অলংকাৰ
অলংকাৰ শব্দৰ পাৰিভাষিক অৰ্থ হৈছে শব্দ আৰু অৰ্থৰ সৌন্দৰ্য বৃদ্ধিৰ সহায়ক গুণ। অলংকাৰ শব্দটো সংস্কৃত 'অলম্' শব্দৰ পৰা উৎপত্তি হৈছে। ইয়াৰ অৰ্থ দুটা; এটা হৈছে পৰ্যাপ্তি বা যথেষ্ট, অৰ্থাৎ এয়ে যথেষ্ট আৰু নালাগে, আনটো অৰ্থ হৈছে ভূষণ। কাব্য আৰু সাহিত্যক যাৰ দ্বাৰা
অলম্ বা ভূষিত কৰা হয় সিয়েই অলংকাৰ। ব্যাপক অৰ্থত অলংকাৰ শব্দই সৌন্দৰ্যক বুজায়। অলংকাৰ পৰিধান কৰা নাৰীৰ সৌন্দৰ্য যিদৰে ৰমণীয় হয় অলংকাৰযুক্ত কাব্যও সেইদৰে মোহনীয় হয়। সেয়ে আচাৰ্য দণ্ডীয়ে কৈছে, "কাব্যশুভাকৰাণ ধর্মালংকাৰাণ প্ৰচক্ষতে" অৰ্থাৎ কাব্যৰ শুভাকাৰক ধৰ্মসমূহেই অলংকাৰ। আকৌ আলংকাৰিক বামনৰ মতে "সৌন্দৰ্যই অলংকাৰ"।
অলংকাৰ দুই প্ৰকাৰৰ:- শব্দালংকাৰ আৰু অৰ্থালংকাৰ।
শব্দালংকাৰ:- শব্দালংকাৰৰ ভাগসমূহ হ'ল-
ক) অনুপ্ৰাস
খ) যমক
গ) শ্লেষ
ঘ) পুনৰুক্তবদাভাস
ঙ) বক্ৰোক্তি
অনুপ্ৰাস:- এই অনুপ্ৰাস অলংকাৰৰ আকৌ কেইবাটাও ভাগ আছে।
লাটানুপ্ৰাস:- এটা শব্দ একে অৰ্থতে তাৎপৰ্যভেদে পুনৰাবৃত্তি হ'লে তাক লাটানুপ্ৰাস বোলে।
"পূৰল পৰম মনোৰথ ৰমণী
মধু অধৰ মধু পানে।।"
- এই উদাহৰণত 'মধু অধৰ' আৰু 'মধু প্ৰাণ' দুয়ো স্থানতেই মধু শব্দটো একে অৰ্থত প্ৰয়োগ হৈছে। কিন্তু দুয়ো ঠাইতেই তাৎপৰ্যৰ ভিন্নতা ঘটিছে। প্ৰথম 'মধু'ৰ তাৎপৰ্য অধৰ আৰু দ্বিতীয় 'মধু'ৰ তাৎপৰ্য পান কৰা কাৰ্য।
শ্ৰুত্যানুপ্ৰাস:- সদৃশ ব্যঞ্জনবৰ্ণবোৰ কোনো বাক্যত উল্লেখ থাকিলে সেইবিলাক দেখাত অনুপ্ৰাসৰ দৰে নহ'লেও তাক আবৃত্তি কৰোঁতে যদি অনুপ্ৰাসৰ দৰে কাণত বাজি উঠে তেতিয়া তাক শ্ৰুত্যানুপ্ৰাস বোলে।
যেনে- "মদনক ধনু ধ্ৰুৱ ভঙ্গ।
ভুজযুগ বালত ভুজঙ্গ।।"
- ইয়াত ম,ভ,ব, ৱ এইকেইটা; ভ আৰু গ এই দুটা; ত,দ, ধ, ন এইকেইটা আৰু জ,য সদৃশ। অৰ্থাৎ একে স্থানতে উচ্চাৰিত হৈছে। দেখাত অনুপ্ৰাস হোৱা নাই যদিও আবৃত্তি কৰোঁতে অনুপ্ৰাসৰ দৰে হৈছে। সেয়ে শ্ৰুত্যানুপ্ৰাস হৈছে।
যমক:- একেটা শব্দৰে যেতিয়া বেলেগ বেলেগ অৰ্থত একাধিকবাৰ ব্যৱহৃত হৈ বাক্যত উচ্চাৰিত হয় তেতিয়া তাক যমক অলংকাৰ বোলে। যেনে-
"সাৰঙ্গ নয়ন বচন সাৰঙ্গ
সাৰঙ্গ তনু সমাধানে
সাৰঙ্গ উপৰ উগল দশ সাৰঙ্গ
কেলি কৰই মধুপানে।"
-ইয়াত 'সাৰঙ্গ' শব্দটো পাঁচবাৰ ব্যৱহৃত হৈছে আৰু প্ৰতিবাৰেই বেলগ বেলেগ অৰ্থ প্ৰকাশ কৰিছে। সেইবোৰ হ'ল ক্ৰমে- হৰিণ, কুলি চৰাই, পুষ্পশৰ, পদুম আৰু ভোমোৰা।
শ্লেষ:- বাক্যত ব্যৱহাৰ হোৱা এটা শব্দই দুটা বা ততোধিক অৰ্থ কেতিয়াবা একে লগতে প্ৰকাশ কৰে। অৰ্থাৎ এটা শব্দৰ মাজতেই দুটা বা ততোধিক অৰ্থ লগ লাগি থাকে। অলংকাৰ শাস্ত্ৰত এই পৰিস্থিতিটোক শ্লেষ অলংকাৰ বোলে। শ্লেষ শব্দৰ অৰ্থ হৈছে লগলাগি থকা। উদাহৰণ-
"নৰক বিনাশন কৃষ্ণ।"
-ইয়াত 'নৰক-বিনাশন' শব্দটোৱে দুটা অৰ্থ বহন কৰিছে। এটা হৈছে 'নৰক'ৰ ভয় নাশ কৰোঁতা আৰু আনটো হ'ল নৰক নামৰ অসুৰৰ বিনাশকাৰী।
এই শ্লেষ অলংকাৰৰ ভাগ আকৌ দুটা-
১/ অভঙ্গ শ্লেষ আৰু
২/ সভঙ্গ শ্লেষ
অভঙ্গ শ্লেষ:- এটা শব্দক নভঙাকৈ তাৰ পূৰ্ণ ৰূপতেই যদি একাধিক অৰ্থৰ প্ৰকাশ ঘটে তেতিয়া তাক অভঙ্গ শ্লেষ বোলা হয়। উদাহৰণ:- "ৰঙেৰে ৰাঙলী মুখ উলিয়াই"
- ইয়াত 'ৰঙেৰে' শব্দটোৱে তাৰ পূৰ্ণ ৰূপতেই দুটা অৰ্থ প্ৰকাশ কৰিছে। যেনে- আনন্দ আৰু বোল।
সভঙ্গ শ্লেষ:- শব্দটোক ভাঙি বা বিশ্লিষ্ট কৰি যদি ভিন্ন অৰ্থ উলিওৱা হয় তেতিয়া তাক সভঙ্গ শ্লেষ বোলা হয়।
যেনে- "সিকিদৰে কিনিছে।"
-ইয়াত 'সিকিদৰে' শব্দটোৱে এটা টকাৰ চাৰি ভাগৰ এভাগ, এইটো দৰ-দাম কৰি কিনাটো বুজাইছে। আকৌ 'সিকিদৰে' শব্দটোক ভাঙি 'সি কিদৰে' কৰি লৈ 'কেনেকৈ'- এই অৰ্থ উলিয়াব পাৰি।
(আগলৈ...)
0 Comments