Header Ads Widget

Ticker

6/recent/ticker-posts

বিশ্বায়ন আৰু অসমীয়া সংস্কৃতি

 

বিশ্বায়ন আৰু অসমীয়া সংস্কৃতি

বিশ্বায়নৰ ধাৰণাঃ-

ইংৰাজী Globalization শব্দৰ প্ৰতিশব্দৰূপে অসমীয়া ভাষাত বিশ্বায়ন বা গোলকীকৰণ নামৰ পৰিভাষাটো ব্যৱহাৰ কৰা হৈছে। বৰ্তমান যুগত বিশ্বায়ন হৈছে এক বহুলভাৱে প্ৰচলিত ধাৰণা। ইংৰাজী Globalization শব্দটোৰ বুত্পত্তি (Etymology) সম্পৰ্কে বিচাৰ কৰি চালে দেখা যায় যে ফৰাছী অৰ্থনীতিবিদ Francois Perroux-এ ১৯৬০ৰ দশকৰ আৰম্ভণিতে তেখেতৰ ৰচনাৰ মাজত ইয়াক ‘mondialization’ (mundialization) বুলি ব্যৱহাৰ কৰিছিল। পিছে অধ্যাপক Theodore Levitt-এহে ১৯৮০ ৰ মাজভাগত বিশ্বায়ন (Globalization) শব্দটি জনপ্ৰিয় কৰি তুলে। একেবাৰে সাধাৰণ অৰ্থত বিশ্বায়নৰ অৰ্থ হৈছে সমগ্ৰ বিশ্বব্যাপী গঢ়ি উঠা এটা আন্তঃ সংযোগ প্ৰক্ৰিয়া।

       ভিন্নজন চিন্তাবিদে বিশ্বায়ন সম্পৰ্কে বিভিন্ন ধাৰণা তথা সংজ্ঞা আগবঢ়াইছে।

ব্ৰিটিছ সমাজতত্ত্ববিদ এন্থনি গিডেনছ (Anthony Giddens) ৰ মতে, “Globalization can thus be defined as the intensification of worldwide social relations which link distant localities in such a way that local happenings are shaped by events occurring many miles away and vice versa.”

       সমাজবিজ্ঞানী মাৰ্টিন আলব্ৰো (Martin Albrow) আৰু এলিজাবেথ কিং (Elizabeth King) ৰ মতে  বিশ্বায়ন হৈছে, সেই সকলো প্ৰক্ৰিয়া যাৰ দ্বাৰা পৃথিৱীৰ লোকসকলক একক বিশ্ব সমাজত অন্তৰ্ভুক্ত কৰা হৈছে

       বিশ্বায়ন সম্পৰ্কীয় সংজ্ঞা ইমানতে সামৰি আমি বিশ্বায়নৰ ধাৰণা এনেদৰে আগবঢ়াব পাৰো যে- ই এনে এক শক্তিশালী প্ৰক্ৰিয়া যি বিশ্ব সমাজৰ জাতীয় সংস্কৃতি, জাতীয় অৰ্থনীতি আদি সকলো দিশকে প্ৰভাৱান্বিত কৰি বিশ্বৰ ৰাজনৈতিক সীমাক মোহাৰি সমগ্ৰ পৃথিৱীখনকে এখন গাঁৱলৈ ৰূপান্তৰিত কৰিছে।

বিশ্বায়নৰ কাৰকঃ-

বিশ্বায়নৰ ধাৰণাটো একেদিনাই গঢ় লৈ উঠা বস্তু নহয় অথবা ই একেদিনাই সৃষ্টি হোৱা নাই। বিশ্বায়নৰ সৈতে কেতবোৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰক জড়িত হৈ আছে। যেনে-

১. ছোভিয়েট সংঘৰ পতন আৰু পূব ইউৰোপত সাম্যবাদৰ অৱসানঃ- ছোভিয়েট সংঘৰ পতনে বিশ্ববাসীক উপলদ্ধি কৰোৱালে যে সমাজবাদ আৰু সমাজবাদৰ তুলনাত পশ্চিমীয়া পুঁজিবাদ আৰু উদাৰবাদ শ্ৰেষ্ঠ। ছোভিয়েট সংঘৰ পতনৰ লগে লগে আমেৰিকা যুক্তৰাষ্ট্ৰ এককেন্দ্ৰিক বিশ্বৰ বৃহৎ শক্তি ৰূপে পৰিগণিত  হৈছিল। ফলত বিশ্বৰ আন ৰাষ্ট্ৰ বিলাকে আমেৰিকাৰ মুক্ত বজাৰ অৰ্থনীতিৰ নীতি অনুসৰণ কৰাৰ লগে লগে বিশ্বায়নৰ পথ প্ৰশস্ত হৈ পৰে। সেইদৰে সাম্যবাদী শাসনৰ অৱনতিৰ লগে লগে পূব ইউৰোপৰ ৰাষ্ট্ৰবোৰেও নিজ ঘৰুৱা অৰ্থনীতিক গোলকীয় অৰ্থনীতিৰ লগত একীভূত কৰি বিশ্বায়ন প্ৰক্ৰিয়াক তাৰান্বিত কৰি তুলে।

২. উদাৰীকৰণ নীতিঃ- বিশ্বৰ ৰাষ্ট্ৰবিলাকে গ্ৰহণ কৰা উদাৰীকৰণ নীতিয়ে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিৰ আদান-প্ৰদানৰ ক্ষেত্ৰত বাধা-নিষেধসমূহ দূৰ কৰিছিল আৰু ইয়াৰ জৰিয়তে বিশ্বায়নৰ বিকাশৰ পথ প্ৰশস্ত হৈ পৰিছিল। বিশ্বায়নৰ প্ৰক্ৰিয়াটোৱে সাধাৰণতে ৰাষ্ট্ৰবিলাকৰ ঔদ্যোগিক আৰু অন্যান্য সেৱাখণ্ডসমূহৰ বিভিন্ন কাৰ্যকলাপসমূহৰ লগত জড়িত চৰকাৰী বিধি-বিধানসমূহৰ শিথিলতাৰ কথা সূচায়। এই উদাৰীকৰণেই হৈছে একমাত্ৰ চাবি-কাঠি স্বৰূপ যাৰ সহায়ত তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে গোলকীয় অৰ্থনীতিৰ পথত অগ্ৰসৰ হওঁতে বিশ্বায়নৰ প্ৰক্ৰিয়াটোৰ লগত একীভূত হৈ পৰিছে। এই উদাৰীকৰণে উৎপাদনৰ সুবিধাসমূহৰ একত্ৰীকৰণৰ লগতে বিভিন্ন ৰাষ্ট্ৰীয় বজাৰবিলাকৰ একত্ৰীকৰণৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰে। তৃতীয় বিশ্ব ৰাষ্ট্ৰবিলাকৰ অৰ্থনৈতিক বিকাশ তথা উন্নয়নৰ ক্ষেত্ৰত বিশ্বায়ন হৈছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ দৰে বহুপাক্ষিক বিত্তীয় অনুষ্ঠানসমূহৰ নীতিৰ বিধান (Policy Prescription)

৩. প্ৰযুক্তিগত উন্নতিঃ- পৰিবহণ আৰু যোগাযোগ ব্যবস্থাৰ ক্ষেত্ৰত হোৱা বিপ্লৱে সমগ্ৰ পৃথিৱীখনকে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰি তুলিছে। যাৰ ফলত বিভিন্ন ৰাষ্ট্ৰৰ মাজত মূলধন, দ্রব্য সামগ্ৰী, মনৰ ভাৱনা আৰু জনসাধাৰণৰ পাৰস্পৰিক আদান-প্রদান ক্ষিপ্ৰ গতিত সম্ভৱ হৈ উঠিছে। যোৱা দুই তিনিটা দশকজুৰি কাৰিকৰী আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নাটকীয় পৰিৱর্তন সংঘটিত হৈছে। এই ক্ষেত্ৰত আমি নিম্নোক্ত কাৰকসমূহ উল্লেখ কৰিব পাৰো : সহজলভ্য টেলিফোনিক সেৱা, ই-মেইলৰ সুবিধা, পৰিকলন, তীব্ৰবেগী আকাশীযান আৰু বৃহৎ জাহাজ- এই সকলোবিলাকে ৰাষ্ট্ৰবিলাকৰ মাজত দ্রব্য সামগ্ৰী আৰু জনসাধাৰণৰ আদান-প্ৰদানৰ ক্ষেত্ৰত সকলোধৰণৰ বাধা-নিষেধসমূহৰ ক্ষেত্ৰত শিথিলতা আনি দিছে। অর্থনৈতিক ক্ষেত্ৰখনত চালে দেখা যায় যে পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰযুক্তিগত অগ্রগতিয়ে অতিৰাষ্ট্ৰীয় ব্যৱসায়িক নিগমসমূহক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উৎপাদনৰ লগতে বজাৰকেন্দ্রিক কৌশলসমূহ উদ্ভাৱন কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰি তুলিছে। বর্তমান সময়ত বিশ্বৰ আধাতকৈও বেছি সংখ্যক দ্রব্য সামগ্ৰী আৰু সেৱা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰূপায়িত পৰিকল্পনা, আৰ্হি উৎপাদন আৰু বিক্ৰীৰ কৌশলৰ ভিত্তিত উৎপাদিত হয়। এয়েই নহয় আনকি যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰতো অতিৰাষ্ট্ৰীয় গণমাধ্যম, নিগমসমূহেও ৰাজনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সচেতনতা গঢ়ি তোলাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। বহুলভাৱে ক'ব পাৰি যে যোগাযোগ ব্যৱস্থাৰ বৈপ্লবিক পৰিবৰ্তনে বিশ্বৰ নানা ৰাষ্ট্ৰবিলাকৰ অর্থনীতিক একত্ৰীকৰণৰ ক্ষেত্ৰত সূচলতা আনি দিছে। কিন্তু বিশ্বায়নৰ মাত্ৰা প্ৰতিখন ৰাষ্ট্ৰতে সমপৰ্যায়ৰ নহয়।

৪. আন্তঃৰাষ্ট্ৰীয় সংগঠন বিলাকৰ ভূমিকাঃ- বিশ্বায়নৰ বিকাশৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগঠনবিলাকৰ ভূমিকা লেখত ল'বলগীয়া। বিশ্ব বাণিজ্য সংস্থা, আন্তৰাষ্ট্ৰীয় মুদ্ৰা নিধি, বিশ্ব বেংক আদিকে ধৰি ৰাষ্ট্ৰ সংঘৰ অন্যান্য সংস্থাবিলাক, যেনে আন্তঃৰাষ্ট্ৰীয় বনুৱা সংস্থা, ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনি, ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ পৰিষদ বা চমুকৈ UNCTAD আদি বিলাকে এনে এক আন্তঃৰাষ্ট্ৰীয় বাতাবৰণৰ সৃষ্টি কৰিছে যি বিশ্বায়নৰ প্ৰক্ৰিয়াটো উদ্ভাবন হোৱাত অৱদান যোগাইছে।

৫. মনস্তাত্ত্বিক একত্ৰীকৰণঃ- মনস্তাত্ত্বিক একত্ৰীকৰণো বিশ্বায়ন উদ্ভৱ হোৱাৰ আন এক প্রধান কারণ। বিশ্বায়ন কেবল পর্যাপ্ত যোগাযোগ ব্যৱস্থাৰ উন্নীতকৰণৰ ফলশ্ৰুতি এনে নহয়। ইয়াৰ উদ্ভৱ হোৱাৰ মূলতে হৈছে যে বিশ্বৰ বিভিন্ন অঞ্চলৰ জনসাধাৰণে আন আন অঞ্চলৰ জনসাধাৰণৰ লগত একত্ৰীকৰণৰ বিষয়ে অনুভৱ কৰিছে আৰু ইয়াক স্বীকাৰ কৰিছে। বর্তমান সময়ত দেখা যায় যে বিশ্বৰ কোনো এক প্রান্তত সংঘটিত হোৱা ঘটনাই তাৎক্ষণিকভাবে আন আন অঞ্চল প্রভাবিত কৰে। উদাহৰণ স্বৰূপে বাৰ্ডফ্লু বা ছুনামীৰ  প্ৰভাৱ কোনো এখন ৰাষ্ট্ৰতেই কেৱল সীমাবদ্ধ নহয়। একেদৰে যেতিয়া কোনো এখন ৰাষ্ট্ৰত গুৰুত্বপূৰ্ণ অর্থনৈতিক ঘটনা সংঘটিত হয় তাৰ প্ৰভাৱ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুভৱ কৰা হয়। অতিৰাষ্ট্ৰীয় গণমাধ্যম নিগমসমূহে বিশ্বায়ন সম্বন্ধীয় সচেতনতা জনসাধাৰণৰ মাজত বৃদ্ধি কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে তথা এনেদৰে বিশ্বৰ জনগণৰ মাজত মনঃস্তাত্ত্বিক একত্ৰিকৰণৰ পথ প্ৰশস্ত কৰি তুলিছে।

       উদাৰীকৰণ, বেচৰকাৰীকৰণ, মুক্ত বাণিজ্য, ৰাষ্ট্ৰীয় অৰ্থনীতিৰ আন্তঃৰাষ্ট্ৰীয়কৰণ তথা প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণ, ৰাজনৈতিক আৰু অৰ্থনৈতিক সংগঠনসমূহৰ সক্ৰিয়তা আদি বিশ্বায়নৰ অন্যতম বৈশিষ্ট্য। সেয়ে হলেও বিশ্বায়নক আমি এক অৰ্থনৈতিক প্ৰক্ৰিয়া হিচাপেহে অগ্ৰাধিকাৰ দিয়া উচিত। কিয়নো ই ৰাষ্ট্ৰৰ ঘৰুৱা অৰ্থনীতিক সম্পূৰ্ণভাৱে মুক্ত কৰি দিয়ে। উত্পাদন, বিতৰণ আৰু বিনিময় এই কেউটা দিশতে প্ৰভাৱ বিস্তাৰ কৰি বিশ্বায়নে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিক বিশ্ব অৰ্থনীতিৰ লগত একীভূত কৰাৰ পোষকতা কৰে। বিশ্বায়নে ৰাষ্ট্ৰবিলাকৰ মাজত মুক্ত বাণিজ্যিক সম্পৰ্কৰ পোষকতা কৰে। বিশ্বায়ন প্ৰক্ৰিয়াটো আকৌ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ লগত জড়িত হৈ আছে। উদাৰীকৰণে মুক্ত বাণিজ্য, ঘৰুৱা অৰ্থনীতি আৰু সম্পদৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস বৈদেশিক বিনিয়োগ আৰু বৈদেশিক ঋণ আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। উদাৰীকৰণে ৰাষ্ট্ৰৰ সীমাৰ ভিভৰত বা বাহিৰত যিকোনো উদ্যোগ, বাণিজ্য প্ৰতিষ্ঠা তথা পৰিচালনা কৰাৰ স্বতন্ত্ৰতাৰ পোষকতা কৰে। সেইদৰে ব্যক্তিগতকৰণে ৰাষ্ট্ৰ এখনৰ ঘৰুৱা অৰ্থনীতিত বেচৰকাৰী খণ্ডৰ শ্বেয়াৰ বা অংশ বৃদ্ধি, বৈদেশিক কোম্পানীৰ আগমণক অনুমতি প্ৰদান কৰে।

       ইয়াৰ ফলত বিশ্বৰ ৰাষ্ট্ৰবোৰৰ অৰ্থব্যৱস্থা উন্মুক্ত হৈ পৰিছে। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত বিকাশে যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। বিশ্বায়নৰ অন্যতম বৈশিষ্ট্যই হৈছে ৰাষ্ট্ৰৰ ভৌগোলিক সীমা তথা ব্যৱধানক অস্বীকাৰ কৰা। বিশ্বায়নৰ দ্বাৰা ৰাষ্ট্ৰসমূহৰ ভৌগোলিক সীমা অতিক্ৰম কৰি দ্ৰব্য আৰু সেৱাৰ মুক্ত আদান প্ৰদান সম্ভৱ হৈ উঠিছে।

       সাম্প্ৰতিক সময়ত বিশ্বায়ন প্ৰক্ৰিয়াক অস্বীকাৰ কৰা ৰাষ্ট্ৰসমূহৰ পক্ষে প্ৰায় অসম্ভৱ। বিশেষকৈ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত বিশ্বায়নৰ প্ৰভাৱ সৰ্বাধিক। পৃথিৱীৰ ৰাষ্ট্ৰসমূহৰ অৰ্থনীতি, ৰাজনীতি, সামাজিক-সাংস্কৃতিক সকলো দিশতে বিশ্বায়নৰ প্ৰভাৱ অতি গভীৰ। এইসমূহৰ বিষয়ে ইতিমধ্যে ভিন্ন দৃষ্টিৰে চিন্তা-চৰ্চা হৈছে আৰু বিশ্বায়নৰ অনেক সুপ্ৰভাৱ আৰু কুপ্ৰভাৱৰ বিষয়ে গৱেষক পণ্ডিতসকলে আলোচনা কৰিছে। আমি সেইবোৰৰ বিষয়ে আলোচনা কৰাৰ পৰা বিৰত থাকি সম্প্ৰতি অসমীয়া সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰাৰ প্ৰয়াস কৰিছো।

অসমীয়া সংস্কৃতিত বিশ্বায়নৰ প্ৰভাৱঃ-

       অসমীয়া সংস্কৃতি হৈছে সমন্বয়ৰ সংস্কৃতি। অসমত বসবাস কৰি থকা বিভিন্ন জাতি-জনজাতিৰ সংস্কৃতিৰ সংমিশ্ৰণত অসমীয়া সংস্কৃতি অভিধাটো গঢ় লৈ উঠিছে। আনহাতে সংস্কৃতি অৱধাৰণাটো অতিশয় অৰ্থৱহ আৰু ব্যাপকমানৱ জীৱনৰ সকলো দিশকে ই সামৰি লয়। মানুহে জন্মৰ পৰা মৃত্যুলৈকে পালন কৰা বিভিন্ন নীতি-নিয়ম, সামাজিক আচৰণ, ব্যৱহাৰ, ভাষা, ধৰ্ম, কলা-সাহিত্য, উত্সৱ-পাৰ্বন তথা গৃহ নিৰ্মাণ, খাদ্যাভাস, পিন্ধন-উৰণ আদি সকলো দিশকে সামগ্ৰিকভাৱে সংস্কৃতি পদটোৱে সাঙুৰি লয়। বিশ্বায়নৰ সাংস্কৃতিক দিশটো; যাক সমাজবিজ্ঞানীসকলে সাংস্কৃতিক বিশ্বায়ন (Cultural Globalization) বুলি কৈছে, সি সংস্কৃতিৰ উক্ত আটাইবোৰ দিশকে প্ৰভাৱান্বিত কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰভিন্ন খাদ্যাভাস, পোছাক-পৰিচ্ছদ, নৃত্য-গীত তথা লোক-সংস্কৃতি, লোকাচাৰ, ভৌতিক সংস্কৃতি, লোক-পৰিৱেশ্য কলা- সংস্কৃতিৰ এই আটাইবোৰ দিশতে বিশ্বায়নে প্ৰভাৱ বিস্তাৰ কৰি পৰিৱৰ্তন সাধন কৰিছে। বিশ্বায়নে যিদৰে এক বিশ্বৰ পোষকতা কৰে সেইদৰে সংস্কৃতিৰ ক্ষেত্ৰতো ই এক বিশ্ব সংস্কৃতিৰ সৃষ্টি কৰিব বিচাৰিছে। পশ্চিমীয়া উন্নত দেশবোৰে বিশ্বায়নৰ দ্বাৰা যিদৰে তৃতীয় বিশ্ব তথা উন্নয়নশীল দেশবোৰৰ অৰ্থনীতি, ৰাজনীতিত হস্তক্ষেপ কৰাৰ সুযোগ পাইছে সেইদৰে সংস্কৃতিৰ ক্ষেত্ৰতো এই পশ্চিমীয়া দেশবোৰে উন্নয়নশীল দেশবোৰৰ সংস্কৃতিত গভীৰ প্ৰভাৱ পেলাইছে। সম্প্ৰতি যি এক বিশ্ব সংস্কৃতিৰ ধাৰণা আমি পাইছো তাত পশ্চিমীয়া সংস্কৃতিৰ উপাদানেই সৰ্বাধিক বা এই বিশ্ব সংস্কৃতিয়ে পশ্চিমীয়া সংস্কৃতিকে প্ৰতিনিধিত্ব কৰা যেন আমাৰ বোধ হয়। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত বসবাস কৰি থকা প্ৰতিটো সৰু-সুৰা জাতি-জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি বিশ্বায়নৰ দ্বাৰা প্ৰভাৱিত হৈছে আৰু সিবোৰৰ স্বকীয়তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। আমাৰ অসমৰ বেলিকাও ইয়াত বসবাস কৰি থকা জনগোষ্ঠীসমূহৰ সংস্কৃতি তথা বহল অৰ্থ অসমীয়া সংস্কৃতি বিশ্বায়নৰ দ্বাৰা প্ৰবলভাৱে প্ৰভাৱান্বিত হৈছে। বিশ্বায়ন প্ৰক্ৰিয়াক তৰান্বিত কৰাৰ মূলতে আছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশে ন ন বস্তুৰ উদ্ভাৱনৰ দ্বাৰা মানুহৰ জীৱন ধাৰণ প্ৰণালীৰ দ্ৰুত পৰিৱৰ্তন ঘটাইছে। ইয়াৰ দ্বাৰা অসমীয়া সমাজ জীৱন তথা সংস্কৃতিৰো দ্ৰুত পৰিৱৰ্তন সাধিত হৈছে। ইয়াক আমি তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰো-

১. অসমত বসবাস কৰি থকা জাতি-জনগোষ্ঠীসমূহৰ নিজা কেতবোৰ ভাষা আছে। সম্প্ৰতি বিশ্বায়নৰ যুগত নিজকে বৰ্তাই ৰাখিবলৈ এই জনগোষ্ঠীসমূহে নিজা ভাষাবোৰৰ সংৰক্ষণ, প্ৰচাৰ আৰু সংবৰ্দ্ধনৰ প্ৰতি অধিক সচেতন হৈছে। নিজা ভাষাটোক জীয়াই ৰাখিবলৈ জনগোষ্ঠীসমূহে ৰোমান, দেৱনাগৰী আদি লিপি গ্ৰহণ কৰি ভাষা চৰ্চা কৰিছে আৰু বিশ্বায়নে আনি দিয়া সুযোগ-সুবিধা গ্ৰহণ কৰি আধুনিক ছপা যন্ত্ৰ, ডিজিটেল মাধ্যম আদিত সংৰক্ষণ কৰাৰো প্ৰচেষ্টা হাতত লৈছে। অসমীয়া ভাষাৰ বেলিকাও বিশ্ব সম্প্ৰদায়ৰ লগত খোজত খোজ মিলাবলৈ গৈ অসমীয়া মানুহে অতি সম্প্ৰতি ভাষাটোক ইউনিকডত (Unicode) সন্নিৱিষ্ট কৰিবলৈ যত্নপৰ হৈছে

২. পৰিৱৰ্তনশীলতা সংস্কৃতিৰ এটা প্ৰধান ধৰ্ম। সংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ বোৱতী সুঁতি। নৈৰ গতিয়েই সংস্কৃতিৰ গতি। নৈয়ে যেনেকৈ নিৰৱচ্ছিন্ন গতিৰে চিৰদিন বৈ থাকে, সংস্কৃতিও তেনেকৈ ধাৰাবাহিক গতিৰে চলি থাকে। নৈয়ে গৰা খহায়; বলুকা পাতে। সেইদৰে সময়ৰ সোঁতত লাগি সংস্কৃতিৰ সম্পদ এৰা পৰে; নতুনৰ যোগ হয়। বিশ্বায়নে যেনিবা এই পৰিৱৰ্তন প্ৰক্ৰিয়াক অধিক তৰান্বিত কৰি তুলিছে। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰত মৌখিক লোকবিদ্যা; যেনে- লোকগীত বা লোক কবিতা, লোকোক্তি, লোককাহিনী, লোকভাষা আদি সকলোবোৰেই সময়ৰ লগে লগে পৰিৱৰ্তন হৈ আহিছে। এফালে সিবোৰৰ প্ৰচলন কমি আহিছে আনফালে প্ৰচলনৰ অভাৱত অসমীয়া সমাজৰ পৰা বৰ্তমান সময়ত এইবোৰ ক্ৰমে হেৰাই যোৱাৰ উপক্ৰম হৈছে। বিশ্বায়নে আকৌ অসমীয়া সংস্কৃতিৰ এই মৌখিক লোকবিদ্যাসমূহক সংৰক্ষণ কৰৰো সুবিধা কৰি দিছেলোকগীতৰ ক্ষেত্ৰতে আধুনিক যন্ত্ৰ সংগীত আৰু লোকগীতৰ সংমিশ্ৰণ (Folk tune/music and Electronic music) ঘটাই নতুন ৰূপত তাক উপস্থাপন কৰা হৈছে। আকৌ সামাজিক মাধ্যমসমূহ (যেনে- ফেচবুক, ইউটিউব, ইনষ্ট্ৰাগ্ৰাম, টুইটাৰ)ৰ দ্বাৰা এইবোৰৰ প্ৰচাৰ আৰু চৰ্চাও কৰা হৈছে।

৩. সেইদৰে অসমীয়া সংস্কৃতিৰ সামাজিক লোকপ্ৰথা বা লোকাচাৰ; যেনে- উত্সৱ-অনুষ্ঠান, খেল-ধেমালি, লোক-ঔষধ, লোকধৰ্ম আদিবোৰো সময়ৰ লগে লগে পৰিৱৰ্তন হৈছে। বিশ্বায়নৰ দ্বাৰা অসমীয়া সমাজ ধৰ্মীয় চেতনা, পৰম্পৰা, লোকবিশ্বাস আদিৰ ক্ষেত্ৰত পশ্চিমীয়া উদাৰ মানৱিকতাবাদৰ দ্বাৰা প্ৰভাৱান্বিত হৈছে। যুক্তিহীন ধৰ্মীয় বিশ্বাস, লোকবিশ্বাস, পৰম্পৰা, ৰীতি-নীতি আদি যিবোৰ অপ্ৰাসংগিক তাক অসমীয়া সমাজে এৰাই চলাৰ প্ৰয়াস কৰিছে। উত্সৱ-অনুষ্ঠানৰ ক্ষেত্ৰত আকৌ আধুনিক জীৱন ধাৰণ প্ৰণালীয়ে জনজাতীয় সমাজত সিবোৰৰ প্ৰচলন পূৰ্বৰ তুলনাত হ্ৰাস কৰিছে। আমাৰ অসমীয়াৰ বাপতি সাহোন বিহুৰ ক্ষেত্ৰতে, বিশেষকৈ ৰঙালী বিহু বৰ্তমান সময়ত মঞ্চ বিহু ৰূপেহে অধিক জনপ্ৰিয় হৈছে বা গছতলৰ বিহু আহি মঞ্চ বিহু ৰূপেহে বৰ্তি আছে।  আকৌ এই বিহুৰ দৰে উত্সৱ-অনুষ্ঠানক বিশ্বায়নে ব্যৱসায়িক পণ্যত পৰিণত কৰা বুলিও বিদ্বত মহলত চৰ্চা হৈছে। অৱশ্যে নব্য মাধ্যমসমূহত (new media) বিভিন্ন সামাজিক মাধ্যমৰ দ্বাৰা সিবোৰৰ ব্যাপক চৰ্চাও অব্যাহত আছে।

৪. অসমীয়া সংস্কৃতিৰ ভৌতিক সংস্কৃতিৰ ভিতৰুৱা লোক-স্থপতিবিদ্যা, লোক-আভৰণ, লোক-শিল্প, আদিবোৰ বিশ্বায়নৰ দ্বাৰা পোনপটীয়াকৈ প্ৰভাৱান্বিত হৈছে। পূৰ্বৰ তুলনাত অসমীয়া মানুহৰ গৃহ নিৰ্মাণ প্ৰণালীৰ এতিয়া সম্পূৰ্ণ সলনি হৈছে। খেতি-পথাৰৰ সঁজুলিৰ ক্ষেত্ৰতো আধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰ বৃদ্ধি পাইছে। লোক আভৰণ যেনে- সাজ-পোছাক, অয়-অলংকাৰ আদিৰ ক্ষেত্ৰত এতিয়া অসমীয়া বিশ্বায়নে সৃষ্টি কৰা মুক্ত বজাৰত উপলদ্ধ ভিন্ন বিদেশী কাপোৰ, অলংকাৰ আদি গ্ৰহণ কৰিছে। আকৌ নিজা পৰম্পৰাগত সাজপাৰ, অলংকাৰৰ ক্ষেত্ৰত অসমীয়া মানুহে যুগৰ লগত খাপ খুৱাই চলিবলৈ নতুন আৰ্হিৰে(Design) তাক উপস্থাপন কৰিছে।  লোক শিল্পৰ ক্ষেত্ৰত বিশেষকৈ কুটীৰ শিল্পই অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তাঁতশাল আদি বস্ত্ৰ শিল্প তথা বাঁহ-বেতৰ শিল্প, কঁহাৰশাল আদিৰ ঠাইত আধুনিক যন্ত্ৰ নিৰ্ভৰ কল-কাৰখানা উদ্যোগে স্থান দখল কৰিছে।

৫. অসমীয়া সংস্কৃতিৰ লোক পৰিৱেশ্য কলা যেনে- লোকসংগীত (লোকগীত, লোকনৃত্য, লোকবাদ্য) তথা পুতলা নাচ, ঢুলীয়া, খুলীয়া, দেওধনী, কুশান গান, খেৰাই, বাগৰুম্বা আদিবোৰ সময়ৰ লগে লগে পৰিৱৰ্তিত অসমীয়া সমাজৰ পৰা ক্ৰমে লোপ পাই আহিছে। পিছে বিশ্বায়নৰ সুবাদত গণমাধ্যম, যেনে- ছপা মাধ্যম, বৈদ্যুতিন মাধ্যম, নব্য মাধ্যম (সামাজিক মাধ্যম)সমূহৰ দ্বাৰা এইবোৰৰ সংৰক্ষণ আৰু পুনৰ প্ৰচাৰ সম্ভৱ হৈছে।

       মুঠতে বিশ্বায়নৰ ফলত অসমীয়া সংস্কৃতিয়ে বিশ্ব সংস্কৃতিৰ সৈতে খাপ খোৱাই চলিবলৈ নানা উপায়েৰে নিজকে বৰ্তি ৰখাৰ চেষ্টা কৰিবলগীয়া হৈছে।

       শেষত কব পাৰি যে বিশ্বায়নে এক প্ৰকাৰৰ উপভোগৰ সংস্কৃতিৰ সৃষ্টি কৰিছে।  বিশ্বায়নে মানুহৰ মাজত এনে এক ধাৰণাৰ বোধ জন্মাইছে যে সংস্কৃতিৰ সকলো উপাদানেই যেন উপভোগৰ আহিলাহে মাত্ৰ। শ্বপিং মল, বিনোদন উদ্যান, হোটেল-ৰেষ্টুৰাঁ, ক্লাৱ-বাৰ, চিনেমা হল আদি ভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উপভোগৰ সংস্কৃতিৰ স্বৰূপক উদঙাই দিছে। বিশ্বায়নৰ ফলত ইটালিৰ পিজ্জা (Pizza) আহি অসমৰ জকাই চুকৰ বজাৰ দখল কৰিছেহি।

       বিশ্বায়নে সৃষ্টি কৰা গোলকীয় গাঁৱৰ যিকোনো প্ৰান্তৰ ঘটনা আজি পলকতে আমাৰ চকুৰ আগত ধৰা দিছেহি। আকৌ এই গোলকীয় গাঁৱৰ প্ৰতিটো ঘটনা-পৰিঘটনাই বিশ্বৰ প্ৰতিটো প্ৰান্তকে প্ৰভাৱিত কৰিছে। চীনত উদ্ভৱ হোৱা কভিড মহামাৰীয়ে বা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই অসমৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছে। স্মাৰ্টফোন,কম্পিউটাৰ আদিত সহজতে উপলব্ধ হোৱা ইন্টাৰনেট সেৱাই অসমীয়া সমাজ-জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। সিবোৰৰ অসৎ ব্যৱহাৰে (যেনে- অনলাইন-ভিডিঅ গেম, ভিন্ন পৰ্ণ চাইট আদিৰ প্ৰতি আসক্তি, চাইবাৰ অপৰাধ, ছচিয়েল মেডিয়াৰ অত্যাধিক ব্যৱহাৰ আদি) উঠি অহা অসমীয়া প্ৰজন্মক কৰ্মবিমোখ কৰিছে বা নতুন প্ৰজন্মৰ মন-মানসিকতাত বিৰোপ প্ৰভাৱ পেলাইছে বুলি চিন্তাবিদসকলে মত আগবঢ়াইছে। এইদৰে আমি বিশ্বায়ন আৰু অসমীয়া সংস্কৃতিৰ বিষয়ে যথাসম্ভৱ সকলো দিশ সামৰি চমুকৈ আলোচনা কৰাৰ প্ৰয়াস কৰিলোঁ।

 

               

 

প্ৰসংগসূত্ৰ

১. Wikipedia Contributors. “Globalization.” Wikipedia, The Free Encyclopedia, Wikimedia  Foundation, 11 Oct.2022,     en.wikipedia.org/w/index.php?title=Globalization&oldid=1115352207Accessed 08 Oct. 2022

২. Giddens, Anthony (1990). The Consequences of Modernity. Cambridge: Polity Press. P. 64. ISBN 0-7456-0793-4. OCLC 22305142.

৩. Albrow, Martin; King, Elizabeth (1990). Globalization, Knowledge and Society. London: Sage. ISBN 0-8039-8323-9. OCLC 22593547.

  "all those processes by which the people of the world are incorporated into a single world society."

৪. দাস,দীপেন; শইকীয়া,দিপেন. গোলকীয় ৰাজনীতি. অশোক বুক ষ্টল, পৃ. ১৫-১৭

৫. গগৈ, লীলা.অসমৰ সংস্কৃতি. বনলতা,২০০৬,পৃ.৬

Post a Comment

0 Comments