Header Ads Widget

Ticker

6/recent/ticker-posts

আধুনিক ভাৰতীয় সাহিত্যত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ(হিমেন্দ্ৰ বৰঠাকুৰৰ 'বাঘ' নাটকৰ আধাৰত)


০.০ প্ৰস্তাবনা
     ০.১ বিষয়ৰ পৰিচয়
                ঊনবিংশ শতিকাৰ শেষাৰ্ধৰ পৰা বৰ্তমানলৈকে আধুনিক ভাৰতীয় সাহিত্যৰ সময়সীমা নিৰ্দেশ কৰা হয়আধুনিক ভাৰতীয় সাহিত্যৰ সৃষ্টিৰ আঁৰত ভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, আধ্যাত্মিক কাৰণ জড়িত হৈ আছে সামন্ত প্ৰথাৰ শাসন,মুছলমানী শাসন ব্যৱস্থাৰ প্ৰভাৱ আৰু পাছত ব্ৰিটিছৰ ঔপনিবেশিক শাসনে এফালে যেনেকৈ ভাৰতীয় সমাজ জীৱনত ব্যাপক হাৰত প্ৰভাৱ পেলাইছিল সেইদৰে সমগ্ৰ ভাৰতীয় সাহিত্যকো ই প্ৰবলভাৱে প্ৰভাৱান্বিত কৰিছিল ইংৰাজসকলৰ ঔপনিবেশিক শাসনৰ পৰাই ভাৰতত প্ৰকৃত অৰ্থত আধুনিকতাৰ সূচনা হয়নতুন শাসন ব্যৱস্থাৰ প্ৰচলন,যাতায়ত-পৰিবহণ তথা যোগাযোগ ব্যৱস্থাত বৈজ্ঞানিক প্ৰযুক্তিৰ ব্যৱহাৰ,শিক্ষাৰ ক্ষেত্ৰত স্কুল-কলেজ স্থাপন আদিয়ে ভাৰতীয় সমাজব্যৱস্থাক যথেষ্ট প্ৰভাৱ পেলাইছিল নতুনকৈ স্থাপন কৰা স্কুল- কলেজত শিক্ষা লাভ কৰা এচাম অনুসন্ধিৎসু ভাৰতীয়ই শিক্ষা গ্ৰহণৰ যোগেদি পাশ্চাত্য সাহিত্যৰ বিশাল জগতখনৰ লগত পৰিচয় লাভ কৰেআৰু এনেদৰেই আধুনিক ভাৰতীয় সাহিত্যৰ পৃষ্ঠভূমি নিৰ্মাণ হয়ভাৰতৰ আঞ্চলিক ভাষাৰ সাহিত্যৰ মাজত এনে কিছুমান উমৈহতীয়া লক্ষণ দেখা গ' যিবোৰক আমি আধুনিক ভাৰতীয় সাহিত্যৰ সামগ্ৰিক লক্ষণৰূপে নিৰ্দেশ কৰিব পাৰো যেনে- পাশ্চাত্য চিন্তা-দৰ্শনৰ পৰা সময়ে সময়ে নতুন দৃষ্টিভংগী গ্ৰহণ,নতুন নতুন সাহিত্যৰূপ তথা সাহিত্যত হোৱা সম্পৰীক্ষা, নতুন মূল্যবোধৰ সন্ধান,স্বাধীনোত্তৰ কালৰ সমাজ ব্যৱস্থাৰ বাস্তৱ প্ৰতিফলন, বিষয়-ৰূপ-শিল্প সকলো ক্ষেত্ৰতে বিশ্বাত্মকতা,ৰাষ্ট্রীয়তাৰ লগতে আঞ্চলিক লক্ষণৰ সমাহাৰ আদি বিশেষকৈ স্বাধীনতাৰ পাছৰ ভাৰতীয় সমাজখনৰ বাস্তৱ সমস্যাৰ উপস্থাপন,বিশ্লেষণ আৰু সমাধানৰ প্রচেষ্টা আধুনিক ভাৰতীয় সাহিত্যিকসকলে সাহিত্যৰ মাজত উপস্থাপন কৰিছিল আমাৰ এই আলোচনাত আধুনিক ভাৰতীয় সাহিত্যত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ কেনেদৰে প্ৰতিফলিত হৈছে তাক বিচাৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে আলোচনাত আমি আধুনিক ভাৰতীয় সাহিত্যৰ প্ৰতিনিধি ৰূপত হিমেন্দ্ৰ বৰঠাকুৰৰ 'বাঘ' নামৰ নাটকখনক আধাৰ হিচাপে গ্ৰহণ কৰিছো


০.২ অধ্যয়নৰ পৰিসৰ
             'আধুনিক ভাৰতীয় সাহিত্যত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ' শীৰ্ষক আলোচনা পত্ৰখনিৰ বিষয়টোৱে দাবী কৰা অনুসৰি ইয়াৰ পৰিসৰ অতি ব্যাপকআলোচনাৰ সুবিধাৰ্থে সীমিত পৰিসৰৰ আলোচনা পত্ৰখনিত আধুনিক ভাৰতীয় সাহিত্যৰ প্ৰতিনিধি ৰূপত কেৱল হিমেন্দ্ৰ বৰঠাকুৰৰ 'বাঘ' নাটকখনিকহে অধ্যয়নৰ পৰিসৰ হিচাপে নিৰ্ধাৰণ কৰা হৈছে




০.৩ অধ্যয়নৰ পদ্ধতি
         
             'আধুনিক ভাৰতীয় সাহিত্যত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ'-শীৰ্ষক আলোচনা পত্ৰখনি প্ৰস্তুত কৰোঁতে বৰ্ণনামূলক আৰু বিশ্লেষণামূলক পদ্ধতি ব্যৱহাৰ কৰা হৈছে

.০ আধুনিক ভাৰতীয় নাটকৰ চমু পৰিচয়
            ভাৰতীয় নাটকৰ এক গৌৰৱমণ্ডিত ঐতিহ্য পৰম্পৰা আছে প্ৰাচীন কালৰে পৰাই ভাৰতত লোকনাট্যৰ পৰম্পৰা প্ৰচলিত আছিল আৰু সংস্কৃত নাটকসমূহ আছিল ভাৰতীয় নাটকৰ গৌৰৱোজ্জ্বল ইতিহাসআধুনিক ভাৰতীয় সাহিত্যৰ অন্যান্য ৰূপ বোৰৰ লগতে আধুনিক নাটকৰো জন্ম ঊনবিংশ শতিকাতে হয়এই সময়ছোৱাত বাংলা,মাৰাঠী আৰু হিন্দী ভাষাৰ নাটকে আধুনিক ভাৰতীয় নাটকৰ বাট কাটি দিয়ে যদিও প্ৰকৃততে বিংশ শতিকাৰ পৰাহে আধুনিক ভাৰতীয় নাটকে সাৰ্থকৰূপত প্ৰকৃত স্বৰূপ লাভ কৰেবিংশ শতিকাৰ প্ৰথমাৰ্দ্ধত আধুনিক ভাৰতীয় নাটকে বিকাশ লাভ কৰিছিল বাংলা,মাৰাঠী, হিন্দী,তেলেগু,কানাড়া ভাষাৰ নাটকৰ মাজেৰেএই সময়ছোৱাৰ ভাৰতীয় নাটকৰ উমৈহতীয়া স্বৰূপ বৈশিষ্ট্যসমূহ এনেধৰণৰ-
ক) যৌতুক, বিবাহ আৰু পাৰিবাৰিক জীৱন, মধ্যবিত্তৰ আৰ্থ-সামাজিক অৱস্থা,যান্ত্ৰিক জীৱনৰ একঘেয়ামি, সামাজিক বৈষম্য, অস্পৃশ্যতা আদি সমাজৰ সমসাময়িক সমস্যাসমূহ আৰু দেশপ্ৰেম তথা জাতীয়তাবোধ, ঐতিহ্য তথা পৌৰাণিক বীৰৰ গুণগান, ৰোমাণ্টিক প্ৰেম আদিয়েই এই সময়ৰ ভাৰতীয় নাটকৰ প্ৰধান বিষয়বস্তু সামাজিক সমস্যা চিত্ৰণৰ ক্ষেত্ৰত বহু নাট্যকাৰে ব্যঙ্গাত্মক শৈলীৰ আশ্ৰয় লৈছে
) শুদ্ধ ঐতিহাসিক তথা শুদ্ধ পৌৰাণিক নাটকৰ উপৰিও এনে কাহিনী আৰু চৰিত্ৰৰ দ্বাৰা আধুনিক জীৱনৰ সমস্যাৰ ব্যাখ্যা আৰু উপস্থাপনৰ যত্ন
গ) সমস্যা নাটক, প্ৰতীক নাটক আদি পাশ্চাত্য নাট্যৰূপ আৰু আধুনিক কাব্য নাট্য,আধুনিক একাংকিকা নাট আদি নাট্যৰূপৰ প্ৰৱৰ্তন
) সংস্কৃত,ইংৰাজী আৰু কম পৰিমাণে হ'লেও অন্য ভাৰতীয় ভাষাৰ নাটকৰ অনুবাদৰ প্ৰৱণতা, আৰু
) ৰংগমঞ্চ সম্পৰ্কীয় পৰীক্ষা আৰু প্ৰয়োগেৰে নাট্যচৰ্চাৰ উন্নয়ন
          
                         ১/ নীৰাজনা মহন্ত বেজবৰা, পটভূমিকাত তুলনামূলক সাহিত্য,পৃ.১০১

বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা অৰ্থাৎ স্বাধীনতাৰ পাছৰ আধুনিক ভাৰতীয় নাটকৰ স্বৰূপ আৰু বৈশিষ্ট্যলৈ পৰিৱৰ্তন আহিলস্বাধীনতাৰ পাছত ভাৰতীয় মানুহে ভোগ কৰিবলগীয়া হোৱা ব্যক্তিগত, ৰাজনৈতিক, সামাজিক, আৰ্থিক, শৈক্ষিক আদি ভিন্ন সমস্যাৰ বাস্তৱ প্ৰতিফলন নাটকৰ মাজত দেখা গ' সেইদৰে পাশ্চাত্যৰ ভিন্ন নাট্য চিন্তা আৰু নাট্যৰীতি প্ৰায়বিলাক ভাৰতীয় ভাষাৰ নাটকে গ্ৰহণ কৰা দেখা গ' বিভিন্ন লোকনাট্য পৰম্পৰাৰ আধাৰত আধুনিক নাটক ৰচনা,ঐতিহাসিক, পৌৰাণিক বিষয়েৰে আধুনিক জীৱনৰ ব্যাখ্যা আৰু ৰংগমঞ্চ সম্পর্কীয় সম্পৰীক্ষা আদি বিশেষত্ববোৰ আধুনিক ভাৰতীয় নাটকৰ বৈশিষ্ট্যৰূপে ধৰা দিলে
২.০ 'বাঘ' নাটকৰ মূল বিষয়বস্তু
           স্বাধীনোত্তৰ ভাৰতৰ কিছুমান বাস্তৱ সমস্যাৰ উপস্থাপনেৰে ৰচনা কৰা হিমেন্দ্ৰ বৰঠাকুৰৰ 'বাঘ' নাটকখনত প্ৰতিফলিত হৈছে সমসাময়িক সমাজৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতি নাট্যকাহিনী আৰম্ভ হৈছে এটা নৰখাদক বাঘক কেন্দ্ৰ কৰিযিটো বাঘে পানীগাঁও,কঠালগুৰি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। 'বাঘ' নাটকখনত একেলগতে কেইবাটাও কাহিনী উপস্থাপিত হৈছে যদিও ইয়াৰ কেন্দ্ৰত আছে মূল নৰখাদক বাঘটো নাট্যকাহিনী অনুসৰি বাঘৰ ভয়ত মানুহে গাঁও এৰি পলাই আহিছে আৰু তাৰ সুযোগ গ্ৰহণ কৰি মঙলা আৰু পদো নামৰ চোৰ ব্যক্তি দুজনে গাঁৱত চুৰি কৰাৰ পাং পাতিছেইফালে যিটো বাঘৰ ভয়ত মানুহৰ শুৱন-খাৱন নোহোৱা হৈছে তাক লৈ মানুহৰ নানা কাহিনী নাট্যচৰিত্ৰ থানেশ্বৰৰ মতে,"এইবিলাক বাঘৰ খোজ নহয়/গাঁৱত কিবা অপদেৱতা লম্ভিছেএইবাৰ আমাৰ গাঁও উচন হ'ব ছাৰ(পৃ.৫) আনহাতে নাট্যকাৰে 'বাঘ'  নাটকখনত প্ৰতিকাত্মক ৰূপতো উপস্থাপন কৰাৰ প্ৰয়াস কৰা যেন বোধ হয়নাট্যচৰিত্ৰ 'মেধি' মুখৰ এষাৰ সংলাপ তাৎপৰ্যপূৰ্ণ-
মেধি: (চিঞৰি,বক্তৃতাৰ সুৰত) আহক ৰাইজ সকল, আপোনালোক চাপি আহক মই গাঁও-পঞ্চায়তৰ সভাপতি হিচাপে আপোনালোকক দু-আষাৰ কথা চমুকৈ ক'ব খুজিছোঁ যি বাঘৰ ভয়ত আপোনালোকে আজি গাঁও এৰি পলাইছে, এই বাঘ দেশৰ শত্ৰু অকল দেশৰ শত্ৰুৱেই নহয়,এই বাঘ আমাৰ সমাজৰ শত্ৰু,আমাৰ সংস্কৃতিৰ শত্ৰু,আমাৰ কৃষ্টি-কলা-সাহিত্যৰ শত্ৰু(পৃ.১২)
নাটকখনৰ বিষয়বস্তু আলোচনাত এটা কথা স্পষ্ট হয় যে নৰখাদক বাঘটোক কেন্দ্ৰ কৰিয়েই নাট্য কাহিনীয়ে অগ্ৰগতি লাভ কৰিছেবাঘটোক লৈয়েই সকলো চৰিত্ৰই নিজৰ স্বাৰ্থ পূৰণ কৰিব বিচাৰিছে পদো আৰু মঙলাই বাঘৰ ভয়ত গাঁওৰ মানুহ পলাই অহাৰ সুবিধা লৈ চুৰি কৰিছে, আকৌ ভণ্ড তান্ত্ৰিক 'ঘনদেউ'এ মঙল চাই সাধাৰণ নিৰক্ষৰ মানুহৰ পৰা নিজৰ লাভ আদায় কৰিছেসেইদৰে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত চৰকাৰে কৈছে যে এয়া কোনো বিৰোধী দলৰ চক্ৰান্ত'বাঘ' নাটকখনত চিত্ৰিত হৈছে আদৰ্শৰ সংঘাতমঙলা চুৰৰ জীয়েক পদুমী বিশ্ববিদ্যালয়ত পঢ়া এগৰাকী শিক্ষিত ছোৱালী পদুমীয়ে বাপেকৰ স্বভাৱৰ কথা গম পায় আৰু বাপেকক চুৰি নকৰিবলৈ শপত খুৱাইছেপদুমী আৰু তাইৰ সহপাঠী অঞ্জনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছেদুখীয়া ঘৰৰ হোৱাৰ বাবে পদুমীক অঞ্জনৰ ঘৰে গ্ৰহণ কৰা নকৰে যদিও অঞ্জনে সমাজৰ এই ধনী-দুখীয়া,উচ্চ-নীচ পৰম্পৰাগত বান্ধোনৰ পৰা মুক্ত হৈ পদুমীক ভাল পায়পিছে নাট্যকাহিনী অনুসৰি উচ্চশিক্ষিত,সকলো prejudice ৰ উৰ্দ্ধত, যুক্তিবাদী অঞ্জনেই চোৰৰ জীয়েক বুলি গম পোৱাৰ পাছত পদুমীক প্ৰত্যাখান কৰিছে পিছে পদুমীয়ে নতুনত্বৰ সন্ধান কৰে,পদুমীয়ে পূৰ্ব প্ৰজন্মৰ ভুলৰ বিপৰীতে নতুন সমাজ গঢ়াৰ সপোন দেখে নাটকখনত 'পদুমী' এটা গতিশীল চৰিত্ৰ নাটকখনৰ শেষৰ কাহিনী অনুসৰি পদো আৰু মঙলাই 'সাতোলা'ৰ ঘৰত সোণৰ কলহ চুৰি কৰি থকা অৱস্থাত নৰখাদক বাঘটোৱে পদোক আক্ৰমণ কৰিছে আৰু একেসময়তে 'হাজৰিকা'নামৰ চিকাৰী চৰিত্ৰটোৱে বাঘটোক গুলি কৰি হত্যা কৰিছেযিটো কাম চৰকাৰে কৰিব লাগিছিল তাক বেচৰকাৰী চিকাৰীজনে অশেষ কষ্ট কৰি সমাধান কৰিছেইয়াত নাট্যকাৰে দেখুৱাব বিচাৰিছে যে সমাজৰ সকলো মানুহেই দুৰ্নীতিগ্ৰস্ত আৰু স্বাৰ্থপৰ নহয় এচাম ভাল মানুহৰ বাবে সমাজ সভ্যতা আগুৱাই গৈ আছে


৩.০ 'বাঘ' নাটকত প্ৰতিফলিত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ: এক সামগ্ৰিক বিশ্লেষণ
           আধুনিক ভাৰতীয় সাহিত্যত সমাজৰ বাস্তৱ সমস্যা সমূহৰ উপস্থাপন এটা সাধাৰণ লক্ষণ অকল সেয়াই নহয় আধুনিক ভাৰতীয় সাহিত্যত সহিত্যিক সকলে সাহিত্যৰ মাজত সমাজৰ সমস্যাসমূহ কলাত্মকভাৱে উপস্থাপন কৰাৰ উপৰিও সিবিলাকৰ সমাধানৰ পথো নিৰ্দেশ কৰিবলৈ যত্ন কৰিছিল হিমেন্দ্ৰ বৰঠাকুৰৰ 'বাঘ' নাটকত প্ৰতিফলিত হৈছে সমসাময়িক সমাজৰ দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণস্বাধীনোত্তৰ কালত বা বিংশ শতিকাৰ শেষাৰ্ধৰ ফালে সমাজৰ চূড়ান্ত অৱস্থাৰ চিত্ৰণ নাট্যকাৰে নাটকখনত এনেদৰে দাঙি ধৰিছে-
শান্তিৰাম- আজিকালি মানুহৰ আদৰ্শ তেনেই বেয়া হ'ল ছাৰ স্বভাৱ বিলাক তেনেই জন্তুৰ নিচিনা হ' এতিয়া বাঘ ওলোৱাৰ সুযোগ লৈ কোনোবাই পথাৰত বাঘৰ খোজৰ নিচিনা দাগ দি থৈছে নেকি!
হাজৰিকা- তেতিয়া কি লাভ?
শান্তিৰাম- তেতিয়া ছাৰ আপুনি আঁতৰি আহিব, সিহঁতি চুৰ কৰিবলৈ উজু হ'
হাজৰিকা- নাই,নাই, সেইটো কেনেকৈ সম্ভৱ
শান্তিৰাম- হয় ছাৰ বানপানীৰ সময়ত চোৰে মনে মনে মথাউৰি কাটি দিয়ে গাঁৱৰ মানুহে বানপানীত মৰে, আৰু সিহঁতৰ চুৰি কৰিবলৈ সুবিধা হয়।(পৃ.৫)
স্বাধীনতাৰ পাছত ভাৰতীয় সমাজব্যৱস্থালৈ আমূল পৰিবৰ্তন আহিলআধুনিক ভাৰতীয় সমাজৰ সূচনা হ' যদিও মানুহৰ মাজৰ পৰা পৰম্পৰাগত ধ্যান-ধাৰণা,অন্ধবিশ্বাস, কুসংস্কাৰ আদি দূৰ নহ' নাট্যকাৰে এইকথা নাটকখনত এনেদৰে উপস্থাপন কৰিছে-
থানেশ্বৰ- মই হ'লে কথাটো ভাল দেখা নাই দেই! বন-ৰজাৰ লগত এইদৰে চুপতি মৰা ভাল নহয় তাতকৈ ঘন বাপুৱে কোৱাৰ দৰে পূজা-পাতল এভাগ দিয়াই ভাল
শান্তিৰাম: প্ৰথম তিনিটা মানুহ খাওঁতেই জানো ৰাইজে পইচা তুলি পূজা দিয়া নাছিল? তাৰ পিছতো দেখোন যোৱা এমাহ ধৰি চৈধ্যতা মানুহ খালে! মুঠ সোতৰটা(পৃ.)
নাট্যকাৰে নাটক খনৰ মাজত উপস্থাপন কৰিছে সমসাময়িক সমাজৰ ভণ্ডামি আৰু অন্ধবিশ্বাস ভূত-প্ৰেত,ঈশ্বৰ বিশ্বাস আদি অন্ধবিশ্বাসৰ গইনা লৈ এচাম ভণ্ড মানুহে কিদৰে সমাজৰ সাধাৰণ মানুহক শোষণ কৰি আছে তাক নাট্যকাৰে নাটকখনত কলাত্মকভাৱে উপস্থাপন কৰিছেনাট্যচৰিত্ৰৰ মুখৰ সংলাপৰ দ্বাৰা এই কথা প্ৰকাশ পাইছে এনেদৰে-
ঘনদেউ- (গহীনাই) ৰিষ্ট খণ্ডি যাব বুলি মই অৱশ্যে জানিছিলোঁ। (থানেশ্বৰক) তথাপি তই হ'লে আৰু পলম নকৰিবিএই শনিবাৰেই পূজাভাগ পাতি পেলা ৰঙা বস্ত্ৰ এজোৰ,ৰূপৰ ফুল এপাহ, ক'লা পঠা ছাগলী এটা...
গাওঁবুঢ়া- (ব্যগ্ৰভাৱে) মোৰো হাতখন চাই দিয়কচোন দেউ, এই দুৰ্ঘোৰ বাঘৰ দিনত কেনি জীৱ যায় একো ঠিক নোহোৱা হৈছে...
[সোঁহাতখন আগবঢ়াই দিয়ে]
ঘনদেউ: (মূল্য বাঢ়ি যোৱাত গহীন হৈ পৰিছে) এ তোমাৰ হাত মই আগতেই চাই থোৱা আছে তোমাৰ শনি ভাল বুলিহে খাই আছা দেই! নহ'লে ৰাহুৱে মঙলে গোট খাই যিদৰেহে পকাই আনিছে...(পৃ.৯)
স্বাধীনোত্তৰ ভাৰতৰ মূল মন্ত্ৰ আছিল জাতি,ধৰ্ম,বৰ্ণ,লিংগ নিৰ্বিশেষে সকলো ভাৰতীয়ই এক হৈ প্ৰগতিশীল ভাৰতৰ হকে কাম কৰিবভাৰতীয় সংবিধানতো ধৰ্মনিৰপেক্ষতাৰ কথা উল্লেখ আছে পিছে ভাৰতীয় মানুহে আজিও যেন জাতি,ধৰ্ম,বৰ্ণ আদি সংকীৰ্ণ ধাৰণাৰ পৰা মুক্ত নহয় আৰু বিলাক আমাৰ সমাজত বিষবাষ্পৰ দৰে বিয়পি আছে নাট্যকাৰে এইকথা নাটকখনত নাট্যকাহিনীৰ মাধ্যমেৰে এইদৰে উপস্থাপন কৰিছে-
শান্তিৰাম- এটা দুটাতো নহয়,সোতৰটা (কাগজখন পঢ়ে) এইটো,বচন চিং, হেণ্ডিমেনসিয়েই প্ৰথম চিকাৰ
মেধি- কোন,সেই হেণ্ডিমেনটো? (সৰুকৈ) হেৰৌ পাঞ্জাৱী এটাক বাঘে খালেই যেনিবা তাতেনো আমাৰ কি হ'?
শান্তিৰাম- অকল পাঞ্জাৱীয়েই নে? আমাৰ অসমীয়া মানুহো খাইছেএয়া,(কাগজ পঢ়ি) মফিজুল হাজৰিকা সিতো অসমীয়া আছিল
মেধি- হেৰৌ থ থ মুছলমান এটাক বাঘে খালে যদি খালে!!
শান্তিৰাম- বাঘে কিবা হিন্দু খোৱা নাইনে? এয়া নাচাই কেলেই? (কাগজ চাই) তিনি নম্বৰ চিকাৰ হ' ধনেশ্বৰ বড়ো
মেধি- হেৰৌ তোৰ পৰা নোৱাৰি আৰু! বোলো সেইবিলাক বড়ো মানুহ, হাবিয়ে বননিয়ে ঘূৰি ফুৰে, তাঁহাতৰ এটা দুটা বাঘৰ মুখত যাবই'ল ব', ঘৰলৈ ব'ল এতিয়া(পৃ.১১)
সুদীৰ্ঘ বছৰ ধৰি চলা সংগ্ৰামৰ অন্তত ভাৰতে স্বাধীনতা লাভ কৰিলে যদিও স্বাধীনতাৰ পূৰ্বতে ভাৰতীয় জনগণে দেখা সপোনবোৰ বাস্তৱায়িত নহ' ব্ৰিটিছ যোৱাৰ পাছত ভাৰতীয় জনগণে জটিল ৰাজনৈতিক মেৰপাকত দিশহাৰা হ' স্বাধীনতা পূৰ্বত বৃট্ৰিছে আৰু এতিয়া নিজৰ মানুহেই নিজৰ ওপৰত শোষণ চলাইছে স্বধীনোত্তৰ ভাৰতৰ এই ৰাজনৈতিক সমস্যাবিলাকৰ প্ৰায়বোৰ আধুনিক ভাৰতীয় সাহিত্যৰ বিধাতে প্ৰতিফলিত হৈছিল আমাৰ আলোচ্য 'বাঘ' নাটকত প্ৰতিফলিত হোৱা দুৰ্নীতিৰ চিত্ৰণ 'মেধি' নামৰ ক্ষমতালোভী চৰিত্ৰটোৰ সংলাপেৰে উদাহৰণ দাঙি ধৰিব পাৰি-
মেধি- তাৰ কাৰণে আমাক লাগিব কি ? আমাক লাগিব একতা,বুকুত সাহস, বাহুত বল আহক ৰাইজ আমি আজি সকলোৱে ঐক্যবদ্ধ হৈ বুকুত সাহস বান্ধি অগ্ৰহৰ হঁও ভৱিষ্যতৰ পথত দৃঢ় পদক্ষেপ কৰোঁ, ৰবি শস্য কৃতকাৰ্য কৰাত চৰকাৰৰ লগত সহযোগিতা কৰোঁ আমি যদি দৃঢ় মনেৰে আগবাঢ়ি যাব নোৱাৰোঁ………( পৃ.১২)
সেইদৰে,
কাকতি- এইয়া চাওক, এয়া চাওক,(খপৰ জপৰকৈ ফাইলৰ পৰা কাগজ উলিয়াই ) বাঘ ওলোৱা কাৰণে ……চীফ মিনিষ্টাৰৰ ৰিলিফ ফাণ্ডৰ পৰা……( সকলোৱে কাকতিলৈ আগ্ৰহেৰে চাই থাকে কাকতিয়ে এতিয়াহে কাগজখন বিচাৰি পাইছে (তাকে পঢ়ি কয় ……)
বাঘ ওলোৱা কাৰণে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা কম্বল দিছে
শান্তিৰাম- কম্বল?
মেধি- কম্বল?
গাওবুঢ়া- কম্বল?
থানেশ্বৰ- কম্বল?
( প্ৰত্যেকে নিজৰ নিজৰ ধৰনে আচৰিত হয়)
 কাকতি- (উৎসাহেৰে) ,,  কম্বল (ফাইলৰ কাগজ পঢ়ি) গাৱঁৰ প্ৰতিঘৰে এখনকৈ কম্বল, তাৰ উপৰিও আধাখেৰকৈ বুটমাহ ……(পৃ.১৫)
নাটকখনত চিত্ৰিত হৈছে আমাৰ সমাজত চলি থকা দুৰ্নীতি নাট্যচৰিত্ৰ এজনৰ দেউতাক এজন দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ যি জালিয়াতিৰে চৰকাৰী ধন আত্মসাৎ কৰি নিজৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ কৰে এই সমস্যা আজিও আমাৰ সমাজত বিদ্যমান এইদৰে নাট্যকাৰে সমসাময়িক সমাজত প্ৰচলিত দুৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰ কলাত্মকভাৱে নাটকখনত উপস্থাপন কৰিছে

.০উপসংহাৰ
     .১ সামগ্ৰিক সিদ্ধান্ত
/ সমাজৰ প্ৰতিনিধিত্বকাৰী চৰিত্ৰ আৰু সংলাপৰ দ্বাৰা বাস্তৱ সমস্যাসমূহৰ উপস্থাপন 'বাঘ' নাটকখনৰ মাজত চিত্ৰিত হৈছে
/ সমাজত প্ৰচলিত দুৰ্নীতি, ভণ্ডামী, অব্যৱস্থাৰ আদিৰ বিষয়ে  জনসাধাৰনক সজাগ কৰাতো নাট্যকাৰৰ এটা অন্যতম উদ্দেশ্য কিয়নো আধুনিক ভাৰতীয় সাহিত্যত সমাজৰ বাস্তৱ সমস্যাসমূহৰ উপস্থাপনৰ লগতে সাধাৰণ পথো নিৰ্দেশ কৰাৰ চেষ্টা কৰা হয়
/ আমাৰ আলোচনাৰ মূল বিষয় 'আধুনিক ভাৰতীয় সাহিত্যত দু্ৰ্নীতি আৰু অব্যৱস্থাৰ চিত্ৰণ' _ 'বাঘ' নাটকখনৰ আধাৰত আধুনিক ভাৰতীয় সাহিত্যত দুৰ্নীতি আৰু অব্যৱস্থা কেনেদৰে চিত্ৰিত হৈছে সম্যক ধাৰণা এটা পাব পাৰিলোঁ
সহায়ক গ্ৰন্থপঞ্জী
/ মূল গ্ৰন্থ
বৰঠাকুৰ হিমেন্দ্ৰ,   বাঘ বিন্দু ইত্যাদি
                                    লয়াৰ্ছ বুক ষ্টল
                               প্ৰথম প্ৰকাশ: ডিচেম্বৰ,১৯৯৪
/ প্ৰসংগ গ্ৰন্থ:
বেজবৰা, নীৰাজনা  মহন্ত      পটভূমিকাত তুলনামূলক সাহিত্য
                                                      বনলতা, ডিব্ৰুগড়
                                                  প্রথম সংস্কৰণ: নৱেম্বৰ,২০০২
                         




           

Post a Comment

1 Comments

  1. ভাল হৈছে লেখাটো পঢ়ি ভাল লাগিল।

    ReplyDelete