মানুহৰ সভ্যতাৰ প্ৰতিটো অগ্রগ্ৰামী খোজেই আধুনিক। ই মানুহৰ চিৰ-গতিশীল জীৱনৰ নতুন নতুন ৰূপ মাত্ৰ। মানুহৰ জীৱনত যিদৰে পৰিৱৰ্তন ঘটি আহিছে, সাহিত্য-শিল্পটো তেনেভাৱে পৰিৱৰ্তন ঘটি আহিছে। এতেকে সাহিত্য শিল্পটো আধুনিকতা হ'ল ইয়াৰ নতুন নতুন ৰূপ। আধুনিকতাৰ সমকালীন হৈয়ো যিবিলাকৰ ভাব আৰু ৰূপ পুৰণি তেনেবিলাকক আধুনিক বুলি ক'ব নোৱাৰি। আধুনিকতাবাদ হ'ল এটা আন্দোলন। বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকলৈকে এই সময়ছোৱাৰ ভিতৰত ইউৰোপত সাহিত্য-শিল্পত আধুনিকতাবাদৰ জন্ম আৰু বিকাশ হয়। সাহিত্য-শিল্পত গঢ় লৈ উঠা এনে মতবাদবোৰৰ লগত জীৱন সম্পৰ্কীয় দৃষ্টিভংগী জড়িত হৈ থাকে। ধ্ৰুপদী সাহিত্যৰ লক্ষ্য আছিল জীৱন সম্পৰ্কীয় উৎস আৰু মহৎ ভাবৰ প্ৰতিষ্ঠা, ৰমন্যাসিক সাহিত্যৰ লক্ষ্য হ'ল ব্যক্তি জীৱনৰ ভাৱ, অনুভূতি আৰু কল্পনাৰ স্বতন্ত্ৰতা প্ৰতিষ্ঠা। এই দুয়ো সাহিত্যৰে জীৱনৰ সামগ্রিকতা, আধ্যাত্মিক আৰু নৈতিক মূল্যবোধৰ ওপৰত বিশ্বাস আছিল। আধুনিকতাবাদৰ মাজত এনেবোৰ বিশ্বাসৰ প্ৰতি অবিশ্বাস, জীৱনৰ প্ৰতি সংশয়, অনিশ্চয়তা, হতাশা আদি প্ৰতিষ্ঠিত হয়। অৰ্থাৎ জীৱন সম্পৰ্কে এটা নেতিবাচক দৃষ্টিভংগী গঢ় লৈ উঠে। ঊনবিংশ শতিকাত হোৱা বিজ্ঞানৰ অগ্ৰগতি, মানুহৰ অৱচেতন মনৰ বিশ্লেষণ, ঈশ্বৰে জীৱন সৃষ্টি কৰা ধাৰণাৰ বিপৰীতে জীৱৰ ক্ৰমবিকাশৰ সূত্ৰপ্ৰতিষ্ঠা, ঈশ্বৰ তত্ত্বৰ সলনি বস্তুবাদী তত্ত্বৰ প্ৰতিষ্ঠা আদি ঘটনাই পশ্চিমৰ মানুহৰ মাজত গঢ়ি তোলা সংশয়, অবিশ্বাস, অনিশ্চয়তা, হতাশা আদিয়ে জীৱন সম্পৰ্কীয় ধাৰণাৰ পৰিৱৰ্তন ঘটায়। আধুনিকতাবাদ হ'ল এনে পৰিৱৰ্তিত দৃষ্টিভংগীৰ প্ৰকাশ। বাস্তৱবাদ, প্ৰকৃতিবাদ, প্ৰতীকবাদ, অভিব্যক্তিবাদ আদিৰ মাজেদি আহি প্ৰথম মহাযুদ্ধৰ সময়ৰ পৰা আধুনিকতাবাদ প্ৰতিষ্ঠিত হ'ল। মহৎ ভাৱ, চিন্তা, আদৰ্শ, সৌন্দৰ্যবোধৰ পৰিৱৰ্তে মানুহৰ অন্তৰ্জগতৰ একান্ত ব্যক্তিনিষ্ঠ দ্বন্দ্ব, সংঘাত, ক্ৰিয়া-প্ৰতিক্ৰিয়া আদি সাহিত্য-শিল্পৰ আধাৰ হৈ পৰিল। ভাৱ, বিষয় আৰু ৰীতি এই তিনিওটাতে ইয়াৰ প্ৰকাশ ঘটিবলৈ ধৰিলে। প্ৰতীতিবাদতে ইয়াৰ আৰম্ভণি আৰু অস্তিত্ববাদত সামৰণি পৰা বুলি ক'ব পাৰি। ইয়াৰ মাজত অভিব্যক্তিবাদ, বিমূৰ্তবাদ, কিউবিকবাদ, ভৱিষ্যবাদ, দাদাবাদ, অৱচেতনবাদ বা চেতনা প্রবাহৰ ধাৰা, এবচাৰ্ডবাদ আৰু অধিবাস্তৱবাদ আদি বিভিন্ন ধাৰাসমূহ গঢ় লৈ উঠে। আধুনিকতাবাদ হ'ল এটা বিশিষ্ট ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিচ্ছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তমুখী ব্যক্তিনিষ্ঠ, জীৱন সম্পৰ্কীয় নেতিবাচক দৃষ্টিভংগীৰ সাহিত্যৰ আন্দোলন।
প্ৰথম মহাযুদ্ধৰ সময়ৰ পৰা বিংশ শতিকাৰ ষষ্ঠ দশকলৈকে পাশ্চাত্য শিল্প-সাহিত্যত আধুনিকতাবাদৰ জন্ম আৰু বিকাশ ঘটে। এই আধুনিকতাবাদে জীৱন সম্পৰ্কে নেতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰিলেও জীৱনৰ সামগ্ৰিক ৰূপ সম্পৰ্কে সন্দেহ কৰা নাছিল। সপ্তম দশকৰ পৰা ফ্ৰান্সত গঢ় লৈ উঠা নতুন বিদ্যায়তনিক দৃষ্টিভংগীয়ে জীৱনক খণ্ডিত ৰূপত বিচাৰ কৰিবলৈ লয়। আধুনিকতাবাদৰ পিছত গঢ় লৈ উঠা বাবে ইয়াক আন নাম নিদি উত্তৰ আধুনিকতাবাদ বুলি কোৱা হ'ল। উত্তৰ আধুনিকতাবাদৰ প্ৰথম সূত্ৰটোৱেই হ'ল যে মানুহৰ জীৱনত বা যিকোনো বিষয়ত এটা প্ৰধান ৰূপ, বক্তব্য বা সূত্ৰ নাথাকে। উত্তৰ আধুনিকতাবাদ যিহেতু এটা কৰ্তৃত্বশীল সূত্ৰ বা দৰ্শনৰ বিৰুদ্ধে থিয় দিছে সেইবাবে ই প্ৰতিটো বিষয়, প্ৰতিটো ঘটনাৰ স্বকীয় বিশেষত্বৰ ওপৰত সমান গুৰুত্ব দিয়ে। মানুহৰ জীৱনৰ প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো ঘটনা আৰু প্ৰতিটো বিষয়েই স্বতন্ত্ৰ। এই স্বতন্ত্ৰতা প্ৰতিষ্ঠাৰ যোগেদি উত্তৰ আধুনিকতাবাদে যিকোনো যিকোনো বিষয়ৰ আধিপত্য ভাঙি দিছে আৰু এনেভাৱে জীৱনৰ আৰু সাহিত্য শিল্পৰো প্ৰতিটো অংশ বা বিষয়ৰ স্বতন্ত্ৰতা আৰু গুৰুত্ব প্ৰতিষ্ঠা কৰিছে। উত্তৰ আধুনিকতাবাদ প্ৰচলিত নিয়মৰ বিৰোধী। ঘৰ-দুৱাৰ, আচ-বাব, পোছাক-পৰিচ্ছদ, ৰীতি-নীতি আদি সকলো বিষয় একে ধৰণেৰে হৈ থাকিব লাগিব এনে নিৰ্দেশ ভাঙি সকলো বিষয়তে স্বতন্ত্ৰভাৱে নতুন নতুন শৈলী আৰু দৃষ্টিভংগীৰ আবিষ্কাৰত ই বিশ্বাসী।
প্ৰসঙ্গ গ্ৰন্থ:
শইকীয়া, নগেন
সাহিত্য- বাদবৈচিত্ৰ্য
কৌস্তভ প্রকাশন
২০১৫
1 Comments
👍👍
ReplyDelete