আৰু দানৱসকলে ৰাজত্ব কৰিছিল। মহীৰংগ দানৱৰ পাছত হতকাসুৰ, সম্বৰাসুৰে কামৰূপ শাসন কৰে। এওঁলোকক কিৰাট বা ম্লেচ্চ বোলা হৈছিল।
ইয়াৰ পাছত নৰকাসুৰ প্ৰাগজ্যোতিষৰ ৰজা হয়।  নৰকাসুৰে কামাখ্যা দেৱীক বিয়া কৰিবলৈ বিচৰা আৰু স্বৰ্গত ত্ৰাসৰ সৃষ্টি কৰা বাবে শ্ৰীকৃষ্ণই এওঁক বধ কৰে বুলি আখ্যানত পোৱা যায়।
নৰকৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়। ভগদত্তই মহাভাৰতৰ যুদ্ধত কৌৰৱৰ পক্ষ লৈ বীৰত্বৰে যুদ্ধ কৰিছিল বুলি মহাভাৰতত উল্লেখ আছে। প্ৰবাদ মতে দুৰ্যোধনে ভগদত্তৰ কন্যা ভানুমতীক বিয়া কৰাইছিল আৰু এই বিয়াৰ উপলক্ষে বৰ্তমানৰ গুৱাহাটীত থকা দীঘলী পুখুৰীটো খন্দোৱাইছিল বুলি জনশ্ৰুতি আছে।প্ৰাগজ্যোতিষপুৰৰ ৰজা নৰকাসুৰৰ সময়তে শোণিতপুৰৰ ৰজা বানৰ বিষয়ে কিংবদন্তি আছে। তেজপুৰত থকা অগ্নিগড়, মহাভৈৰৱ মন্দিৰ আদিত বান, উষা-অনিৰুদ্ধৰ কথা পোৱা যায়।

অসমৰ শদিয়া অঞ্চল পূৰ্বে বিদৰ্ভ নামেৰে পৰিচিত আছিল। ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ। ইয়াত ভীষ্মক নামৰ এজন ৰজাই ৰাজত্ব কৰিছিল। এই ৰজাৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া কৰোৱাৰ কথা ভাগৱত, পুৰাণ আদিত উল্লেখ আছে।
          (আগলৈ...)








সম্ভাৱ্য প্ৰশ্ন

চিৰিজ-১

প্ৰথম খণ্ড- অসমৰ ইতিহাস

ভাগ-১




১/প্ৰাচীন কালত 'অসম'ক কি নামেৰে জনা গৈছিল?
উঃ 'প্ৰাগজ্যোতিষপুৰ' আৰু 'কামৰূপ' নামেৰে জনা গৈছিল।
২/প্ৰাচীন কামৰূপৰ ভাগ কেইটা কি কি?
উঃ প্ৰাচীন কামৰূপৰ ভাগ কেইটা হ'ল-
      ক) কামপীঠ
      খ) ৰত্নপীঠ
      গ) সুৱৰ্ণপীঠ আৰু
      ঘ) সৌমাৰপীঠ।
৩/ 'প্ৰাগজ্যোতিষপুৰ'ৰ আটাইতকৈ পুৰণি ৰজাজন কোন আছিল?
উঃ মহীৰংগ দানৱ।
৪/ গুৱাহাটীৰ বেলতলাত থকা 'ময়ৰংগ পৰ্বত'টো কাৰ নামেৰে নামকৰণ কৰা হৈছে বুলি অনুমান কৰা হয়?
উঃ মহীৰংগৰ নামেৰে নামকৰণ কৰা হৈছে বুলি অনুমান কৰা হয়।
৫/ দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি?
উঃ ঘটকাসুৰ। উল্লেখযোগ্য যে এই ঘটকাসুৰক পৰাস্ত কৰি নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়।
৬/ নৰকে প্ৰতিষ্ঠা কৰা ৰাজবংশটোক ইতিহাসত কি নামেৰে জনা যায়?
উঃ 'ভৌমবংশ'(পৃথিৱীৰ পৰা জন্মা)নামেৰে জনা যায়। [আপোনালোকৰ জ্ঞাতাৰ্থে জনাওঁ যে পৌৰাণিক কাহিনী অনুসৰি বিষ্ণুৱে বৰাহ অৱতাৰ লৈ পৃথিৱীৰ গৰ্ভত নৰকক জন্ম দিয়ে। পৃথিৱীয়ে এই সন্তানটি বিদেহৰ ৰজা জনকৰ যজ্ঞ স্থানত মানুহৰ লাওখোলাত ৰাখি আঁতৰি যায়। মানুহৰ লাওখোলাত জন্ম লোৱাৰ বাবে এই শিশুটিৰ নাম নৰক ৰখা হয়। ইয়াৰ পাছৰ কথাখিনি আপোনালোকে হয়তো জানেই যে কেনেকৈ নৰকে কামাখ্যা দেৱীক বিয়া কৰাবলৈ বিচাৰিছিল আৰু কেনেকৈ কৃষ্ণই এওঁক বধ কৰে।]
৭/ নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি?
উঃ বান ৰজা। 
৮/ ভগদত্ত কোনজন ইতিহাসপ্ৰসিদ্ধ ৰজাৰ পুত্ৰ?
উঃ ভগদত্ত নৰকাসুৰৰ পুত্ৰ।
৯/ গুৱাহাটীৰ দীঘলীপুখুৰীটো কোনজন ৰজাই খন্দোৱাইছিল বুলি প্ৰবাদ আছে?
উঃ ভগদত্তই জীয়েক ভানুমতীৰ সয়ম্বৰৰ সময়ত খন্দোৱাইছিল বুলি প্ৰবাদ আছে।
১০/ শদিয়া অঞ্চল পূৰ্বে কি নামেৰে পৰিচিত আছিল?
উঃ বিদৰ্ভ নামেৰে পৰিচিত আছিল। [এই বিদৰ্ভ ৰাজ্যৰ ৰাজধানী আছিল কুণ্ডিল নগৰ আৰু ইয়াত ভীষ্মক নামেৰে এজন ৰজাই ৰাজত্ব কৰিছিল। ভাগৱত, পূৰণ আদি অনুসৰি এওঁৰেই কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই বিয়া কৰোৱাইছিল।]

     ( আগলৈ...)



Post a Comment

0 Comments