Header Ads Widget

Ticker

6/recent/ticker-posts

অসমীয়া ভাষা সাহিত্যলৈ হেমচন্দ্ৰ-গুণাভিৰাম বৰুৱাৰ অৱদান


 অৰুণোদই যুগৰে পৰা অসমীয়া সাহিত্য-প্ৰচেষ্টা আলোচনীক সাৰথি কৰি চলিবলৈ ধৰিলে। 'অৰুণোদই' থূলৰ লেখকসকলে আধুনিক অসমীয়া ভাষাৰ বাট কাটি দিলে। তদুপৰি হলিৰাম ঢেকিয়াল ফুকন কিম্বা মণিৰাম দেৱানৰ দৰে লোকে বঙলা বা আদৱঙলুৱাত লিখি থৈ যোৱা আদৰ্শ পৰৱৰ্তীসকলে ত্যাগ কৰাটোও সৰু কথা নহয়। বুৰঞ্জী আৰু গুৰুচৰিতৰ গদ্য এৰি দিলে ইয়াৰ আগৰ অসমীয়া সাহিত্যই চলিত ভাষাৰ পৰা এৰি চলাহে দেখা যায়। 'অৰুণোদই'ৰ কবিত্বহীন পদ্যই যদিও এই পুৰণি ঠাঁচ অনুসৰণ কৰিবৰ যত্ন কৰিছিল সেই প্ৰয়োগেই তাৰ অসার্থকতা স্পষ্ট কৰি দিলে আৰু অসমীয়া সাহিত্যৰ বাহনৰূপে আধুনিক ভাষা প্ৰতিষ্ঠিত হ'বলৈ ধৰিলে। অৱশ্যে অনা-অসমীয়া লেখকৰ হাতত ভাষাৰ এই অনুশীলন ল'ৰাৰ থুনুক-থানাক মাতৰ দৰেই হৈ ৰ'ল আৰু এই স্তৰৰ সাহিত্যিক দানো স্থায়ী দৰৰ নহ'ল। ১৮৮২ চন পৰ্যন্ত 'অৰুণোদই' ছেগা-চোৰোকাকৈ ওলাই বন্ধ হ'ল আৰু সেই চনতে, ৰক্ষণশীল পৰিয়ালত জন্ম লভিও ইংৰাজী ভাষাৰ সোৱাদ লোৱা, 'অৰুণোদই'ৰ লেখক গোষ্ঠীৰ মাজত থাকিও সেই থূলৰ লেখকৰ বৰ্ণবিন্যাস সমৰ্থন নকৰি তৎসম-তদ্ভৱ ৰূপৰ ভাৰসাম্য ৰক্ষা কৰি বৰ্ণবিন্যাস পদ্ধতি প্ৰয়োগ কৰোঁতা হেমচন্দ্ৰ বৰুৱাই(১৮৩৫-৯৭) ইংৰাজী-অসমীয়া সাদিনীয়া 'আসাম নিউজ' উলিয়ায়। তদুপৰি ১৮৭৩ চনত অসমীয়া ভাষাই স্কুল-কাছাৰীত নিজৰ ঠাই পোৱাৰ লগে লগে হেমচন্দ্ৰ বৰুৱাই পঢ়াশালীয়া অসমীয়া পুথিৰ অভাৱৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি ক্ৰমে আদি পাঠ, পাঠ মালা, অসমীয়া ল'ৰাৰ ব্যাকৰণ, স্বাস্থ্য বা গা ভালে ৰাখিবৰ উপায়, অসমীয়া ব্যাকৰণ, পঢ়াশলীয়া অভিধান আদি পাঠ্যপুথি ৰচনা কৰিলে; আৰু তেওঁৰ মৃত্যুৰ পিছত প্ৰকাশিত (১৯০০ চনত) 'হেমকোষে' অসমীয়া ভাষাক সাঁচত মৰা দৰে মাৰি থৈ গ'ল, যি কাম এটা অনুষ্ঠানে কৰিব লাগিছিল সি হেমচন্দ্ৰৰ ব্যক্তিগত কীৰ্তি হৈ ৰ'ল।

        হেমচন্দ্ৰ বৰুৱাৰ মনক ইংৰাজী শিক্ষা আৰু চাহাবসকলৰ বন্ধুত্বই প্ৰভাৱান্বিত কৰিছিল আৰু তীক্ষ্ণ সমালোচক কৰি তুলিছিল। তেওঁ ভাষাৰ সংস্কাৰক হোৱাৰ উপৰিও সমাজক সংস্কাৰ কৰিবৰ বাবে বিশেষ যত্নপৰ হৈছিল। প্ৰবন্ধ আৰু উপন্যাসিকাৰ আদৰ্শৰ মধ্যৱৰ্তী 'বাহিৰে ৰং চং ভিতৰে কোৱাভাতুৰী' আৰু সৰল ঘটনা আৰু টাইপ চৰিত্ৰৰে ধেমেলীয়া নাটক 'কানীয়া কীৰ্ত্তন' অসমীয়া সমাজৰ নানা দুৰ্বাসনাৰ তীব্ৰ সমালোচনা। প্ৰথমখনত ছেটায়াৰ বা ব্যঙ্গই তীব্ৰভাবে বিশাল ৰূপ ধাৰণ কৰিছে আৰু সমাজৰ ৰোগাৰ্ত অংগত নিৰ্মমভাৱে দংশন কৰিছে। তেওঁ নিজৰ জীৱনকো যেন সমাজ-সংস্কাৰৰ এক সম্পৰীক্ষা কৰিবৰ যত্ন কৰিছিল। 'জোনাকী'ৰ ৪ৰ্থ ভাগত প্ৰকাশিত তেওঁৰ আত্মজীৱনীমূলক প্ৰৱন্ধটি এই সংস্কাৰকামী মনোভাৱৰ বলতে শক্তিশালী ৰচনা হৈ উঠিছে। হেমচন্দ্ৰ বৰুৱাৰ ভাষাশৈলী নিটোল,ওজ: সম্পন্ন আৰু প্ৰখৰ; সি অসমীয়া সাহিত্যৰ উচ্চাঙ্গৰ সম্পদ।
      হেমচন্দ্ৰ বৰুৱাৰ সমসাময়িক গুণাভিৰাম বৰুৱাও (১৮৩৭-৯৪) অসমীয়া ভাষা-সাহিত্যৰ নৱ-প্ৰতিষ্ঠাৰ অন্যতম উদ্যোক্তা। কলিকতাৰ কলেজত শিক্ষা লভি, ত্ৰিশ বছৰ কাল ব্ৰিটিছ চৰকাৰৰ এক্সট্ৰা এছিষ্টেণ্ট কমিছনাৰ বিষয় খোৱা গুণাভিৰামে ব্ৰিটিছ ৰাজত্বৰ সম্পূৰ্ণ পোহৰ পাইছিল আৰু ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ব্ৰাহ্ম সমাজ আদি আন্দোলনৰ যোগেদি হিন্দু সমাজৰ সংস্কাৰৰ যি প্ৰচেষ্টা চলিছিল, তাৰ প্ৰভাৱো তেওঁৰ ওপৰত আহি পৰিছিল। বিধবা বিবাহ প্ৰচলনৰ উদ্দেশ্য সৰোগত কৰি গুণাভিৰাম বৰুৱাই ১৮৫৭ চনত ৰচনা কৰা 'ৰাম-নৱমী' নাটকেই প্ৰথম অসমীয়া আধুনিক আৰু সামাজিক নাটক। ইয়াৰ ঘটনা-পৰিক্ৰমা বৰ হেলেকা নহ'লেও বিধৱা-বিবাহৰ সপক্ষে যুক্তি-তৰ্কই সংলাপক কিছু ভাৰাক্ৰান্ত কৰি তুলিছে। তেওঁৰ দ্বিতীয় সামাজিক নাটক 'বিবাহ ৰহস্য'ৰ দুটি দৃশ্য 'আসাম বন্ধু'ত ওলাইছিল। হেমচন্দ্ৰ বৰুৱাৰ 'আসাম নিউজ'ৰ দৰে গুণাভিৰামৰ 'আসাম বন্ধু'ৱেও ডেকা শিক্ষিতসকলৰ মাজত সাহিত্যিক ৰুচি সৃষ্টি কৰিছিল আৰু সাহিত্যৰ অভ্ৰান্ত পথ প্ৰদৰ্শন কৰিছিল। গুণাভিৰাম বৰুৱাই সৰল আৰু প্ৰাঞ্জল ৰচনা শৈলীৰে বীৰপূজাৰ ভাৱত ৰচনা কৰা 'আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ' আৰু অসমৰ প্ৰাচীন বুৰঞ্জী-প্ৰীতিৰ ঐতিহ্য ৰক্ষা কৰি, কিন্তু আধুনিক নিৰপেক্ষ বিচাৰ পদ্ধতিত সৰল প্ৰাঞ্জল ৰচনাভঙ্গীৰে লিখি উলিওৱা 'আসাম বুৰঞ্জী' তেওঁৰ উল্লেখযোগ্য কীৰ্তি সাহিত্য। তদুপৰি তেওঁ আমাৰ প্ৰথম সুকৃতকার্য ঐতিহাসিক প্ৰবন্ধ লেখক।

সহায়ক গ্ৰন্থপঞ্জী:
নেওগ, মহেশ্বৰ     অসমীয়া সাহিত্যৰ ৰূপৰেখা
                         চন্দ্ৰ প্ৰকাশ, পাণবজাৰ, গুৱাহাটী-১
                         ত্রয়োদশ তাঙৰণ: জুন, ২০১৩
শৰ্মা, সত্যেন্দ্ৰনাথ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত
                        সৌমাৰ প্ৰকাশ, ৰিহাবাৰী, গুৱাহাটী-৮
                        দশম সংস্কৰণ, পুনৰ মুদ্ৰণ-২০১১ জুন

      

Post a Comment

0 Comments