Header Ads Widget

Ticker

6/recent/ticker-posts

অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষপৰ্ব

 

      


অসমৰ প্ৰগতিশীল চিন্তা চৰ্চাই স্পষ্টৰূপত বিকাশ লাভ কৰে বিংশ শতিকাৰ ত্ৰিছ দশকৰ পৰা। এই সময়ছোৱাত দেখা দিয়া অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা আদিয়ে সাধাৰণ জনতাক জুৰুলা কৰিছিল। আনহাতে ৰুচ বিপ্লৱৰ প্ৰভাৱ, ভাৰতৰ বিভিন্ন ঠাইত হোৱা বিক্ষোভ আৰু ধৰ্মঘট, বঙ্গদেশৰ দুৰ্বিক্ষ আদি এশ এবুৰি সমস্যাৰ পটভূমিত এচাম লেখক সাহিত্যিকে সাম্যবাদৰ প্ৰতি আকৃষ্ট হয়। ইয়াৰ সমান্তৰালকৈ অসমীয়া সাহিত্যত 'আচাম বন্ধু','চেতনা','বাঁহী','আৱাহন' আদি আলোচনীত ৰুচ বিপ্লৱ আৰু লেনিন সম্পৰ্কীয় একাধিক লেখা প্ৰকাশ পাইছিল। 'আচাম বন্ধু' ৰ ৮ম বছৰৰ চতুর্থ সংখ্যা ত গোপাল কৃষ্ণ দেৱৰ 'ৰুচ ৰাজ্য' শীৰ্ষক লেখা প্ৰকাশ পায়। সেইদৰে চেতনাত ১৯২৪ চনৰ ৫ম বছৰৰ ষষ্ঠ সংখ্যাত 'স্বৰ্গীয় লেনিন',৮ম সংখ্যা ত'ৰুচিয়াৰ ৰাষ্ট্ৰ বিপ্লৱ' ১০ম সংখ্যাত 'লেনিন সৰবৰাহী কিয়?' আদি লেখা প্ৰকাশ পাইছিল। ইয়াৰ সমান্তৰালকৈ 'আৱাহন' মাৰ্ক্স,লেনিন,ষ্টেলিনৰ আলোকচিত্ৰসহ ৰুছিয়াৰ ভিন্ন বাতৰি প্ৰকাশিত হৈছিল । এইদৰে অসমত প্ৰগতিশীল চিন্তা চর্চা ব্যাপক পটভূমি তৈয়াৰ হৈছিল। এই সময়ছোৱাত 'আৱাহন' য়ে নতুন এদল প্ৰগতিশীল লেখকৰ জন্ম দিয়াৰ লগতে প্ৰগতিশীল সাহিত্যিক আন্দোলন এটা গঢ় দিয়াত আগভাগ লয়।
          অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ ঘটে 'জয়ন্তী'(১৯৩৮) আলোচনী কেন্দ্র কৰি।প্ৰগতিশীল কবিতাৰ বাটকটীয়াসকলৰ ভিতৰত অন্যতম আছিল চক্ৰেশ্বৰ ভট্টাচাৰ্য, অমূল্য বৰুৱা,ভবানন্দ দত্ত, ধীৰেন দত্ত আদি কবিসকল। এওঁলোকক আমি অসমীয়া প্ৰগতিশীল কবিতাৰ জন্মদাতা বুলি অভিহিত কৰিছোঁ। ৰোমাণ্টিক কবিসকলৰ ভাৱধাৰা মূল্যবোধৰ বিৰুদ্ধে  সংগ্ৰাম কৰি কবিতাক বাস্তৱ জীৱন আৰু গণমুখী কৰিবলৈ গৈ এইসকল কবিয়ে কাব্য চর্চা কৰিছিল।  ৰুচ বিপ্লৱে কঢ়িয়াই অনা মানৱ জাতিৰ বিজয়বাৰ্তা আৰু মাৰ্ক্সবাদ-লেনিনবাদ ৰ প্ৰতি বাঢ়ি অহা শ্ৰদ্ধা , ভাৰতীয় জাতীয়তাই আত্মপ্ৰতিষ্ঠা ৰ বাবে কৰা সংগ্ৰাম , বিশ্ব ব্যাপী হোৱা দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা এই সকলোবোৰ ঘটনাই  ব্যক্তিমানসক আলোড়িত কৰিছিল আৰু তাৰ প্ৰতিফলন ঘটিছিল কবিতাত।
          প্ৰগতিশীল কবিতাই সৰ্বসাধাৰণৰ জীৱন অভিজ্ঞতাৰ বহি প্ৰকাশ। প্ৰগতিশীল কবি জনতাৰ কবি, জনতাৰ ওচৰত তেওঁলোক দায়বদ্ধ। অসমীয়া প্ৰগতিশীল কবিতাৰ বিষয়বস্তু আছিল সামন্তবাদী, পুঁজিবাদী সমাজ ব্যৱস্থাই সৃষ্টি কৰাত দলিত, নিপীড়িত মানুহ। অসমীয়া প্ৰগতিশীল কবিতাই মানুহক জাগ্ৰত কৰি, বিপ্লৱৰ সূচনাৰ জৰিয়তে সমাজৰ প্ৰগতিৰ পোষকতা কৰিছিল।
     
        অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ পৰ্বৰ গুৰি ধৰোতা কবি কেইজন হ'ল- ধীৰেণ দত্ত, অমূল্য বৰুৱা, ভৱানন্দ দত্ত আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্য। ইয়াৰ ভিতৰত ধীৰেণ দত্তৰ 'কাঠমিস্ত্ৰীৰ ঘৰ','সংস্কাৰ','মহাপ্ৰলয়' আদি উল্লেখযোগ্য প্ৰগতিবাদী কবিতা। দত্তৰ কবিতাত শাসক-শোষকৰ প্ৰতি তীব্ৰ বিদ্ৰোহ দেখা যায়। লগতে সেই শোষণৰ অন্ত পেলাবলৈ সাধাৰণ জনতাক আহ্বান জনোৱাও দেখা যায়। সেইদৰে মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱপুষ্ট কবি অমূল্য বৰুৱাৰ 'কয়লা','বেশ্যা','কুকুৰ','বিপ্লৱী' আদি উল্লেখযোগ্য প্ৰগতিবাদী কবিতা। আনহাতে'জয়ন্তী'ৰ পাতত ভৱানন্দ দত্তই 'নচিকেতা' ছদ্মনামেৰে 'পূৱেৰুণ','ৰাজপথ','পাউদাৰ' আদি প্ৰগতিবাদী কবিতা ৰচনা কৰিছিল। সমালোচকসকলৰ মতে এই ভৱানন্দ দত্তৰ নেতৃত্বত সংগঠিত প্ৰগতিবাদী সাহিত্যৰ মুখপত্ৰ আছিল 'জয়ন্তী'। দত্তই নিজেই 'জয়ন্তী'ৰ সম্পাদনাৰ দায়িত্ব লৈছিল। 'মাথোঁ এখন নোট','ৰাসলীলা','শ্ৰীমন্ত' আদি কবিতাৰে অসমীয়া প্ৰগতিশীল কবিতাৰ আদি স্তৰক সমৃদ্ধ কৰে কবি চক্ৰেশ্বৰ ভট্টাচাৰ্যই। তেওঁৰ কবিতাত সাধাৰণ কৃষিজীৱী জনতাৰ কঠোৰ জীৱন যাত্ৰাৰ সকৰুণ বৰ্ণনা পোৱা যায়। এই চাৰিগৰাকী কবিয়েই আছিল অসমীয়া প্ৰগতিশীল কবিতাৰ উন্মেষ পৰ্বৰ কবি। যাৰ হাতত ধৰি অসমীয়া প্ৰগতিশীল কবিতাই পৰৱৰ্তী সময়ত সমৃদ্ধি লাভ কৰিছিল। এওঁলোকৰ পাছতে অসমীয়া প্ৰগতিশীল কবিতাৰ ধাৰাটোক আগুৱাই নিয়ে হেম বৰুৱা,হীৰেন ভট্টাচাৰ্য, অমলেণ্ড গুহ, কেশৱ মহন্ত, হেমাঙ্গ বিশ্বাস, ৰাম গগৈ,বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য আদি কবি সকলে।
         ওপৰৰ আলোচনাৰ পৰা আমি অসমীয়া প্ৰগতিশীল কবিতাৰ পটভূমি তথা উন্মেষ পৰ্বৰ বিষয়ে জানিব পাৰিলো। আৰম্ভণি সময়ছোৱাত কবিতা চৰ্চা কৰা কবিসকলৰ কবিতা শ্লোগানধৰ্মী আছিল আৰু নন্দনতাত্ত্বিকভাৱে কাব্যিক সংবেদনশীল নাছিল বুলি সমালোচিত হ'লেও অসমীয়া প্ৰগতিশীল কবিতাৰ বিকাশ আৰু বিৱৰ্তনৰ পথত হয় সদায়ে বিশেষভাৱে প্ৰশংসিত হৈ ৰ'ব।

Post a Comment

0 Comments