আধুনিক অসমীয়া বাস্তৱধৰ্মী নাটকৰ ধাৰাটোক প্ৰাণ প্ৰতিষ্ঠা কৰাত জ্যোতিপ্ৰসাদ আগৰৱালাই পোনতে আগভাগ লৈছিল। যদিও জ্যোতিপ্ৰসাদ আগৰৱালাই পুৰাণৰ কাহিনী এটিক লৈ "শোণিত কুঁৱৰী" নাটকখন ৰচনা কৰিছে তথাপি নাটকখনৰ মাজত নাট্যকাৰৰ মৌলিকতা বিশেষভাৱে লক্ষণীয়। অসমৰ সাংস্কৃতিক নৱজাগৰণত জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানৰ বিষয়ে দুনাই কোৱাৰ প্ৰয়োজন নাই। বিশেষকৈ সাহিত্যৰ মাজেদি জ্যোতিপ্ৰসাদে ঊনবিংশ শতিকাৰ পৰা আৰম্ভ হোৱা অসমৰ সাংস্কৃতিক নৱজাগৰণত সদলবল যোগদান কৰে। আমি আলোচনা কৰিবলৈ বিচৰা বিষয়টো হৈছে জ্যোতিপ্ৰসাদৰ "শোণিত কুঁৱৰী" নাটকৰ সাংস্কৃতিক গুৰুত্ব। অৱশ্যে আমি কেৱল নাটক হিচাপে ইয়াৰ গুৰুত্ব বিচাৰ কৰা নাই বৰং বহল অৰ্থত অসমৰ সাংস্কৃতিক নৱজাগৰণত এই নাটক খনৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰাৰ প্ৰয়াস কৰিছোঁ।
সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ প্ৰকাৰ হৈছে নাটক। আৰু এই নাটকৰ অন্তৰংগ উপাদান হিচাপে গীত অতি গুৰুত্বপূৰ্ণ। কেৱল "শোণিত কুঁৱৰী" নাটক বুলিয়েই নহয়,জ্যোতিপ্ৰসাদে তেখেতৰ নাটক সমূহত সংযোজন কৰা গীত সমূহ ব্যাপক অৰ্থত আধুনিক অসমীয়া সংগীতৰ এক অভিনৱ সংযোজন। নাটক হিচাপে "শোণিত কুঁৱৰী"খন জ্যোতিপ্ৰসাদৰ আগবয়সৰ(১৯১৭) ৰচনা। এইসময়ছোৱাত আধুনিক অসমীয়া সংগীতৰ অৱস্থা তথৈবচ। অসমত অসমীয়া ভাষাত আধুনিক সংগীতৰ চৰ্চ্চা কৰা সংগীতজ্ঞৰ সংখ্যা আঙুলিমূৰত গণিব পৰা। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সেইসময়ত অসমত বঙলুৱা আৰ্হিৰ অসমীয়া গীত বা বঙলুৱা গীতৰ প্ৰয়োভৰহে বেছি আছিল। এই সম্পৰ্কে তেখেতে 'শোণিত কুঁৱৰী' নাটকৰ পাতনিত এনেদৰে কৈছে,"সেই সময়ত অসমীয়া নাট্য- সাহিত্য আৰু সঙ্গীতৰ ওপৰত বঙলা নাটক আৰু সঙ্গীতৰ প্ৰচণ্ড প্ৰভাৱ। আমাৰ 'মঞ্চ'বোৰত বেছিভাগেই অনুবাদ কৰা বঙলা নাটক আৰু সেই নাটকৰ বঙলা গীত- সুৰ চলিছিল।" জ্যোতিপ্ৰসাদে অসমীয়া সংগীতৰ এই শোচনীয় অৱস্থাটোক প্ৰত্যক্ষ কৰিছিল আৰু সেয়েহে তেওঁ ৰচনা কৰা নাটক সমূহত পাৰ্যমানে অসমীয়া গীতৰ সংযোজন ঘটাইছিল। অকল সেয়াই নহয় সিবোৰৰ সুৰ আছিল সম্পূর্ণ অসমীয়া। তেখেতে অসমৰ লোকগীতৰ সুৰক আধুনিক অসমীয়া গীতৰ সৈতে সংমিশ্ৰণ ঘটাই এহাতে অসমীয়া লোকগীতক আধুনিক মঞ্চত প্ৰতিষ্ঠা কৰিছিল আৰু আনহাতে আধুনিক অসমীয়া সংগীতক নৱৰূপ প্ৰদান কৰিছিল। এইকথাখিনি আমি আমাৰ আলোচ্য নাটক "শোণিত কুঁৱৰী"ৰ লগত ৰিজাই চাব পাৰোঁ। উদাহৰণ স্বৰূপে আমি নাটকখনৰ আৰম্ভণিতে থকা "গছে গছে পাতি দিলে"শীৰ্ষক গীতটিৰ কথা উল্লেখ কৰিব পাৰোঁ। নাট্যকাহিনীৰ পূর্বাভাষ থকা এইগীতটিৰ সুৰটো কিন্তু অসমীয়া লোকগীত বিয়ানামৰ আৰ্হিৰ। সেইদৰে নাটক খনৰ সকলোবোৰ গীতেই চিত্রাকৰ্ষক।কোনোটোত যদি লোকগীতৰ সুৰ আছে কোনোটোত আকৌ কীৰ্তন-ঘোষাৰ সুৰ বিদ্যমান। জ্যোতিপ্ৰসাদৰ এই সৃষ্টিৰ পটভূমি হিচাপে 'শোণিত কুঁৱৰী' নাটকৰ পাতনিত এটা ঘটনাৰ কথা উল্লেখ কৰিছে এনেদৰে,"এদিন বাণ থিয়েটাৰত শোণিত কুঁৱৰী নাটকৰ আখৰা কৰি আহি ঘৰ সোমাই শুনিলোঁ- পিতৃদেৱে কীৰ্ত্তনৰ "কৃষ্ণৰ বিক্ৰম দেখি ঋক্ষৰাজ পৰম বিস্ময় মনে" এই পদ জাত লগাই অৰ্গেনৰ সৈতে গাই আছে। হঠাৎ মনৰ ভিতৰত এটা বিজুলী সঞ্চাৰ হৈ গ'ল। অসমীয়া পদ অৰ্গেনত বজাই গোৱা আগতে শুনা নাছিলোঁ।...দেউতাই আকৌ গালে- তুলসীৰ তলে/মৃগপহু চৰে...সেইদিনা ৰাতি আৰু টোপনি ভালকৈ নাহিল। গোটেই নিশাটো অসমীয়া গানৰ সুৰবোৰ মোৰ শোণিত কুঁৱৰী নাটৰ গীতত লগাই কেনেকৈ নতুন অসমীয়া সুৰীয়া গান ৰচনা কৰিব পাৰি তাক ভাবোতেই ৰাতি পুৱাল।" গতিকে কব পাৰি যে "শোণিত কুঁৱৰী" নাটকখনৰ সৰ্বপ্ৰথম সাংস্কৃতিক গুৰুত্বটো হ'ল ইয়াৰ গীত সমূহ,যিসমূহ গীতে আধুনিক অসমীয়া সংগীতৰ নৱজাগৰণত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল।
"শোণিত কুঁৱৰী" নাটকৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰোঁতে আমি গুৰুত্ব দিবলগীয়া আন এটি বিষয় হ'ল নাটকখনত ব্যৱহৃত নৃত্য। এই নৃত্যৰ ক্ষেত্ৰটো নাট্যকাৰে অসমীয়া লোকনৃত্যৰ সৈতে আধুনিক নৃত্যৰ সংমিশ্ৰণ ঘটাইছে। ইয়াৰ উদাহৰণত আমি নাটকখনৰ আৰম্ভণিতে থকা "পদুমকলি নাচ"টোলৈ আঙুলিয়াব পৰোঁ। এই নাচটো জ্যোতিপ্ৰসাদে অসমীয়া বিহুনাচ আৰু ভাওনাৰ নাচৰ ভঙ্গীৰ সংমিশ্ৰণ ঘটাই সৃষ্টি কৰিছে। উল্লেখনীয় কথাটো হ'ল যে অসমীয়া লোক-গীতবোৰৰ দৰে লোক-নৃত্যবোৰকো সেইসময়ৰ শিক্ষিত লোকসকলে গ্ৰহণ কৰা নাছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই প্ৰচেষ্টাক সেয়ে সেইসময়ত বহুতে সমালোচনা কৰিছিল। এইসম্পৰ্কে তেখেতে কৈছে,"গুৱাহাটীত এদিন এনে অসমীয়া ভঙ্গীৰে দেখুওৱা নাচ দেখি দৰ্শক সকলে বৰ আচৰিত হৈ কৈছিল- "এইটো কি আকৌ হনুমান নাচনেকি?" কিন্তু সংগীতজ্ঞ আৰু কলাপ্ৰিয় জমিদাৰ নগেন্দ্ৰনাৰায়ন চৌধুৰীদেৱে মঞ্চৰ ভিতৰলৈ আহি মোক সুধিছিল,"আপুনি এইবোৰ আজন্তাৰ ভঙ্গীৰপৰা গ্ৰহণ কৰিছেনেকি?" মই অসমীয়া বিহুনাচ আৰু ভাওনাত দেখা নাচৰপৰা ইয়াক লৈছোঁ বুলি কোৱাত তেওঁ বৰ আচৰিত হৈছিল- আৰু এই বিষয়ে মোক নানা উপদেশ আদি দি এই চেষ্টাৰ প্ৰসংশা কৰিছিল।আমাৰ এই বিহুনাচ আৰু ভাওনাত থকা কামৰূপী হিন্দুনৃত্যৰ মোল তেতিয়া অসমীয়া শিক্ষিত সমাজে একেবাৰেই নুবুজিছিল-মাথোন উপলুঙাহে কৰিছিল-কিন্তু ১০ বছৰৰ পিছত যেতিয়া উদয়শঙ্কৰে হিন্দুনৃত্য পৃথিৱীত দেখুৱাই তাৰ পৃথিৱীজোৰা খ্যাতি অৰ্জ্জন কৰিলে-তেতিয়াহে অসমীয়া শিক্ষিত সমাজে আৰু শিল্পীসকলে অসমীয়া ভাওনাৰ নাচ যে কি সাংস্কৃতিক আপুৰুগীয়া সম্পদ তাক উপলব্ধি কৰিব পাৰিলে।" সেইদৰে নাটকখনৰ অন্যান্য গীতসমূহত উল্লেখ থকা নৃত্যক আমি নাট্যকাৰে অসমীয়া নৃত্যক মাৰ্জিত ৰূপত আধুনিক মঞ্চত উপস্থাপন কৰা বুলি কব পাৰোঁ।
সামগ্ৰীকভাৱে জ্যোতিপ্ৰসাদৰ "শোণিত কুঁৱৰী" নাটকখন হল অসমীয়া সাহিত্য-সংস্কৃতিৰ বাবে এক উল্লেখযোগ্য অৱদান। জ্যোতিপ্ৰসাদে পৌৰাণিক কাহিনীক নাটক খনত নৱৰূপত উপস্থাপন কৰিছে;বিষয়বস্তুক আধুনিকতা প্ৰদান কৰিছে। জ্যোতিপ্ৰসাদে নাটকখনৰ কাহিনীক মূলৰ অলৌকিকতাৰ পৰা বাস্তৱিকতালৈ ৰূপান্তৰ ঘটাইছে। ইয়াত চৰিত্ৰ সমূহক নাট্যকাৰে দেৱ-দেৱীৰ পৰা মাটিৰ মানুহৰ শাৰীলৈ নমাই আনিছে; ফলত নাটক খনৰ বাস্তৱধৰ্মিতা গুণ বৃদ্ধি পাইছে। মূলত বাণ এজন অসুৰ, কিন্তু 'শোণিত কুঁৱৰী'ত চৰিত্ৰটোক নাট্যকাৰে এজন সংস্কৃতিবান পুৰুষ, এজন দায়িত্ববান পিতৃ ৰূপত অংকন কৰিছে। সেইদৰে মূলত যিদৰে চিত্ৰলেখাই অনিৰুদ্ধক মায়াৰ বলেৰে হৰণ কৰি আনিছে 'শোণিত কুঁৱৰী' নাটকত কিন্তু চিত্ৰলেখাই চিত্ৰ বিক্রেতা বালকৰ ৰূপ ধৰি নৃত্যৰ মোহেৰে মুগ্ধ কৰি অগ্নিগড়লৈ আনিছে। নাটক খনৰ সাংস্কৃতিক গুৰুত্ব বিচাৰ কৰোঁতে আমাৰ চকুত পৰা আন এটা বিষয় হল যে শিল্পী সম্বন্ধে থকা তেখেতৰ নিজস্ব ধাৰণা যেন "চিত্ৰলেখা'চৰিত্ৰটোৰ মাজেদি প্ৰকাশ ঘটিছে। সংস্কৃতিবান এটা জাতিকহে সভ্য জাতি বুলি গণ্য কৰা হয়। জ্যোতিপ্ৰসাদেও এইকথাষাৰ স্বীকাৰ কৰিছে। তেখেতে বিশ্বাস কৰিছিল যে সংস্কৃতিয়ে সকলো দুষ্কৃৰ্তি নাশ কৰিব পাৰে। জ্যোতিপ্ৰসাদে নাটকখনত "কৃষ্ণ" চৰিত্ৰটোক এজন চিৰন্তন শিল্পী তথা সংস্কৃতিৰ প্ৰতীক ৰূপত গ্ৰহণ কৰিছে। এইকথাষাৰ নাট্যকাৰে "শিল্পীৰ পৃথিৱী" শীৰ্ষক প্ৰবন্ধ এটাত প্ৰকাশ কৰিছে এনেদৰে,"আমি আজি শিল্পীৰ ৰূপেৰেই দুষ্কৃৰ্তি নাশ আৰু সংস্কৃতি গঢ়িবলৈ কৃষ্ণ-সত্যৰ ওপৰতেই আমাৰ অভিযান প্ৰতিষ্ঠা কৰিব পাৰোঁ। এহাতেৰে যুদ্ধ আৰু আন হাতেৰে সৃষ্টি(fight and creat)। শোণিত কুঁৱৰী নাটকখনৰ পৰিনীতিত নাট্যকাৰে ইয়াকে প্ৰতিষ্ঠা কৰিছে। নাটক খনৰ শেষত সত্য,সুন্দৰ তথা সংস্কৃতিয়ে সকলোৰে মঙ্গল সাধন কৰিছে;সকলোৰে মিলন ঘটাইছে।

প্ৰাসংগিক গ্ৰন্থ-
জ্যোতিপ্ৰসাদ ৰচনাৱলী
সপ্তম পৰিবৰ্ধিত সংস্কৰণ (২০০৭)
অসম প্ৰকাশন পৰিষদ
(সম্পা) ড° হীৰেন গোহাঁই
জ্যোতিপ্ৰসাদ ৰচনাৱলী
সপ্তম পৰিবৰ্ধিত সংস্কৰণ (২০০৭)
অসম প্ৰকাশন পৰিষদ
(সম্পা) ড° হীৰেন গোহাঁই
0 Comments