সেই দিনবোৰৰ কথা সুঁৱৰি সঁচাই আমাৰ ভাল লাগে। যেতিয়া আমি প্ৰথম বিদ্যালয়লৈ গৈছিলো,কোনোবা বা(বাইদেউ)ৰ লগত অথবা দাদাৰ লগত। দাদাহঁতৰ পুৰণা কিতাপবোৰ পঢ়ি আমি যে আগতেই মুখস্থ কৰি থৈছিলোঁ আৰু যেতিয়া নতুন কিতাপ পাইছিলোঁ তেতিয়া আৰু আমাক পাই কোনে! যেতিয়া বৰষুণ দিছিল তেতিয়া আমি আমাৰ ফলিবোৰ বৰষুণৰ পানীত তিয়াই হাতেৰে মচি চকচকীয়া কলা কৰিছিলোঁ আৰু তাত আঁকিছিলো আম অথবা অমিতাৰ ছবি। আৰু যেতিয়া পানিখোৱা ছুটী দিছিল তেতিয়া আমি আটায়ে খেলিবলৈ বাহিৰলৈ দৌৰদিছিলোঁ। ডাঙৰসকলৰ লগত কাবাদী অথবা ক্ৰিকেট খেলিবলৈ পোৱাটো আমাৰ বাবে আছিল গৌৰৱৰ কথা। সমনীয়াৰ লগত লুকা-ভাকু খেলা,চোৰ-পুলিচ খেলা আৰু আমলখি,শিলিখা বুটলি খোৱাৰ আমেজেই সুকীয়া।
সময়ে সকলোকে সলনি কৰে। সময়ৰ সোঁতত এদিন আমাৰ বিদ্যালয়ৰ মধুৰ দিনবোৰ সোঁৱৰণি হ'ল। আমিবোৰ এদিন নিজৰ জীৱনটোক সজোৱাৰ স্বাৰ্থত পৰস্পৰৰ পৰা আঁতৰি আহিলোঁ অথচ সময় পালেই আমি সেইদিনবোৰৰ কথা সুঁৱৰি নষ্টালজিক হওঁ। ইয়াতে এটা কথা উল্লেখ কৰিব খুজিছো যে সেইদিনা মই ঘৰলৈ যাওঁতে শুনিবলৈ পালোঁ বোলে আমাৰ বিদ্যালয়খন হেনো উঠি যাব(বন্ধ হব)। কাৰণ: বিদ্যালয়ত ল'ৰা-ছোৱালীৰ সংখ্যা পৰ্যাপ্ত নহয়। প্ৰাথমিক আৰু মজলীয়া বিদ্যালয় দুয়োখন মিলাই মুঠতে প্ৰায় ল'ৰা-ছোৱালীৰ সংখ্যা ৭টা মানহে হ'ব। গাঁৱৰ অভিভাৱক সকলে বোলে নিজৰ লৰা-ছোৱালীক চৰকাৰী স্কুলত পঢ়ুৱাৰ সলনি ব্যক্তিগত বিদ্যালয়তহে পঢ়োৱাইছে। কথাটো শুনি মনতে খুওব দুখ পালোঁ। এতিয়া বোলে দুয়োখন বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলক একেলগে পাঠদান কৰা হয়। সিদিনা আমাৰ হেডছাৰে এখন ৰাজহুৱা মিটিঙত কান্দি কান্দি কথা কোৱা মোৰ এতিয়াও মনত আছে। তেওঁ কৈছিল,"...ৰাইজ আপোনালোকে যদি মোক অযোগ্য বুলি ভাবে তেনে খেদি দিয়ক,তথাপি এই স্কুলখন শেষহৈ যাবলৈ নিদিব...ইমান কষ্টৰ বিনিময়ত এই স্কুলখন প্ৰতিষ্ঠা কৰা সেইসকল ব্যক্তিৰ ত্যাগক পাহৰি নাযাব..."। এজন শিক্ষকৰ বাবে ইমানদিনে শিক্ষকতা কৰি থকা নিজৰ বিদ্যালয়খন শেষহৈ যোৱা চাইথকাটো বাৰু কেনেকৈ সম্ভৱ! তাতোকৈ ডাঙৰ কথাটো হ'ল এটা অঞ্চলৰ এটা শিক্ষানুষ্ঠান শেষ হৈ যাবৰ উপক্ৰম হৈছে। ইমান হেঁপাহেৰে অশেষ কষ্টৰ বিনিময়ত গঢ়ি তোলা এই বিদ্যালয়খনি বাৰু শেষহৈ যোৱাটো সেইসকল স্বৰ্গগামী পুৰুধা ব্যক্তিয়ে জীয়াই থকা হ'লে কেনেকৈ সহিলে হেঁতেন! কথাবোৰ ভাবি কিবা মনটো গধুৰ লাগি আহিল। আমাৰ গাঁৱৰ দৰে আৰু বা কিমান বিদ্যালয় এনে ধংসৰ গৰাহত! আমি এতিয়া মাথোঁ সপোন দেখো, মাৰাৰ চেকণিৰ কোব খাই যেনেতেনে ভৰি-হাত কেইটা ধুই কাষলটিৰ মাজত পলিথিনৰ জুলুঙা এটাত ফলি-কিতাপ লৈ স্কুললৈ ঢাপলি মেলা ল'ৰা এটাক। সেইটো বাৰু কোন আছিল? বজাৰৰ পৰা নতুনকৈ কিনি অনা মাটি পেঞ্চিলডাল সমানে দুভাগ কৰি বাঁহৰ চুঙলী বাৰু কোনে লগাই দিছিল?
0 Comments