Header Ads Widget

Ticker

6/recent/ticker-posts

হুমায়ুন আহমেদৰ সাদা গাড়ী : এটি চমু বিশ্লেষণ


 হুমায়ুন আহমেদ একেধাৰে এজন বাংলা ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, গীতিকাৰৰ লগতে চলচ্চিত্ৰ নিৰ্মাতা। ১৯৪৮ চনত জন্ম গ্ৰহণ কৰা হুমায়ুন আহমেদ বিংশ শতিকাৰ এজন শ্ৰেষ্ঠ লেখক। হুমায়ুন আহমেদৰ গল্পৰ স্বকীয় প্ৰকাশভংগী, কাহিনী চিত্ৰণ, ৰহস্যঘনতা, নাটকীয়াত আৰু আবেগময়তা গুণৰ বাবে তেওঁৰ গল্প বিশেষভাৱে সমাদৃত।

       হুমায়ুন আহমেদৰ "সাদা গাড়ী"(শাদা গাড়ী) গল্পটোত লেখকে প্ৰথম পুৰুষত গল্পটোৰ কাহিনীভাগক আগবঢ়াই নিছে। অৰ্থাৎ গল্পকাৰ নিজেই যেন গল্পটোৰ চৰিত্ৰ; যি নিজেই নিজৰ কাহিনী বৰ্ণনা কৰি গৈছে। আলোচনাৰ সুবিধাৰ্থে আমি এই প্ৰথম পুৰুষজনক "গল্পকাৰ" বুলিয়েই ক'ম। গল্পকাৰ হৈছে এজন সাধাৰণ মধ্যবিত্ত ঘৰৰ ল'ৰা। সাধাৰণ এজন মানুহৰ দৰেই তেওঁৰ বন্ধুবৰ্গ আছে আৰু লগতে আছে এগৰাকী প্ৰেয়সীও। যিকোনো সময়ত গল্পকাৰে তেওঁৰ বন্ধুবৰ্গৰ সৈতে ঘৰত বা বাহিৰত আড্ডাত বহে। আড্ডাৰ বিষয় হিচাপে বাংলা শব্দৰ বিভিন্ন উচ্চাৰণৰ পৰা আৰম্ভ কৰি চৰকাৰৰ সমস্যা, দেশ-দুনীয়াৰ ৰাজনীতি, নাৰীৰ প্ৰেম এইধৰণৰ বিষয়ক লৈ আড্ডা জমি উঠে। ৰঙা একাপ ধুমায়িত চাহৰ মাজেদিয়েই দীৰ্ঘ সময়ৰ এই আড্ডাই তেওঁলোকৰ জীৱন ভৰাই তুলে। গতানুগতিক জীৱন এটা কটোৱা গল্পকাৰে প্ৰেমিকাৰ সৈতে পাৰ্ক আদিত অন্তৰংগ মুহূৰ্ত অতিবাহিত কৰে। ইয়ালৈকে আমি গল্পটোৰ বিশেষ একো গতিশীলতা দেখা নাপাওঁ।

        গল্পটোৰ কাহিনীভাগক গতিশীলতা প্ৰদান কৰিছে সাব্বিৰ নামৰ চৰিত্ৰটোৱে। সাব্বিৰ নামৰ ২৪ বছৰীয়া যুৱকজন গল্পকাৰৰ সমবয়সীয়া যদিও গল্পকাৰৰ আন বন্ধুবৰ্গৰ দৰে একে নহয়। এদিন বজাৰত লগা হুলস্থুলৰ মাজত বগা ৰঙৰ পাঞ্জাৱী পায়জামা পৰিহিত মৰম লগা মুখৰ সাব্বিৰক গল্পকাৰে মাটিত পৰি থকা অৱস্থাৰ পৰা উদ্ধাৰ কৰি জীৱন দান দিছে। সাব্বিৰ নামৰ চৰিত্ৰটোৰ সৈতে গল্পকাৰৰ পৰিচয়ো তাতেই ঘটে।

       সাব্বিৰ নামৰ চৰিত্ৰটোৰ মাজেৰে গল্পকাৰে এক বিশেষ জীৱনদৃষ্টি আৰু জীৱন দৰ্শনৰ কথা প্ৰকাশ কৰিব বিচাৰিছে। গল্পটোৰ কাহিনী অনুসৰি সাব্বিৰৰ লগতে তেওঁলোকৰ বংশৰ কোনো সন্তানেই যে হাৰ্টৰ বিশেষ অসুখৰ বাবে ত্ৰিছ বছৰৰ অধিক জীয়াই নাথাকে সেই কথা জানিব পাৰি। বেছি উত্তেজিত অথবা বেছি আবেগিক হ'লেই সাব্বিৰৰ বিপদ।এক সুৰক্ষা বেষ্টনীৰ মাজত তেওঁৰ জীৱনটো আদৰ আৰু উদ্বিগ্নতাৰ মাজেৰে জীয়াই ৰখাৰ যি অহৰহ প্ৰচেষ্টা সেয়া সাধাৰণ মধ্যবিত্ত শ্ৰেণীৰ প্ৰতিনিধি স্বৰূপ গল্পকাৰৰ বাবে আশ্বৰ্যজনক। সেয়ে তেওঁ অকণমান বিৰক্তিভাৱেৰেই ল'ৰাজনৰ জীৱন আৰু জীৱনদৃষ্টিক চাইছে। এই বৈপৰীত্যপূৰ্ণ জীৱনদৃষ্টিয়েই গল্পটোক সাধাৰণ গল্পৰ পৰা অসাধাৰণ এক গল্প কথনৰ পৰ্যায়লৈ লৈ গৈছে।

       সাব্বিৰৰ প্ৰতি গল্পকাৰৰ উৎপন্ন হোৱা বিৰক্তিভাৱ স্বাভাৱিক এক প্ৰক্ৰিয়া। সাধাৰণ ডেকা ল'ৰা এজনৰ দৰে সাব্বিৰে আড্ডাত বহিব নিবিচাৰে, কোনো ছোৱালীৰ লগত আজিলৈকে তেওঁৰ অন্তৰংগ সম্পৰ্ক গঢ়াৰ দূৰৰ কথা, কথা-বতৰাও হৈ পোৱা নাই। সকলো সময়তে এখন ডাঙৰ বগা ৰঙৰ গাড়ীত ড্ৰাইভাৰৰ তত্বাৱধানত অহা-যোৱা কৰা দৈনন্দিন জীৱনৰ যি অসাধাৰণ কাৰ্যকলাপ এই সকলোৱে মিলি লেখকক চৰিত্ৰটোৰ প্ৰতি বিৰক্ত কৰি তুলিছে। গল্পকাৰে প্ৰেমিকা 'নীলা'ৰ সৈতে পাৰ কৰা অন্তৰংগ মুহূৰ্ত, বজাৰ, পার্ক, ৰেষ্টুৰেণ্ট অথবা অলিবাটেদি খোজ কাঢ়ি ফুৰা বা ৰিক্সাত উঠি ঘূৰি ফুৰা এই সকলো ধৰণৰ কাম সাব্বিৰে বগা গাড়ী এখনত উঠি অনুসৰণ কৰি থকাটো গল্পকাৰৰ বাবে অসহ্যকৰ। অথচ সাব্বিৰৰ নাৰীৰ দৰে সুন্দৰ চকুহাল আৰু শিশুৰ দৰে নিষ্পাপ মুখখনলৈ চালে গল্পকাৰে তেওঁক গালি পৰিবও নোৱাৰে। গল্পকাৰৰ মতে এজন সাধাৰণ মানুহে এনে কাম কেতিয়াও কৰিব নোৱাৰে। এই ধৰণৰ কাহিনী বৰ্ণনাৰে লেখকে গল্পটোৰ শেষলৈকে সাব্বিৰৰ প্ৰতি ৰাখি থৈছে অনন্ত কৌতুহল আৰু জীৱনৰ প্ৰতি এক বিশেষ দৃষ্টিভংগীও যেন তাতেই লুকাই আছে।

      গল্পটোৰ মাজেদি জীৱনৰ প্রতি এক অন্তৰ্দৃষ্টি জগাই তুলিবৰ বাবে গল্পকাৰে এনে কৌশল অৱলম্বন কৰা যেন অনুভৱ হয়, যাতে পাঠকে নিজেই এক গভীৰ জীৱনবোধৰ প্ৰতি দৃষ্টি দিব পাৰে। গতানুগতিক জীৱনৰ মাজতে গল্পকাৰৰ ব্যক্তিগত জীৱনক অহৰহ অনুসৰণ কৰি থকা বগা ৰঙৰ গাড়ীখন এদিন নোহোৱা হ'ল। অৱশ্যে গল্পকাৰে সাব্বিৰৰ মৃত্যু হ'ল বুলি উল্লেখ কৰা নাই। সেইদৰে গল্পকাৰৰ স্বাভাৱিক জীৱন পৰিক্ৰমাত নীলা নামৰ নাৰী গৰাকীৰ সৈতেও তেওঁৰ বিচ্ছেদ হ'ল। গল্পকাৰৰ নীলাৰ সলনি অন্য এগৰাকী নাৰীৰ সৈতেহে সম্পৰ্ক হ'ল। তৎসত্বেও এতিয়া যে গল্পকাৰে সুখী এক দাম্পত্য জীৱন কটাইছে সেই কথাই জীৱনৰ এক অনাদি আকৰ্ষণ আৰু সৌন্দৰ্যৰ কথাকে প্ৰকাশ কৰে। পৃথিৱীৰ মানুহবোৰে যে এই জীৱনৰ এই সৌন্দৰ্যৰ মাজত ডুব গৈ কিদৰে সুখী হ'ব পাৰে সেই কথাটো সাব্বিৰ নামৰ সেই দুৰাৰোগ্য ৰোগত ভুগি থকা ল'ৰাজনৰ জীৱনদৃষ্টিৰ মাধ্যমেৰে বুজিব পাৰি। গল্পকাৰৰ বৰ্ণনাত, "তাৰ চকুযুৰি জিলিকি উঠিছে, বোধহয় সি কান্দিয়েই পেলাব। সি নিজে অকণমান হাওলি ওচৰলৈ মুখখন আনি ক'লে- পৃথিৱীৰ মানুহ ইমান সুখী কিয় কওঁকচোন।" যি কিবা হেৰুৱাইছে তাৰ প্ৰাপ্তিৰ আনন্দৰ উপলদ্ধি বেলেগ, যি পোৱা নাই তাৰ পোৱাৰ প্ৰতি তৃষ্ণা সুকীয়া। আসন্ন মৃত্যুৰ কথা উপলব্ধি কৰিও জীৱন তৃষ্ণাৰ প্ৰতি যি আকৰ্ষণ, যি উপলব্ধি সেয়া চিৰন্তন। তাত নিজৰ প্ৰাপ্তিৰ কথা বিবেচনাযোগ্য নহয়; কেৱল নৈৰ্ব্যক্তিক ৰূপত জীৱন উপলদ্ধিয়েই তাৰ মূল কাৰক। গল্পকাৰে সাব্বিৰৰ এই উপলব্ধিক বুজি নাপালেও পাঠকে ভালদৰে বুজি পাইছে।

        মানুহৰ লানি নিছিগা সোঁতত ৰৈ অনায়েসে জীৱন সুধা পান কৰা লেখক তথা গল্পকাৰৰ মাজতো জীৱন তৃষ্ণাৰ প্ৰতি থকা হেঁপাহৰ কথা বাৰুকৈয়ে খোদিত হ'ল গল্পটোৰ শেষৰ নাটকীয় স্বীকাৰুক্তিত----"...তেতিয়াই মোৰ এনেকুৱা লাগে কৰ'বাত যেন সেই বগা গাড়ীখন এতিয়াও বৰষুণত তিতি আছে। চচমা পিন্ধা সেই অসুস্থ যুৱকজনে চেলাউৰী কোচ খুৱাই ভাবিছে- মানুহ ইমান সুখী কিয়?" গল্পকাৰৰ প্ৰাপ্তিৰ আনন্দময় মুহূৰ্তত অপ্ৰাপ্তিৰ বেদনাৰ সুৰ আপোন-আপুনি বাজিছে; বিশেষ জীৱনদৃষ্টিৰ কাৰণে বিৰক্ত হৈ পৰা যুৱকজনৰ প্ৰতি গল্পকাৰে এক আশ্বৰ্যময় একময়তা অনুভৱ কৰিছে। গল্পটোৰ বৰ্ণনা শৈলী তথা উপস্থাপন কৌশল ইমান নিখুঁত যে গল্পটোৰ বক্তব্য বিষয় ইয়াৰ লগত একেবাৰে 

Post a Comment

0 Comments