অসমীয়া ভাষাত ব্যৱহৃত কিছুমান ক্ৰিয়াপদযুক্ত জতুৱা ঠাঁচৰ উদাহৰণ-
আসন পাতে আঁঠু লয় গধূলি হয় চাকি চায়
আঠুৱা তৰে অন্ন ৰান্ধে গৰু বান্ধে চাব মাৰে
ইতিকিং কৰে উশাহ লয় গুৰি খুণ্ডে জিৰণি লয়
উপক্ৰম কৰে কঁঠিয়া পাৰে গৰম হয় জুই পুৱাই
উৰ্মিয়ে ধৰে বাচন ধোৱে গৰম পৰে জুই ধৰে
এছাৰি জোঁকাৰে খং উঠে কাণ পাতে জাকৈ বায়
কথা কয় খং কৰে কাণ কৰে ছাতি মাৰে
কথা দিয়ে গুটি লাগে কাহ মাৰে টোপনি ধৰে
ঠগ্ কৰে ঘৰ ঘৰ কৰে কাণ বাগৰে টোপনি যায়
ডকা দিয়ে ডাবি মাৰে নাম পাতে ঠেঙুলি মেলে
বেলি ওলায় ডাঙৰি পেলায় নাম ধৰে পাত পাৰে
ঢাপলি ধৰে থৰক-বৰক কৰে নাম থয় পানী পেলায়
তাঁত বয় থুপ খা নাম ডাকে পানী খায়
তপত কৰে ধান খুণ্ডে পাত পেলায় ফাঁকি দিয়ে
ধান দায় বাজনা বাজে ভাত ৰান্ধে ফান্দ পাতে
ফল সৰে বাণ মাৰে ভয় হয় ভাও ধৰে
ফল পকে মাত ওলায় ৰণ কৰে মন মেলে
মন কৰে যোজনা দিয়ে ৰ'দ দিয়ে মৰম কৰে
মন সামৰে লাজ পায় শপত খায় ৰং কৰে
লগ লয় সমাজ পাতে সেক দিয়ে শৰাই পাতে
ষাঠ লাগে ক্ষমা কৰে ক্ষমতা বাঢ়ে সেৱা লয়
হৰণ কৰে ক্ষমা খোজে হাঁহি মাৰে হাত ধৰে,ইত্যাদি।
অসমীয়া ভাষাৰ জতুৱা খণ্ডবাক্যৰ উদাহৰণ-
জতুৱা খণ্ডবাক্য অৰ্থ
অঁকৰা মৈত উঠা কোনো কাৰ্য আকোঁৰগোজালিকৈ কৰিবলৈ ধৰা
অজীন পাতকী কাৰো লগত মিলিব নোৱৰা
অথাই সাগৰত পৰা উপায়বিহীন হোৱা
অৰণ্য ৰোদন কাকূতি-মিনতি অথলে যোৱা
অহুকাণে-পহুকাণে উৰা-বাতৰি
আঁচলৰ ধন অতি আদৰৰ
আঁঠু-ল সেৱা কৰ
আঁঠুৱা তলৰ মহ আয়ত্তাধীন
আওকান কৰ অৱহেলা কৰা
আকালৰ ভাত বিপদৰ সময়ত পোৱা সহায়
আকাশত চাং পতা অলীক কল্পনা কৰা
আকাশী সৰগ ভাগি পৰা মনত অতি আঘাত পোৱা
আখৰে আখৰে এটা এটাকৈ
আটোম-টোকাৰি পৰিপাটি
আথে-বেথে অতি আদৰ কৰি
আৰণি পুৰণি বহুদিনীয়া
আলাসৰ লাড়ু অতি মৰমৰ
আলৈ-বিলৈ দুখ-দুৰ্গতি
আভুৱা ভৰা প্ৰৱঞ্চনা কৰা, ঠগা
এলাই বাদু অকামিলা, অকৰ্মণ্য
আকাৰ ধৰ গঢ় লোৱা
এছাৰি জোকাৰ মাৰ-পিত কৰা
উগুল-থুগুল কি কৰো কি নকৰো অৱস্থা
উপকাৰীক অজগৰে খোৱা সহায় কৰোঁতাজনৰ অপকাৰ কৰা
উৰহীৰ ওৰ মূল ৰহস্য
উলাহৰ মাদলি আনন্দত উৎফুল্লিত মানুহ
উশাহ ল বিপদৰ পৰা সৰা
ঊনৈছত বা বলোৱা আনন্দত মতলীয়া হোৱা
একাদশত বৃহস্পতি সৌভাগ্য উদয় হোৱা
এসূতৰ কাজী পাকৈত শিপিনী
ওঁঠ পাতল চেলেপু
ওভত গোৰে নাচ আনন্দতে নকৰিবলগীয়া কাম কৰা
কঁকাল পৰা দুৰ্বল হোৱা
কটা ঘাঁত চেঙা তেল দিয়া দুখতে দুখ দিয়া
কথা চহকী কামতকৈ কথা বেছি কোৱা লোক
কলম চলা লেখা-মেলা কৰা
কণাৰ লাখুটি নিৰাশ্ৰয়ৰ আশ্ৰয়
কপাল ফুল সৌভাগ্য উপস্থিত হোৱা
কপাল ফুট বেয়া দিন অহা
কপালৰ ঘাম মাটিত পেলা কঠোৰ পৰিশ্ৰম কৰা
কাঁহ পৰি জীণ যা নিজম হৈ পৰা
কাঠ- চিতীয়া অতি নিষ্ঠুৰ
কাণ বাগৰা আনৰ মুখত শুনা
কাণে কাণ মাৰি কোনো মতে
কাণ কটা নিলাজ
কাণ গধুৰ কাণেৰে কম শুনা
কাণ তাল মৰা নুশুনা হোৱা
কাণ সৰালি মাৰ মনে মনে কাণ পাতি শুনি থকা
কাণ সাৰ এৰ যত্ন নোলোৱা
কুন্দত কটা ধুনীয়া
খাই পাত ফলা অশলাগী
খদম-দম খৰধৰ কৰা
গছত তুলি গুৰি কাট বিশ্বাসঘাতকতা কৰা
গছত গৰু উঠা কথা অসম্ভৱ কথা
গঢ় লাগ উপযুক্ত হোৱা
গৰম পৰ কোনো কথাত উৎসাহ জন্মা
গৰহা গজা নিজে নিজে গজা
গা এৰা দে দায়িত্ব নোলোৱা
গাই বাই চা কোনো কাৰ্যৰ কৰাৰ নিমিত্তে বহু যত্ন কৰা
গাখীৰতে ম'হৰ খুটি উপৰ্যুপৰি সুখ
গাজত লগা মানসিক আঘাত পোৱা
গাত ল দায়িত্ব লোৱা
গাল মাৰ হাতৰ মুঠিৰে খাদ্য খোৱা
গুটি ধৰ পৰিশ্ৰমৰ ফল
গেলাতে টেঙা দিয়া কোনো অপকাৰ কৰি সেই
অপকাৰকে গুৰুতৰ কৰা
গোৰ মাৰি গংগাত পেলা অপকাৰ কৰিবলৈ গৈ
উপকাৰ কৰা
ঘৰগোনা ঘৰতে থাকি দাংকোপ মৰা মানুহ
ঘোপা কৰ খঙেৰে চোৱা
চকু চৰহা লোকৰ উন্নতি দেখিব নোৱৰা
চকু গজা বুজন হোৱা
চকুৰ কুটা শত্ৰু হেন
চকুৰ মণি অতি আদৰৰ
চকু মুদা মৃত্যু হোৱা
চকু মুদা কুলি অঁকৰাৰ ভাও ধৰি পৰৰ
ওপৰত নিৰ্ভৰশীল টেঙৰ লোক
চকু মেলি চা অনুগ্ৰহ কৰা, সহানুভূতি দেখুওৱা
(আগলৈ...)
তথ্য আহৰণৰ উৎস:-
জনসম্পৰ্ক আৰু ব্যৱহাৰিক অসমীয়া ভাষা
: ড° জ্যোতিৰেখা হাজৰিকা, ড° প্ৰফুল্ল কুমাৰ নাথ
0 Comments