Header Ads Widget

Ticker

6/recent/ticker-posts

বিহুনামত প্ৰকৃতি চিত্ৰণ

    অসমীয়া লোকসাহিত্যৰ এক বুজন অংশ অধিকাৰ কৰি আছে লোকগীত-মাতসমূহে। অসমীয়া লোকগীতক সত্যেন্দ্ৰনাথ শৰ্মাই ১/ অনুষ্ঠানমূলক; যেনে- বিহুগীত, আইনাম,বিয়ানাম ইত্যাদি; ২/ আখ্যানমূলক: যাক ইংৰাজীত বেলেড বোলা হয়, যেনে- মণিকোঁৱৰৰ গীত, শান্তি বাৰমাহীৰ গীত, বৰফুকনৰ গীত ইত্যাদি; ৩/ বিবিধ বিষয়ক: যেনে- নিচুকনি গীত, গৰখীয়া গীত, নাও খেলোৱা গীত ইত্যাদি- এইদৰে তিনিটা মূল ভাগত ভাগ কৰি দেখুৱাইছে। সি যি হওক, অসমীয়া গীতিসাহিত্যত বিহুগীত বা বিহুনামসমূহৰ মূল্য লক্ষ্যণীয়। "বিহুগীতৰ ভিতৰত হুচৰি গীত আৰু বনগীত দুয়োবিধ অন্তৰ্ভুক্ত।" (শৰ্মা,২০১৮, পৃ.২২) বিহু হৈছে অসমৰ জাতীয় উৎসৱ। "কৃষিজীৱী সমাজৰ মানুহে বসন্ত কালৰ সময়ছোৱাত ঢোল,পেঁপা,টকা,গগনা লৈ হিয়াৰতলি উজাৰি বিহুতলিত আনন্দ প্ৰকাশ কৰিছিল- সেয়ে বিহু।" [গগৈ,২০১১, পৃ.১২৪] স্বৰূপতে এই বিহু অসমৰ এক কৃষিভিত্তিক লোক উৎসৱ। বিহুনামসমূহ এই বসন্তকালীন কৃষিভিত্তিক লোক উৎসৱ বহাগ বিহু (ব'হাগ) বা ৰঙালী বিহুৰ সৈতে সম্পৰ্কৃত। অসমীয়া স্বভাৱ কবিৰ ৰচনা বিহুনামত প্ৰকৃতি চিত্ৰণৰ বিষয়ে আমি এই প্ৰবন্ধত চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰিছোঁ।

       বসন্ত কাল আৰু অসমৰ জলবায়ুয়ে নিৰ্মাণ কৰি দিয়া মনোৰম প্ৰাকৃতিক পৰিৱেশৰ প্ৰতিটো উপাদানেই অনাখৰী স্বভাৱ কবিৰ ৰচনাত বাঙ্ময় হৈ উঠিছে। বিৰিঞ্চি কুমাৰ বৰুৱাই বিহুগীত সমূহৰ বিশ্লেষণৰ আধাৰত বিহুগীতত অসমৰ প্ৰকৃতিৰ প্ৰধান চাৰিটা চিত্ৰ ৰূপায়িত হোৱা দেখা পাইছে- ১/ অসমৰ নদ-নদী, ২/ গৰু-ম'হৰ চৰণীয়া উদং চাপৰি আৰু জীৱন ধাৰণত সমল যোগোৱা বহল পথাৰ, ৩/ প্ৰকৃতিৰ সঞ্চয় ভঁড়াল পৰ্ব্বতৰাজি আৰু ৪/ বিচিত্ৰ বৰ্ণ আৰু মধুৰ সঙ্গীত সৃষ্টি কৰা পশু-পক্ষীসমূহ।

১.০০  বিহুনামত প্ৰকৃতি চিত্ৰণৰ বিষয়ে আলোচনা কৰোঁতে দেখা যায় যে সিবোৰৰ ভালেসংখ্যকতে অসমৰ নদ-নদীৰ প্ৰসংগই স্থান পাইছে। কৃষিজীৱী অসমীয়া মানুহে লুইত তথা ব্ৰহ্মপুত্ৰ আৰু দিখৌ,দিহিং,জাঁজী,কলং,কপিলী আদি ইয়াৰ উপ-নদীসমূহৰ ওপৰত জীৱন ধাৰণৰ বাবে অতীজতে পৰা নিৰ্ভৰশীল হৈ আহিছে। স্বৰূপতে অসমীয়া কৃষিজীৱী ৰাইজৰ এই নদ-নদীসমূহ চিৰ পৰিচিত সুখ-দুখৰ লগৰী আছিল আৰু সেয়েহে বিহুনামতো এই নদ-নদীসমূহে বিশেষ স্থান পাইছে। ব্ৰহ্মপুত্ৰ অসমৰ প্ৰধান নদী। বাৰিষা কালৰ ইয়াৰ সংহাৰী ৰূপ অসমীয়াৰ অতিকে পৰিচিত। আমাৰ স্বভাৱ কবিয়ে ব্ৰহ্মপুত্ৰৰ এনে সংহাৰী ৰূপ প্ৰত্যক্ষ কৰি বিহুগীতত কাৰুণ্যতাৰে মনৰ ভাৱ প্ৰকাশ কৰিছে এনেদৰে- 

                ব্ৰহ্মপুত্ৰৰ পাৰতে        বৰ্হমথুৰি জুপি

                          ধনে খৰি লোৰা ঠাই।

                উটুৱাই নিনিবা        ব্ৰহ্মপুত্ৰ দেৱতা

                      তামোল দি মাতোঁতা নাই।

      সেইদৰে, লুইতৰ শান্ত-সমাহিত ৰূপেও আমাৰ স্বভাৱ কবিক বাৰুকৈয়ে আকৃষ্ট কৰিছে। "লুইতৰ বাঢ়নী ঢল, পাৰৰ চাপৰি, কহুৱা বন, ৰূপালী বালি, বুকুৰ শিহু-ঘড়িয়ালে অসমীয়াৰ অনুভূতিক যুগে যুগে উদ্দীপ্ত আৰু বিস্ময়ান্বিত কৰি আহিছে।" [বৰুৱা,২০১৩,পৃ.১২৯] সেয়েহে লুইতৰ প্ৰসংগই বিহুনামত কেতিয়াবা উপমা হৈ আৰু কেতিয়াবা একো একোটা মনোৰম চিত্ৰকল্প হৈ ধৰা দিছে। যেনে-

            লুইতৰ বালি           বগী ঢক্ ঢকী

                    কাছই কণী পাৰে লেখি।

        গাত জুই জ্বলিছে,     সৰিয়হ ফুটিছে,

                    চেনাইক পানী-ঘাটত দেখি।।

আকৌ, লুইতৰ নানান উপ-নদী, নৈ, জান-জুৰি আদিয়েও বিহুনামত স্থান পাইছে। যেনে-

        ধনশিৰি ভেটিলে        জেঙে ঐ জাবৰে

                সোৱণশিৰী ভেটিলে কিহে,

        ভঙা খোলাকটি        কমাৰে গঢ়িলে

                যৌৱন গঢ়ি দিলে যিহে।

                *        *        *

           ৰঙা নৈ শুকালে         মাছৰে বেজাৰত

                 লুইতখন শুকালে কিয়?

        মই চেনাই শুকাইছোঁ        তোৰ ঐ বেজাৰত

                   তই চেনাই শুকাইছ কিয়?

                     *        *        *

        ধনশিৰি দলংখন           ভেটিলে ঐ চেনাইকণ

                     লোহাৰে শলখা মাৰি;

        তোমাকে আমাকে          ভেটিলে সমাজে

                        দুটি দেহা দুফালে কৰি।


    এইদৰে বিহুনামত আমি নৈৰ চিত্ৰ প্ৰতিফলিত হোৱা দেখা পাওঁ। বিহুনামৰ জোৰণি অংশত এনেদৰে নৈৰ প্ৰসংগৰ উপস্থাপনৰ অনেক উদাহৰণ আছে। নৈপৰীয়া অসমীয়াৰ বাবে নৈখন যে কিমান আপোন সেয়া সুকীয়াকৈ কোৱাৰ প্ৰয়োজন নাই। এনে বিহুনামৰ মাজেৰে আমি অসমীয়া জাতিৰ নদী-প্ৰীতি সুন্দৰ ৰূপত প্ৰকাশ পোৱা দেখা পাওঁ।


২.০০  আদিতে কৃষিজীৱী অসমীয়াই গৰু-ম'হৰ চৰণীয়া উদং চাপৰি, নৈৰ পাৰ, পথাৰ অথবা হাবিতলীয়া ঠাইত বিহুনাম জুৰিছিল। সেয়েহে চকুৰ সমুখতে দেখি থকা উদং চাপৰি, বিস্তীৰ্ণ পথাৰৰ প্ৰসংগই স্বাভাৱিকতেই বিহুনামত স্থান পাইছিল। গৰু-ম'হ চৰাই থাকোতে বা ম'হৰ পিঠিত উঠি ঘৰলৈ আহোঁতে-যাওঁতে অসমীয়া ডেকাই এই পথাৰ, চাপৰিৰ বুকুতে মনৰ উলাহত বা বিষাদত বিহুনাম ৰচিছিল। আকৌ শাওনৰ পথাৰ আৰু আঘোণৰ পথাৰৰ নানান বৰ্ণনাইও বিহুনামত স্থান পাইছে। যেনে-

        দকৈ পথাৰত ধান দাই আছিলা

                     ঘিলা চকলীয়া মুঠি,

        সকলোকে দেখোঁ লাহৰীক নেদেখোঁ

                     ঢাপৰে ওপৰত উঠি।

সেইদৰে-

                দূৰত ঐ নুৰুবা ভূঁই ঐ মইনা

                               দূৰত ঐ নুৰুবা ভূঁই।

                      *       *        *

              তোকে চাই লাহৰী

                         বান্ধি যাওঁ ডাঙৰী। ইত্যাদি।

     বিহুনামৰ ভিতৰত হাবিনাম বা বনঘোষাসমূহ প্ৰধানতঃ প্ৰণয়মূলক লোকগীত। বিহুনামৰ পাতে পাতে লুকাই আছে যৌৱন বাসনাৰ উন্মুক্ত প্ৰকাশ, এক সকৰুণ প্ৰণয়গাঁথা। এই প্ৰণয়মূলক গীতসমূহ ৰচনা কৰিবলৈ গৈ ৰচয়িতাই প্ৰকৃতিৰ নৈসৰ্গিক বৰ্ণনাক প্ৰকান্তৰে বিহুনামত স্থান দিছে। যেনে-

              পথাৰৰ মাজৰে        এজাৰ ঐ লাহৰী

                    পথাৰৰ মাজৰে এজাৰ।

            চেঙেলীয়া কালতে        পিৰীতি এৰিলা

                    মনত দিয়ে গলা বেজাৰ।।


৩.০০  চটাই পৰেৱত আৰু ছিৰি লুইতৰ  প্ৰসংগই বিহুনামত এক সুকীয়া স্থান দখল কৰিছে। অসমৰ টাই আহোমসকলৰ মাজত প্ৰচলিত এক জনশ্ৰুতি অনুসৰি বিহুৰ উৎপত্তিৰ  সৈতে ধনকলীয়া দেৱতা (টাই আহোমৰ চামন দেৱতা) আৰু কলীমতী দেৱী (কোনো কোনোৰ মতে কেঁচাইখাতী)ৰ সম্পৰ্ক আছে। হেম বুঢ়াগোহাঞিৰ মতে,  "চটাই পৰ্বতৰ নামনি দৈয়াং অধ্যুষিত গৰুচৰ ৰাজ্য কলিয়াবৰতেই বিহুৰ আখৰাতলী।" (বৰুৱা,২০০১,পৃ.৯০) জনশ্ৰুতিৰ মতে, কলীয়াবৰতেই ধনকলীয়া আৰু কলীমতীয়ে প্ৰথম বিহু কৰিছিল আৰু ইয়াৰ পাছত সেই বিহু মনিচৰ মাজলৈ বিয়পি পৰে। বিহুনামত সেয়েহে গোৱা হয় এনেদৰেঃ

            মোৰ ধনকলীয়া        আলাসৰ দেৱতা

                    নিলগত আছিলা ৰৈ হেই।

           কলীমতীক লগ পাই      ৰঙালীক লগত লৈ

                কলীয়াবৰতে ৰহিলা ঐ।। 

    ইয়াৰ পৰা ধাৰণা কৰিব পাৰি যে, চতাই পৰ্বত কলীয়াবৰৰ ওচৰত থকা এক পৰ্বত। আনহাতে মৰিয়নি অঞ্চলৰ গাভৰু পাহাৰ অঞ্চলত থকা চটাই পৰ্বতেই বিহুনামত উল্লিখিত চটাই পৰ্বত বুলি সন্দেহ কৰিব পাৰি। মনকৰিবলগীয়া কথা এয়ে যে, ২০২২ চনৰ অক্টোবৰ মাহত মৰিয়নিৰ ঐতিহাসিক গাভৰু পাহাৰৰ নামনিৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ চটাই পৰ্বতৰ তেলপুঙত আহোম ৰাজত্বকালত যুদ্ধত ব্যৱহৃত এটা হিলৈ উদ্ধাৰ হোৱা ঘটনাই চটাই পৰ্বতৰ ঐতিহাসিক আৰু ভৌগোলিক গুৰুত্ব থকাৰ কথা প্ৰমাণ কৰে।১  সমালোচক লীলা গগৈৰ মতে বিহুনামৰ চটাই পৰ্বত প্ৰকৃত পৰ্বত নহয় ই এক কল্পনাৰ হে সৃষ্টি। "চটাই পৰেবত আৰু ছিৰি লুইত অসমীয়া স্বভাৱ কবিৰ কল্পনাৰে ৰঞ্জিত হৈ উঠে। গাঢ় সেউজীয়া বা পাতল নীলা ৰঙেৰে জিলিকি উঠা চটাই পৰেবতটো আচল পৰ্বত নহয়; কল্পনাৰ পৰ্বতহে।" [গগৈ,২০১১,পৃ.১৩১]  এই কল্পনাৰ চটাই পৰেবতৰ বৰ্ণনাই এনে এটা সাংগীতিক লহৰ আৰু কাব্যিক অনুভূতিৰ সৃষ্টি কৰিলে যে, ই এক অপূৰ্ব চিত্ৰকল্প হৈ বিহুনামত ধৰা দিছে। মহেশ্বৰ নেওগৰ "অসমীয়া গীতি সাহিত্য" নামৰ গ্ৰন্থখনৰ 'চটাই পৰেবত আৰু ছিৰি লুইত' শীৰ্ষত অধ্যায়টোৰ শিৰোনামৰ সম্পৰ্কত লেখকে গ্ৰন্থ খনৰ আগকথাত উল্লেখ কৰিছে যে, "নামটো আনৰো যে পছন্দ হৈছেল, কোনোজন বন্ধুৱে তাক নিজৰ প্ৰবন্ধৰ নামকৰণৰূপে ব্যৱহাৰ কৰাৰ পৰা অনুভৱ কৰিব পাৰি।" সি যি হ'লেও বিহুনামত এই চটাই পৰেবতৰ প্ৰসংগই স্থান পাইছে এইদৰে-

            চটাই পৰেবত          ধুঁৱলী কুঁৱলী

                      কোনে ভাত ৰান্ধি খায়;

          মাক নাই মাউৰা          তিৰী নাই বৰলা

                    হাতী ধৰিবলৈ যায়।

আকৌ-    চটাই পৰেবতত     পহু জাল পাতিলোঁ

                              চটাইতে গধূলি হ'ল,

                    সমনীয়াই সুধিলে     কমে কি বুলি

                              জাল-ফালি হৰিণা গ'ল।

- এই বিহুনামফাঁকিৰ বিশ্লেষণৰ প্ৰসংগত লীলা গগৈয়ে কৈছে যে, " চটাই পৰেবতত জাল ফালি হৰিণা যোৱাটো বুকু ফালি কোনোবা ওলাই যোৱাৰহে বলিষ্ঠ চিত্ৰধৰ্মী প্ৰতীক।" আমাৰ অনাখৰী স্বভাৱ কবিৰ ৰচনাত অসচেতনভাবে প্ৰকাশ পোৱা চিত্ৰকল্প, প্ৰতীক, উপমা, অলংকাৰ আদি উচ্চমানৰ কাব্যিক গুণেৰে বিহুনামসমূহক বিশিষ্টতা প্ৰদান কৰিছে।


৪.০০ বিহুনামৰ পাতে পাতে প্ৰকৃতি জগতৰ নানান নৈসৰ্গিক উপাদানৰ বৰ্ণনা পোৱা যায়। ইয়াৰ ভিতৰত বিহুনামত প্ৰকৃতি জগতৰ চৰাই-চিৰিকতি, জীৱ-জন্তু, গছ-লতিকা, ফল-ফুল আদিৰ বৰ্ণনা উল্লেখযোগ্য। বিহুনামত প্ৰকৃতি জগতৰ উপাদান উপমা হিচাবে প্ৰয়োগ হোৱাৰ উদাহৰণ-

          তোমাৰ চকুযুৰি          হৰিণাৰ চকু যেন

                      বুকুতো পদুমৰ চকা,

          তোমাৰ বাহুদুটি          পদুমৰ ঠাৰি যেন

                       ৰেচমৰ কাপোৰে ঢকা।

সেইদৰে-  তোমাৰ গাল দুখনি       পাভ মাছৰ নিচিনা

                        ঘোঁৰা ফানৰ নিচিনা চুলি

                ল'ম ল'ম বুলি              এদিনো নল'লা

                               দুখনি হাতেৰে তুলি।

    ৪.১ বসন্ত কালত কুলিৰ সুমধুৰ মাতে যেনেকৈ দেহ-মন উতলা কৰে তাৰ বিপৰীতে আকৌ কেতেকীৰ বিননিত বিৰহীৰ হৃদয় দুগুণে উথলি উঠে। "বনৰ পক্ষীয়ে যুৰ পাতি উৰে/আমাৰ যোৰা পাতোতা নাই" বুলি কোনোজনে মনৰ বেদনা প্ৰকাশ কৰে। " ওপৰে উৰি যোৱা যুৰীয়া চৰাইহাল দেখি সৃষ্টিৰ সনাতন সত্য প্ৰকৃতি-পুৰুষৰ এৰাব নোৱৰা সম্পৰ্কটোলৈ মনত পৰে। নৈ-সাগৰ, পৰ্বত-পাষাণে আগুৰি থকা পৃথিৱীৰ সীমা পাৰ হ'বলৈ চৰাইৰ পাখি দুখনি দেখি অনুশোচনা আহে।" [গগৈ,২০১১,পৃ.১৩৯] এই প্ৰসংগটি স্বভাৱ কবিৰ ৰচনাত বাঙ্ময় হৈ উঠিছে এইদৰে-

              চমকত চাবলৈ          নহওঁ মই বিজুলী

                          নহওঁ মই বোৱতী নৈ।

          চৰায়ো নহ'লো             উৰি মই যাবলৈ

                          দুকাষে দুপাখি লৈ।

অথবা, মোৰ ঘৰ ইপাৰে            তোমাৰ ঘৰ সিপাৰে

                           মাজতে বোৱতী নৈ।

            চৰাই হোৱা হ'লে          উৰি গ'লোহেঁতেন

                               দুকাষে দুপাখি লৈ।

আকৌ- চিৰিপ চিৰিপ কৰি      কাপোৰ ধুই আছিলোঁ

                                ওপৰে উৰিলে টুনি।

            টুনিৰে লগতে              উৰিম যেন লাগিলে

                                 ওচৰত নহ'লা তুমি।।


      বিহুনামত এই চৰাই-চিৰিকতিৰ এনে অনেক চিত্ৰ সজীৱ হৈ আছে। বিহুনামত সিবোৰৰ বৰ্ণনাৰ দুটিমান উদাহৰণ এনেধৰণৰ- নলনিত  হেটুলুকা চৰায়ে মাত, চাকৈ-চকোৱাই ৰৈ-ৰৈ কান্দে, ৰৈ ৰৈ বিনালে কেতেকী চৰায়ে, ওপৰে উৰিলে কৰচন- কনুৱা/তাৰ লগত উৰিলে বগ, শালিকী চৰায়ে কিৰিলি পাৰিলে/গছৰ গুটি খাবলৈ পায়, বাঁহেৰে আগতে কপৌ চৰাইহালি, বৰঘৰৰ মূধতে কপৌ কুৰুলিয়াই, চৰাইৰে পোৱালি উৰিবকে নোৱাৰে/ঘূৰি ঘূৰি বাহতে পৰে ইত্যাদি।

 ৪.২ বিহুনামত প্ৰকৃতি চিত্ৰণৰ বিষয়ে আলোচনা কৰিবলৈ গৈ ফল-ফুলৰ কথা নক'লে আমাৰ আলোচনা আধৰুৱা হৈ ৰ'ব। দৰাচলতে, বসন্ত ঋতুত গছে পাত সলাই কুঁহিপাত মেলে, কপৌ-নাহৰ-তগৰ নানা তৰহৰ ফুলে চৌদিশ কুসুমিত কৰে। সেয়েহে এই বসন্ত ঋতুৰ প্ৰাকৃতিক শোভা বৰ্ধনকাৰী ফুলৰ প্ৰসংগই বিহুনামত আপোন-আপুনি স্থান পাইছে। যেনে-

          চ'তে গৈয়ে গৈয়ে         বহাগে পালেহি

                       ফুলিলে ভেবেলী লতা।

                  *          *          *

          চম্পা ফুলে শুৱাবনে      তগৰ ফুলে শুৱাব

          নাহৰৰে কলিটিয়ে       তোমাৰ নো মন জুৰাব।

                *          *          *

        অ' তোৰা বটিয়া         বিহু আহে যেতিয়া

        নাহৰ ফুলে তেতিয়া      তগৰ ফুলে তেতিয়া

             পখিলা হৈ উৰিবৰ পখিলা হৈ উৰিবৰ মন।

                  *          *          *

      আহঁতে সলাবৰ পাত         মোৰ বান্ধৈ ঐ

                          আঁহতে সলাবৰ পাত।

      তুমি যে লাহৰী                বৰণটি সলালা

                         মুগা ৰিহা মেখেলা গাত।


    এইদৰে আলোচনা কৰিলে দেখা যায় যে বিহুনামত প্ৰকৃতি জগতৰ নানান বিষয়ে স্থান পাইছে। শাওনৰ পথাৰ, আঘোণৰ পথাৰ, বিস্তীৰ্ণ সেউজীয়া চৰ-চাপৰি, নৈ-বিল, গছ-বিৰিখ, সুশোভিত পৰ্বত-পাহাৰ, নানা বৰণৰ ফুল, চৰাই-চিৰিকতিৰ কল্লোল আদি প্ৰকৃতিৰ নানান নৈসৰ্গিক বৰ্ণনাই বিহুগীতত স্থান পোৱা দেখা যায়। এইসমূহে কেতিয়াবা উপমা হৈ অথবা কেতিয়াবা একো একোখন মনোৰম চিত্ৰকল্প হৈ বিহুনামৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। আনকি প্ৰকৃতি জগতৰ নানা উপাদানে বিহুনামত প্ৰতীকী অৰ্থতও ব্যৱহাৰ হৈ এইবোৰক সমৃদ্ধ কৰিছে। ভালদৰে চালে দেখা যায় যে, বিহুনাম ৰচনা কৰা অনাখৰী স্বভাৱ কবিয়ে এইবোৰ কাব্যিক গুণ, অলংকাৰ সচেতন ভাবে বিহুনামত প্ৰয়োগ কৰা নাছিল। অথচ এই বিহুনামসমূহ আজিৰ সাহিত্য বিচাৰত একো একোটা উচ্চমানৰ গীত বা কবিতা হৈ অসমীয়া লোকসাহিত্যক সমৃদ্ধ কৰিছে।




(স্বৰ্ণলিপি আলোচনীৰ এপ্ৰিল,২০২৫ সংখ্যাত প্ৰকাশিত)

                                     -----      -----    -----

তথ্য আহৰণৰ সূত্ৰঃ

১. News 18 অসম North Eastত ২০২২ চনৰ ৭ অক্টোবৰ তাৰিখে গৌতম বৰ্মনৰ দ্বাৰা প্ৰকাশিত মৰিয়নিৰ চটাই পৰ্বতত আহোম ৰাজত্ব কালৰ হিলৈ উদ্ধাৰ শিৰ্ষক এক  বাতৰিত এই কথা উল্লেখ আছে। https://assam.news18.com/news/assam/ahom-dynasty-firearms-hiloi-recovered-in-mariani-jyotiprasad-gb-256979.html

সহায়ক গ্ৰন্থপঞ্জীঃ-

গগৈ,লীলা (২০১১); অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা; বনলতাঃ ডিব্ৰুগড়

গন্ধীয়া, জয়কান্ত (২০১১); বিহু বিধি আৰু ব্যাধি; আঁক-বাকঃ গুৱাহাটী

নেওগ, মহেশ্বৰ (২০০৮); অসমীয়া গীতি সাহিত্য; চন্দ্ৰ প্ৰকাশঃ গুৱাহাটী

বৰুৱা, বিৰিঞ্চি কুমাৰ (২০১৩); অসমীয়া ভাষা আৰু সংস্কৃতি; জাৰ্ণাল এম্প'ৰিয়ামঃ গুৱাহাটী

বৰুৱা, প্ৰহ্লাদ কুমাৰ (সম্পা.) (২০০১), অসমীয়া লোক সাহিত্য; অসম সাহিত্য সভাঃ ষট্ ষষ্টিতম অধিৱেশন, ডিব্ৰুগড়

ভট্টাচাৰ্য, বসন্ত কুমাৰ (২০০৭); অসমীয়া লোকগীত সমীক্ষা; চন্দ্ৰ প্ৰকাশঃ গুৱাহাটী

শৰ্মা,সত্যেন্দ্ৰনাথ (২০১৮); অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত; সৌমাৰ প্ৰকাশঃ গুৱাহাটী

Post a Comment

0 Comments