Header Ads Widget

Ticker

6/recent/ticker-posts

ভাৰ্জিনীয়া উল্ফ (Virginia Woolf)ৰ এ ৰুম অৱ ওৱানছ অ'ন (A Room of One's own) : নাৰীসকলৰ বাবে এখন ৰচনা।

 বিংশ শতিকাৰ বিখ্যাত ইংৰাজ সাহিত্যিক ভাৰ্জিনীয়া উল্ফ (Adeline Virginia Woolf)ক এবাৰ Newnham আৰু Girton women's collegeলৈ এটা বক্তৃতা প্ৰদান কৰিবলৈ মাতিছিল। বক্তৃতাৰ বিষয় আছিল "Women and Fiction"। উল্ফৰ এই বক্তৃতাটোৱেই 'A Room of One's Own' নামৰ ৰচনাধৰ্মী গ্ৰন্থখনৰ মূল। উল্ফৰ বক্তৃতাটোৰ মূল কথা এয়ে আছিল যে "মহিলাই fiction (কাহিনীযুক্ত ৰচনা) লিখিবলৈ হ'লে তেওঁলোকক পইচা আৰু এটা নিজাববীয়া কোঠাৰ প্ৰয়োজন।" (a woman must have money and a room of her own if she is to write fiction.) উল্ফে ৰচনাখনৰ মাজত কিছুমান কাল্পনিক চৰিত্ৰৰ অৱতাৰণা কৰি  ( যেনে-Mary Beton, Mary Seton, Mary Carmichael) মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। সন্দেহ নাই যে উল্ফে নিজেই অথবা তেওঁ সমাজত দেখি থকা নাৰীজনিত সমস্যাবোৰকেই ৰচনাখনত কাল্পনিক চৰিত্ৰৰ মাজেৰে উপস্থাপন কৰিছিল। যেনে- কাল্পনিক চৰিত্ৰ মেৰী বেটনে Oxbridge বিশ্ববিদ্যালয় (এইখন হয়তো Oxford আৰু Cambridge বিশ্ববিদ্যালয়ৰ নামৰ আধাৰত নিজে নাম দি লোৱা কাল্পনিক বিশ্ববিদ্যালয়)ৰ প্ৰাঙ্গনৰ ঘাঁহনিত বহি আছে। কিন্তু তাত তেওঁক বহিবলৈ বাধা দিয়া হৈছে। কাৰণ, তাত কেৱল গৱেষক পণ্ডিত (Scholar আৰু Fellow)সকলেহে বহিব পাৰে। আকৌ Women and Fictionৰ বিষয়ে লিখিবলৈ গৈ মেৰী বেটনে যেতিয়া পুথিভঁৰাললৈ গৈছে তাতো তেওঁক বাধা দিয়া হৈছে। আনকি পিছদিনা কেনেবাকৈ পুথিভঁৰাল সোমাব পাৰিলে যদিও তাত তেওঁ দেখা পাইছে যে যিমানবোৰ কিতাপ আছে সকলোবোৰ পুৰুষে লিখা। মহিলাসকলৰ বিষয়ে লিখা কিতাপবোৰো পুৰুষেই ৰচনা কৰা। যিবোৰত মহিলাসকলক হীন চকুৰে চোৱা হৈছে। 

সেই সময়ত প্ৰচলিত এষাৰ কথা আছিল যে, "Cats do not go to heaven. Women cannot write the plays of Shakespeare." পিছে এইধৰণৰ পুৰুষতান্ত্ৰিক চিন্তাক উল্ফে সমালোচনা কৰিছে। শেক্সপীয়েৰৰ ভনীয়েক ৰূপে Judith নামৰ এটা কাল্পনিক চৰিত্ৰৰ প্ৰসংগ উত্থাপন কৰি উল্ফে ৰচনাখনত কৈছে যে শেক্সপীয়েৰৰ দৰে Judithও সমানে মেধা (Talented) আছিল; কিন্তু একমাত্ৰ মহিলা হোৱাৰ বাবেই Judithএ শেক্সপীয়েৰে পোৱা সকলো সা-সুবিধা নাপালে। যাৰ বাবে Judith, শেক্সপীয়েৰৰ দৰে সাহিত্যিক হ'ব নোৱাৰিলে। সি যি হওক, উল্ফৰ মতে নাৰীৰ পুৰুষৰ সমানে বুদ্ধিমত্তা আছে, কিন্তু পঢ়া-শুনাৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে পুৰুষৰ সমানে সুবিধা পোৱা নাই কাৰণে পুৰুষৰ দৰে সাহিত্য সৃষ্টি কৰিব পৰা নাই। অথবা Jane Austen, George Eliotৰ দৰে সাহিত্যিকে পুৰুষৰ দৰে সমান সুবিধা, সমান অধিকাৰ, সমান সন্মান পোৱা হ'লে তেওঁলোকৰ সাহিত্য কৰ্মই এক সুকীয়া মাত্ৰা লাভ কৰিলে হেঁতেন। 

      এতিয়া কথা হ'ল উল্ফৰ এই ৰচনাখনৰ পটভূমি আছিল তদানীন্তন সমাজখন। উল্ফৰ সময়ৰ সমাজত নাৰীক এনেদৰে চোৱা হৈছিল। আমাৰ অসমীয়া সমাজত একা! উনবিংশ শতিকাৰ কথা নকলোৱেবা বিংশ শতিকা, আনকি আজিৰ একবিংশ শতিকাতো অসমীয়া সমাজত নাৰীক ভিন্ন দৃষ্টিৰে পৃথককৈ চোৱা হয়। উল্ফৰ সময়ৰ সমাজ আজি নাই। আজি নাৰী-পুৰুষ বুলি কোনো ভেদাভেদ নাই। ৰাজনীতি, অৰ্থনীতি, সমাজৰ সকলো দিশতে নাৰী আৰু পুৰুষে সমানে অংশগ্ৰহণ কৰিছে বা সমানে অংশগ্ৰহণৰ অধিকাৰ, সুবিধা আছে। পিছে পুৰুষ তান্ত্ৰিক সমাজৰ প্ৰভাৱৰ পৰা আমাৰ সমাজ আজিও মুক্ত নহয়। স্বয়ং নাৰীসকলেই ধৰ্ম,নৈতিকতাৰ নামত নাৰীৰ বিৰুদ্ধাচৰণ কৰে। কোনো নাৰীয়ে নিজা ধৰণেৰে পিন্ধা,খোৱা,থকা বা যিকোনো কামত ব্যতিক্ৰমী কিবা কৰিবলৈ গলেই পুৰুষৰ সমানে সমানে নাৰীয়েও নাৰীক সমালোচনা কৰে। ইয়াৰ বাবে অৱশ্যে একেষাৰে নাৰীসকল জগৰীয়া নহয়, কাৰণ তেওঁলোকে নিজেই আমাৰ সমাজত থকা পুৰুষ তান্ত্ৰিক ধ্যান-ধাৰণাৰ পৰা মুক্ত হ'ব পৰা নাই। 

      উল্ফে কোৱাৰ দৰে নিজকে আত্ম প্ৰকাশ কৰিবলৈ নাৰীসকলক পইচা আৰু নিজাকৈ এটা কোঠাৰ প্ৰয়োজন। অৰ্থাৎ, আৰ্থিক স্বাৱলম্বিতা নাৰী মুক্তিৰ অন্যতম চৰ্ত। নাৰীয়ে পঢ়া শুনা কৰিব লাগিব, জ্ঞান চৰ্চা কৰিব লাগিব। উল্ফে ভবাৰ দৰে এটা নিজা কোঠা থাকিলে, আন এক অৰ্থত শিক্ষিত হৈ আৰ্থিক ভাৱে স্বাৱলম্বী হ'লে, নিজাকৈ আপোন জগত এখন পালে নাৰীয়ে কেৱল উপন্যাসৰ দৰে বেছি অভিজ্ঞতাৰ প্ৰয়োজন নোহোৱা, কম কষ্ট সাধ্য সাহিত্য কৰ্মহে কিয় কবিতাও লিখিব পাৰিব। নাৰীয়ে সকলো সৃষ্টিশীল সাহিত্য ৰচনা কৰিব পাৰিব, গৱেষণাধৰ্মী ৰচনা লিখিব পাৰিব, জ্ঞান-বিজ্ঞানৰ সকলো ক্ষেত্ৰতে অংশগ্ৰহণ কৰিব পাৰিব। কায়িক আৰু কাল্পনিক দুয়োটা ক্ষেত্ৰতে নাৰীয়ে নিজাকৈ এখন জগত, এটা কোঠা (own room) তৈয়াৰ কৰক। পুৰুষে কোৱাতকৈ নাৰীৰ কথা নাৰীয়ে নিজেই কওক। 

       এইখিনিতে আমাৰ আকৌ ভাব হয় যে, আজিৰ একবিংশ শতিকাৰ মানৱ সভ্যতাৰ চূড়ান্ত বিকাশৰ যুগত নাৰীবাদৰ দৰে ধাৰণা বা নাৰী- পুৰুষ বুলি পৃথকে পৃথকে চোৱাৰ কিবা অৱকাশ আছেনে? আজিৰ দিনত নাৰী-পুৰুষ বুলি কথা নাই, সকলো একেই, এক মানৱ। আমাৰ অসমীয়া সমাজৰ বেলিকা এই প্ৰসংগ কিছু সুকীয়া। আমি আজিও কিছু পিছপৰা। বিশেষকৈ শিক্ষা-দীক্ষাৰ অভাৱে আমাৰ পুৰুষ নাৰী সকলোকে অৰ্থহীন কিছুমান নৈতিকতা ধাৰণাৰ বশৱৰ্তী কৰি ৰাখিছে। গ্ৰাম্য সমাজৰ কথা নকলেও ধাৰণা কৰিব পৰা যায়। সেইবুলি সকলো ক্ষেত্ৰতে পৰম্পৰাগত গ্ৰাম্য সমাজক দোষ দি লাভ নাই। আমাৰ অতীজৰ জনজাতীয় সমাজত যে নাৰী কিমান স্বতন্ত্ৰ আৰু স্বাধীনমনা আছিল তাক ভাবিলে আচৰিত লাগে। পিছে কি পৰিস্থিতিত কাৰ প্ৰভাৱত পৰি নো আমাৰ জনজাতীয় সমাজ ব্যৱস্থাৰ স্বাধীনচিতীয়া নাৰীমনবোৰ কালক্ৰমত পুৰুষতান্ত্ৰিকতাৰ বলি হ'ল, নৈতিকতাৰ অদৃশ্য শিকলিয়ে কেনেকৈনো আমাৰ নাৰীসকলক বান্ধিবলৈ পালে তাক বিজ্ঞজনে বিচাৰ বিশ্লেষণ কৰিব বুলি আশা কৰিলোঁ। এইটোও সঁচা যে, প্ৰজন্মৰ পাছত প্ৰজন্ম পাৰ হৈ যোৱাৰ লগে লগে আমাৰ সমাজৰ পৰাও নাপায়, নকৰিবিৰ দৰে কিছুমান যুক্তিহীন কথা, নীতি-নিয়ম, নৈতিকতা, সামাজিক ধ্যান-ধাৰণা নোহোৱা হ'ব বা নতুন প্ৰজন্মই এইবোৰক অপ্ৰাসংগিক বুলি গণ্য কৰা হ'ব। সেইবুলি আমি আনলৈ বাট চাই থকা উচিত নহয়, নহ'লে আমি সদায়ে পিছ পৰি থাকিব লাগিব।


@নির্মালী বৰা

গৱেষক ছাত্ৰী

অসমীয়া বিভাগ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়

[সাতসৰী, জুলাই, ২০২২] ত প্ৰকাশিত।

Post a Comment

0 Comments